পি এম ইণ্ডিয়া
নিৰ্বাচিত ক্ষুদ্ৰ আৰু মজলীয়া কৃষকৰ একাউণ্টলৈ ২,০০০ টকাৰ প্ৰথমটো কিস্তি পোনপটীয়াকৈ হস্তান্তৰ কৰা হ’ব
প্ৰায় ১২ কোটি ক্ষুদ্ৰ আৰু মজলীয়া কৃষক উপকৃত হ’ব
প্ৰধানমন্ত্ৰীয়ে গোৰখপুৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰিব
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ ফেব্ৰুৱাৰীত উত্তৰ-প্ৰদেশৰ গোৰখপুৰ ভ্ৰমণ কৰিব৷
গোৰখপুৰত তেওঁ প্ৰধানমন্ত্ৰী-কিষাণ আঁচনি মুকলি কৰিব৷
গোৰখপুৰৰ ফাৰ্টিলাইজাৰ ক’ৰ্পোৰেচন অৱ ইণ্ডিয়া গ্ৰাউণ্ডত প্ৰধানমন্ত্ৰীয়ে বুটাম টিপি আঁচনিখনৰ শুভাৰম্ভ কৰিব৷ ইয়াৰ পাছতে তেওঁ নিৰ্বাচিত ক্ষুদ্ৰ আৰু মজলীয়া কৃষকৰ একাউণ্টলৈ ২,০০০ টকাৰ প্ৰথমটো কিস্তি আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰিব৷
প্ৰধানমন্ত্ৰীয়ে লগতে কিষাণ আঁচনিৰ অধীনত নিৰ্বাচিত কৃষকসকলৰ মাজত প্ৰমাণপত্ৰও বিতৰণ কৰিব৷
ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে কিষাণ সন্মান নিধি যোজনা(প্ৰধানমন্ত্ৰী-কিষাণ)ৰ উপভোক্তাৰ সৈতে মতবিনিময় কৰিব৷
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা যোৱা ১ ফেব্ৰুৱাৰীত দাখিল কৰা ২০১৯-২০ৰ অন্তৰ্ৱতীকালীন বাজেটত ঘোষণা কৰা হৈছিল৷
এই আঁচনিৰ অধীনত ২ হেক্টৰ পৰ্যন্ত ভূমি থকা ক্ষুদ্ৰ আৰু মজলীয়া কৃষকে বছৰি ৬,০০০ টকাকৈ লাভ কৰিব৷
এই ধনৰাশি ২০০০ টকাকৈ তিনিটা কিস্তিত আদায় দিয়া হ’ব৷
আঁচনিৰ ধনৰাশি উপভোক্তাই পোনপটীয়াকৈ নিজৰ বেংক একাউণ্টত লাভ কৰিব৷ প্ৰত্যক্ষ লাভ হস্তান্তৰে সমগ্ৰ প্ৰক্ৰিয়াটোক স্বচ্ছ কৰাৰ লগতে কৃষকৰ সময় ৰাহি কৰিব৷
ক্ষুদ্ৰ আৰু মজলীয়া কৃষকৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে এই আঁচনি আৰম্ভ কৰা হৈছে৷ ইয়ে ১২কোটিতকৈ অধিক কৃষকক উপকৃত কৰাৰ লক্ষ্য লৈছে৷
প্ৰধানমন্ত্ৰী কিষাণ আঁচনি হ’ল কেন্দ্ৰীয় খণ্ডৰ আঁচনি, যাৰ পুঁজি সম্পূৰ্ণৰূপে ভাৰত চৰকাৰে বহন কৰিব৷ আঁচনিখন ২০১৮ৰ ১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হৈছে৷
ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনে আঁচনিৰ নীতি-নিয়মৰ ভিত্তিত যোগ্য কৃষকক চিনাক্ত কৰিব৷
প্ৰধানমন্ত্ৰী কিষাণ হ’ল এক যুগান্তকাৰী আঁচনি, যাৰ লক্ষ্য হ’ল দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া কৃষকক প্ৰতিবছৰে তিনিটা কিস্তিৰ জৰিয়তে বিত্তীয় সহযোগিতা আগবঢ়াই তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত কৰা৷ কৃষকে প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে নিজৰ বেংক একাউণ্টত ধনৰাশি লাভ কৰিব আৰু ইয়াৰ ফলত মধ্যভোগীৰ দৌৰাত্মা দূৰ হ’ব আৰু দুৰ্নীতি হ্ৰাস হ’ব৷
প্ৰধানমন্ত্ৰীয়ে গোৰখপুৰত আন কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব৷ তেওঁ সমবেত ৰাইজক সম্বোধি ভাষণো আগবঢ়াব৷
প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিবলগীয়া এই উন্নয়নমূলক প্ৰকল্পসমূহ গেছ আন্তঃগাথনিৰ পৰা আৰম্ভ কৰি স্বাস্থ্যখণ্ডলৈ ব্যাপ্ত হৈ আছে৷ প্ৰকল্পসমূহে উত্তৰ-প্ৰদেশৰ জনসাধাৰণক ব্যাপকভাৱে উপকৃত কৰাৰ আশা কৰা হৈছে৷
****
AKT/KP/MS
PM @narendramodi will launch the Pradhan Mantri Kisan Nidhi (PM-KISAN) at Gorakhpur tomorrow. https://t.co/CgYA0F3bUM
— PMO India (@PMOIndia) February 23, 2019
Under PM-KISAN, Rs. 6,000 will be given per year to small and marginal farmer families who have a combined land holding or ownership of upto 2 hectares.
— PMO India (@PMOIndia) February 23, 2019
PM Modi will also lay the foundation stone and dedicate to the nation various development projects in Gorakhpur. These will benefit the people of Uttar Pradesh greatly.
— PMO India (@PMOIndia) February 23, 2019