Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ‘গান্ধী শান্তি বঁটা’ প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ‘গান্ধী শান্তি বঁটা’ প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ‘গান্ধী শান্তি বঁটা’ প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ‘গান্ধী শান্তি বঁটা’ প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ


মহামহিম ৰাষ্ট্ৰপতি মহোদয়, উপস্থিত সকলো বিশিষ্ট ব্যক্তি তথা সন্মানপ্ৰাপক, সমাজৰ প্ৰতি সমৰ্পিত অতিথিবৰ্গ৷ মই সৰ্বপ্ৰথমে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো, কিয়নো অন্য এটি কামত ব্যস্ত থকাৰ বাবে ইয়ালৈ আহোতে মোৰ অলপ পলম হৈছে৷ আজি বিশ্বই যিসময়ত পূজ্য বাপুৰ ডেৰশ বছৰীয়া জয়ন্তী পালন কৰিছে, সেই বছৰতে ‘গান্ধী শান্তি বঁটা’ লাভ কৰাৰ গুৰুত্বই সুকীয়া৷ যিসকল ব্যক্তি আৰু সংগঠনে এই বঁটা লাভ কৰিছে, সেইসকলৰ ভিতৰত-কন্যাকুমাৰীৰ বিবেকানন্দ কেন্দ্ৰ, একল বিদ্যালয়ৰ দৰে সংস্থাসমূহে সমাজৰ অতি পিছপৰা শ্ৰেণী লোকসকলৰ সন্তানৰ শিক্ষা প্ৰসাৰৰ লগতে জীৱনধাৰণৰ মান উন্নয়নত সমর্পিত মনোভাৱেৰে কাম কৰি আহিছে-তেওঁলোকক মই বহুত বহুত অভিনন্দন জনাইছো৷

গান্ধীজীক এবাৰ প্ৰশ্ন কৰা হৈছিল যে তেওঁক স্বাধীনতা আৰু স্বচ্ছতাৰ ভিতৰত যিকোনো এটা বাচি ল’বলৈ ক’লে তেওঁ কোনটোক প্ৰাধান্য দিব? তেওঁ কৈছিল, ‘মই স্বচ্ছতাকে প্ৰাধান্য দিম’৷ স্বাধীন ভাৰতত পূজ্য বাপুৰ এই সপোন বাস্তবায়িত কৰাৰ দায়িত্ব আমাৰ সকলোৰে আছে৷ দেশৰ যি কোনো প্রান্তত আজি যিসকলে স্বচ্ছতাৰ স্বার্থত বা শৌচালয় নির্মাণত নিজকে উচর্গা কৰিছে, তেওঁলোক প্ৰত্যেকেই আমাৰ বাবে সন্মানীয় ব্যক্তি৷ দেশৰ শিশুসকলৰ মধ্যাহ্ন ভোজনৰ আঁচনি সকলো ৰাজ্যতে চলি আছে৷ কিন্তু অক্ষয়পাত্ৰ সংস্থাই এই সেৱাকর্মক এক সংগঠিত অভিযানলৈ পৰিণত কৰিছে। কেইদিনমান পূৰ্বে বৃন্দাবনলৈ গৈ অক্ষয়পাত্ৰ সংস্থাৰ ৩০০ কোটি লোকক খাদ্য পৰিৱেশনৰ মোৰ সৌভাগ্য হ’ল৷ কেন্দ্রীয় চৰকাৰেও দেশত অপুষ্টি নিবাৰণৰ এক ডাঙৰ অভিযান চলাই আছে। কাৰণ, আমি ভাৱো যে ভাৰতৰ শিশুসকল সুস্থ হ’লেই দেশ আৰু দেশৰ ভৱিষ্যৎ সুস্থ থাকিব৷ এই অভিযানৰ প্ৰতি সমগ্ৰ দেশতে গুৰুত্বপূৰ্ণ জন-অংশীদাৰিত্ব গঢ় লৈ উঠিছে। জনসাধাৰণে যেতিয়া স্ব-ইচ্ছাৰে কোনো অভিযানত অংশগ্ৰহণ কৰে, তেতিয়া তাৰ শক্তি আৰু অধিক বাঢ়ি যায়।

মহাত্মা গান্ধীৰ জীৱনৰ সফলতাৰ আটাইতকৈ ডাঙৰ কথাটো হ’ল, স্বাধীনতাৰ বাবে দেহ-প্ৰাণ ত্যাগ কৰা পৰম্পৰা কেতিয়াও এই দেশত বন্ধ হোৱা নাই৷ যিমান বছৰ পৰাধীন আছিল, সিমান দিনেই একোগৰাকী বীৰ পুৰুষ ওলাই আছিল৷ এয়াই এই দেশৰ বৈশিষ্ট্য আৰু গান্ধীজীয়ে স্বাধীনতাক জন-আন্দোলনত পৰিণত কৰিছিল৷ সমাজৰ বাবে যি কামেই নকৰক কিয়, তাৰ দ্বাৰা স্বাধীনতা আহিব, এনে মনোভাৱ গঢ়ি তুলিছিল৷ জন-অংশীদাৰিত্ব, জন-আন্দোলন স্বাধীনতা সংগ্ৰামৰ সময়ত যিমান গুৰু্ত্ব আছিল, এখন সমৃদ্ধিশালী আৰু সুখী ভাৰতৰ বাবেও সিমানেই আৱশ্যক৷

গান্ধীজীৰ দ্বাৰা প্ৰদর্শিত সেই পথেৰেই আমি তেওঁৰ ডেৰশ বছৰীয়া জয়ন্তীত তেওঁৰ সপোন বাস্তবায়িত কৰাৰ দিশত কাম কৰি আহিছো৷ ২০২২ চনত দেশে যেতিয়া স্বাধীনতাৰ ৭৫সংখ্যক বর্ষপূর্তি পালন কৰিব, তাৰ পূৰ্বেই আমি গান্ধীজীৰ সপোনৰ ভাৰত গঢ়ি তুলিব বিচাৰো৷ পূজ্য বাপু এগৰাকী বিশ্ব মানৱ আছিল৷ স্বাধীনতা আন্দোলনত নেতৃত্ব প্ৰদানৰ চৰম ব্যস্ততাৰ মাজতো তেওঁ সপ্তাহত এদিন জণ্ডিছ আৰু কুষ্ঠ ৰোগীসকলৰ সেৱাত নিজকে নিয়োজিত কৰিছিল৷ কুষ্ঠ ৰোগীসকলৰ প্ৰতি সমাজৰ মানসিকতা পৰিৱর্তনৰ বাবে তেওঁৰ অনুগামী সস্কাওজীয়েও প্রায় চাৰি দশক ধৰি কাম কৰি আহিছে৷ তেওঁৰ নেতৃত্বত কুষ্ঠ ৰোগীসকলক লৈ জনজাগৰণ সৃষ্টি হৈছে৷ তেওঁ দৰে ব্যক্তিক সন্মানীত কৰি পূজ্য বাপুক প্ৰকৃতাৰ্থত শ্ৰদ্ধাঞ্জলি নিবেদনৰ এই প্ৰচেষ্টাক মই অভিনন্দন জনাইছো৷ বিশ্বজুৰি মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তী পালন উপলক্ষে সমগ্ৰ পৃথিৱীৰ ১৫০খন দেশৰ ১৫০গৰাকী বিখ্যাত শিল্পীয়ে গান্ধীজীৰ প্রিয় ভজন “বৈষ্ণৱ জন তো তেনে কহিয়ো” সুন্দৰভাৱে পৰিৱেশন কৰিছে৷ যিটো কোনোবাই চাব বিচাৰিলে ইউ টিউৱত তেওঁলোকে গোৱা গানসমূহ শুনিবলৈ পাব৷ এই অভিজ্ঞতাই প্ৰমাণ কৰে যে সমগ্ৰ পৃথিৱীত ভাৰতৰ সন্মান বৃদ্ধি পাইছে। বিশ্বজুৰি আজি অনুধাৱন কৰিছে যে গান্ধীজীৰ আদর্শ মানৱকল্যাণাৰ্থে কিমান উপকাৰী! সেইবাবে ভাৰতৰ প্ৰতিটো শিশু, প্ৰত্যেক নাগৰিকে গৌৰৱ কৰিব পাৰে৷ আপোনালোক সকলোকে পুনৰবাৰ শুভেচ্ছা জনাই, পূজ্য বাপুৰ চৰণত প্ৰণাম জনাই, বিনম্ৰ শ্ৰদ্ধাঞ্জলি জনাই মোৰ বক্তব্যৰ সামৰণী মাৰিলো৷ বহুত বহুত ধন্যবাদ৷

*****

অতুল তিৱাৰী/শ্বাহবাজ হছিবি/বাল্মীকী মাহাতো/তাৰা/দিগন্ত