পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰতৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয় আৰু অষ্ট্ৰীয়াৰ পৰিবহণ, উদ্ভাৱন আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ মাজত পথৰ আন্তঃগাঁথনিমূলক খণ্ডত প্ৰযুক্তিগত সহযোগিতা সম্পৰ্কীয় এক বুজাবুজি চুক্তিৰ প্ৰস্তাৱত অনুমোদন জনাইছে৷
প্ৰভাৱঃ
এই বুজাবুজি চুক্তিৰ লক্ষ্য হৈছে দুয়োখন দেশৰ মাজত পথ পৰিবহণ, পথ/ঘাইপথৰ আন্তঃগাঁথনি উন্নয়ন, পৰিচালনা আৰু প্ৰশাসন, পথ সুৰক্ষা আৰু বৌদ্ধিক পৰিবহণ পদ্ধতিৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ ফলপ্ৰসূ পৰিকাঠামো গঢ়ি তোলা৷
তদুপৰি, এই চুক্তিয়ে ভাৰত আৰু অষ্ট্ৰীয়া গণৰাজ্যৰ মাজৰ সম্পৰ্ক কটকটীয়া কৰাৰ লগতে দীৰ্ঘদিনীয়া দ্বিপাক্ষিক সম্পৰ্ক আগুৱাই নিব, বাণিজ্য আৰু আঞ্চলিক সংহতি বৃদ্ধি কৰিব৷
লাভালাভঃ
প্ৰস্তাৱিত চুক্তিৰ ফলত পথ পৰিবহণ খণ্ডত ভাৰত–অষ্ট্ৰীয়াৰ মাজত সম্পৰ্কৰ জৰিয়তে দুয়োখন দেশে পথ সুৰক্ষা বৃদ্ধিৰ সমান্তৰালভাৱে আকৰ্ষণীয় বিনিয়োগ লাভ কৰাত সফল হ’ব, যাৰদ্বাৰা দুয়োখন দেশৰ মাজত অটুট থকা সম্পৰ্ক আৰু অধিক সুদৃঢ় হ’ব৷
পটভূমিঃ
১৯৪৯ চনত ভাৰত আৰু অষ্ট্ৰীয়াৰ দ্বিপাক্ষিক সম্পৰ্ক স্থাপনৰ পাছৰ পৰা দুয়োখন দেশৰ মাজত এক ভাল কূটনৈতিক সম্পৰ্ক গঢ় লৈ উঠিছে৷ দুয়োখন দেশেই ঐতিহাসিক অৰ্থনৈতিক আৰু কূটনৈতিক সম্পৰ্ক বিনিময় কৰে৷ উল্লেখ্য যে অষ্ট্ৰীয়া পথ আৰু ঘাইপথৰ অত্যাধূনিক প্ৰযুক্তি যেনে—ইলেক্ট্ৰনিক টোল পদ্ধতি, বৌদ্ধিক পৰিচালনা পদ্ধতি, সৰুংগ নিৰীক্ষণ পদ্ধতি, জিঅ’ মেপিং আৰু ভূ–স্খলন প্ৰতিৰোধী ব্যৱস্থাৰে সমৃদ্ধ৷
*****
AKT/SH/DB