Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কৰ্কট গৱেষণা কাৰ্যসূচীৰ বাবে ভাৰত আৰু ব্ৰিটেইনৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে কৰ্কট গৱেষণা কাৰ্যসূচীত ভাৰত আৰু ব্ৰিটেইনৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰত অনুমোদন প্ৰদান কৰিছে৷ এই চুক্তিত ১৪ নৱেম্বৰ ২০১৮ তাৰিখে হস্তাক্ষৰ কৰা হৈছিল৷

বিৱৰণঃ

ভাৰত-ব্ৰিটেইন কৰ্কট গৱেষণা ক্লিনিকেল গৱেষণাই জনসাংখ্যিকীয় গৱেষণা, নতুন প্ৰযুক্ত আৰু শৰীৰ বিজ্ঞানৰ ক্ষেত্ৰত ভাৰত আৰু ব্ৰিটেইনৰ অগ্ৰণী বিশেষজ্ঞৰ সৈতে ব্যয়সাধ্য, প্ৰতিৰোধ তথা কৰ্কটৰ শুশ্ৰূষাৰ দৰে গৱেষণাৰ প্ৰত্যাহ্বানসমূহ চিনাক্ত কৰিব৷ এই পদক্ষেপে নতুন গৱেষণাৰ ভিত্তি বিকশিত কৰাত ভূমিকা গ্ৰহণ কৰিব আৰু কৰ্কটৰ পৰিণামৰ বিৰুদ্ধে প্ৰগতিক সক্ষম কৰি তোলাত প্ৰভাৱী গৱেষণাৰ দিশত অগ্ৰসৰ হ’ব৷

বিত্ত পোষণ ব্যৱস্থাঃ

৫ বছৰত এই কাৰ্যসূচীৰ বাবে মুঠ গৱেষণাৰ ধনকোষ ১০ মিলিয়ন পাউণ্ড (প্ৰায় ৯০ কোটি টকা) হ’ব৷ এই ধনকোষত কৰ্কট গৱেষণা ব্ৰিটেইন (চিআৰইউকে)ক অংশ ৫ মিলিয়ন পাউণ্ড হ’ব আৰু প্ৰদ্যোগিকী বিভাগৰ অংশও ৫ মিলিয়ন পাউণ্ডেই হ’ব৷

প্ৰভাৱঃ

কৰ্কটৰ পৰিণামত অগ্ৰগতিৰ উদ্দেশ্যৰ সৈতে প্ৰদ্যোগিকী, বায়’মেডিকেল, ক্লিনিকেল তথা ফাৰ্মাচিউটিকেল উদ্ভাৱন বৃদ্ধিৰ পিছতো কৰ্কটৰ শুশ্ৰূষাৰ বাবে বৰ্ধিত ব্যয় পূৰণ কৰাত বিশ্বৰ ভাৰাক্ৰান্ত স্বাস্থ্য প্ৰণালীয়ে সম্পূৰ্ণ ধৰণে বহন কৰিব পৰা নাছিল৷ ভাৰত-ব্ৰিটেইন কৰ্কট গৱেষণা কাৰ্যসূচীয়ে শ্ৰেষ্ঠ গৱেষক, বৈজ্ঞানিক, স্বাস্থ্য সেৱা সংগঠন তথা সংস্থাসমূহক পৰস্পৰে পৰস্পৰৰ সৈতে জড়িত হোৱাৰ অৱকাশ প্ৰদান কৰিব যাতে কৰ্কটৰ শুশ্ৰুষাৰ বাবে উচ্চ মূল্য আৰু কম ব্যয়ৰ বহু বিষয়ক গৱেষণাৰ এখন মঞ্চ তৈয়াৰ হ’ব পাৰে৷ এই কাৰ্যসূচীৰ জৰিয়তে ডক্তৰেল, পোষ্ট ডক্তৰেল পৰ্যায়ৰ গৱেষণাকাৰী তথা প্ৰাৰম্ভিক কেৰিয়াৰৰ বৈজ্ঞানিকৰ সংখ্যা বৃদ্ধি হ’ব৷ এনে গৱেষণাকাৰী কেৱল অত্যাধুনিক প্ৰযুক্তিৰ দ্বাৰাই প্ৰশিক্ষিত হোৱাই নহয়, তেওঁলোকক প্ৰয়োজনীয় নেতৃত্ব তথা পৰিযোজনা ব্যৱস্থাপনা সন্দৰ্ভতো প্ৰশিক্ষিত কৰা হ’ব৷

পৃষ্ঠভূমিঃ

ভাৰত-ব্ৰিটেইন কৰ্কট গৱেষণা কাৰ্যসূচী হ’ল বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰ্যালয়ৰ জৈৱ প্ৰদ্যোগিকী বিভাগ তথা কৰ্কট গৱেষণা ব্ৰিটেইন (চিআৰইউকে)ৰ পাঁচ বছৰীয়া সহযোগী দ্বিপাক্ষিক গৱেষণা কাৰ্যসূচী৷ এই কাৰ্যসূচী কৰ্কটৰ লাভজনক দৃষ্টিকোণত গুৰুত্ব আৰোপ কৰিব৷ ভাৰত-ব্ৰিটেইন কৰ্কট গৱেষণা কাৰ্যসূচীৰ ঘোষণা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ এপ্ৰিল ২০১৮ তাৰিখে ব্ৰিটেইন যাত্ৰাৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰীসমূহৰ দ্বাৰা যুটীয়া বৈঠকত কৰিছিল৷

*****

AKT/SH/MANN