Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ষ্টাৰ্টআপৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু কোৰিয়া গণৰাজ্যৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ষ্টাৰ্টআপৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু কোৰিয়া গণৰাজ্যৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনোৱা হয়৷ ২০১৯ৰ ফেব্ৰুৱাৰীত এই বুজাবুজি চুক্তিখন স্বাক্ষৰ কৰা হয়৷

এই বুজাবুজি চুক্তিখনৰ অধীনত দুয়োখন দেশৰ মাজৰ ষ্টাৰ্টআপৰ সন্দৰ্ভত তেওঁলোকৰ ৰাষ্ট্ৰীয় নিয়ম-কানুন তথা যিকোনো আন্তঃৰাষ্ট্ৰীয় চুক্তি, সমাৰোহৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিত সহায় কৰিব৷

*******

AKT/DB