Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দেশজুৰি উদযাপিত বিভিন্ন উৎসৱ উপলক্ষে জনসাধাৰণক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি উদযাপিত বিভিন্ন উৎসৱ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে৷

“সকলো দেশবাসীক মই নৱ সংবৎসৰ আন্তৰিক শুভকামনা জনাইছো৷ মই আশা কৰিছো যে নতুন বৰ্ষটোৱে সকলোৰে জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি কঢ়িয়াই আনিব৷ আমাৰ দেশ এতিয়া উন্নতিৰ পথত আছে আৰু তীব্ৰ গতিৰে আগুৱাই গৈছে৷
সকলোলৈ উগাড়ীৰ শুভেচ্ছা জনাইছো৷ মই প্ৰাৰ্থনা কৰিছো যে এই শুভ ক্ষণে আপোনালোক সকলোৰে আশা-আকাংক্ষা পূৰণ কৰিব৷ সকলো সুখী আৰু স্বাস্থ্যৱান হওক৷

ছাজিবু নংমা পানবা চেইৰাওবা উপলক্ষে মণিপুৰবাসীক মই শুভকামনা জনাইছো৷ এই বিশেষ উৎসৱে আমাৰ সমাজত সুখ আৰু সম্প্ৰীতি বৃদ্ধি কৰিব বুলি আশা কৰিছো৷

নৱৰেহ মুবাৰক৷ অনন্য সুখ আৰু সমৃদ্ধিৰ এটি বৰ্ষ কামনা কৰিছো৷ অনাগত দিনত সকলোৰে আশা-আকাংক্ষা পূৰণ হওক৷ কাশ্মীৰী পণ্ডিতসকলৰ সংস্কৃতি সঁচাকৈয়ে অনন্য৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷

***

AKT/SH/MS