Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দ্য ইকন’মিক টাইম্ছ – গ্ল’বেল বিজিনেছ ছামিটত প্ৰধানমন্ত্রীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ

দ্য ইকন’মিক টাইম্ছ – গ্ল’বেল বিজিনেছ ছামিটত প্ৰধানমন্ত্রীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ

দ্য ইকন’মিক টাইম্ছ – গ্ল’বেল বিজিনেছ ছামিটত প্ৰধানমন্ত্রীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ


শ্রী বিনীত জৈন,

ভাৰত আৰু বিদেশৰ পৰা অহা বিশিষ্ট অতিথিবৃন্দ,

আপোনালোক সকলোকে সুপ্ৰভাত জনাইছো৷

গ্লবেল বিজিনেছ ছামিটত পুনৰ উপস্থিত থাকিবলৈ পাই মই আনন্দিত হৈছো৷

প্ৰথমে এটি ব্যবসায়িক সন্মিলনৰ মূল সুৰ হিচাপেসামাজিকশব্দটি ব্যৱহাৰৰ বাবে মই আপোনালোক ধন্যবাদ জনাইছো৷

তদুপৰি, আপোনালোক এই বৈঠকৰ মূল সুৰৰ দ্বিতীয় শব্দ হিচাপেবহনক্ষম উন্নয়ন বাছি লোৱাৰ লগতে কিদৰে উন্নয়নক বহনক্ষম কৰি তোলাৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিব পৰা যায়, তাক লৈ আপোনালোকে আলোচনা কৰাৰ বাবে মই অতিশয় আনন্দিত৷

আনহাতে, বৈঠকৰ মূল সুৰৰ তৃতীয় শব্দ হিচাপে যেতিয়া আপোনালোকেকর্মক্ষমতাৰ পৰিধি বৃদ্ধি কথা কয়, তেতিয়া মোৰ দৃঢ় বিশ্বাস হয় যে আপোনালোকে প্ৰকৃততে ভাৰতৰ বাবে সমস্যা সমাধানৰ সন্দৰ্ভত চিন্তা কৰিছে৷

বন্ধুসকল,

২০১৩ বৰ্ষৰ দ্বিতীয়ার্ধৰ পৰা ২০১৪ বৰ্ষৰ প্ৰথমাৰ্ধলৈকে দেশে যি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, সেয়া আপোনালোকতকৈ ভালদৰে অধিক কোনে জানে! ব্যাপক হাৰৰ মুদ্রাস্ফীতিয়ে দেশৰ প্ৰতিটো পৰিয়ালক ক্ষতি কৰিছিল। চলিত একাউণ্টত ক্ৰমৱর্ধমান ঘাটি তথা উচ্চহাৰত ৰাজহ ঘাটিৰ ফলত দেশৰ ব্যাপক পৰ্যায়ত অর্থনীতিৰ স্থিতিশীলতা আঘাত কৰাৰ উপক্ৰম হৈছিল৷

এই সকলো সূচকে এক অন্ধকাৰাচ্ছন্ন ভৱিষ্যতৰ ইংগিত বহন কৰিছিল৷

সমগ্ৰ দেশ সম্পূর্ণ  পংগুত্ব নীতিৰ সন্মুখীন হৈছিল৷

ইয়াৰ ফলত আমাৰ অর্থনীতি যত উপনীতি হব লাগিছিল, সেয়া হোৱা নাছিল৷

আন্তঃৰাষ্ট্ৰীয় গোষ্ঠীৰ পাঁচখন বিধ্বস্ত অৰ্থনীতিৰ দেশৰ সদস্যসকলে অর্থনৈতিক স্বাস্থ্য বিষয়ত উদ্বিগ্ন হৈছিল৷

সর্বত্ৰ এনেধৰণৰ আত্মসমর্পণৰ ধাৰণা গঢ় লৈ উঠিছিল৷

বন্ধুসকল,

এনে এক পটভূমিত আমাৰ চৰকাৰে দেশৰ জনসাধাৰণৰ সেৱা কৰাৰ ব্ৰত লৈ দায়িত্ব গ্ৰহণ কৰিছিল আৰু আজি দেশৰ পৰিস্থিতিত সুস্পষ্ট পৰিৱর্তন পৰিলক্ষিত হৈছে৷

২০১৪ চনৰ পাছত হতাশাৰ স্থানত এক নতুন আশা জাগি উঠিছে৷

প্ৰতিবন্ধকতাৰ স্থানত আশা জাগিছে৷

আৰু

বিভিন্ন সমস্যাৰ পৰিৱর্তে আহিছে নির্দিষ্ট প্ৰচেষ্টা৷

২০১৪ চনৰ পৰা ভাৰত প্রায়বোৰ আন্তঃৰাষ্ট্ৰীয় সূচকাংকতে গুৰুত্বপূর্ণ ধৰণে উন্নতি ঘটিছে৷

ইয়াৰ পৰা স্পষ্টকৈ বুজিব পাৰি যে ভাৰতত পৰিৱর্তন সম্ভৱ হৈছে আৰু ভাৰত সম্পৰ্কে বিশ্বৰ ধাৰণাৰো পৰিৱর্তন আহিছে৷

মই জানো, একাংশ লোক আছে যিসকলে এই দ্রুত উন্নয়ন পছন্দ নকৰে৷

তেওঁলোকৰ বক্তব্য হৈছে বিভিন্ন সূচকত ভাৰতৰ অৱস্থানৰ উন্নতি আহিলে কাগজেকলমে উন্নতিৰ কথা কয়, কিন্তু বাস্তৱত একো পৰিৱর্তন নহয়৷

মই ভাবো এয়া সত্যৰ অপলাপ৷

বিভিন্ন সূচকত ভাৰতৰ অৱস্থানক সাধাৰণতে উন্নতিৰ বিলম্বিত সংকেত হিচাপে ধৰা হয়৷

পৰিৱর্তন প্ৰথম বাস্তৱত হয় আৰু কিছু সময়ৰ পাছতহে সূচকৰ অৱস্থানত তাৰ প্ৰতিফলন ঘটে৷

সহজে ব্যৱসায় কৰিব পৰা সুবিধা সূচকৰ কথাই ধৰা হয়, তেতিয়াহলে এই ক্ষেত্ৰত আমাৰ অৱস্থান বিগত চাৰি বছৰত বিশ্বৰ সূচকৰ ১৪২ৰ পৰা উন্নতি হৈ ৭৭ পাইছে, যিটো এক ঐতিহাসিক ঘটনা হিচাপে বিবেচিত হৈছে৷

কিন্তু সূচকত এই পৰিৱর্তনৰ পূৰ্বেই, বাস্তৱত পৰিবর্তন সংঘটিত হৈছে৷

বর্তমান ব্যৱসায় আৰম্ভ কৰাৰ বাবে দ্রুতগতিত নির্মাণ কার্যৰ অনুমতি দিয়া। তদুপৰি, বিদ্যুৎ সংযোগ আৰু অন্যান্য ক্ষেত্রত অনুমোদনো দ্রুতগতিত সম্ভৱ হৈছে৷

ইফালে, ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে আইন মানি চলাৰ সুবিধা পূৰ্বৰ তুলনাত বহুত বৃদ্ধি হৈছে৷

বর্তমান ৪০ লাখ টকাৰ লেনদেনলৈকে কোনো ব্যৱসায়ৰ বাবে জিএছটিত নথিভুক্ত কৰাৰ প্ৰয়োজন নাই৷

বর্তমান ৪০ লাখ টকাৰ লেনদেনলৈকে কোনো ব্যৱসায়ীয়ে আয়কৰ দিব নালাগে৷

বর্তমানে . কোটি টকাৰ লেনদেনত যি কোনো ব্যৱসায়কম্পোজিট স্কিম বাবে যোগ্যতা অর্জন কৰাৰ লগতে অতি সামান্য কৰ প্ৰদান কৰিবলগীয়া হয়৷

একেদৰে, বিশ্বজুৰি পর্যটনত প্ৰতিযোগিতাৰ সূচকৰ ক্ষেত্রত ভাৰতৰ অৱস্থান ২০১৩চনৰ ৬৫ৰ পৰা ২০১৭ত ৪০ হৈছে৷

ভাৰতত বিদেশী পর্যটক আগমনেৰ সংখ্যা প্রায় ৪৫ শতাংশ বাঢ়িছে। অনুমোদিত হোটেলৰ সংখ্যাও প্রায় ৫০ শতাংশ বৃদ্ধি পাইছে৷

পর্যটন  খণ্ডৰ পৰা বৈদেশিক মুদ্রা উপার্জনৰ পৰিমাণো ২০১৩১৭ৰ ভিতৰত ৫০ শতাংশ বৃদ্ধি পাইছে৷

একেদৰে, বিশ্বব্যাপী উদ্ভাৱন সূচকতো ভাৰতৰ অৱস্থান ২০১৪ চনৰ ৭৬ৰ পৰা ২০১৮ চনত ৫৭ হৈছে৷

উদ্ভাৱনৰ ক্ষেত্রত অগ্ৰগতি তথা ইয়াৰ মাধ্যমত প্ৰতীয়মান হৈছে৷

সংস্কৃতি ক্ষেত্রতো উন্নয়ন পৰিলক্ষিত হৈছে৷

দেশত পেটেণ্ট আৰু ট্রেডমার্কেৰ বাবে আবেদনৰ সংখ্যাও বহুপৰিমানে বৃদ্ধি পাইছে

বন্ধুসকল,

এইবোৰ পৰিৱর্তন আহিলে এক নতুন শৈলীৰ প্ৰশাসনৰ বাবেই সম্ভৱ হৈছে আৰু এইবোৰ বিভিন্ন ধৰণে দৃশ্যমান হৈছে৷

২০১৪ চনৰ পৰা পৰিৱর্তনৰ এক আকর্ষণীয় নমুনা মই আপোনালোকৰ সন্মুখত তুলি ধৰিব বিচাৰিছো৷

আমি বিভিন্ন ধৰণ  প্ৰতিযোগিতা দেখিছো৷

চৰকাৰৰ বিভিন্ন মত্ৰালয়ৰ মাজত প্ৰতিযোগিতা৷

ৰাজ্যসমূহৰ মাজত প্ৰতিযোগিতা৷

উন্নয়নৰ বাবে প্ৰতিযোগিতা৷

লক্ষ্য অর্জনৰ বাবে প্ৰতিযোগিতা৷

বৰ্তমান ভাৰতে প্ৰথমে ১০০ শতাংশ পৰিচ্ছন্নতাৰ লক্ষ্য অর্জন কৰিব নে ১০০ শতাংশ বিদ্যুতিকীকৰণৰ লক্ষ্য অর্জন কৰিব, তাক লৈ প্ৰতিযোগিতা৷

প্ৰথমে সকলো গাওঁ আৰু ঘাইপথৰ সৈতে সংযোগ স্থাপিত হব নে সকলো পৰিয়ালে গেছৰ সংযোগ প্ৰদান কৰিব, সেই বিষয়ে প্ৰতিযোগিতা

কোন ৰাজ্যত বেছি বিনিয়োগ আকর্ষণ কৰিব তাক লৈ প্ৰতিযোগিতা

কোন ৰাজ্যই দৰিদ্ৰ জনসাধাৰণৰ বাবে দ্রুতগতিত কিমান বেছি গৃহ নির্মাণ কৰিব তাক লৈ প্ৰতিযোগিতা

কোনখন উন্নয়নকামী জিলাই দ্রুতগতিত উন্নতিৰ লক্ষ্যৰে আগুৱাই যাব তাক লৈ প্ৰতিযোগিতা

২০১৪ চনৰ পূৰ্বে আমি বেলেগ ধৰণৰ প্ৰতিযোগিতাৰ কথা শুনিছিলো। সেই প্ৰতিযোগিতা আছিল

মন্ত্ৰালয়ৰ মাজত প্ৰতিযোগিতা

ব্যক্তিৰ মাজত প্ৰতিযোগিতা

দুর্নীতিক লৈ প্ৰতিযোগিতা

কামত বিলম্বক লৈ প্ৰতিযোগিতা

কোনে সৰ্বাধিক দুর্নীতি কৰিব পাৰে, তাক লৈ প্ৰতিযোগিতা

কোনে দ্রুতগতিত দুর্নীতিৰ সৈতে জড়িত পাৰে, তাক লৈ প্ৰতিযোগিতা

কোনে অভিনৱ পদ্ধতিৰে দুর্নীতি কৰিব পাৰে, তাক লৈ প্ৰতিযোগিতা

কোনে কয়লা অথবা স্পেকট্রামৰ নিলামৰ পৰা ধন আহৰণ কৰিব পাৰে, তাক লৈ প্ৰতিযোগিতা

কমনৱেল্ গেম্ছৰ পৰা বেছি টকা পোৱা যাবনে প্ৰতিৰক্ষা চুক্তিৰ পৰা বেছি ধন আহৰণ কৰিব পাৰিব, তাক লৈ প্ৰতিযোগিতা

আমি এইবোৰ দেখিছো আৰু এইটোও জানো, এই ধৰণৰ প্ৰতিযোগিতাত কোন কোন জড়িত আছিল৷

মই ধৰণৰ প্ৰতিযোগিতা পছন্দ কৰিছো, সেয়া স্থিৰ কৰাৰ ভাৰ আপোনালোকৰ হাতত এৰি দিব বিচাৰিছো৷

বন্ধুসকল,

দশকৰ পাছত দশক ধৰি এনে কথা কোৱা হৈছিল যে কিবা এটা কাম ভাৰতত কৰাটো একেবাৰেই অসম্ভৱ৷

২০১৪ চনৰ পৰা আজিলৈকে আমাৰ দেশে যি উন্নতি কৰিছে, তাৰ পৰা মোৰ দৃঢ় বিশ্বাস হয় যে ১৩০ কোটি ভাৰতীয়ৰ এই দেশত  অসম্ভৱ বুলি একোৱেই নাই৷

অসম্ভৱ সম্ভৱ হৈ পৰিল৷

এইটো কোৱা হৈছিল যে ভাৰতক পৰিস্কাৰপৰিচ্ছন্ন কৰি তোলাটো অসম্ভৱ, কিন্তু ভাৰতৰ জনতাই এই অসম্ভৱ সম্ভব কৰি তুলিলে৷

এইটো কোৱা হৈছিল যে ভাৰতত দুর্নীতিমুক্ত চৰকাৰ চলাোৱাটো অসম্ভৱ। কিন্তু ভাৰতৰ জনতাই এই অসম্ভৱ সম্ভৱ কৰি তুলিলে৷

এইটো কোৱা হৈছিল যে মানুহক তেওঁলোকৰ ন্যায্য দাবী দিয়াৰ প্ৰক্রিয়াৰ ক্ষেত্ৰৰ পৰা দুর্নীতি দূৰ কৰাও অসম্ভৱ। কিন্তু ভাৰতৰ জনতাই এই অসম্ভৱ সম্ভৱ কৰি তুলিলে৷

দৰিদ্ৰ জনতাৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ অসম্ভৱ বুলি এসময়ত ভবা হৈছিল। কিকিন্তু ভাৰতৰ জনতাই এই অসম্ভৱ সম্ভৱ কৰি তুলিলে৷

এইটো কোৱা হৈছিল যে নীতি নির্ধাৰণৰ ক্ষেত্রত নিজস্ব ক্ষমতা প্ৰয়োগ তথা বেমেজালি দূৰ কৰা প্রায় অসম্ভৱ। কিন্তু ভাৰতৰ জনতাই এই অসম্ভৱ সম্ভৱ কৰি তুলিলে৷

এইটো কোৱা হৈছিল যে ভাৰতত অর্থনৈতিক সংস্কাৰ সাধন কৰাটো অসম্ভৱ। কিন্তু জনতাই সেয়াও সম্ভৱ কৰিলে৷

এইটো কোৱা হৈছিল যে চৰকাৰে একেলগে অৰ্থনৈতিক বিকাশ আৰু দৰিদ্ৰ জনতাৰ পক্ষে থাকিব নোৱাৰে। কিন্তু জনতাই এই অসম্ভৱ সম্ভৱ কৰি তুলিলে৷

মোক এইটোও কৈছিল যে এনে এক ধাৰণা আছে, উন্নয়নশীল অর্থনীতি মুদ্রাস্ফীতিৰ সমস্যাক বাদ দি কোনো দিন দীর্ঘ সময়ৰ বাবে উচ্চ হাৰত অর্থনৈতিক বিকাশ নিশ্চিত কৰিব নোৱাৰে৷

১৯৯১ চনৰ পাছত অর্থাৎ, উদাৰীকৰণৰ পৰৱর্তী সময়ত আমাদৰ দেশত প্রায় সকলো চৰকাৰে এই  সমস্যাৰ সন্মুখীন হৈছেযাক বিশেষজ্ঞসকলে কৈছে, হস্ৰম্যাদী অর্থনৈতিক বৃদ্ধিৰঅতি তাপবিশিষ্ট

ইয়াৰ ফলত, আমি কেতিয়াবা সুষম তথা উচ্চহাৰত অর্থনৈতিক বৃদ্ধি নিশ্চিত কৰিব নোৱাৰো৷

আপোনালোকৰ হয়তো মনত আছে যে ১৯৯১৯৬ লৈকে আমাৰ চৰকাৰ চলি থকা সময়ত অর্থনৈতিক বৃদ্ধিৰ গড় হাৰ আছিল শতাংশ। একেসময়তে মুদ্রাস্ফীতিৰ হাৰ ১০ শতাংশতকৈও অধিক আছিল৷

২০০৯১৪, অর্থাৎ, আমাৰ চৰকাৰ গঠনৰ পূৰ্বে দেশত অর্থনৈতিক বৃদ্ধিৰ গড় হাৰ আছিল . শতাংশ। কিন্তু গড় মুদ্রাস্ফীতিৰ হাৰ দহকৰ ঘৰ অতিক্ৰম কৰিছিল৷

বন্ধুসকল,

২০১৪১৯ লৈকে দেশত অর্থনৈতিক বৃদ্ধিৰ গড় হাৰ হৈছে ৭. শতাংশ আৰু মুদ্রাস্ফীতিৰ গড় হাৰ . শতাংশতকৈও কম৷

ভাৰতীয় অর্থনীতিৰ উদাৰীকৰণ পর্বৰ পাছত এয়াই হৈছে অর্থনৈতিক বৃদ্ধিৰ গড় হাৰৰ সর্বোচ্চ মান তথা যি কোনো চৰকাৰৰ আমোলত মুদ্রাস্ফীতিৰ সর্বনিম্ন হাৰ

এই সকলো পৰিৱর্তন তথা সংস্কাৰৰ ফলত আমাৰ অর্থনীতি এক নতুন ৰূপান্তৰৰ পথত আগুৱাই গৈছে

ভাৰতীয় অর্থনীতিয়ে ইয়াৰ আর্থিক সম্পদ প্ৰসাৰিত কৰিবলৈ সক্ষম হৈছে৷

এতিয়া আৰু ভাৰতৰ অর্থনীতিত বিনিয়োগৰ বাবে বেংকৰ ঋণৰ ওপৰত নির্ভৰশীল নহয়

উদাহৰণস্বৰূপে পুঁজি বজাৰৰ পৰা অর্থ সংগ্ৰহৰ কথা কব পাৰি

২০১১১২ৰপৰা ২০১৩১৪এই সময়ছোৱাত, অর্থাৎ, বর্তমান চৰকাৰৰ তিনি বছৰ পূৰ্বে,

ইক্যুইটিৰ জৰিয়তে সংগৃহীত ধনৰ পৰিমাণ আছিল বছৰি প্রায় ১৪,০০০ কোটি টকা

বিগত চাৰি বছৰত ইয়াৰ জৰিয়তে সংগৃহীত ধনৰ পৰিমাণ হৈছে বছৰি ৪৩,০০০ কোটি টকা

এই পৰিমাণ পূৰ্বতকৈ তিনিগুণৰো অধিক৷

২০১১১৪ লৈকেবিকল্প বিনিয়োগ পুঁজি জৰিয়তে যি ধন বজাৰৰ পৰা সংগৃহীত হৈছে, তাৰ পৰিমাণ আছিল ,০০০ কোটি টকাতকৈও কম

আমাৰ চৰকাৰৰ অর্থনীতিত পুঁজি সংগ্ৰহৰ নতুন এই উৎস গঢ়ি তোলাৰ বাবে বিভিন্ন পদক্ষেপ লৈছে

এতিয়া আপোনালোকে তাৰ সুফল দেখিবলৈ পাইছে৷

২০১৪১৮ লৈকে চাৰি বছৰতবিকল্প বিনিয়োগ পুঁজি জৰিয়তে আমাৰ দেশত মুঠ সংগৃহীত ধনৰ পৰিমাণ হৈছে ৮১,০০০ কোটি টকা

যি প্রায় পূৰ্বৰ ২০ গুণৰ সমান৷

একেদৰে, আমি যদি কর্পোৰেট বণ্ডৰ প্রাইভেট প্লেছমেণ্টৰ কথা ভাবো,

তেতিয়া লে দেখিব ২০১১১৪ চনৰ ভিতৰত এই শিতানত সংগৃহীত ধনৰ গড় পৰিমাণ আছিল প্রায় লাখ কোটি টকা, অর্থাৎ, প্রায় ,০০০ কোটি ডলাৰৰ সমান৷

বর্তমান এই ক্ষেত্রত বিগত চাৰি বছৰত সংগৃহীত ধনৰ গড় পৰিমাণ লাখ ২৫ হাজাৰ কোটি টকা অতিক্ৰম কৰিছে, যি প্রায় ,৫০০ কোটি ডলাৰৰ সমান

এই ক্ষেত্রত পূৰ্বৰ তুলনাত প্রায় ৫০ শতাংশ বৃদ্ধি হৈছে                                          

এই সকলোবোৰে ভাৰতীয় অর্থনীতিৰ ক্ষেত্রত আস্থাৰ পৰিৱেশকে সূচাইছে৷

বর্তমান কেৱল এই আস্থাৰ পৰিৱেশ যে আভ্যন্তৰীণ বিনিয়োগকাৰীসকলৰ ক্ষেত্রতে দেখা গৈছে তেনে নহয়, বৈদেশিক বিনিয়োগকাৰীসকলৰ ক্ষেত্রতো এই আস্থা পৰিলক্ষিত হৈছে৷

ভাৰতৰ ওপৰত আস্থাৰ এই পৰিবেশ অব্যাহত আছে। আগতে কেৱল নির্বাচনৰ পূৰ্বে এই প্ৰৱণতা দেখা গৈছিল৷

বিগত চাৰি বছৰত আমাৰ দেশত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগেৰ পৰিমাণ আছিল ২০১৪ চনৰ পূৰ্বৰ সাত বছৰৰ সমান

এই সকলোবোৰ অর্জন কৰিবলৈ ভাৰতক পৰিৱৰ্তনৰ বাবে সংস্কাৰৰ প্ৰয়োজন৷

দেউলীয়া বিধি, জিএছটি, ৰিয়েল এষ্টেট আইনৰ দৰে কেতবোৰ গুৰুত্বপূর্ণ পদক্ষেপৰ ফলত আমাৰ দেশত উচ্চ হাৰত অর্থনৈতিক বৃদ্ধিৰ এক জোৰদাৰ ভেঁটি গঢ়ি উঠিছে৷

চাৰি বছৰৰ পূৰ্বে কোনে বিশ্বাস কৰিছিল যে ঋণ লওঁতা ব্যক্তি বা সংস্থা প্রায় লাখ কোটি টকা (প্রায় ,০০০ কোটি ডলাৰ) আর্থিক ঋণদাতাৰ পৰা ঘুৰাই পাব৷

দেউলীয়া বিধিৰ প্ৰত্যক্ষ প্ৰভাৱৰ ফলতে এই ঘটনা ঘটিছে৷

ইয়াৰ ফলত আৰু দক্ষতাৰে আর্থিক সহায়সম্পদ বিভিন্ন একাউণ্টত বিতৰণ কৰাৰ সুবিধা ব৷

আমি যেতিয়া অর্থনীতিৰ পাইপলাইনৰ কামৰ দিশত দৃষ্টি দিছো, তেতিয়া মনত ৰাখিব লাগিব, বছৰৰ পাছত বছৰ ধৰি এই কামটো উপেক্ষিত হৈ আছে। সেয়েহে, আমিলাহে লাহে যাব, কাম কৰি আছে দৰে সাৱধানতা সূচক বোর্ড নলগোৱাৰ সিদ্ধান্ত লৈছো৷

আমাৰ দেশৰ সমাজৰ বৃহত্তৰ অংশৰ কল্যাণৰ লক্ষ্যৰে আমি এই সংস্কাৰমূলক কামবোৰ বাকী নৰখাকৈ চলাই নিছো৷

বন্ধুসকল,

ভাৰত ১৩০ কোটি জনতাৰ আশাৰ দেশ তথা এই দেশৰ উন্নয়নৰ বাবে কেৱল মাত্ৰ এটি দৃষ্টিভংগী কেতিয়াও সম্ভৱ নহয়৷

নতুন ভাৰতৰ বাবে আমাৰ দৃষ্টিভংগী সমাজৰ সকলো শ্রেণীৰ লোকৰ বাবে সেই জাতি, ধর্ম, ভাষা আৰু শ্রেণী নিৰপেক্ষভাৱে স্থিৰ হৈছে৷

আমি এক নতুন ভাৰত সৃষ্টিৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আহিছো, যি ১৩০ কোটি লোকৰ আশাআকাংক্ষা আৰু সপোন পূৰণ কৰিব৷

নতুন ভাৰতৰ বাবে আমাৰ দৃষ্টিভংগীত এফালে যেনেকৈ ভৱিষ্যতৰ কথা আছে, আনফালে অতীতৰ সমস্যা সমাধানৰ কথাও আছে৷

সেয়েহে আজি ভাৰতে দ্রুততম ৰে নির্মাণ কৰাৰ সমান্তৰালভাৱে ভাৰতৰ সকলো উন্মুক্ত লেভেল ক্ৰছিঙো নাইকিয়া কৰা হৈছে৷

আজি ভাৰতে দ্রুতগতিত আইআইটি আৰু এইম্ নির্মাণ কৰাৰ সমান্তৰালভাৱে দেশৰ সকলো বিদ্যালয়ত শৌচাগাৰ নির্মাণৰ ব্যৱস্থাও কৰিছে৷

আজি ভাৰতে ১০০খন স্মার্ট চহৰ গঢ়ি তোলাৰ প্ৰচেষ্টা লোৱাৰ সমান্তৰালভাৱে দেশেৰ ১০০খন উন্নয়নকামী জিলাৰ দ্রুত উন্নয়ন কৰাৰ উদ্যোগো নিশ্চিত কৰিছে৷

আজি ভাৰতে বিদ্যুতৰ ৰপ্তানিকাৰক হৈ উঠাৰ সমান্তৰালভাৱে স্বাধীনতাৰ পাছৰ পৰা অন্ধকাৰত থকা কোটি কোটি পৰিয়ালৰ প্ৰত্যেককে বিদ্যুৎ সংযোগ প্ৰদানৰো উদ্যোগ লৈছে৷

আজি ভাৰতে মংগল গ্ৰহলৈ মহাকাশ যান পঠোৱাৰ কথা ভবাৰ লগতে প্ৰত্যেক নাগৰিকৰ যাতে নিজা ছাঁদ থাকে তাৰ ব্যৱস্থাও কৰিছে৷

আজি ভাৰতে বিশ্বৰ দ্রুততম বৃদ্ধিশীল অর্থনীতিৰ দেশ হিচাপে পৰিগণিত হোৱাৰ সমান্তৰালভাৱে সৰ্বাধিক হাৰত দাৰিদ্র্য দূৰীকৰণৰো প্ৰচেষ্টা লৈছে৷

বন্ধুসকল,

আমি বর্তমান’, ‘বি’, ‘চিমানসিকতাৰ পৰা আঁতৰি আহিছো৷

আতঁৰি চলা,

বিহৈছে কবৰ দিয়া আৰু

চিহৈছে বিভ্রান্ত কৰা৷

কোনো ইছ্যুকে এৰি নিদি আমি সেই ইছ্যুৰ সৈতে মোকাবিলা কৰিছো৷

কোনো বিষয়ক কবৰ নিদিয়াকৈ, আমি তাক বাহিৰ কৰিছো আৰু মানুহক জনাইছো৷

আৰু

সমগ্ৰ ব্যৱস্থাতে বিভ্রান্তিৰ সৃষ্টি নকৰি আমি দেখিছো এই সকলোবোৰৰে সমাধান সম্ভৱ

এই কামে আমাৰ বুকুত আস্থা যোগাইছে। সামাজিক ক্ষেত্রত আৰু সদর্থক ব্যৱস্থা গ্ৰহণত অনুপ্রাণিত কৰিছে৷

আমি প্ৰতি বছৰে ,০০০ কোটি টকা নগদ সুবিধা প্ৰদান কৰি ক্ষুদ্ৰ আৰু প্রান্তিক শ্রেণীৰ ১২ কোটি কৃষকৰ কাষত পোৱাৱলৈ প্ৰচেষ্টা লৈছো৷ ইয়াৰ ফলত অহা ১০ বছৰত আমাৰ কৃষকসকলক . লাখ কোটি টকা (বা ১০,০০০ কোটি ডলাৰ) প্ৰদান কৰা ব৷

আমাৰ অসংগঠিত ক্ষেত্রত কোটি কোটি শ্ৰমিকৰ বাবে আমি এটি পেন্সন ব্যৱস্থা আৰম্ভ কৰিছো৷

আমাৰ এই চৰকাৰৰ বিকাশৰ ইঞ্জিনটো দুটি সমান্তৰাল লাইনত আগুৱাই গৈছে। ইয়াৰ ভিতৰত এটি সমস্ত বঞ্চিত মানুহৰ বাবে সামাজিক আন্তঃগাঁথনি দিয়াৰ কাম কৰিছে৷

আৰু অন্য সকলোৰে বাবে বিশেষকৈ, ভৱিষ্যৎ প্ৰজন্মৰ সপোন পূৰণৰ বাবে বস্তুগত পৰিকাঠামো নির্মাণৰ কাম কৰিছো

অতীতত যি হৈছিল, তাত আমাৰ কোনো হাত নাছিল, কিন্তু ভৱিষ্যতে যি ঘটিব তাত সম্পূৰ্ণ আমাৰ হাত থাকিব

মই প্রায়ে কও যে অতীতত আমি শিল্প বিপ্লৱ কৰিব নোৱাৰিলো। কিন্তু এইটো অত্যন্ত গৌৰৱৰ বিষয় যে ভাৰতৰ চতুর্থ প্ৰজন্মই শিল্প বিপ্লৱৰ ক্ষেত্রত এক সক্রিয় ভূমিকা গ্ৰহণ কৰিছে৷

এই ক্ষেত্রত আমাৰ অৱদানৰ মাত্রাই বিশ্বক আচৰিত কৰিব৷

মোৰ দৃঢ় বিশ্বাস যে প্ৰথম তিনিটা পর্যায়ৰ শিল্প বিপ্লৱত ভাৰতে ইমান বেছি কৰিব নোৱাৰিলেও এই সময়ত ভাৰত যে কেৱল চতুর্থ পর্যায়ৰ শিল্প বিপ্লৱৰ দিশত গতি কৰিছে সিমানেই নহয়, তাৰ চালকৰ ভূমিকাও পালন কৰিছে৷

উদ্ভাৱন আৰু প্ৰযুক্তি এই অগ্ৰণী উদ্যোগৰ ভেঁটি হিচাপে কাম কৰিব৷

ডিজিটেল ইণ্ডিয়া, ষ্টার্টআপ ইণ্ডিয়া, মেকইনইণ্ডিয়া আৰু ইনোভেট ইণ্ডিয়াৰ দৰে আমাৰ প্ৰচেষ্টাৱলীৰ ফলত সুফল পোৱা গৈছে৷

আপোনালোকে জানে যে ২০১৩১৪ৰ ভিতৰত আমাৰ দেশত প্রায় ,০০০ পেটেণ্ট দিয়া হৈছিল ২০১৭১৮ৰ ভিতৰত এই পেটেণ্টৰ সংখ্যা বৃদ্ধি পাই ১৩,০০০ অতিক্ৰম কৰিছে৷

এই বৃদ্ধি হাৰ তিনিগুণ হৈছে৷

একেদৰে, আপোনালোকে জানে যে আমাৰ দেশত ট্রেডমার্ক পঞ্জীয়নৰ সংখ্যা ২০১৩১৪ৰ ৬৮,০০০ৰ পৰা ২০১৬১৭ বৃদ্ধি পাই ২. লাখ হৈছে৷

এই বৃদ্ধিৰ হাৰ প্রায় চাৰিগুণ হৈছে৷

আপোনালোকে হয়তো শুনি সুখী যে ভাৰতত আজি যি হাৰত ষ্টার্টআপ নথিভুক্ত হৈছে, তাৰ ৪৪ শতাংশ দ্বিতীয় অথবা তৃতীয় স্তৰৰ চহৰৰ পৰা আহিছে৷

সমগ্ৰ দেশত অটল টিংকাৰিং লেবকাম আৰম্ভ কৰিছে আৰু উদ্ভাৱনৰ এক পৰিৱেশক লালনপালন কৰা হৈছে৷

আমাৰ ছাত্ৰছাত্রীসকলে যাতে ভৱিষ্যতৰ উদ্ভাৱক হৈ উঠিব পাৰে,, এই আঁচনিয়ে তাৰ ভেঁটি স্থাপন কৰিব৷

মই এই কথা জানি অতি আচৰিত হৈছো যে চাপুড়ত জনগোষ্ঠীৰ এগৰাকী কিশোৰীৱে কম্পিউটাৰৰ মাউচ লৈ খেলা কৰিছে আৰু ডিজিটেল ইণ্ডিয়া কর্মসূচীত অতি সংম্পৃক্ত হৈ পৰিছে৷

একেদৰে, এইটো দেখি মোৰ খুব ভাল লাগিছে যে আমাৰ গাঁৱৰ যুৱকসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰে ৱাইফাই তথা ডিজিটেল যন্ত্ৰপাতি ব্যৱহাৰ কৰিছে৷

আমাৰ দেশৰ ধনী আৰু দুখীয়া লোকসকলৰ মাজত প্ৰভেদ  নাইকিয়া কৰিছে প্ৰযুক্তিয়ে৷

এই সকলো কাহিনীয়ে ভাৰতৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনা কৰিছে৷

বন্ধুসকল,

জনসাধাৰণৰ সহায় আৰু অংশীদাৰিত্বত ২০১৪ চনৰ পাছৰ পৰা ভাৰতে দ্রুতগতিত অগ্ৰগতি লাভ কৰিছে৷

জনঅংশীদাৰিত্বক বাদ দি এই কাম একেবাৰেই অসম্ভৱ৷

এই সকলো অভিজ্ঞতাই মোৰ মনত এই আস্থা যোগাই যে আমাৰ দেশৰ নাগৰিক সকলৰ বাবে আগুৱাই যোৱাৰ সমৃদ্ধ হোৱালৈকে সুযোগ দিব পৰা যায়৷

আমি ভাৰতক ১০ ট্রিলিয়ন ডলাৰ অর্থনীতিৰ দেশ হিচাপে গঢ়ি তোলাৰ বাবে আশাৰে বাট চাই আছো৷

আমি ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম দেশ হিচাপে গঢ়ি তোলাৰ বাবে অপেক্ষা কৰিছো৷

আমি ভাৰতক অগণিত ষ্টার্টআপৰ দেশ হিচাপে গঢ়ি তোলাৰ বাবে আগ্ৰহী৷

আমি সমগ্ৰ বিশ্বত নবীকৰণযোগ্য শক্তিৰ উৎসৰ দিশত অগ্ৰগতিৰ ক্ষেত্রত নেতৃত্বদানেৰ বাবে অপেক্ষা কৰিছো৷

আমি আমাৰ জনসাধাৰণক শক্তি নিৰাপত্তা দিব বিচাৰো৷

আমি আমাৰ আমদানিনির্ভৰশীলতা হ্ৰাস কৰিব বিচাৰো৷

আমি বিদ্যুৎচালিত যানবাহন তথা বিদ্যুৎ সংৰক্ষণ যন্ত্ৰ নির্মাণৰ ক্ষেত্রত বিশ্বৰ প্ৰথম স্থান দখল কৰিব বিচাৰো৷

মনত এই সকলো ইচ্ছা লৈ আমি নতুন ভাৰতৰ সপোনৰ বাবে নিজকে উৎসর্গা কৰিছো৷

ধন্যবাদ

আপোনালোকক বহুত বহুত ধন্যবাদ৷

***

AKT/KP/DB