পি এম ইণ্ডিয়া

ইয়াত উপস্থিত মোৰ বন্ধুসকল,
আপোনালোকেতো গোটেই জীৱন গৱেষণাগাৰত অতিবাহিত কৰিছে আৰু আপোনালোকৰ মাজত পাইলট প্ৰজেক্টৰ পৰম্পৰা আছে৷ এই পাইলট প্ৰজেক্টৰ সাফল্য পৰিমাপযোগ্য৷ তাৰপাছত ইয়াৰ বাস্তবায়নৰ প্ৰশ্ন আহে৷ এতিয়াই এটি পাইলট প্রজেক্ট সম্পন্ন হ’ল তথা আৰু ইয়াৰ বাস্তবায়নো হ’ল, যেতিয়া সকলো উঠি ঠিয় হৈ পুৰস্কাৰ বিজয়ীসকলক হাততালিৰে আদৰণি জনালে৷
আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত আপোনালোকৰ মাজলৈ অহাৰ মোৰ সৌভাগ্য হৈছে৷ আপোনালোক সকলোৱে ভালদৰে জানে যে আজিৰ দিনটো মহান বৈজ্ঞানিক ড০ চি ভি ৰমন দ্বাৰা ‘ৰমন এফেক্ট’ আৱিষ্কাৰৰ স্মৃতিত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়৷ এই আৱিষ্কাৰে দেশলৈ বিজ্ঞানৰ ক্ষেত্রত প্ৰথম নোঁবেল পুৰস্কাৰ আনিবলৈ সক্ষম হৈছিল৷ মই ড০ ৰমনক শ্ৰদ্ধাঞ্জলি জনাই বিজ্ঞান দিৱসত দেশৰ প্ৰত্যেকগৰাকী বৈজ্ঞানিক আৰু বিজ্ঞানৰ ছাত্ৰ-ছাত্রীক বহুত বহুত শুভেচ্ছা জনাইছো৷
প্রার্থনা কৰো গৱেষণা আৰু উন্নয়নৰ ক্ষেত্রত আপোনালোকৰ সকলো প্ৰয়াস যেন সফল হয় আৰু সেইবোৰে দেশবাসীৰ উপকাৰ কৰে৷ আজি যিসকলে শান্তি স্বৰূপ ভাটনাগৰ পুৰস্কাৰ লাভ কৰিছে, তেওঁলোকৰ লগতে তেওঁলোকৰ পৰিয়ালবর্গক বহুত বহুত শুভেচ্ছা জনাইছো৷ আপোনালোকৰ আৱিষ্কাৰসমূহৰ বাবে ভাৰতবাসীয়ে গৌৰৱবোধ কৰে৷ তেওঁলোকৰ পৰিয়ালবর্গক ইয়াৰ বাবে বিশেষ শুভেচ্ছা জনোৱাৰ কাৰণ হ’ল–বৈজ্ঞানিকসকলে গৱেষণাগাৰত দিনৰ পিছত দিন অতিবাহিত কৰে আৰু সেয়েহে আটাইতকৈ বেছি ত্যাগ স্বীকাৰ, তপস্যা কৰে পৰিয়ালৰ লোকসকলে৷ আপোনালোকৰ প্ৰচেষ্টাত আপোনালোকৰ কামৰ জৰিয়তে দেশ আৰু সমাজ উপকৃত হৈছে আৰু সেয়া এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মৰ লোকৰ উপকাৰ সাধন কৰিব৷ ‘জয় জোৱান, জয় কিষাণ’, ‘জয় বিজ্ঞান’ আৰু ‘জয় অনুসন্ধান’ৰ পথত নতুন ভাৰতৰ বিজয়পথ গঢ় লৈ উঠিব৷ সেইবাবে এই ধৰণৰ অৰ্থাৎ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ দৰে আয়োজনৰ ভূমিকা অতি গুৰুত্বপূর্ণ৷
এই বছৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ‘বিষয়বস্তু’ অতি প্রাসংগিক৷ মই নিজেও বিজ্ঞানৰ সৈতে মানুহৰ প্ৰয়োজনক মিলোৱাৰ পক্ষপাতি৷ আমাৰ চৰকাৰৰ যাৱতীয় কাৰ্যসূচী আৰু প্ৰকল্পৰ জৰিয়তেও আমি এই লক্ষ্যত কিবা নহয় কিবা এটা কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো৷
বন্ধুসকল,
আমাৰ ‘ডেম’ক্রেচী, ডেম’গ্রাফি এণ্ড ডিমাণ্ড’ৰ ‘ডিভিডেণ্ট’ হ’ল আজি ভাৰতে বিশ্বত সর্বাধিক দ্রুতগতিৰে অগ্ৰসৰ হোৱা অর্থনীতিৰ দেশ হৈ উঠিছে৷ আমাৰ যুৱসম্প্ৰদায়ৰ উচ্চাকাংক্ষা, সকলো ক্ষেত্রত সর্বশ্রেষ্ঠ হৈ উঠাৰ তীব্ৰ আকাংক্ষা আমাৰ আটাইতকৈ ডাঙৰ শক্তি৷ এনে পৰিপ্রেক্ষিতে আমাৰ বিজ্ঞান, প্ৰযুক্তি বা উদ্ভাৱনক জনগণৰ সৈতে যুক্ত কৰি তেওঁলোকৰ সমাজৰ আকাংক্ষাসমূহৰ লগতে প্ৰয়োজনীয়তাৰ অনুৰূপ কৰি তুলিব লাগিব৷ এই বছৰ জলন্ধৰত ভাৰতীয় বিজ্ঞান কংগ্রেছৰ অনুষ্ঠানত মই কৈছিলো যে ভাৰতৰ প্ৰকৃত শক্তি এয়ে যে এই দেশত বিজ্ঞানক সমাজৰ প্ৰয়োজনীয়তাৰ সৈতে ডড়িত কৰা হৈছে৷ মোৰ দৃঢ় বিশ্বাস যে আপোনালোক সকলোৱে আমাৰ প্ৰত্যেক বৈজ্ঞানিক পৰমাণুশক্তি, মহাকাশ বিজ্ঞান আৰু প্ৰতিৰক্ষা সংক্রান্তীয় গৱেষণা নিজৰ দক্ষতাক প্ৰতিনিয়ত উন্নত কৰি যাব৷
বন্ধুসকল,
আমাৰ দেশৰ জনতাই এতিয়া কোনো বস্তু শ্রেষ্ঠতকৈ কম পাই সুখী হোৱা উচিৎ নহয়৷ আমাৰ মান এতিয়া বহুত ওপৰত উপনীত হৈছে৷ আমাৰ সংস্থাসমূহৰ ভাৱনা যদি পুৰণি হয়, তেতিয়াহ’লে আমি দেশবাসীৰ আকাংক্ষা বাস্তবায়িত কৰিব নোৱিৰিম৷ বিজ্ঞানে সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহকো ভৱিষ্যতৰ প্ৰয়োজনীয়তা বুজি মৌলিক শক্তি অক্ষত ৰাখি ভৱিষ্যতৰ সমাজ তথা অর্থনীতিৰ উপযোগী কৰি নিজে গঢ়ি ল’ব লাগিব৷ মই প্ৰধানমন্ত্রীৰ মুখ্য বিজ্ঞান পৰামর্শদাতাক এই বিষয়ত সামগ্রিক প্ৰকল্প ৰচনা কৰি আগুৱাই যোৱাৰ অনুৰোধ কৰিছো আৰু এই ক্ষেত্রত আপোনালোক সকলোৰে অংশগ্ৰহণ অতি প্ৰয়োজনীয়৷
বন্ধুসকল,
ইচ্ছাশক্তি থাকিলে সীমিত সম্পদৰ জৰিয়তেও অভূতপূৰ্ব ফল যে পাব পাৰি তাৰ উদাহৰণ হ’ল আমাৰ মহাকাশ প্ৰকল্পৰ সাফল্য৷ আমাৰ চন্দ্ৰ অভিযান, মংগল অভিযান অথবা উপগ্ৰহ উৎক্ষেপণ ক্ষেত্রত আমাৰ বিজ্ঞানীসকলৰ গৱেষণালব্ধ সাফল্যই বিশ্ববাসীকে চমকিত কৰিছে৷ আমাৰ প্ৰথম প্ৰচেষ্টাতে মংগল গ্ৰহৰ কক্ষপথত মংগলযানক স্থাপন কৰাটো এক অভূতপূর্ব সাফল্য৷ এই ক্ষেত্রত ভাৰত হৈছে এছিয়াৰ প্ৰথমখন দেশ৷ এই সাফল্যৰ পৰা মোৰ দৃঢ় বিশ্বাস গঢ়ি উঠিছে যে ২০২২ চনৰ ভিতৰত আপোনালোকে সফলতাৰে গগণ যান অভিযানৰ জৰিয়তে দেশৰ ল’ৰা-ছোৱালীসকলক অন্তৰীক্ষলৈ নিবলৈ সক্ষম হোৱাৰ লগতে মহাকাশত ত্রিৰংগা পতাকা উৰাব পাৰিব৷
বন্ধুসকল,
আমাৰ বৈজ্ঞানিকসকলে সদায়েই মানৱতাৰ স্বার্থত অৱদান আগবঢ়াই আহিছে৷ দেশৰ সাধাৰণ জনতাৰ জীৱনক সহজ কৰি তোলাৰ বাবে আপোনালোকৰ প্ৰচেষ্টা অতি গুৰুত্বপূর্ণ তথা ফলপ্ৰসূ৷ ঔষধ প্ৰস্তুতকৰণৰ ক্ষেত্রত আপোনালোকে ভাৰতক আজি ষষ্ঠ বৃহত্তম বজাৰ তথা তৃতীয় বৃহত্তম দ্রুতগতিত সম্প্ৰসাৰিত বজাৰত পৰিণত কৰিছে৷ আজি ভাৰতে ২০০খনতকৈও অধিক দেশলৈ ভাৰতীয় ঔষধ ৰপ্তানি কৰে৷
বন্ধুসকল,
আমাৰ ঔষধ উৎপাদন ক্ষেত্রত হোৱা উন্নয়নৰ আঁৰত চিএছআইআৰ গৱেষণাগাৰৰ দৰে প্ৰযুক্তিগত শক্তি আছে৷ তেওঁলোকে বিশ্বৰ বহুত দেশত উৎপাদিত ব্যয়বহুল ঔষধক দেশত সুলভমূল্যত উৎপাদন কৰিছে৷ তেওঁলোকৰ ঔষধ নির্মাণৰ জ্ঞান তথা ভাৰতৰ বনৌষধি বৃক্ষৰ সম্পদে এই সংস্থাৰ কামৰ পৰিধি ভৱিষ্যতে আৰু সম্প্ৰসাৰিত কৰিব বুলি মোৰ বিশ্বাস৷ মই ভাবো এতিয়া আমাৰ ঔষধ নির্মাণ ক্ষেত্ৰ আৰু জৈৱ প্ৰযুক্তিক আৰু অধিক গতিশীল কৰাৰ সময় আহিছে৷ সেই বাবে জেনেৰিকছ তথা বায়’ ছিমিলাৰৰ পৰা লাভ কৰা অভিজ্ঞতাৰ সৈতে উদ্ভাৱনক জড়িত কৰিব লাগিব৷
বন্ধুসকল,
চিএছআইআৰৰ দ্বাৰা সম্পাদিত আনটো প্ৰশংনীয় হৈছে অৰোমা মিচন৷ ইয়াৰ জৰিয়তে জম্মু আৰু কাশ্মীৰ, উত্তৰ-পূব ভাৰত আৰু ছত্তিশগড়ৰ আদিবাসী এলেকাত আমাৰ প্ৰভাব বৃদ্ধি পাইছে৷ মোক জনোৱা মতে বিগত ১৮ মাহত প্রায় ৩ হাজাৰ হেক্টৰ ভূমিত ঔষধি বৃক্ষৰ পুলি ৰোপণৰ কাম আৰম্ভ হৈছে৷ সেই বাবে মই চিএছআইআৰৰ সমগ্ৰ দলটোক অভিনন্দন জনাইছো৷
ঔষধি গছৰ পুলিৰ উপৰি জৈৱ শক্তিৰ ক্ষেত্রতো চিএছআইআৰে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷ চিএছআইআৰে যি বিমানৰ ইন্ধন উৎপাদন কৰিছে, তাৰ সফল ইতিমধ্যে পৰিলক্ষিত হৈছে৷ ২০১৮ৰ ২৭ আগষ্টত প্ৰথমবাৰলৈ ডেৰাদুনৰ পৰা দিল্লীলৈতে এই জৈৱ শক্তি চালিত বিমানযাত্রা সফল হোৱাত ভাৰত সেই আঙুলিৰ মুৰত লিখিব পৰা দেশসমূহৰ অন্যতম হৈ উঠিছে যি দেশত জৈৱ শক্তি চালিত বিমানযাত্রা আৰম্ভ হৈছে৷ কেৱল অসামৰিক ক্ষেত্রতে নহয়, এই বছৰ গণৰাজ্য দিৱসত জৈৱ শক্তি চালিত ভাৰতীয় বিমান বাহিনীৰ যুদ্ধ বিমানো আকাশত উৰিছে৷
বন্ধুসকল,
এতিয়া এক নতুন ধৰণৰ শক্তিৰ প্ৰয়োজন হ’ব৷ অহা দুই দশকত বিগ ডেটা, মেচিন লার্নিং, ব্লক চেন তথা কৃত্রিম বুদ্ধিমত্তাৰ দৰে কেতবোৰ নতুন প্ৰযুক্তিৰ যুগ আহিছে৷ এই সকলো প্ৰযুক্তি ডেটাভিত্তিক হ’ব। সেইবাবে কোৱা হৈছে যে বিশ্বত ‘ডেটা’ই নতুন ধৰণৰ ইন্ধন হোৱা দিশে গতি কৰিছে৷ এই নতুন প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি আমাৰ চৰকাৰেও নেচনেল মিচন অন ইণ্টাৰ ডিচিপ্লনেৰী চাইবাৰ ফিজিকেল চিষ্টেম অভিযান আৰম্ভ কৰিছে৷ প্রায় চাৰে তিনি হাজাৰ কোটি টকা এই অভিযানৰ বাবে খৰচ কৰা হৈছে৷ ইয়াৰ জৰিয়তে অহা পাঁচ বছৰত ৰ’ব’টিক্স, আর্টিফিচিয়েল ইণ্টেলিজেন্স ডিজিটেল, মেনুফেকচাৰিং বিগ ডেটা এনালাইছিছ কোৱাণ্টাম কমিউনিকেচন তথা ইণ্টাৰনেট অৱ থিংছৰ গৱেষণা আৰু উন্নয়নক উৎসাহিত কৰা হ’ব৷
বন্ধুসকল,
কেন্দ্রীয় চৰকাৰে এক কৃত্রিম বুদ্ধিমত্তা টাস্কফোৰ্ছো গঢ়ি তুলিছে, যাতে ভাৰত ইণ্ডাষ্ট্ৰী ফৰ পয়েণ্ট জিৰ’ৰ বাবে প্ৰস্তুত হ’ব পাৰে। মই দেশৰ বৈজ্ঞানিক আৰু প্ৰযুক্তি বিশাৰদসকলৰ প্ৰতি আবেদন জনাও যে এই চতুর্থ শিল্প বিপ্লৱৰ গোড়াৰ দিশত বিশ্বক পথপ্ৰদর্শনকাৰী নতুন প্ৰযুক্তিসমূহৰ বিকাশ ঘটায়, যাতে ভাৰত নির্মাণ ক্ষেত্ৰ, জ্ঞান আৰু প্ৰযুক্তিনির্ভৰ শিল্পত গ্ল’বেল হাব হৈ উঠিব পাৰে৷ কৃত্রিম বুদ্ধিমত্তা প্ৰয়োগৰ জৰিয়তে দেশত কৃষিৰ পৰা আৰম্ভ কৰি পৰিবহণ আৰু স্বাস্থ্য সেৱাৰ পৰা আৰম্ভ কৰি বতৰ বিজ্ঞানলৈকে সকলো ক্ষেত্রত উন্নয়নৰ পথ নির্ধাৰণ আৰু নির্ধাৰিত লক্ষ্য উপনীত হোৱাৰ চেষ্টা কৰা যায়৷
আজি যিসমূহ প্ৰযুক্তি বিকশিত হৈছে, সেইবোৰক কোনো সীমাৰ মাজত বান্ধি ৰখাটো সম্ভৱ নহয়৷ ইয়াৰ বাবে নতুন ধৰণৰ ভাৱনাৰ প্ৰয়োজন৷ ক্ৰছ ডিচিপ্লিনেৰী গৱেষণা এই ভাৱনাক আৰু পৰিপক্ক কৰিব পাৰি, যাতে এনে গৱেষণাৰ পৰিৱেশ গঢ়ি তুলিব পৰা যায়, য’ত ইঞ্জিনিয়াৰসকলে চেল বায়’লজিষ্টসকলৰ সৈতে মিলা-প্ৰীতিৰে কাম কৰিব পাৰে৷ ৰসায়নবিদ্যা কলা আৰু সংস্কৃতিৰ পৰা প্রেৰণা ল’ব পাৰে৷ পদার্থবিদসকলে সমাজবিদৰ সৈতে মিলি উদ্ভাৱনৰ ক্ষেত্রত আগুৱাই যাব পাৰে৷ বিভিন্ন শাখা আৰু ভাৱনাৰ সৈতে নিশ্চিতভাৱে গৱেষণা আৰু উন্নয়নভিত্তিক উদ্ভাৱনৰ এক নতুন সংস্কৃতি গঢ়ি উঠিব পাৰে৷
মোৰ দৃঢ় বিশ্বাস যে এই সংস্কৃতিয়ে আমাৰ চৰকাৰৰ উচ্চ শিক্ষা ক্ষেত্রত বিভিন্ন প্ৰচেষ্টা দ্বাৰা শক্তিশালী কৰিব৷ গৱেষণা, উন্নয়ন আৰু উদ্ভাৱনক উৎসাহ যোগাবলৈ আমি উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহ স্বায়ত্ত্বশাসন দিয়াৰ প্ৰক্রিয়া আৰম্ভ কৰিছো৷ এই প্ৰক্রিয়াত ২১খন বিশ্ববিদ্যালয়কে ধৰি ৬০টা উচ্চ শিক্ষা প্ৰতিষ্ঠানক গ্রেডেড অটোনমি দিয়া হৈছে৷ এই ভাৱনাৰ পৰাই আইআইএমসমূহক স্বায়ত্ত্বশাসনৰ অধিকাৰ প্ৰদান কৰা হৈছে৷ একেদৰে, ‘ইন্সটিটিউটছ অৱ এমিনেন্স’ গঢ়ি তোলাৰ কামো আৰম্ভ হৈছে৷ এই শিক্ষা প্ৰতিষ্ঠানসমূহকো স্বায়ত্ত্বশাসন প্ৰদান কৰা হৈছে, যাতে তেওঁলোকে বিশ্বৰ সর্বশ্রেষ্ঠ প্ৰতিষ্ঠানসমূহৰ ভিতৰত স্থান লাভ কৰিব পাৰে৷ আমাৰ যুবসম্প্ৰদায়ৰ ভাৱনাক প্রেৰণা যোগাৱাৰ লগতে বৈজ্ঞানিক পৰিৱেশ গঢ়ি তোলাটো এক ৰাষ্ট্রীয় দায়িত্ব৷ কাৰণ, তেওঁলোকেই আমাৰ ভৱিষ্যৎ ভাৰতক নেতৃত্ব প্ৰদান কৰিব৷
বন্ধুসকল,
বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰভাৱত সমাজৰ প্রান্তীয় লোক আৰু বঞ্চিতসকলে যেতিয়াই সুফল পাব, তেতিয়াই কোনো দেশে আগুলাই যাব পাৰে৷ সেইবাবে বিজ্ঞান আৰু প্ৰযুক্তিক দেশৰ সমস্যাৱলীৰ সমাধানৰ কামত লগোৱাৰ বাবে সকলো বৈজ্ঞানিক সংস্থাকে এই অভিযানৰ অংশ কৰি তোলাৰ প্ৰয়োজন আছে৷ সেইবাবে আমাৰ গৱেষণাক সমাধানমুখী কৰি তুলিব লাগিব৷ স্বাস্থ্য সেৱা, সুলভ গৃহ নির্মাণ, পৰিৱেশ অনুকূল শক্তি, পেলনীয়া সামগ্ৰী ব্যৱস্থাপনা, কৃষি, খাদ্য প্ৰস্তুতকৰণ, বৈদ্যুতিক পৰিবহণ ব্যৱস্থা, চাইবাৰ নিৰাপত্তা আৰু মূল্য সংযোজনৰ ক্ষেত্রত কোনোধৰণৰ আপোচ কৰা নহয়৷ বিজ্ঞান হ’ব মৌলিক আৰ প্ৰযুক্তি হ’ব স্থানীয়৷ এই অভিযানক সাফল্যমণ্ডিত কৰিবলৈ লেহেমীয়া গতিৰে কাম কৰাৰ অভ্যাস ত্যাগ কৰিব লাগিব৷ ব্যক্তিগত চিন্তাক সামগ্রিক চিন্তালৈ ৰূপান্তৰিত কৰিব লাগিব৷ আমাৰ লক্ষ্য স্থিৰ কৰি আগুৱাই যাব লাগিব, তেতিয়াহে আমি সঠিক পথ দেখিবলৈ পাম৷ এই প্ৰতিযোগিতামূলক প্রাণপ্রাচুর্যৰে ভৰা পৰিৱেশত আমি ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব৷ সমাজৰ এই সমস্যাসমূহৰ সমাধানৰ বাবে প্ৰধানমন্ত্রী বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন পৰামর্শদাতা পৰিষদে পূর্ণোদ্যমে কাম কৰি আহিছে৷
বন্ধুসকল,
আপোনালোকৰ ক্ষমতা, দক্ষতা আৰু সামর্থ্যৰ ওপৰত আমাৰ সম্পূর্ণ আস্থা আছে৷ এই সামর্থ্যৰ পৰাই নতুন ভাৰতৰ বাবে নতুন নতুন আৱিষ্কাৰ হ’ব৷ নতুন প্ৰযুক্তিক লৈ চিন্তা-ভাৱনা আৰু বিজ্ঞানৰ জৰিয়তে জনসাধাৰণৰ প্ৰত্যাশা পূৰণৰ বাবে দেশ আগুৱাই যাব৷ তেতিয়াই বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰয়িতে আমাৰ সৈনিক তথা কৃষকসকল উপকৃত হ’ব৷ যিসকল মহান ব্যক্তিয়ে এই বিজ্ঞান ক্ষেত্রত সাধনা কৰি আহিছে, তেওঁলোকক পুনৰবাৰ শ্ৰদ্ধা জনোৱাৰ লগতে আজি পুৰস্কাৰ লাভ কৰা ঋষিতুল্য বৈজ্ঞানিকসকলক অভিনন্দন জনাই আপোনালোক সকলোকে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত বহুত বহুত শুভেচ্ছা জনাইছো৷
বহুত বহুত ধন্যবাদ!
***
AKT/SH/IG/MG/AK/DB
Honouring the winners of the Shanti Swarup Bhatnagar Prizes. https://t.co/uNp48mbhAt
— PMO India (@PMOIndia) February 28, 2019