Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীলৈ শুভেচ্ছাসূচক ফোনকল ফৰাচী ৰাষ্ট্ৰপতিৰ


২৩ মে’ ২০১৯ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সাধাৰণ নিৰ্বাচনত ব্যাপক প্ৰদৰ্শনেৰে জয়লাভ কৰাৰ বাবে শুভেচ্ছা জনাবৰ বাবে ফোন কৰিলে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাৰ্কনে।

ভাৰত আৰু ফ্ৰান্সৰ মাজত কৌশলগত অংশীদাৰীত্ব আগলৈ আৰু অধিক শক্তিশালী কৰি তুলিবৰ বাবে একেলগে কাম কৰাৰ পুনঃপ্ৰতিজ্ঞাবদ্ধ হয় দুয়োগৰাকী ৰাষ্ট্ৰনেতাই। ভাৰতৰ জৰুৰীকালীন সময়ত ভাৰতলৈ সহায়-সমৰ্থন আগবঢ়াই যোৱাৰ বাবে ফ্ৰান্সক ধন্যবাদ জ্ঞা্পন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

গণতান্ত্ৰিক বিশ্বৰ অন্যতম শীৰ্ষ নেতা হিচাপে প্ৰধানমন্ত্ৰী মোদীক অভিহিত কৰি ৰাষ্ট্ৰপতি মাৰ্কনে ২০১৯ চনৰ আগষ্ট মাহত দুয়োখন দেশৰ মাজত এক দ্বিপাক্ষিক বৈঠক আয়োজন কৰিবলৈ ফ্ৰান্স ভ্ৰমণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণ জনায় আৰু লগতে সেই সময়তেই বায়াৰিটজত অনুষ্ঠিতব্য জি৭ সন্মিলনতো ভাগ লোৱাৰ আহ্বান জনায়।

******

AKT/NK/RD