Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সর্বভাৰতীয় বাঘ পিয়ল ২০১৮ৰ চতুর্থ পৰ্ব প্ৰকাশ কৰিব প্ৰধানমন্ত্ৰীয়ে


নতুন দিল্লীৰ লোক কল্যাণ মার্গত ২৯ জুলাই, সোমবাৰে সর্বভাৰতীয় বাঘ পিয়ল ২০১৮ৰ চতুর্থ পৰ্ব প্ৰকাশ কৰিব প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে৷

ব্যাপ্তি, নমুনা সংগ্ৰহ আৰু ছবি তোলা কেমেৰাৰ সংখ্যাৰ নিৰিখত এই পিয়লকে বিশ্বত সর্ববৃহৎ বন্যপ্রাণী সমীক্ষাৰ প্ৰচেষ্টা বুলি গণ্য কৰা হয়।

প্ৰতি চাৰি বছৰ ব্যৱধানত আমাৰ দেশত সর্বভাৰতীয় বাঘৰ পিয়ল কৰা৷ ইয়াৰ পূৰ্বে ২০০৬, ২০১০ আৰু ২০১৪ চনত তিনিটা পর্যায়ত পিয়লৰ কাম সম্পন্ন হৈছে৷

চৰকাৰে ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ কর্তৃপক্ষৰ সৈতে যুটীয়াভাবে জলবায়ু পৰিৱর্তনৰ প্ৰভাৱত বাঘে সন্মুখীন হৈ অহা সমস্যাৰাজিৰ সমাধানত আর্থিক বিষয়টো পর্যালোচনা কৰিছে। এই পিয়লৰ তথ্য সুনিশ্চিত কৰাৰ বাবে বাঘ সংৰক্ষণ পৰিকল্পনা অনুসৰি এই প্ৰচেষ্টাসমূহ গ্ৰহণ কৰা হয়৷

***********

VRRK/SH/DB