পি এম ইণ্ডিয়া

মহামহিম ৰাষ্ট্ৰপতি পুটিন, ৰাষ্ট্ৰপতি বাট্টুলগা, প্ৰধানমন্ত্ৰী আবে’, প্ৰধানমন্ত্ৰী মহাথিৰ প্ৰমুখ্যে বন্ধুসকল নমস্কাৰ, ‘ডব্ৰী ডেন’!
ব্লাডিভষ্টকৰ এই নিৰ্জু আৰু প্ৰশান্ত পৰিবেশত আপোনালোকৰ সৈতে আলোচনাত মিলিত হ’বলৈ পোৱাটো আক্ষৰিক অৰ্থতে এক আন্ন্দদায়ক অভিজ্ঞতা। ইয়াৰ পৰা বিস্তাৰিত হোৱা পুৱাৰ পোহৰে সমগ্ৰ পৃথিৱীকে শক্তিৱন্ত কৰি তোলাৰ দৰেই আজিৰ এই অধিৱেশনত হোৱা চৰ্চ্চাই ‘ফাৰ-ইষ্ট’ অঞ্চলসমূহকে নহয়, বৰঞ্চ সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ যাত্ৰাকে এক নতুন শক্তি প্ৰদান কৰিব বুলি মই আশাবাদী। এই অতিকে গুৰুত্বপূৰ্ণ উপলক্ষত মোকো উপস্থিত থকাৰ সুবিধা প্ৰদান কৰাৰ বাবে মই ৰাষ্ট্ৰপতি পুটিনক কৃতজ্ঞতা জ্ঞাপন কৰিছো। ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ আগতেই ৰাষ্ট্ৰপতি পুটিনে মোক এই অধিৱেশনলৈ নিমন্ত্ৰণ জনাইছিল।নিৰ্বাচনত ১৩০কোটি ভাৰতীয়ই মোৰ প্ৰতি আস্থা প্ৰকাশ কৰিলে আৰু আপোনাৰ নিমন্ত্ৰণে যেন এই আস্থাক ছীল-মোহৰহে মাৰিলে! দুবছৰৰ আগতে ৰাষ্ট্ৰপতি পুটিনে মোক টছেইণ্ট পিটাৰ্ছবাৰ্গ ইকনমিক ফোৰামটৰ অধিৱেশনলৈও নিমন্ত্ৰণ জনাইছিল। এফালৰ পৰা চাবলৈ গ’লে, মই ইউৰোপৰ সীমান্তৰ পৰা প্ৰশান্ত মহাসাগৰৰ বাটচ’ৰা পৰ্যন্ত সমগ্ৰ ট্ৰেন্স ছাইবেৰিয়ান অঞ্চলৰ ভ্ৰমণকে সম্পূৰ্ণ কৰিলো। ব্লাডিভষ্ট্ক হ’ল ইউৰেছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সংগমস্থলী। বৰ্তমানৰ এই উদ্যোগে আৰ্কটিক আৰু উত্তৰ সাগৰীয় অঞ্চলৰ বাবে সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। ৰাছীয়াৰ তিনি-চতুৰ্থাংশ ভূমি এছীয়াৰ। পূবৰ অন্তিম-প্ৰান্তৰ এই অঞ্চলসমূহে এই মহান দেশখনৰ এছীয়-পৰিচিতিক আৰু অধিক প্ৰগাঢ় কৰি তুলিছে। ৬নিযুত জনসংখ্যা থকা এই অঞ্চলটোৰ আকাৰ ভাৰতৰ আকাৰৰ প্ৰায় দুগুণ। পিছে, এই সমগ্ৰ অঞ্চলটো প্ৰাকৃতিক গেছ, খনিজ তেল আৰু অন্যান্য খনিজ সম্পদৰে অতিকে চহকী। অঞ্চলটোৰ অধিবাসীসকলে প্ৰচণ্ড পৰিশ্ৰম, সাহস আৰু উদ্ভাৱনী ক্ষমতাৰ সদ্ব্যৱহাৰৰ জৰিয়তে প্ৰকৃতিৰ প্ৰত্যাহ্বানসমূহক আতিক্ৰম কৰি আহিছে। কেৱল সেয়াই নহয়, ‘ফাৰ ইষ্ট’, ব্লাডিভষ্টকৰ এই বাসিন্দাসকলে কলা, সংস্কৃতি, বিজ্ঞান, সাহিত্য, ক্ৰীড়া, উদ্যোগ আৰু দুঃসাহসিক অভিযানৰ দৰে ক্ষেত্ৰসমূহত বিৰল সাফল্য অৰ্জন কৰি আহিছে। একে সময়তে তেওঁলোকে ৰাছীয়া আৰু ইয়াৰ বন্ধুমহলৰ বাবে বহু সময়ত সম্ভাৱনাও সৃষ্টি কৰি আহিছে। তেওঁলোকে সোণালী ভৱিষ্যতৰ প্ৰেক্ষাপট নিৰ্মাণৰ লক্ষ্যৰে তুষৰাবৃত ভূমিক পুষ্প-কাননলৈ ৰূপান্তৰিত কৰিছে। কালি মই ৰাষ্ট্ৰপতি পুটিনৰ সৈতে ‘ষ্ট্ৰীট অব দ্যা ফাৰ ইষ্ট’ শীৰ্ষক প্ৰদৰ্শনীখনলৈ গৈছিলো। তাত তেওঁলোকৰ মেধা আৰু পাৰদৰ্শীতাৰ বৈচিত্ৰ্য, প্ৰযুক্তিৰ বিকাশৰ বিপুল সম্ভানীয়তাকে প্ৰকট কৰি তুলিছে বুলি মই অনুভৱ কৰিছো।
বন্ধুসকল, ‘ফাৰ ইষ্ট’ৰ সৈতে ভাৰতৰ সম্পৰ্ক কেৱল আজিৰ নহয়, এই সম্পৰ্ক পুৰাতন। ব্লাডিভষ্টকত কন্চুলেট কাৰ্যালয় স্থাপন কৰা প্ৰথমখন দেশ আছিল ভাৰত। সেই সময়ত, আনকি তাৰো আগতেও ৰাছীয়া আৰু ভাৰতৰ মাজত গভীৰ সম্পৰ্ক বিৰাজ কৰি আছিল। ছোভিয়েট ৰাছীয়াৰ কালত যেতিয়া বিদেশী নাগৰিকৰ প্ৰৱেশ নিয়ন্ত্ৰিত কৰা হৈছিল, তেতিয়াও কিন্তু ব্লাডিভষ্টকৰ দুৱাৰ ভাৰতীয় নাগৰিকৰ বাবে মুকলি ৰখা হৈছিল। এই ব্লাডিভষ্টকৰ জৰিয়তেই বহু সংখ্যক প্ৰতিৰক্ষা আৰু বিকাশমূলক সামগ্ৰী ভাৰতলৈ বুলি প্ৰেৰিত হৈছিল। আজিৰ তাৰিখত আমাৰ এই সম্পৰ্কৰ ব়ৃক্ষজোপাৰ শিপা আৰু গভীৰলৈ ৰপ্ত হৈছে। দুয়োখন দেশৰ জনসাধাৰণৰ উন্নয়নৰ ক্ষেত্ৰত এই সম্পৰ্ক সুদৃঢ় ভেটী হিচাপে পৰিগণিত হৈছে। ভাৰতে এই অঞ্চলত বিশেষকৈ শক্তি খণ্ডৰ লগতে প্ৰাকৃতিক সম্পদ যেনে, হীৰা উদ্যোগত বিশেষ বিনিয়োগ কৰিছে। অঞ্চলটোত ভাৰতীয় বিনিয়োগৰ সাফল্যৰ উল্ল্যেখযোগ্য নিদৰ্শন হ’ল ‘শাখালিন তৈলক্ষেত্ৰ’।
বন্ধুসকল, ‘ফাৰ-ইষ্ট’ৰ সৈতে থকা ৰাষ্ট্ৰপতি পুটিনৰ ঘনিষ্ঠতা আৰু অঞ্চলটোৰ প্ৰতি থকা তেওঁৰ দৃষ্টিভংগীয়ে কেৱল অঞ্চলটোৰ ৰাইজৰে নহয়, ভাৰতৰ দৰে অংশীদাৰ ৰাষ্ট্ৰৰ বাবেও সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। ‘ফাৰ-ইষ্ট’ অঞ্চলৰ বিকাশক তেওঁ ইতিমধ্যে ২১শতিকাৰ ৰাষ্ট্ৰীয় নীতি হিচাপে ঘোষণা কৰিছে। তেওঁৰ এই কল্যাণকামী প্ৰয়াসৰ জৰিয়তে জীৱনৰ সকলো দিশ, সেয়া লাগিলে অৰ্থনীতি কিম্বা শিক্ষা, স্বাস্থ্য বা ক্ৰীড়া, সংস্কৃতি বা যোগাযোগ ব্যৱস্থা,বাণিজ্য অথবা পৰম্পৰা যিয়েই নহওক কিয়, সকলোকে উজ্জীৱিতকৰণৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। এফালে তেওঁ বিনিয়োগৰ পথ মুকলি কৰিছে আৰু আনফালে সামাজিক খণ্ডৰ বিকাশৰ বাবে সমান গুৰুত্ব প্ৰদান কৰিছে। বাস্তৱিকতেই মই তেওঁৰ এই দৃষ্টিভংগীৰ প্ৰতি আকৰ্ষিত হৈছো আৰু ইয়াত সেয়ে মোৰ মনোভাৱ প্ৰকট কৰিছো। মই মোৰ অভিজ্ঞতাৰ পৰা ন-দি ক’ব পাৰো যে ‘ফাৰ-ইষ্ট’ আৰু ব্লাডিভষ্টকৰ ধাৰাবাহিক আৰু সৰ্বাত্মক বিকাশ সুনিশ্চিত কৰিবলৈ ৰাষ্ট্ৰপতি পুটিনে লোৱা এই প্ৰয়াসে সফলতাৰ মুখ দেখিবই, কিয়নো, তেওঁৰ এই প্ৰয়াস নিতান্তই বাস্তৱ সন্মত আৰু ইয়াৰ নেপথ্যত এই অঞ্চলৰ মহা মূল্যবান সম্পদ আৰু জনতাৰ মেধা আৰু পাৰদৰ্শীতাৰ সহযোগ বিজড়িত হৈ আছে। তেওঁৰ দৃষ্টিভংগীয়ে সামগ্ৰীক ভাৱে এইটো অঞ্চল আৰু ইয়াৰ জন-সাধাৰণৰ প্ৰতি থকা তেওঁৰ মৰম আৰু শ্ৰদ্ধাৰ কথা প্ৰতিবিম্বিত কৰিছে। ভাৰততো আমি ‘সকলোৰে সৈতে সকলোৰে বিকাশ’ৰ মন্ত্ৰ আওৰাই এখন নতুন ভাৰত গঢ়াৰ ব্ৰতত ব্ৰতী হৈছো। ২০২৪চনৰ ভিতৰত ভাৰতক ৫ত্ৰিলিয়ন মাৰ্কিন ডলাৰ পৰিমাণৰ সামৰ্থবান অৰ্থনীতিৰ দেশ হিচাপে গঢ়ি তোলাৰ বাবে আমি সংকল্পবদ্ধ হৈছো। নিৰন্তৰ বিকাশৰ দিশত আগবঢ়া ভাৰত আৰু ইয়াৰ দক্ষতাৰ সৈতে এইটো অঞ্চলে হাতত হাত মিলাই আগবাঢ়িলে ‘এক+এক=এঘাৰ’ হোৱাৰ দৰে বিৰল সুযোগ লাভৰ পূৰ্ণ সম্ভাৱনা আছে।
বন্ধুসকল, এই কথাৰে উদ্বুদ্ধ হৈয়ে আমি অভূতপূৰ্ব প্ৰস্তুতিৰে ‘ইষ্টাৰ্ণ ইকনমিক ফোৰাম’ৰ এই অধিৱেশনত অংশ গ্ৰহণ কৰিছোহি। বহুকেইজন মন্ত্ৰী, চাৰিজন মুখ্যমন্ত্ৰী আৰু বাণিজ্যক্ষেত্ৰৰ প্ৰায় ১৫০গৰাকী নেতৃস্থানীয় ব্যক্তিও ইয়ালৈ আহিছে। তেওঁলোকে ৰাষ্ট্ৰপতিৰ ‘ফাৰ-ইষ্ট’ অঞ্চলৰ বিশেষ প্ৰতিনিধি, অঞ্চলটোৰ ১১জন গৱৰ্ণৰ আৰু বাণিজ্যক্ষেত্ৰৰ নেতৃবৃন্দক সাক্ষাত কৰিছে। ৰাছীয়াৰ বহুকেইগৰাকী মন্ত্ৰী আৰু ‘ফাৰ-ইষ্ট’ৰ বাণিজ্যক্ষেত্ৰ বহুকেইগৰাকী দ্বিগগজে ইতিমধ্যে ভাৰত ভ্ৰমণ কৰিছে। মই জনাবলৈ পায় সুখী হৈছো যে, এই প্ৰতিটো প্ৰয়াসে এই পৰ্যন্ত আশাব্যঞ্জক বাৰ্তাই বহণ কৰিছে। শক্তিৰ পৰা স্বাস্থ্য, শিক্ষাৰ পৰা দক্ষতা বিকাশ, খনিজৰ পৰা কাঠ শিল্পলৈ এনে বহুকেইটা ক্ষেত্ৰত এই পৰ্যন্ত ৫০খন বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছে। ইয়াৰ জৰিয়তে বহু বিলিয়ন ডলাৰ পৰিমান অৰ্থনৈতিক বিনিয়োগ সম্ভৱ হ’ব বুলি আশা কৰা হৈছে।
বন্ধুসকল, ‘ফাৰ-ইষ্ট’ৰ বিকাশক আৰু অধিক গতি প্ৰদানৰ লক্ষ্যৰে ভাৰতে অঞ্চলটোলৈ ১বিলিয়ন ডলাৰৰ ‘লাইন অব ক্ৰেডিত’-ৰ সুবিধা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কোনো এখন দেশৰ বিশেষ এটা অঞ্চলৰ বাবে ‘লাইন অব ক্ৰেডিত’ৰ ব্যৱস্থা এই প্ৰথম বাৰৰ বাবে আমি কৰিছো। মোৰ চৰকাৰৰ ‘এক্ট ইষ্ট নীতি’ৰ আধাৰত আমি পূব এছীয়াত সক্ৰীয়তাৰে জড়িত হৈ আছো। আজিৰ ঘোষণাৰ জৰিয়তে ‘এক্ট ফাৰ–ইষ্ট নীতি’-ৰো শুভাৰম্ভ হ’ব আৰু মই ভাবো ইয়ে আমাৰ মাজৰ অৰ্থনৈতিক কূটনীতিকো এক নতুন মাত্ৰা প্ৰদান কৰিব। আৰু বন্ধু ৰাষ্ট্ৰসমূহৰ প্ৰয়োজনীয়তা অনুসৰি সংশ্লিষ্ট অঞ্চলসমূহৰ উন্নয়নৰ যাত্ৰাত আমি সক্ৰিয়তাৰে আংশগ্ৰহণ কৰিম।
বন্ধুসকল, ভাৰতীয় সভ্যতাৰপৌৰাণিক প্ৰমূল্যই আমাক এই শিকনি প্ৰদান কৰিছে যে আমাক যিমানখিনিৰ প্ৰয়োজন আমি সিমানখিনিকেহে প্ৰকৃতিৰ পৰা ল’ম। আমি প্ৰাকৃতিক সম্পদৰ উত্তৰণক বিশ্বাস কৰো। প্ৰকৃতিৰ সৈতে সহস্ৰ শতিকা জোৰা সহবাস হৈছে আমাৰ অৱস্থিতি আৰু বিকাশৰ অভিন্ন অংগ। বন্ধুসকল, প্ৰবাসী ভাৰতীয়সকলে বসবাস কৰা দেশসমূহৰ নেতাসকলক মই যেতিয়াই লগ পাও, তেওঁলোকে প্ৰায়েই ভাৰতীয়সকলৰ কঠোৰ শ্ৰমৰ মানসিকতা, সততা, নিয়মানুৱৰ্তীতা আৰু আনুগত্যক প্ৰশংসা কৰা শুনিছো। পৃথিৱী জুৰি ভাৰতীয় ব্যৱসায়ীসকলে বিভিন্ন ক্ষেত্ৰ বিকাশৰ লগতে সম্পদ সৃষ্টিতো অৰিহণা আগবঢ়াই আহিছে। ভাৰতীয়সকলৰ লগতে আমাৰ কোম্পানীসমূহে সদায়ে সংশ্লিষ্ট দেশসমূহৰ স্থানীয় আবেগ-অনুভূতি তথা সংস্কৃতিক সন্মান জনাই আহিছে। ভাৰতীয়সকলৰ অৰ্থ, শ্ৰম, দক্ষতা, আৰু পেচাদাৰিত্বই ‘ফাৰ-ইষ্ট’ অঞ্চলৰ বিকাশৰ নিৰলস গতিক নতুন মাত্ৰা প্ৰদান কৰিব বুলি মই অতিকে আশাবাদী। ‘ইষ্টাৰ্ণ ইকনমিক ফোৰাম’ত ভাৰতে লাভ কৰা বিশেষ সাফল্যক পৰৱৰ্তী গতি দিয়াৰ বাবে মই এই অঞ্চলৰ ১১জন গৱৰ্ণৰক ভাৰতলৈ আমন্ত্ৰণ জনাইছো।
বন্ধুসকল, মই আৰু ৰাষ্ট্ৰপতি পুটিনে ভাৰত আৰু ৰাছীয়াৰ মাজৰ সম্পৰ্ক আৰু অধিক প্ৰগাঢ় কৰাৰ বাবে অভিলাসী লক্ষ্য নিৰ্দ্ধাৰণ কৰিছো। আমি আমাৰ সম্পৰ্কক নতুন মাত্ৰা দিবলৈ নতুন বিষয়-বস্তুকো সন্নিৱিষ্ট কৰাৰ লগতে বৈচিত্ৰ্যতা অনাৰ প্ৰয়াস কৰিছো। ইয়াৰ বাবে চৰকাৰী খণ্ডৰ লগতে ব্যক্তিগতখণ্ডৰ মাজতো সহযোগিতা স্থাপনত গুৰুত্ব দিয়া হৈছে। আমাৰ সম্পৰ্ক কেৱল দেশৰ ৰাজধানীতে সীমাবদ্ধ কৰি নাৰাখি ইয়াৰ প্ৰসাৰ ৰাজ্য আৰু অঞ্চলসমূহলৈকো বিস্তাৰিত কৰাৰ বাবে আমি পদক্ষেপ গ্ৰহণ কৰিব খুজিছো। ‘স্পেচিয়েল এণ্ড প্ৰিভিলেজড ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ’-ৰ আধাৰত আমি সকলো ক্ষেত্ৰলৈ আমাৰ সহযোগিতা সম্প্ৰসাৰিত কৰিব খুজিছো। আমি একত্ৰিত ভাবে আগবাঢ়িব পাৰিলে মহাকাশৰ দূৰত্বও হেলাৰঙে অতিক্ৰম কৰাৰ লগতে সাগৰতলিৰ পৰাও সাফল্য আজুৰি আনিব পাৰিম।
বন্ধুসকল, ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ মাজত সহযোগিতা স্থাপনৰ এটা নতুন যুগত প্ৰৱেশ কৰাৰ বাবে আমি প্ৰায় সাজু হৈছো। যেতিয়াই ব্লাডিভষ্টক আৰু চেন্নাইৰ মাজত জাহাজ চলাচল আৰম্ভ হ’ব, যেতিয়াই ব্লাডিভষ্টক উত্তৰ-পূব এছীয়াৰ মাজৰ বাণিজ্যিক খণ্ডৰ যোগাযোগৰ মূল ঘাটিত পৰিণত হ’ব, তেতিয়াই ভাৰত-ৰাছীয়াৰ মাজৰ সম্পৰ্ক আৰু অধিক গাঢ় আৰু ফলে-ফুলে জাতিষ্কাৰ হৈ উঠিব। আৰু তেতিয়াই ‘ফাৰ-ইষ্ট’ অঞ্চল এফালে ইউৰেছীয়ান ইউনিয়ন আৰু আনফালে মুক্ত আৰু সৰ্বাত্মক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ মাজৰ সমন্বয়ৰ সেঁতু হিচাপে চিহ্নিত হ’ব। অঞ্চলটোত আমাৰ সম্পৰ্ক এক নীতি-নিষ্ঠতা, সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি শ্ৰদ্ধাশীল আৰু এখন দেশৰ আভ্যন্তৰীণ পৰিক্ৰমাৰ পৰা বিৰত থকাৰ নীতিত অটল এক বুনিয়াদ হিচাপে পৰিগণিত হ’ব।
বন্ধুসকল, প্ৰখ্যাত দাৰ্শনিক লিও টলষ্টয় ভাৰতৰ বেদৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হৈছিল। তেওঁ বেদৰ এষাৰ বাণীক আজীৱন সাৰোগত কৰিছিল, সেয়া হৈছে—‘একম সত বিপ্ৰঃবহুধা ৱদন্তি’। তেওঁ এইষাৰ বাণীক এনেদৰে প্ৰকাশ কৰিছিল—‘সকলো এজনতে আছে, মানুহেহে কেৱল সেই এজনক বিভিন্ন নামৰে মাতে’। এইবছৰ মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জয়ন্তী উদ্যাপন কৰা হ’ব। টলষ্টয় আৰু গান্ধী পৰস্পৰে পৰস্পৰক বাৰুকৈয়ে প্ৰভাৱিত কৰাছিল। তেওঁলোকৰ অনুপ্ৰেৰণাৰে আমিও ভাৰত-ৰাছীয়াৰ মাজৰ সম্পৰ্কক আৰু অধিক প্ৰগাঢ় কৰো আহকচোন। আমাৰ মাজত থকা আৰু এটা সাংস্কৃতিক সামঞ্জস্য মই লক্ষ্য কৰিছো। মোৰ গৃহ ৰাজ্য গুজৰাটত আমি আলহীক কেতিয়াও যোৱাগৈ বুলি বিদায় নিদিও। ইয়াৰ পৰিৱৰ্তে আমি বিদায়ৰ মুহূৰ্তত আলহীক ‘আৱাজো’ বুলি কও। ইয়াৰ অৰ্থ হ’ল—‘অচিৰেই উভতি আহিবা’। ইয়তো আপোনালোকে ‘দাছভিডানিয়া’ বুলি সেইষাৰ বাক্যকে কয়। সেয়েহে ময়ো এই মুহূৰ্তত আপোনালোক আটাইকে ‘আৱাজো’ অথবা ‘দাছভিডানিয়া’ বুলি ক’ব খুজিছো।
বহুত বহুত ধন্যবাদ। ‘স্পাছিবো বলছয়’!
***
KB
Honoured to be addressing the Eastern Economic Forum. Watch. https://t.co/B2Y01C8rmV
— Narendra Modi (@narendramodi) September 5, 2019
Honoured to have been the Chief Guest at @en_forumvostok. Happy to have got the opportunity to interact with fellow world leaders.
— Narendra Modi (@narendramodi) September 5, 2019
EEF is an example of President Putin’s stupendous efforts to further develop the Far Eastern Region and India will support him in this endeavour. pic.twitter.com/d59jcsKVcr
Russia’s Far East deepens the bond between Russia and Asia.
— Narendra Modi (@narendramodi) September 5, 2019
This is a region known for courageous and talented people.
India looks forward to boosting cooperation with Russia’s Far East. pic.twitter.com/N26SU8s7r3
India is proud to be an active participant in the Eastern Economic Forum. High level delegations from India have come to this prestigious Forum.
— Narendra Modi (@narendramodi) September 5, 2019
We look forward to stronger India-Russia cooperation in areas like healthcare, education, skill development and more sectors. pic.twitter.com/EZkA0iFAI7
In addition to ‘Act East’, India embarks on ‘Act Far East’ and a humble beginning has been made today. Know more... pic.twitter.com/OUvZxqrXzR
— Narendra Modi (@narendramodi) September 5, 2019