Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জন্মবাৰ্ষিকীত জয়প্ৰকাশ নাৰায়ণলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ জন্মবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

মহান ৰাষ্ট্ৰনেতা গৰাকীলৈ শ্ৰদ্ধা অৰ্পন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “দেশৰ প্ৰকৃত সন্তান লোকনায়ক জয়প্ৰকাশ নাৰায়ণলৈ মই মোৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো। দেশৰ স্বাধীনতা সংগ্ৰাম কালত তেওঁ দেশৰ প্ৰতি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল আৰু স্বাধীনোত্তৰ কালতো জয় প্ৰকাশ নাৰায়ণ ডাঙৰীয়াই দেশৰ গণতন্ত্ৰ ৰক্ষাৰ ক্ষেত্ৰত অতুলনীয় বৰঙণি আগবঢ়াই গৈছে। তেওঁৰ ত্যাগ আৰু নিষ্ঠা যুগে যুগে স্মৰণীয় হৈ ৰ’ব।”

https://twitter.com/narendramodi/status/1182484178748747776?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1182484178748747776&ref_url=http%3A%2F%2Fpibarchive.nic.in%2Fnewsite%2FPrintRelease.aspx%3Frelid%3D193725