Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ষ্টেছু অৱ ইউনিটী নিৰ্মাণৰ বাবে প্ৰধানমন্ত্ৰীক প্ৰশংসা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী এইচ. ডি. দেৱেগৌড়াৰ


প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী এইচ. ডি. দেৱেগৌড়াই গুজৰাটত চৰ্দাৰ বল্লভ ভাই পেটেলৰ বিশ্বৰ সৰ্বোচ্চ মূৰ্তি নিৰ্মাণৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰিছে৷ তেওঁ লগতে আহমেদাবাদ বিমানবন্দৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে নামকৰণ কৰা আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ গৃহ চহৰ গুজৰাটৰ নাডিয়াদত ইতিপূৰ্বেই তেওঁৰ স্মৃতিসৌধ নিৰ্মাণ কৰাৰ কথা দোঁহাৰে৷ ইয়াৰ পাছতে ভাৰতৰ লৌহ পুৰুষগৰাকীৰ বিশ্বৰ সৰ্বোচ্চ মূৰ্তি নিৰ্মাণ কৰাটো যুক্তিসংগত হৈছে বুলি কয়৷ তেওঁ লগতে উল্লেখ কৰে যে এইটো অতি আকৰ্ষণীয় আৰু থলুৱাভাৱে নিৰ্মাণ কৰাৰ বাবে বিশ্বৰ বিভিন্ন স্থানৰ পৰা লোকসকলে ‘ষ্টেছু অৱ ইউনিটী’ৰ লগতে ‘চৰ্দাৰ সৰোবৰ বান্ধ’ৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহিছে৷ প্ৰাক্তন প্ৰধানমমন্ত্ৰী শ্ৰী এইচ. ডি. দেৱেগৌড়াই ষ্টেছু অৱ ইউনিটী পৰিদৰ্শন কৰাৰ পাছতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰিছিল৷

VRRK/AK/DB