Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জম্মু আৰু কাশ্মীৰৰ সীমান্তত তেওঁৰ নিৰ্ভীক ‘পৰিয়াল’ৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্রীৰ


প্ৰথমটো কাৰ্যকালৰ পৰম্পৰা বজাই ৰাখি আজি প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত নিয়ন্ত্ৰণ ৰেখাত কর্মৰত সেনাবাহিনীৰ জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰে৷

এই উপলক্ষে প্ৰধানমন্ত্রীয়ে ৰাজৌৰীৰ ‘হল অফ ফেম’ পৰিদর্শন কৰে৷ তেওঁ তাত ৰাজৌৰী আৰু পুঞ্চ ছেক্টৰৰ সুৰক্ষাত যিসকল সাহসী সৈনিক তথা নাগৰিকে প্রাণ বিসৰ্জন দিছে, তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে৷ তেওঁ ‘হল অফ ফেম’ক ‘পৰাক্ৰম ভূমি, প্রেৰণা ভূমি, পাৱান ভূমি’বুলি আখ্যা দিয়ে৷

প্ৰধানমন্ত্রীয়ে ইয়াৰ পাছতে ভাৰতীয় বায়ুসেনাৰ বিমান যোদ্ধাসকলৰ সৈতে পাঠানকোট বিমানবন্দৰত মিলিত হয়৷

সেনা জোৱানসকলক উদ্দেশ্যি আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্রীয়ে কয় যে প্ৰত্যেকেই বহুদূৰত গৈ তেওঁলোকৰ পৰিয়ালৰ সৈতে দীপাৱলী উদযাপন কৰিব বিচাৰে৷ তেওঁলোকৰ দৰে তেঁৱো তেওঁৰ পৰিয়ালৰ সদস্য-সেনাবাহিনীৰ সাহসী জোৱানসকলৰ সৈতে এই উৎসৱ উদযাপনৰ বাবে ইয়ালৈ আহিছে৷

প্ৰধানমন্ত্রীয়ে ১৯৪৭ চনৰ ২৭ অক্টোবৰত সেনাবাহিনীৰ সদস্যসকলৰ মহান আত্মবলিদানৰ কথা স্মৰণ কৰে৷ এই দিনটোক পদাতিক দিৱস হিচাপে পালন কৰা হয়৷ ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ সাহসিকতাৰ প্ৰশংসা কৰি তেওঁ কয় যে তেওঁলোকৰ বাবেই কেন্দ্রীয় চৰকাৰে এতিয়া বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰিছে, যি এটা সময়ত অসম্ভৱ বুলি ভৱা হৈছিল৷ তেওঁ ৰাষ্ট্ৰীয় নিৰাপত্তা ক্ষেত্ৰত সেনাবাহিনীৰ সাহসিকতাৰ কথা উল্লেখ কৰে৷ দেশবাসীৰ হৈ তেওঁ সেনাবাহিনীৰ সদস্যসকলৰ জাতিৰ প্ৰতি এই সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷

প্ৰধানমন্ত্রীয়ে কয় যে তেওঁলোকৰ অৱদানৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে চৰকাৰে ৰাজধানী দিল্লীত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক নিৰ্মাণ কৰিছে। এই যুদ্ধ স্মাৰকত দর্শকৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত সেনাবাহিনীৰ প্ৰতি জনগণৰ শ্ৰদ্ধাৰ মনোভাৱ প্ৰতিফলিত হৈছে৷

প্ৰধানমন্ত্রীয়ে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীক আৰু অধিক শক্তিশালী কৰি তোলাৰ লগতে ইয়াৰ আধুনিকীকৰণৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথাও উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে সৈনিকসকলৰ কল্যাণাৰ্থে বিভিন্ন পদক্ষেপ গ্ৰহণৰ প্ৰতি চৰকাৰ দায়বদ্ধ বুলি কয়৷

*******

VRRK/SH/DB