পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে নবীকৰণযোগ্য শক্তি ক্ষেত্ৰত ভাৰত আৰু গুয়ানাৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰৰ বাবে যাৱতীয় অনুমোদন জনাইছে।
উদ্দেশ্য –
এই বুজাবুজি চুক্তি সম্পন্ন কৰাৰ উদ্দেশ্যসমূহ এনেধৰণৰ –
i. সহযোগী সংস্থাগত সম্পৰ্কৰ বাবে ভেটি স্থাপন
ii. দুয়ো পক্ষৰে মাজত পাৰস্পৰিক হিতসাধন, সমানতা আৰু পাৰস্পৰিকতাৰ আদাৰত নবীকৰণযোগ্য শক্তি ক্ষেত্ৰত দ্বিপাক্ষিক প্ৰযুক্তি সহযোগিতাক উৎসাহিত কৰা
iii. সহযোগিতাৰ ক্ষেত্ৰত সৌৰশক্তি, বায়ু শক্তি, জৈৱ শক্তি, আৱৰ্জনাৰ পৰা উৎপাদিত শক্তি, ক্ষুদ্ৰ হাইড্ৰ’ প্ৰকল্পৰ পৰা উৎপাদিত শক্তি আৰু ক্ষমতা সৃষ্টি কৰা।
এই বুজাবুজি চুক্তিয়ে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত সহায় কৰিব।
*****
VRRK/SC/SH/RD