পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত দূৰসংযোগ সেৱা খণ্ডই সন্মুখীন হোৱা সমস্যাৱলী হ্ৰাস কৰাৰ বাবে নিম্নোলিখিত ধৰণে পদক্ষেপ গ্ৰহণৰ প্ৰস্তাৱত অনুমোদন জনায়ঃ
কেবিনেটৰ এই সিদ্ধান্তৰ ফলত কেন্দ্রীয় দূৰসংযোগ বিভাগে টেলিকম সেৱা প্ৰদানকাৰী(টিএছপি) প্ৰতিষ্ঠানসমূহক স্পেকট্রাম নিলাম বাবদ বকেয়া ধন প্ৰদান কৰিবলৈ পূৰ্বতে ধাৰ্য কৰা ২০২০–২১ আৰু ২০২১–২২ৰ বিপৰীতে নগদ কিস্তিৰ জৰিয়তে দুবছৰ সময় বৃদ্ধি কৰা হ’ব। সময়সীমা বৃদ্ধিৰ এই সিদ্ধান্ত অনুসৰি টেলিকম সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহে পূৰ্বৰ দৰেই কিস্তিৰ জৰিয়তে বকেয়া ধন প্ৰদান কৰিব পাৰিব৷ অৱশ্যে স্পেকট্রাম বিতৰণৰ সময়ত ধাৰ্য কৰা সুদৰ হাৰ অপৰিৱর্তিত আছে৷
স্পেকট্রাম নিলামৰ বাবদ বকেয়া ধন প্ৰদানৰ ক্ষেত্রত কেবিনেটৰ সময়সীমা বৃদ্ধিৰ সিদ্ধান্তৰ ফলত টেলিকম সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহৰ ওপৰ আর্থিক বোজা কিছু পৰিমাণে লাঘৱ হ’ব আৰু বেংকৰ পৰা ঋণ লৈ বকেয়া ধন প্ৰদান কৰিব পাৰিব৷ একেদৰে, দূৰসংযোগ প্ৰতিষ্ঠানসমূহৰ সেৱা অব্যাহত ৰখাটো সম্ভৱ হ’ব তথা কর্মসংস্থাপনৰ লগতে আর্থিক বিকাশো ত্বৰান্বিত হ’ব। আনহাতে, প্ৰতিষ্ঠাসমূহ আর্থিক দিশত যিমান উন্নত হ’ব, সিমানেই গ্রাহকসকলেও গুণগত মানৰ সেৱা লাভ কৰিব।
স্পেকট্রাম বিতৰণৰ বাবদ বকেয়া ধন কিস্তি হিচাপত প্ৰদানৰ সময়সীমা দুবছৰ বৃদ্ধিৰ সিদ্ধান্ত এপষেকৰ ভিতৰতে কার্যকৰী হ’ব৷ যোগাযোগ মন্ত্ৰীৰ অনুমোদন ক্ৰমে ব্যাপক হাৰত অনুজ্ঞাপত্ৰ সংশোধনীৰ কাম জাৰি কৰা হ’ব৷
***
VRRK/SC/SH/DB