Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত-জাপান বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সন্মিলনৰ উদ্বোধনী বৈঠক সম্পন্ন


ভাৰত আৰু জাপানৰ বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰালয় পৰ্যায়ৰ আলোচনা(২+২)ৰ উদ্বোধনী বৈঠকখন আজি ইয়াত অনু্ষ্ঠিত হয়৷ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী শ্ৰীমান শ্বিনঝো আবেৰ সিদ্ধান্ত অনুসৰি এই বৈঠকৰ আয়োজন কৰা হৈছে৷ ২০১৮ৰ অক্টোবৰত জাপানত অনুষ্ঠিত ত্ৰয়োদশ ভাৰত-জাপান বাৰ্ষিক সন্মিলনৰ সময়ছোৱাত দুই দেশৰ প্ৰধানমন্ত্ৰীয়ে দ্বিপাক্ষিক সুৰক্ষা আৰু প্ৰতিৰক্ষা সহযোগিতা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰালয় পৰ্যায়ৰ আলোচনা আয়োজনৰ সিদ্ধান্ত লৈছিল৷

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ.জয়শংকৰে বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰে৷
২+২ বৈঠকৰ জৰিয়তে দুয়ো পক্ষই প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ দিশত অব্যাহত থকা পৰিস্থিতি পৰ্যবেক্ষণৰ সুযোগ লাভ কৰিছে৷ ইয়াৰ ফলত ‘ভাৰত-জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্ব’ৰ গভীৰতাও বৃদ্ধি পাব৷

দুয়ো পক্ষই লগতে ভাৰত-জাপানৰ জনসাধাৰণৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শান্তি, সমৃদ্ধি আৰু প্ৰগতি নিশ্চিত কৰাৰ দিশত নিজৰ নিজৰ অভিমত আৰু দৃষ্টিভংগী দাঙি ধৰে৷

********

VRRK/AK/MS