পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউৰোপিয়ান আয়োগৰ অধ্যক্ষ শ্ৰীমতী উৰছুলা ভন ডাৰ লেয়েনৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে৷
প্ৰধানমন্ত্ৰীয়ে শ্ৰীমতী উৰছুলা ভন ডাৰ লেয়েনক ইউৰোপিয়ান আয়োগৰ অধ্যক্ষ পদৰ দায়িত্বত অধিষ্ঠিত হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁলোকে কাৰ্যকালৰ আৰম্ভণিতে যোগসুত্ৰ স্থাপন কৰিবলৈ সক্ষম হোৱাক লৈ আনন্দ প্ৰকাশ কৰে৷ প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁৰ নেতৃত্বই আয়োগৰ বাবে বিশেষ গুৰুত্ব লাভ কৰিছে, কিয়নো তেওঁ হৈছে প্ৰথমগৰাকী মহিলা অধ্যক্ষ৷
প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে গণতন্ত্ৰ, আইনৰ প্ৰতি সন্মান, বহুপাক্ষিকতা, নিয়মভিত্তিক বাণিজ্য আৰু নিয়মভিত্তিক আন্তঃৰাষ্ট্ৰীয় সীমা ইত্যাদি দিশবোৰৰ ক্ষেত্ৰত থকা সাদৃশ্যই হৈছে ভাৰত-ইউৰোপীয়ান সংঘৰ সহযোগিতাৰ মুল ভেঁটি৷ তেওঁ লগতে জলবায়ু পৰিৱৰ্তন, যোগাযোগ, নবীকৰণযোগ্য শক্তি, সামুদ্ৰিক নিৰাপত্তা, কট্টৰপন্থী আৰু সন্ত্ৰাসবাদৰে মোকাবিলা ইত্যাদি দিশবোৰ চিনাক্ত কৰি অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰশংসা কৰে৷ ভাৰত-ইউৰোপিয়ান সংঘৰ সহযোগিতা সুদৃঢ় কৰাৰ দিশত একেলগে কাম কৰিবলৈও আগ্ৰহ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে৷
শ্ৰীমতী উৰছুলা ভন ডাৰ লেয়েনে প্ৰধানমন্ত্ৰীক পৰৱৰ্তী ভাৰত-ইউৰোপিয়ান সন্মিলনৰ বাবে ব্ৰুছেলছলৈ আমন্ত্ৰণ জনায়৷ প্ৰধানমন্ত্ৰী মোদীয়ে কৃতজ্ঞতাৰে এই নিমন্ত্ৰণ গ্ৰহণ কৰে৷
*****
VRRK/SH/DB