Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সংসদৰ আগন্তুক বাজেট অধিবেশনত সকলো সমস্যা আলোচনাৰ বাবে চৰকাৰ আগ্ৰহী। – প্ৰধানমন্ত্ৰী 


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে সংসদৰ অনাগত বাজেট অধিৱেশনত সকলোধৰণৰ সমস্যাৰে বিশদ আলোচনাৰ বাবে চৰকাৰ আগ্ৰহী। ৩১ জানুৱাৰী, ২০২০ তাৰিখৰ পৰা আৰম্ভ হ’বলগীয়া বাজেট অধিৱেশন সংক্ৰান্তত আজি অনুষ্ঠিত সৰ্বদলীয় এক বৈঠক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এই দৰে মন্তব্য কৰে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সামৰণি ভাষণত সংসদৰ অধিকাংশ সদস্যৰে পৰামৰ্শক আদৰণি জনাই কয় যে দেশত সৃষ্টি হোৱা অৰ্থনৈতিক পৰিস্থিতিৰ ওপৰত আমি সকলোৱে গুৰুত্ব আৰোপ কৰা উচিত।

তেওঁ লগতে কয়, “অধিকাংশ সদস্যই দেশত সৃষ্টি হোৱা অৰ্থনৈতিক পৰিস্থিতিৰ ওফৰত আলোচনাৰ বিষয়ে উল্লেখ কৰিছে। মই এই পৰামৰ্শ তথা বিষয়টোক আদৰণি জনাইছো আৰু আপোনালোক সকলোৱে আগবঢ়োৱা পৰামৰ্শ অনুসৰি আমি দেশৰ অৰ্থনৈতিক সমস্যাবোৰৰ ওপৰত আলোচনাৰ প্ৰয়োজনীয়তা আছে।”

সমগ্ৰ বিশ্বতে উদ্ভৱ হোৱা অৰ্থনৈতিক প্ৰেক্ষাপটৰ পৰা দেশে কেনেদৰে লাভৱান্বিত হ’ব পাৰে সেই সন্দৰ্ভত বিচাৰ কৰিবলৈও সাংসদসকলক আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে।

তেওঁ কয়, “বিশ্বৰ সাম্প্ৰতিক পৰিস্থিতিক কেনেদৰে আমি ভাৰতৰ হিতাৰ্থে ব্যৱহাৰ কৰিব পাৰো তাৰ বাবে আমি গুৰুত্ব প্ৰদান কৰা উচিত।”

তেওঁ লগতে কয়, “আৰু এই বাজেট অধিবেশনত, আৰু নৱবৰ্ষৰ প্ৰাকক্ষণতেই আমি যদিহে দেশৰ অৰ্থনীতিক এক সঠিক দিশ প্ৰদান কৰিব পাৰো, তেন্তে ই ”ব দেশৰ বাবে শ্ৰেষ্ঠতম লাভালাভৰ বিষয়।”

ইফালে একাংশ সাংসদে উত্থাপন কৰা আন আন সমস্যা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়, “আপোনালোকে উত্থাপন কৰা অন্যান্য গুৰুত্বপূৰ্ণ সমস্যা সন্দৰ্ভত মই একমত। আৰু লগতে মই ক’বলৈ বিচাৰো যে এইবাৰৰ বাজেট অধিবেশনত এনেধৰণৰ সকলো সমস্যাৰে মুকলি আলোচনা হ’ব লাগে।”

ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে বাজেট অধিবেশনৰ লগতে সংসদৰ গঠনমূলক দিশবোৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত সাংসদসকলে কেনেধৰণে অৰিহণা যোগাব পাৰে তাক লৈও চিন্তা-চৰ্চা কৰাৰ বাবে আহ্বান জনায় সাংসদসকলক।

বিগত দুখন অধিৱেশনৰ কথা উদাহৰণস্বৰূপে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “এয়া হৈছে অধিবেশন আৰু সংসদৰ গঠনমূলক দৃষ্টিভঙ্গী। বিগত দুখনকৈ অধিবেশনত আমি দেখিবলৈ পাইছিলো যথেষ্ট গঠনমূলক দিশ দেখিবলৈ পাইছিলো আৰু ইয়াৰ প্ৰতি ৰাইজৰ ব্যাপক সঁহাৰি দেখিবলৈ পাইছিলো। জনতাৰ প্ৰতিনিধি হিচাপে সংসদৰ গঠনমূলক দিশবোৰ বৃদ্ধি কৰাটো আমাৰ সকলোৰে দায়িত্ব, আৰু ইয়াতেই আমি সকলোবোৰ সমস্যা মুক্তমনে, মুক্ত চিন্তাৰে আলোচনাও কৰিম।”

উল্লেখ্য যে এই বৈঠকত সকলো দলৰে সাংসদসকলৰ উপৰিও প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশী, ৰাজ্যিক সংসদীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু শ্ৰী ভি মুৰলীধৰণো উপস্থিত থাকে।

 

**********

VRRK/AKP/RD