Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জম্মু-কাশ্মীৰ পুর্নগঠন আইন, ২০১৯ৰ ধাৰা ৯৬ অনুসৰি জম্মু-কাশ্মীৰ কেন্দ্রশাসিত অঞ্চলত কেন্দ্রীয় আইন প্রয়োগৰ নির্দেশলৈ কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আয়োজিত কেন্দ্ৰীয় কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠকত কেন্দ্ৰ চৰকাৰৰ দ্বাৰা জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন আইন ২০১৯ ৰ ধাৰা ৯৬ৰ অধীনত কেন্দ্ৰ শাসিক অঞ্চল জম্মু-কাশ্মীৰত কেন্দ্ৰীয় আইন প্ৰয়োগৰ নিৰ্দেশ জাৰিৰ বাবে যাৱতীয় অনুমোদন প্ৰদান কৰে।

জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন আইন ২০১৯ কাৰ্যকৰী হোৱাৰ পিছত তৎকালীনভাৱে জম্মু আৰু কাশ্মীৰক ২০১৯ চনৰ ৩১ অক্টোবৰ তাৰিখৰ পৰা কেন্দ্ৰীয় শাসিত প্ৰদেশ জম্মু-কাশ্মীৰ আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশ লাডাখ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে।

৩১ অক্টোবৰ, ২০১৯ ৰ পূৰ্বে জম্মু-কাশ্মীৰ ৰাজ্যৰ বাহিৰে দেশৰ সকলো ৰাজ্যতে কেন্দ্ৰীয় আইন পূৰ্ণ পৰ্যায়ত প্ৰযোজ্য হৈছিল, কিন্তু ২০১৯ চনৰ ৩১ অক্টোবৰ তাৰিখৰ পৰা কেন্দ্ৰীয় শাসিত প্ৰদেশ জম্মু-কাশ্মীৰতো এই কেন্দ্ৰীয় আইন প্ৰযোজ্য হয়। কেন্দ্ৰীয় শাসিত প্ৰদেশ জম্মু-কাশ্মীৰৰ সন্দৰ্ভত প্ৰশাসনিক প্ৰভাৱশীলতা আৰু সাৱলীল পৰিৱৰ্তন সুনিশ্চিত কৰিবৰ বাবে প্ৰয়োজনীয় সালসলনি আৰু সংশোধনৰ সৈতে সমৰূপী সূচীৰ সাপেক্ষে প্ৰস্তুত কৰা কেন্দ্ৰীয় আইন গ্ৰহণ কৰাটো আৱশ্যকীয়, যাতে ভাৰতীয় সংবিধান অনুসৰি এই আইন ইয়াত প্ৰয়োজ্য কৰাত কোনোধৰণৰ অস্পষ্টতা আঁতৰ কৰিব পাৰি।

জম্মু-কাশ্মীৰ পুনৰ্গঠন আইন ২০১৯ৰ ধাৰা ৯৬ ৰ অন্তৰ্গত কেন্দ্ৰ চৰকাৰৰ হাতত এই আইনক আৱশ্যকতা অনুসৰি প্ৰয়োগ কৰা আৰু ইয়াৰ সংশোধন কৰাৰ অধিকাৰ আছে, এই আইন উত্তৰাধিকাৰী কেন্দ্ৰীয় শাসিক প্ৰদেশ সন্দৰ্ভত নিৰ্ধাৰিত তাৰিখৰ পৰা এবছৰৰ সময়সীমা পূৰ্ণ হ’লে যিকোনো আইন গ্ৰহণ কৰাৰ প্ৰক্ৰিয়া সুবিধাজনক কৰি তোলাৰ উদ্দেশ্যে অথবা আৱশ্যকতা বা ব্যৱহাৰিক প্ৰয়োজনীয়তা সাপেক্ষে সালসলনি বা সংশোধন কৰিব পৰা যায়।

ঠিক একে ধৰণেই কেন্দ্ৰীয় কেবিনেটে আজি অনুষ্ঠিত বৈঠকত জম্মু-কাশ্মীৰ পুনৰ্গঠন আইন ২০১৯ ৰ ধাৰা ৯৬ ৰ অধীনত থকা ক্ষমতাৱলীৰ প্ৰয়োগেৰে কেন্দ্ৰীয় শাসিত প্ৰদেশ জম্মু-কাশ্মীৰৰ বাবে এনেধৰণৰ ৩৭ খন কেন্দ্ৰীয় আইন গ্ৰহণ কৰা আৰু সেইবোৰত শুধৰণি কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা জাৰি কৰা এক আদেশৰ প্ৰস্তাৱক স্বীকৃতি প্ৰদান কৰিছে। এই সংশোধনীৰ সৈতে উপযুক্ত কেন্দ্ৰীয় আইন গ্ৰহণ কৰাৰ যোগেদি কেন্দ্ৰীয় শাসিত প্ৰদেশ জম্মু-কাশ্মীৰত প্ৰশাসনিক প্ৰভাৱশীলতা সুনিশ্চিত কৰাৰ সমান্তৰালকৈ ভাৰতীয় সংবিধানৰ অনুৰূপ এই আইনবোৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত থাকিব পৰা সকলোধৰণৰ অস্পষ্টতা আঁতৰ কৰা হ’ব।

******

VRRK/AK/RD