Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ শততম জন্মবাৰ্ষিকী উপলক্ষে বাংলাদেশলৈ প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তা


নমস্কাৰ!

বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ শততম জন্মবাৰ্ষিকী উদযাপনত সমগ্ৰ বাংলাদেশলৈ ১৩০ কোটি ভাৰতীয় ভাই-ভনীৰ তৰফৰ পৰা শুভেচ্ছা থাকিল৷

বন্ধুসকল, শ্বেইখ হাছিনা মহোদয়াই এই ঐতিহাসিক পৰ্বৰ অংশীদাৰ হ’বলৈ মোক ব্যক্তিগতভাৱে নিমন্ত্ৰণ জনাইছিল৷ কিন্তু ক’ৰনা ভাইৰাছৰ বাবে এয়া সম্ভৱ নহ’ল৷ পিছত শ্বেইখ হাছিনা মহোদয়াই এক বিকল্প পৰামৰ্শ মোক প্ৰদান কৰিলে আৰু সেয়ে মই আপোনালোকৰ সৈতে ভিডিঅ’ লিংকৰ জৰিয়তে সংযোজিত হৈছো৷

বন্ধুসকল, বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমান যোৱা শতিকাৰ এক মহান ব্যক্তিত্ব আছিল৷ তেওঁৰ সমগ্ৰ জীৱনটোৱেই আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস৷ বংগবন্ধুৰ অৰ্থ হ’ল-

সাহসৰ নেতা

আস্থাৰ প্ৰতীক

শান্তিৰ দূত

ন্যায়, সমতা আৰু সন্মানৰ বাহক

ক্ৰুৰতাৰ অৱৰোধক

সামাজিক অৱক্ষয়ৰ প্ৰতিৰোধক ঢাল

তেওঁৰ এইসমূহ গুণে সেইসময়ৰ লক্ষাধিক যুৱকক বাংলাদেশৰ ৰাজনীতিৰ উদাৰীকৰণৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ’বলৈ অনুপ্ৰাণিত কৰিছিল৷ আজি বাংলাদেশৰ জনতাই তেওঁলোকৰ ‘সোণাৰ বাংলা’ দেশখনৰ বাবে অহৰ্নিশে সমৰ্পিত হোৱা দেখি মই সন্তোষিত হৈছো৷ এয়াই আছিল শ্বেইখ মুজিবুৰ ৰহমানৰ সপোন৷

বন্ধুসকল, বংগবন্ধুৰ জীৱনীয়ে একবিংশ শতিকাৰ বিশ্বক এক মহান বাণী প্ৰদান কৰিছে৷ আমি সকলোৱে এই বিষয়ে জ্ঞাত যে  ‘বাংলা ভূমি’ত কিদৰে এচাম লোকে গণতান্ত্ৰিক মূল্যৰ অৱক্ষয়ত নামি পৰিছিল৷ তেওঁ নিজৰ জীৱনৰ প্ৰত্যেকটো মুহূৰ্ত বাংলাদেশৰ উন্নতিৰ বাবে উচৰ্গা কৰিছিল৷ ঘৃণা আৰু ঋণাত্মক মনোভাৱ এখন দেশৰ উন্নয়নৰ ভেঁটি কেতিয়াও হ’ব নোৱাৰে বুলি তেওঁ নিশ্চিত আছিল৷ কিন্তু তেওঁৰ এই মনোভাৱ এচাম লোকে ভাল পোৱা নাছিল৷ বাংলাদেশ আৰু আমাৰ বাবে সৌভাগ্যৰ কথা যে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা আৰু শ্বেইখ ৰেহানাৰ শিৰত ঈশ্বৰৰ আশীৰ্বাদ আছে৷ অন্যথা হিংসাৰ সমৰ্থকসকলে উপদ্ৰৱৰ কোনো বাটেই নেৰিলেহেঁতেন৷ হিংসা আৰু সন্ত্ৰাসৰ ৰাজনীতিয়ে কিদৰে এখন সমাজ আৰু দেশ ধ্বংস কৰিব পাৰে এয়া আমি সকলোৱে দেখিছো৷ বাংলাদেশে উচ্চতাৰ নতুন স্থানত অৱৰোহণ কৰাৰ বিপৰীতে বিশ্বই প্ৰত্যক্ষ কৰি আছে যে কোন স্থানত হিংসা আৰু সন্ত্ৰাসবাদ পোষিত হৈ আছে৷

বন্ধুসকল, বংগবন্ধুৰ অনুপ্ৰেৰণাত আৰু শ্বেইখ হাছিনাৰ নেতৃত্বত বাংলাদেশে সমন্বিত আৰু বিকাশমুখী নীতিৰ দিশলৈ অগ্ৰসৰ হৈছে আৰু এয়া সঁচাকৈয়ে প্ৰশংসাৰ যোগ্য৷ অৰ্থনীতিৰ দিশৰ পৰা হওক অথবা সামাজিক বা ক্ৰীড়াৰ সূচাংকৰ দিশৰ পৰাই হওক, বাংলাদেশে আজি নতুন বেঞ্চমাৰ্ক স্থাপন কৰিছে৷ বাংলাদেশে আজি দক্ষতা, শিক্ষা, স্বাস্থ্য, মহিলা সৱলীকৰণ, ক্ষুদ্ৰ বিত্ত আদিৰ দিশত দোপতদোপে উন্নতি কৰিছে৷ মই সুখী যে যোৱা ৫-৬ বছৰত ভাৰত আৰু বাংলাদেশে দ্বিপাক্ষিক মৈত্ৰীৰ এক সোণালী অধ্যায় মুকলি কৰিছে আৰু আমাৰ বন্ধুত্বক নতুন মাত্ৰা প্ৰদান কৰিছে৷ এয়া দুয়োখন দেশৰ মাজত থকা বৰ্ধিত বিশ্বাসৰ ফলতেই সম্ভৱ হৈছে আৰু আমি ভূমি সীমা আৰু জল সীমাৰ দৰে বিবদমান বিষয়সমূহো সমাধান কৰিব পাৰিছো৷ আজি বাংলাদেশ দক্ষিণ এছিয়াৰ ভিতৰত ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক সহযোগী হৈ উঠিছে৷ ভাৰতত উৎপাদিত বিজুলীয়ে বাংলাদেশৰ লক্ষাধিক ঘৰ আৰু কাৰখানা উজ্বলাই তুলিছে৷ পথ, ৰে’ল, বায়ু, জলপথ অথবা ইণ্টাৰনেট, সকলোতে আমাৰ সহযোগিতাৰ দ্বাৰা দুয়োখন দেশৰ লোক অধিকভাৱে জড়িত হৈ পৰিছে৷

বন্ধুসকল, আমাৰ ঐতিহ্য ঠাকুৰ, কাজী নজৰুল ইছলাম, ওস্তাদ আলাউদ্দিন খান, লালন শ্বাহ, জীৱনানন্দ দাস আৰু ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ দৰে মহান ব্যক্তিসকলৰ পৰাই আহিছে৷ বংগবন্ধুৰ ঐতিহ্য আৰু অনুপ্ৰেৰণাই আমাৰ ঐতিহ্যক সমৃদ্ধ কৰি তুলিছে৷ ভাৰতে সদায়েই তেওঁৰ আদৰ্শ আৰু মূল্যবোধক সন্মান প্ৰদৰ্শন কৰিছে৷ এই বিনিময় ঐতিহ্যতেই ভাৰত আৰু বাংলাদেশৰ গভীৰ বন্ধুত্বৰ মূলশিপা জড়িত হৈ আছে৷ আমাৰ ঐতিহ্য, মূলশিপা, বংগবন্ধুৰ দ্বাৰা প্ৰদৰ্শিত পথেই হ’ল আমাৰ বন্ধুত্বৰ শক্তিশালী ভেঁটি৷ অহা বছৰ বাংলাদেশৰ মুক্তিৰ ৫০ বছৰ পূৰ্ণ হ’ব আৰু ২০২২ত ভাৰতে স্বাধীনতাৰ ৭৫তম বৰ্ষ উদযাপন কৰিব৷ মই নিশ্চিত যে এই দুয়োটা মাইলষ্টোনৰ দ্বাৰা ভাৰত আৰু বাংলাদেশ উন্নতিৰ নতুন সীমাত অধিষ্ঠিত হোৱাই নহয় বৰঞ্চ দুয়োখন দেশৰ বন্ধুত্বও অধিক শক্তিশালী হৈ উঠিব৷

পুনৰবাৰ, বংগবন্ধুৰ জন্মৰ শতবাৰ্ষিকী উপলক্ষে মই সমগ্ৰ বাংলাদেশকে শুভেচ্ছা জনাইছো৷

জয় বাংলা, জয় হিন্দ!!!

****

VRRK/AKP/MANN