Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

“উন্নত ৰাসায়নিক চেল বেটাৰী ষ্ট’ৰেজৰ ৰাষ্ট্ৰীয় কাৰ্যক্ৰম”ত প্ৰডাকশ্যন লিংকড ইনচেনটিভ আঁচনিত কেবিনেটৰ অনুমোদ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেবিনেটে ‘উন্নত ৰাসায়নিক চেল (ACC) বেটাৰী ষ্ট’ৰেজৰ ৰাষ্ট্ৰীয় কাৰ্যক্ৰম’ ত প্ৰডাকশ্যন লিংকড ইনচেনটিভ (PLI) আঁচনিত অনুমোদন জনালে। উল্লেখযোগ্য যে ১৮,১০০ কোটি টকা ব্যয় সাপেক্ষে পঞ্চাশ (৫০) গিগা ৱাট ঘন্টা (GWh) এচিচি আৰু ৫ GWh “যথাৰ্থ” এচিচি ৰ উৎপাদন ক্ষমতা আহৰণৰ অৰ্থে গুৰু উদ্যোগ বিভাগে উক্ত আঁচনিখন ৰূপায়ণৰ প্ৰস্তাৱ জনাইছিল।

এচিচি হৈছে উন্নত ষ্ট’ৰেজ প্ৰযুক্তিৰ নতুন প্ৰজন্ম যিয়ে ইলেকট্ৰ’কেমিকেল বা কেমিকেল শক্তিৰ ধৰণেৰে ইলেকট্ৰিক শক্তি সঞ্চয় কৰিব পাৰে আৰু সেইদৰে তথা প্ৰয়োজন সাপেক্ষে পুনৰ ইলেকট্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে। আগন্তুক বৰ্ষসমূহত বেটাৰী উপভোক্তা খণ্ডৰ প্ৰধান কনজুমাৰ ইলেকট্ৰনিক, ইলেকট্ৰিক বাহন, উন্নত ইলেকট্ৰিচিটি গ্ৰীড, ছ’লাৰ ৰুফটপ ইত্যাদিয়ে বলিষ্ঠ বৃদ্ধি লাভ কৰাৰ সম্ভাৱনাই দেখা দিছে। সমান্তৰালভাৱে প্ৰভাৱশালী বেটাৰী প্ৰযুক্তিয়ে বিশ্বখনৰ সৰ্ববৃহৎ বিকাশ খণ্ডৰ কেতবোৰ নিয়ন্ত্ৰণ কৰাৰো সম্ভাৱনা আছে।

বৈশ্বিক গড়ৰ তুলনাত বেটাৰী পেকৰ ক্ষমতা অধিক নিম্ন হোৱা সত্বেও কেতবোৰ কোম্পানীয়ে ইতিমধ্যে এই ফেচেলিটিসমূহত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছে যদিও, ভাৰতত এচিচি ৰ মূল্য সংযোজনৰ সৈতে মেনুফেক্সাৰিঙত বিনিয়োগ এতিয়াও উপেক্ষণীয় হৈয়ে ৰৈছে। এচিচি ৰ সকলোবোৰ চাহিদা সম্প্ৰতি ভাৰতৰ আমদানিৰ জৰিয়তে পৰিপূৰণ কৰা হৈছে। উন্নত ৰাসায়নিক চেল (ACC) বেটাৰী ষ্ট’ৰেজত ৰাষ্ট্ৰীয় কাৰ্যক্ৰমে আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব। তদুপৰি ই আত্মনিৰ্ভৰ ভাৰত পদক্ষেপক উদ্দীপনা যোগাব। এটি স্বচ্ছ প্ৰতিযোগিতামূলক নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে এচিচি বেটাৰী ষ্ট’ৰেজ মেনুফেক্সাৰাৰসকলক বাছনি কৰা হ’ব। দুবছৰ সময়ৰ ভিতৰত মেনুফেক্সাৰিং ফেচিলিটি কাৰ্যক্ষম কৰি তোলা যাব। ইয়াৰ পাছত পাঁচ বছৰৰ বাবে ইনচেনটিভ বিতৰণ কৰা যাব।

৪। নিৰ্দিষ্ট শক্তি ঘনত্ব ও চক্ৰ আৰু স্থানীয় মূল্য সংযোজন বৃদ্ধিৰ লগে-লগে ইনচেনটিভৰ পৰিমাণ বৃদ্ধি পাব। নিৰ্বাচিত প্ৰতিটো এচিচি বেটাৰী ষ্ট’ৰেজ মেনুফেক্সাৰাৰে পাঁচ বছৰৰ ভিতৰত ন্যূনতম পাঁচ (৫) GWh ক্ষমতাৰ এচিচি মেনুফেক্সাৰিং ফেচিলিটি স্থাপন কৰিবলৈ অংগীকাৰবদ্ধ হ’ব লাগিব আৰু প্ৰকল্প পৰ্যায়ত ন্যূনতম ৬০% ঘৰুৱা মূল্য সংযোজন নিশ্চিত কৰিব লাগিব। তাৰোপৰি, সংশ্লিষ্ট হিতাধিকাৰী ফাৰ্মখনে ২ বছৰ (মাতৃ ইউনিট পৰ্যায়ত) ৰ ভিতৰত অতিকমেও ২৫% ঘৰুৱা মূল্য সংযোজন অৰ্জন কৰিব লাগিব আৰু প্ৰতি GWh ত ২২৫ কোটি টকা বাধ্যতামূলক বিনিয়োগ কৰিব লাগিব আৰু ৫ বছৰৰ ভিতৰত সংহত ইউনিটৰ ক্ষেত্ৰত মাতৃ ইউনিটত বা “হাব ও স্প’ক” গঠনত প্ৰযুক্তি পৰ্যায়ত ঘৰুৱা মূল্য সংযোজন ৬০% লৈ বৃদ্ধি কৰিব লাগিব।

এই আঁচনিখনৰ সম্ভাৱ্য ফলাফল/লাভলাভসমূহ তলত উল্লেখ কৰা হৈছেঃ

  1. এই কাৰ্যক্ৰমৰ অধীনত ভাৰতত মুঠ ৫০ GWh ৰ এচিচি মেনুফেক্সাৰিং ফেচিলিটি স্থাপন কৰা।
  2. এচিচি বেটাৰী ষ্ট’ৰেজ মেনুফেক্সাৰিং প্ৰকল্পত প্ৰায় ৪৫,০০০ কোটি টকাৰ প্ৰত্যক্ষ বিনিয়োগ।
  3. ভাৰতত বেটাৰী ষ্ট’ৰেজৰ অৰ্থে চাহিদা সৃষ্টি সহজতৰ কৰি তোলা।
  4. মেক-ইন-ইণ্ডিয়াক সহজতৰ কৰি তোলাঃ ঘৰুৱা ভেল্যু-কেপচাৰত অধিক গুৰুত্ব প্ৰদান আৰু তাৰ পাছত আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি তোলা।
  5. ইভি পোষণৰ পৰিপ্ৰেক্ষিতত এই কাৰ্যক্ৰমৰ সময়ছোৱাত তেল ৰপ্তানি বিল হ্ৰাসৰ বাবদ ২,০০,০০০ কোটি টকাৰপৰা ২,৫০,০০০ কোটি টকালৈ ৰাহি কৰা কিয়নো এই কাৰ্যক্ৰমৰ অধীনত এচিচি মেনুফেক্সাৰে ইভি পোষণ ত্বৰান্বিত কৰাৰ সম্ভাৱনাই দেখা দিছে।
  6. এচিচি ৰ মেনুফেক্সাৰিঙে ইভিৰ বাবে চাহিদা সহজতৰ কৰিব, যি লক্ষ্যণীয়ভাৱে কম প্ৰদূষণ কৰা বুলি প্ৰমাণিত হৈছে। ভাৰতে অভিলাষী নৱীকৰণযোগ্য শক্তি কাৰ্যক্ৰমৰ অন্বেষণ কৰাৰ পৰিপ্ৰেক্ষিতত, এই এচিচি কাৰ্যক্ৰম হ’ব ভাৰতৰ সেউজ গৃহ গেছ (GHG) নিৰ্গমন হ্ৰাস কৰিবলৈ এটা মূল বৰঙণি যোগান ধৰা কাৰক। উল্লেখযোগ্য যে জলবায়ু পৰিৱৰ্তনক প্ৰতিৰোধ কৰিবলৈ ভাৰতৰ অংগীকাৰৰ অংশ হিচাপে উক্ত লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
  • vii. প্ৰতি বছৰে প্ৰায় ২০,০০০ কোটি টকাৰ আমদানি প্ৰতিষ্ঠাপন কৰা।
  1. এচিচি ত উচ্চ নিৰ্দিষ্ট শক্তি ঘনত্ব আৰু চক্ৰ অৰ্জন কৰিবলৈ গৱেষণা ও উন্নয়নক উদ্দীপনা যোগোৱা।
  2. নতুন আৰু যথাৰ্থ চেল প্ৰযুক্তিক প্ৰোৎসাহিত কৰা।

******

DS/SB