Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আমাৰ দেশৰ জনসাধাৰণৰ সংগ্রাম আৰু আত্মত্যাগৰ স্মৃতিত ১৪ আগষ্টৰ দিনটো বিভাজন বিভীষিকা স্মৃতি দিৱস হিচাপে পালন কৰা হ’বঃ প্রধানমন্ত্র


প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কয় যে আমাৰ দেশৰ জনসাধাৰণৰ সংগ্রাম আৰু আত্মত্যাগৰ স্মৃতিত ১৪ আগষ্টৰ দিনটো বিভাজন বিভীষিকা স্মৃতি দিৱস হিচাপে পালন কৰা হ’ব।

এলানি টুইটযোগে প্রধানমন্ত্রীয়ে কয়, “দেশ বিভাজনৰ যন্ত্রণা কেতিয়াও পাহৰিব নোৱাৰি৷ আমাৰ লাখ লাখ ভাই-ভনী গৃহহীন হ’ল আৰু বহু লোকৰ মনত অদ্ভূত ঘৃণা আৰু হিংসাৰ বাবেই প্রাণ হেৰুৱাইছিল৷ আমাৰ দেশৰ জনসাধাৰণৰ সংগ্রাম আৰু আত্মত্যাগৰ স্মৃতিত ১৪ আগষ্টৰ দিনটো বিভাজন বিভীষিকা স্মৃতি দিৱস হিচাপে পালন কৰা হ’ব।

#PartitionHorrorsRemembranceDayএ আমাৰ সামাজিক বিভাজন আৰু বৈষম্যৰ বিষবাস্প দূৰ কৰি ঐক্য, সামাজিক সম্প্রীতি আৰু জনসাধাৰণৰ সবলীকৰণৰ চেতনাক আৰু অধিক শক্তিশালী কৰি তোলাৰ প্রয়োজনীয়তাৰ কথা মনত পেলাই দিয়ে।”

***

DS/SH/DB