Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অধিক বৃত্তাকাৰ আৰু প্ৰতিযোগিতামূলক বস্ত্ৰ উদ্যোগ গঢ়ি তোলাৰ পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গিৰিৰাজ সিঙে লিখা এটা প্ৰৱন্ধ শ্বেয়াৰ কৰে, য’ত বস্ত্ৰ পুনৰাৱৰ্তন, স্বচ্ছ উৎপাদন আৰু সেউজ প্ৰযুক্তিসম্পন্ন পদক্ষেপসমূহে কেনেদৰে এক অধিক বৃত্তাকাৰ আৰু প্ৰতিযোগিতামূলক বস্ত্ৰ উদ্যোগ গঢ়ি তোলাত সহায় কৰিছে, সেই বিষয়ে আলোকপাত কৰা হৈছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে স্থায়িত্ব দীৰ্ঘদিন ধৰি ভাৰতীয় পৰম্পৰাৰ এক অবিচ্ছেদ্য অংগ হৈ আহিছে আৰু ই এতিয়া আমাৰ বস্ত্ৰ খণ্ডৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ পোষ্টত কয়:

 

“স্থায়িত্ব দীৰ্ঘদিন ধৰি ভাৰতৰ মূল আদৰ্শৰ এক অবিচ্ছেদ্য অংগ হৈ আহিছে। ই এতিয়া আমাৰ বস্ত্ৰ খণ্ডৰ ভৱিষ্যত গঢ়ি তুলিছে।

 

এই প্ৰৱন্ধটোত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @girirajsinghbjp-য়ে বস্ত্ৰ পুনৰাৱৰ্তন, স্বচ্ছ উৎপাদন আৰু সেউজ প্ৰযুক্তিভিত্তিক পদক্ষেপসমূহে কেনেদৰে এক অধিক বৃত্তাকাৰ আৰু প্ৰতিযোগিতামূলক বস্ত্ৰ উদ্যোগ গঢ়ি তোলাত সহায় কৰিছে, সেই বিষয়ে আলোকপাত কৰিছে।”

 

***

MJPS/SS/VJ/DB