Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু প্ৰধানমন্ত্ৰীৰ একাদশ ক্ৰিকেট দলক সাক্ষাৎ কৰাক লৈ আনন্দিত প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত আৰু প্ৰধানমন্ত্ৰীৰ একাদশ ক্ৰিকেট দলক অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে সাক্ষাৎ কৰাত আনন্দ প্ৰকাশ কৰিছে। অষ্ট্ৰেলিয়াত চলি থকা টেষ্ট শৃংখলাত ভাৰতীয় ক্ৰিকেটাৰসকলৰ সুন্দৰ আৰম্ভণিৰ বাবেও শ্ৰী মোদীয়ে প্ৰশংসা কৰে।

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজৰ এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়ঃ

“ভাৰত আৰু প্ৰধানমন্ত্ৰীৰ একাদশ দলৰ সৈতে মোৰ ভাল বন্ধু প্ৰধানমন্ত্ৰী @AlboMPক দেখি আনন্দিত হৈছো।

টিম ইণ্ডিয়াই এই শৃংখলাত এক সুন্দৰ আৰম্ভণি কৰিছে আৰু ১৪০ কোটি ভাৰতীয়ই পূৰ্ণ শক্তিৰে দলটোক সমৰ্থন কৰিছে।

আগন্তুক ৰোমাঞ্চকৰ খেলৰ বাবে মই উৎকণ্ঠিত হৈ আছো।”

***

MJPS/SR/DB