পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বড়ো সম্প্ৰদায়ৰ ঐতিহ্যমণ্ডিত ঐতিহাসিক সাংস্কৃতিক অনুষ্ঠান ‘বাগুৰুম্বা দহৌ ২০২৬’ অনুষ্ঠানত ভাষণ প্ৰদান কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে অসমৰ সংস্কৃতিৰ সাক্ষী হোৱা আৰু বড়ো জনগোষ্ঠীৰ পৰম্পৰা নিবিড়ভাৱে অনুসৰণ কৰাটো তেওঁৰ বাবে এক সৌভাগ্যৰ বিষয়। কোনো প্ৰধানমন্ত্ৰীয়ে তেওঁৰ দৰে সঘনাই অসম ভ্ৰমণ কৰা নাই বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে অসমৰ কলা-সংস্কৃতিয়ে যাতে বৃহত্তৰ মঞ্চ লাভ কৰে আৰু দেশ তথা বিশ্বজুৰি ব্যাপক উদযাপনৰ জৰিয়তে স্বীকৃতি লাভ কৰে, তাৰ বাবে তেওঁ সদায় কামনা কৰে বুলি কয়। বৃহৎ পৰিসৰত বিহু উদযাপন, ঝুমুইৰ বিনন্দিনী অনুষ্ঠান, নতুন দিল্লীত ডেৰ বছৰৰ পূৰ্বে অনুষ্ঠিত ভব্য বড়ো মহোৎসৱ আৰু অন্যান্য সাংস্কৃতিক কাৰ্যসূচীৰ কথা উল্লেখ কৰি তেওঁ এই দিশত ধাৰাবাহিক প্ৰচেষ্টা অব্যাহত আছে বুলি কয়। অসমৰ কলা-সংস্কৃতিৰ অনন্য আনন্দ উপভোগ কৰাৰ সুযোগ তেওঁ কেতিয়াও এৰি নিদিয়ে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। বড়োসকলৰ পৰিচয়ৰ এক উজ্জ্বল উদযাপন আৰু অসমৰ ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে বাগুৰুম্বা উৎসৱৰ আয়োজন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰী মোদীয়ে অনুষ্ঠানৰ সৈতে জড়িত সকলোকে, বিশেষকৈ শিল্পীসকলক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে বাগুৰুম্বা দহৌ কেৱল এটা উৎসৱেই নহয়, বৰঞ্চ বড়োসকলৰ মহান পৰম্পৰাক সন্মান জনোৱাৰ আৰু বড়ো সমাজৰ বিশিষ্ট ব্যক্তিক স্মৰণ কৰাৰ এক মাধ্যম। তেওঁ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম, গুৰুদেৱ কালীচৰণ ব্ৰহ্ম, ৰূপনাথ ব্ৰহ্ম, সতীশ চন্দ্ৰ বসুমতাৰী, মোৰাদাম ব্ৰহ্ম আৰু কনকেশ্বৰ নাৰ্জাৰীৰ দৰে ব্যক্তিসকলৰ নাম স্মৰণ কৰি তেওঁলোকৰ সমাজ সংস্কাৰ, সাংস্কৃতিক নৱজাগৰণ আৰু ৰাজনৈতিক জাগৰণত অৱদানৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে বড়ো জনগোষ্ঠীৰ এই মহান ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে তেওঁৰ দলে অসমৰ সংস্কৃতি সমগ্ৰ দেশৰ গৌৰৱ বুলি বিবেচনা কৰে আৰু অসমৰ অতীত আৰু ঐতিহ্য অবিহনে ভাৰতৰ ইতিহাস অসম্পূৰ্ণ। শ্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁৰ চৰকাৰৰ অধীনত বাগুৰুম্বা দহৌ আদিৰ দৰে উৎসৱ আয়োজন কৰা হৈছে, বিহুক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰা হৈছে আৰু চৰাইডেউ ময়দামক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া হৈছে আৰু বড়ো ভাষাক অসমৰ সহযোগী চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে। বড়ো ভাষাৰ শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে পৃথক সঞ্চালকালয় স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে এই প্ৰতিশ্ৰুতিৰ বাবে বাথৌ ধৰ্মক সম্পূৰ্ণ সন্মান আৰু স্বীকৃতি প্ৰদান কৰা হৈছে আৰু বাথৌ পূজাক ৰাজ্যিক বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। তেওঁ উল্লেখ কৰে যে তেওঁৰ চৰকাৰৰ দিনতে বীৰযোদ্ধা লাচিত বৰফুকনৰ এক বৃহৎ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে আৰু বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে। তেওঁ লগতে কয় যে শ্ৰীমন্ত শংকৰদেৱৰ ভক্তি আৰু সামাজিক সম্প্ৰীতিৰ পৰম্পৰা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ কলা আৰু চেতনা অসমৰ ঐতিহ্যৰ অংশ হিচাপে সন্মানিত। প্ৰধানমন্ত্ৰীয়ে আজি জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু বাৰ্ষিকী বুলি উল্লেখ কৰি তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।
অসম ভ্ৰমণৰ প্ৰসংগত তেওঁৰ আবেগ প্ৰকাশ কৰি শ্ৰী মোদীয়ে কয় যে ৰাজ্যখনে কিমান দূৰলৈ উন্নতি কৰিছে, সেয়া দেখি তেওঁ গভীৰভাৱে প্ৰভাৱিত হৈছে। তেওঁ স্মৰণ কৰে যে এটা সময় আছিল যেতিয়া প্ৰায়ে ৰক্তপাত হৈছিল, কিন্তু আজি সংস্কৃতিৰ ৰং উজ্জ্বল হৈছে; এটা সময় আছিল যেতিয়া বন্দুকৰ গুলীৰ শব্দ শুনা গৈছিল, কিন্তু এতিয়া খাম আৰু ছিফুঙৰ সুৰীয়া ধ্বনি বিৰাজ কৰিছে; এটা সময় আছিল যেতিয়া সান্ধ্য আইনে নীৰৱতা আনিছিল, কিন্তু এতিয়া চৌদিশে সংগীত প্ৰতিধ্বনিত হৈছে; এসময়ত অশান্তি আৰু অস্থিৰতাই বিৰাজ কৰিছিল, কিন্তু এতিয়া বাগুৰুম্বাৰ আকৰ্ষণীয় অনুষ্ঠান অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এনে এক বৃহৎ উদযাপন কেৱল অসমৰে নহয়, ভাৰতৰো এক সাফল্য আৰু দেশৰ প্ৰতিজন নাগৰিকে অসমৰ পৰিৱৰ্তনক লৈ গৌৰৱান্বিত।
প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্ৰকাশ কৰে যে অসমৰ জনসাধাৰণ আৰু বড়ো ভাই-ভনীসকলে তেওঁৰ ওপৰত আস্থা ৰাখিছে। তেওঁ কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহক শান্তি আৰু উন্নয়নৰ দায়িত্ব অৰ্পণ কৰা হৈছিল আৰু জনসাধাৰণৰ আশীৰ্বাদত এই দায়িত্ব পালন কৰা হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ২০২০ চনৰ বড়ো শান্তি চুক্তিয়ে কেইবা দশকজোৰা সংঘাতৰ অন্ত পেলোৱাই নহয়, আস্থা প্ৰতিষ্ঠা কৰিছে আৰু সহস্ৰাধিক যুৱক-যুৱতীক হিংসা ত্যাগ কৰি মূলসুঁতিত যোগদান কৰাৰ সুযোগ প্ৰদান কৰে। তেওঁ উল্লেখ কৰে যে এই চুক্তিৰ পাছত বড়ো অঞ্চলত শিক্ষা আৰু উন্নয়নৰ ক্ষেত্ৰত নতুন সুযোগৰ সৃষ্টি হৈছে আৰু শান্তি দৈনন্দিন জীৱনৰ এটা অংশ হৈ পৰিছে আৰু জনসাধাৰণৰ প্ৰচেষ্টাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
অসমৰ শান্তি, উন্নয়ন আৰু গৌৰৱ যুৱক-যুৱতীসকলৰ ওপৰত নিৰ্ভৰ কৰে, যিসকলে শান্তিৰ পথ বাছি লৈছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে ইয়াক উজ্জ্বল ভৱিষ্যতৰ দিশত আগবঢ়াই নিব লাগিব বুলি কয়। তেওঁ লগতে কয় যে শান্তি চুক্তিৰ পিছত চৰকাৰে বড়োলেণ্ডৰ উন্নয়নৰ বাবে নিৰন্তৰ কাম কৰাৰ লগতে পুনৰ সংস্থাপন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছে আৰু হাজাৰ হাজাৰ যুৱক-যুৱতীক কোটি কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে।
চৰকাৰৰ প্ৰচেষ্টাৰ ফল আজি প্ৰত্যক্ষ কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিভাৱান বড়ো যুৱক-যুৱতীসকল অসমৰ সাংস্কৃতিক দূত হিচাপে পৰিগণিত হোৱাৰ লগতে তেওঁলোকে ক্ৰীড়াতো সফলতা অৰ্জন কৰিছে। তেওঁলোক নতুন আত্মবিশ্বাসেৰে সপোন দেখিছে, সেই সপোনবোৰ পূৰণ কৰিছে আৰু অসমৰ প্ৰগতিৰ দিশত অগ্ৰসৰ হৈছে।
শ্ৰী মোদীয়ে মন্তব্য কৰে যে অসমৰ কলা, সংস্কৃতি আৰু পৰিচয়ক সন্মান জনালে কিছুমান লোক উদ্বিগ্ন হৈ পৰে। অসমৰ সন্মানক কোনে অস্বীকাৰ কৰে বুলি প্ৰশ্ন কৰি শ্ৰী মোদীয়ে কয় যে বিৰোধী পক্ষই ভূপেন হাজৰিকাক ভাৰতৰত্ন প্ৰদানৰ বিৰোধিতা কৰিছিল। তেওঁলোকে অসমত অৰ্ধপৰিবাহী প্ৰকল্পৰো বিৰোধিতা কৰিছিল। শ্ৰী মোদীয়ে লগতে কয় যে আজিও, যেতিয়া তেওঁ অসমৰ সংস্কৃতিৰ সৈতে সম্পৰ্কিত কিবা পিন্ধে, তেতিয়া বিৰোধীয়ে ইয়াক উপহাস কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অসম আৰু বড়োলেণ্ড কেৱল বিৰোধীৰ বাবেই দশক-দশক ধৰি মূলসুঁতিৰ পৰা বিচ্ছিন্ন হৈ আছিল। তেওঁ কয় যে ৰাজনৈতিক লাভালাভৰ বাবে তেওঁলোকে অসমত অস্থিৰতাৰ সৃষ্টি কৰে আৰু ৰাজ্যখনক হিংসাৰ জুইৰ মাজত দলিয়াই দিছিল। তেওঁ কয় যে স্বাধীনতাৰ পিছত অসমে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, কিন্তু তাৰ সমাধানৰ পৰিৱৰ্তে তদানীন্তন চৰকাৰেসমূহে ৰাজনৈতিক লাভালাভৰ বাবে সেই সমস্যাসমূহৰ সুযোগ লৈছিল। বিৰোধী দলক সমালোচনা কৰি শ্ৰী মোদীয়ে কয় যে যেতিয়া বিশ্বাসৰ প্ৰয়োজন হৈছিল, তেওঁলোকে বিভাজন সৃষ্টি কৰিছিল; যেতিয়া আলোচনাৰ প্ৰয়োজন হৈছিল, তেওঁলোকে ইয়াক অৱহেলা কৰিছিল আৰু যোগাযোগৰ দুৱাৰ বন্ধ কৰিছিল। তেওঁ উল্লেখ কৰে যে বড়োলেণ্ডৰ কণ্ঠক কেতিয়াও শুনা নাছিল। তেওঁ কয় যে যেতিয়া অসমক আৰোগ্য আৰু সেৱাৰ প্ৰয়োজন হৈছিল, তেতিয়া তেওঁলোকে অনুপ্ৰৱেশকাৰীৰ বাবে দুৱাৰ মুকলি কৰিছিল আৰু তেওঁলোকক আদৰণি জনোৱাত গুৰুত্ব দিছিল।
শ্ৰী মোদীয়ে দাবী কৰে যে বিৰোধী দলে অসমৰ জনসাধাৰণক নিজৰ বুলি নাভাবে, তেওঁলোকে বিদেশী অনুপ্ৰৱেশকাৰীসকলক পছন্দ কৰে, যিসকল তেওঁলোকৰ বিশ্বস্ত ভোট বেংক হৈ পৰে। তেওঁ কয় যে বিৰোধীৰ শাসনৰ সময়ত অনুপ্ৰৱেশকাৰীসকলে লাখ লাখ বিঘা মাটি দখল কৰি ৰাখিছিল আৰু চৰকাৰসমূহে তেওঁলোকক সহায় কৰিছিল। শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি চৰকাৰে লাখ লাখ বিঘা ভূমি অনুপ্ৰৱেশকাৰীৰ হাতৰ পৰা মুক্ত কৰি অসমৰ প্ৰকৃত লোকসকলক ঘূৰাই দিয়াত প্ৰধানমন্ত্ৰী মোদীয়ে সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে বিৰোধীয়ে অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক সদায়েই অৱহেলা কৰি আহিছে, ইয়াৰ বিকাশক কেতিয়াও গুৰুত্ব প্ৰদান কৰা নাই আৰু ইচ্ছাকৃতভাৱে অঞ্চলটোক অসুবিধাত পেলাই আহিছে।
প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে বিৰোধীৰ পাপৰ প্ৰায়শ্চিত্ত কৰিছে আৰু আজি দেখা পোৱা উন্নয়নৰ গতি তাৰ প্ৰমাণ। বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে বড়োলেণ্ডৰ বাবে ১৫০০ কোটি টকাৰ বিশেষ উন্নয়ন পেকেজ আৱণ্টন, কোকৰাঝাৰত এখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় স্থাপন আৰু তামুলপুৰত এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম ত্বৰান্বিত কৰাৰ কথা উল্লেখ কৰে। তেওঁ লগতে কয় যে নাৰ্ছিং কলেজ আৰু পেৰামেডিকেল প্ৰতিষ্ঠানসমূহে যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিছে আৰু গোবৰ্ধনা, পৰ্বতঝোৰা আৰু হৰিশিঙাত পলিটেকনিক আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপন কৰা হৈছে।
শ্ৰী মোদীয়ে উল্লেখ কৰে যে এটা পৃথক কল্যাণ বিভাগ আৰু বড়োলেণ্ড প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয় স্থাপন কৰা হৈছে, যিয়ে বড়ো জনগোষ্ঠীৰ কল্যাণৰ বাবে উন্নত নীতি নিৰ্ধাৰণত সহায় কৰিব। তেওঁ কয় যে তেওঁলোকৰ চৰকাৰে উন্নত আন্তঃগাঁথনিৰ জৰিয়তে অসম আৰু দিল্লীৰ মাজত আৰু অসমৰ ভিতৰতে অন্তৰংগ সংযোগ স্থাপন কৰিছে। পূৰ্বতে যাতায়াতৰ বাবে অসুবিধা হোৱা অঞ্চলসমূহত এতিয়া ঘাইপথ নিৰ্মাণ কৰা হৈছে আৰু নতুন পথসমূহে সুযোগ সৃষ্টি কৰিছে। তেওঁ কোকৰাঝাৰক ভূটান সীমান্তৰ সৈতে সংযোগ কৰা কোটি কোটি টকাৰ বিশমুৰী-সৰলপাৰা পথ প্ৰকল্পৰ কথা উল্লেখ কৰে। তেওঁ কোকৰাঝাৰ-গেলেফু ৰে’ল প্ৰকল্পক এক বিশেষ ৰে’ল প্ৰকল্প হিচাপে ঘোষণা কৰি এক্ট ইষ্ট পলিচীৰ অংশ হিচাপে ঘোষণা কৰে, যাৰ জৰিয়তে বাণিজ্য আৰু পৰ্যটনৰ বিকাশ সম্ভৱ হ’ব।
প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে যেতিয়া সমাজে নিজৰ শিপাৰ সৈতে সংযুক্ত হৈ থাকে, আলোচনা আৰু আস্থা শক্তিশালী হয় আৰু সকলো শ্ৰেণীৰ লোকলৈ সমান সুযোগ প্ৰদান কৰা হয়, তেতিয়া ইতিবাচক পৰিৱৰ্তন পৰিলক্ষিত হয়। তেওঁ কয় যে অসম আৰু বড়োলেণ্ডে এই দিশত অগ্ৰগতি লাভ কৰিছে আৰু অসমৰ আত্মবিশ্বাস, সামৰ্থ্য আৰু প্ৰগতিৰ জৰিয়তে ভাৰতৰ বিকাশৰ কাহিনীত নতুন শক্তি সংযোজন হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে অসমে দ্ৰুতগতিত বিকাশ হোৱা ৰাজ্যসমূহৰ মাজত নিজকে প্ৰতিষ্ঠা কৰিছে, ইয়াৰ অৰ্থনীতিয়ে গতি লাভ কৰিছে আৰু বড়োলেণ্ড আৰু ইয়াৰ জনতাই এই পৰিৱৰ্তনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ পুনৰবাৰ এই অনুষ্ঠানৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।
এই উপলক্ষে অনুষ্ঠানত অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য্য, মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
.
পটভূমি
প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বড়ো সম্প্ৰদায়ৰ সমৃদ্ধ ঐতিহ্য উদযাপন কৰা এক ঐতিহাসিক সাংস্কৃতিক অনুষ্ঠান ‘বাগুৰুম্বা দহৌ ২০২৬’ত অংশগ্ৰহণ কৰে।
এই উপলক্ষে বড়ো সম্প্ৰদায়ৰ ১০,০০০ৰো অধিক শিল্পীয়ে একক, সুসংগত উপস্থাপনেৰে বাগুৰুম্বা নৃত্য পৰিবেশন কৰে। ৰাজ্যখনৰ ২৩খন জিলাৰ ৮১টা বিধানসভা সমষ্টিৰ শিল্পীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।
প্ৰকৃতিৰ দ্বাৰা গভীৰভাৱে অনুপ্ৰাণিত বাগৰুম্বা হৈছে বড়ো সম্প্ৰদায়ৰ অন্যতম প্ৰধান লোকনৃত্য। এই নৃত্যই প্ৰতীকী ৰূপত প্ৰস্ফুটিত ফুল প্ৰদৰ্শন কৰাৰ লগতে মানৱ জীৱন আৰু প্ৰাকৃতিক জগতৰ মাজৰ সম্প্রীতি প্ৰতিফলিত কৰে। পৰম্পৰাগতভাৱে বাদ্যযন্ত্ৰী হিচাপে পুৰুষ সংগীৰ সৈতে বড়ো যুৱতীসকলে পৰিবেশন কৰা এই নৃত্যত পখিলা, চৰাই, পাত আৰু ফুলৰ আৰ্হিৰে মৃদু, প্ৰবাহিত গতিবিধি দেখা যায়। চাক্ষুস সৌন্দৰ্য বৃদ্ধি কৰি বৃত্ত বা শাৰীৰ আৰ্হিত এই নৃত্য সাধাৰণতে দলীয় হিচাপে প্ৰদৰ্শিত হয়।
বাগৰুম্বা নৃত্যই বড়ো লোকসকলৰ বাবে গভীৰ সাংস্কৃতিক গুৰুত্ব বহন কৰে। ই শান্তি, উৰ্বৰতা, আনন্দ আৰু সামূহিক সম্প্রীতিক প্ৰতিনিধিত্ব কৰে তথা বড়ো নৱবৰ্ষ বৈসাগু আৰু ডোমাচিৰ দৰে উৎসৱৰ সৈতে নিবিড়ভাৱে জড়িত।
Delighted to experience the Bagurumba Dwhou programme in Guwahati. It beautifully reflects the vibrancy of the Bodo culture.
https://t.co/elJCFygk2d— Narendra Modi (@narendramodi) January 17, 2026
****
MJPS/SR/DB
Delighted to experience the Bagurumba Dwhou programme in Guwahati. It beautifully reflects the vibrancy of the Bodo culture.
— Narendra Modi (@narendramodi) January 17, 2026
https://t.co/elJCFygk2d
Bagurumba Dwhou honours our great Bodo traditions. pic.twitter.com/OUDOLIR7Zh
— PMO India (@PMOIndia) January 17, 2026
The 2020 Bodo Peace Accord ended years of conflict.
— PMO India (@PMOIndia) January 17, 2026
After this, trust returned and thousands of youths gave up violence and joined the mainstream. pic.twitter.com/6rKkj45YO2
Talented Bodo youth are today emerging as cultural ambassadors of Assam. pic.twitter.com/7JQYrVYkwK
— PMO India (@PMOIndia) January 17, 2026
With Assam's growing confidence, strength and progress, India's growth story is accelerating. pic.twitter.com/GxDNvBeAsb
— PMO India (@PMOIndia) January 17, 2026
বড়ো সংস্কৃতি আৰু পৰম্পৰাক উদযাপন কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি গৌৰৱান্বিত হৈছো! pic.twitter.com/25S52MnbVH
— Narendra Modi (@narendramodi) January 17, 2026
আমাৰ বাবে, অসমৰ সংস্কৃতি সমগ্ৰ ৰাষ্ট্ৰৰ গৌৰৱ৷ ৰাজ্যখনৰ চহকী ঐতিহ্য আৰু ইয়াৰ মহান ব্যক্তিত্বক সন্মান জনোৱাটো এক সৌভাগ্যৰ কথা৷ pic.twitter.com/kA83rg7xLT
— Narendra Modi (@narendramodi) January 17, 2026
অসমৰ বিভিন্ন ক্ষেত্ৰত হোৱা উন্নয়নক সমগ্ৰ ৰাষ্ট্ৰই যথেষ্ট প্ৰশংসা কৰিছে। pic.twitter.com/nVtNA1f5nc
— Narendra Modi (@narendramodi) January 17, 2026
তেওঁলোকৰ ক্ষুদ্ৰ ৰাজনৈতিক লাভালাভৰ বাবে কংগ্ৰেছে সদায় অসমত অস্থিৰতাক প্ৰসাৰিত কৰি আহিছে। জনসাধাৰণৰ সেৱা কৰাৰ পৰিৱৰ্তে, তেওঁলোকে অনুপ্ৰৱেশকাৰীক আদৰি লোৱাতহে মনোনিৱেশ কৰি থাকিল। pic.twitter.com/jYXj4b1zdp
— Narendra Modi (@narendramodi) January 17, 2026
কংগ্ৰেছে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক সদায় অৱহেলাৰ দৃষ্টিৰে চাই আহিছে।
— Narendra Modi (@narendramodi) January 17, 2026
ইয়াৰ বিপৰীতে, এনডিএয়ে কেৱল আৱেগিক দূৰত্বৰ সেতুবন্ধন কৰাই নহয়, উন্নত আন্তঃগাঁথনিৰ জৰিয়তে সমগ্ৰ অঞ্চলটোক উন্নয়নৰ মূলসুঁতিৰ সৈতেও সংযোগ কৰিছে। pic.twitter.com/Yg7KhVTtqZ
Being among my sisters and brothers of Guwahati for the Bagurumba Dwhou programme is an experience I’ll always cherish. This programme showcased the glorious Bodo culture. My compliments to all those who participated in this historic programme. pic.twitter.com/OzYIWlfUSU
— Narendra Modi (@narendramodi) January 17, 2026
Here are more photos from the Bagurumba Dwhou programme. pic.twitter.com/wqFCHxmdXH
— Narendra Modi (@narendramodi) January 17, 2026
Proud to have attended a programme that celebrates Bodo culture and traditions! pic.twitter.com/28yZ3jBXnx
— Narendra Modi (@narendramodi) January 17, 2026
For us, Assam’s culture is the pride of the entire nation. It is a privilege to honour the state’s rich heritage and its great personalities. pic.twitter.com/S7rC5iLPSE
— Narendra Modi (@narendramodi) January 17, 2026
The development in Assam across diverse sectors is being greatly admired by the entire nation. pic.twitter.com/CMf7h4B8bx
— Narendra Modi (@narendramodi) January 17, 2026
For their petty political gains, the Congress has always promoted instability in Assam. Instead of serving the people, they remained focused on welcoming infiltrators. pic.twitter.com/1I2AYNowRu
— Narendra Modi (@narendramodi) January 17, 2026
Congress has always viewed Assam and the entire Northeast with neglect.
— Narendra Modi (@narendramodi) January 17, 2026
In contrast, NDA has not only bridged emotional distances but also connected the entire region to the mainstream of development through improved infrastructure. pic.twitter.com/QS5Nrqyd2r
Spectacular Bagurumba Dwhou programme in Guwahati! pic.twitter.com/MhTGiqP8eS
— Narendra Modi (@narendramodi) January 17, 2026
Today, Assam marks Silpi Diwas, in homage of Rupkonwar Jyoti Prasad Agarwala. He was a cultural stalwart of Assam, whose works have left a lasting impression on the minds of the Assamese people. His life has inspired countless people to excel in theatre, films, music and other… pic.twitter.com/45IsU4VXd4
— Narendra Modi (@narendramodi) January 17, 2026
বাগৰুম্বা দহৌ অনুষ্ঠানৰ বাবে গুৱাহাটীৰ মোৰ ভাই-ভনীসকলৰৰ মাজত উপস্থিত থকাৰ এই অভিজ্ঞতা মই সদায় মনত ৰাখিম৷ এই অনুষ্ঠানে গৌৰৱময় বড়ো সংস্কৃতি প্ৰদৰ্শন কৰিছে । এই ঐতিহাসিক কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলোলৈ মই অভিনন্দন জনাইছো। pic.twitter.com/e49UQDWhgK
— Narendra Modi (@narendramodi) January 17, 2026
এয়া বাগৰুম্বা দহৌ অনুষ্ঠানৰ আৰু কিছু আলোকচিত্ৰ। pic.twitter.com/aUXJ8mer3j
— Narendra Modi (@narendramodi) January 17, 2026
বড়ো সংস্কৃতি আৰু পৰম্পৰাক উদযাপন কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি গৌৰৱান্বিত হৈছো! pic.twitter.com/25S52MnbVH
— Narendra Modi (@narendramodi) January 17, 2026
আমাৰ বাবে, অসমৰ সংস্কৃতি সমগ্ৰ ৰাষ্ট্ৰৰ গৌৰৱ৷ ৰাজ্যখনৰ চহকী ঐতিহ্য আৰু ইয়াৰ মহান ব্যক্তিত্বক সন্মান জনোৱাটো এক সৌভাগ্যৰ কথা৷ pic.twitter.com/kA83rg7xLT
— Narendra Modi (@narendramodi) January 17, 2026
অসমৰ বিভিন্ন ক্ষেত্ৰত হোৱা উন্নয়নক সমগ্ৰ ৰাষ্ট্ৰই যথেষ্ট প্ৰশংসা কৰিছে। pic.twitter.com/nVtNA1f5nc
— Narendra Modi (@narendramodi) January 17, 2026
তেওঁলোকৰ ক্ষুদ্ৰ ৰাজনৈতিক লাভালাভৰ বাবে কংগ্ৰেছে সদায় অসমত অস্থিৰতাক প্ৰসাৰিত কৰি আহিছে। জনসাধাৰণৰ সেৱা কৰাৰ পৰিৱৰ্তে, তেওঁলোকে অনুপ্ৰৱেশকাৰীক আদৰি লোৱাতহে মনোনিৱেশ কৰি থাকিল। pic.twitter.com/jYXj4b1zdp
— Narendra Modi (@narendramodi) January 17, 2026
কংগ্ৰেছে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক সদায় অৱহেলাৰ দৃষ্টিৰে চাই আহিছে।
— Narendra Modi (@narendramodi) January 17, 2026
ইয়াৰ বিপৰীতে, এনডিএয়ে কেৱল আৱেগিক দূৰত্বৰ সেতুবন্ধন কৰাই নহয়, উন্নত আন্তঃগাঁথনিৰ জৰিয়তে সমগ্ৰ অঞ্চলটোক উন্নয়নৰ মূলসুঁতিৰ সৈতেও সংযোগ কৰিছে। pic.twitter.com/Yg7KhVTtqZ
গুৱাহাটীত দৰ্শনীয় বাগৰুম্বা দহৌ অনুষ্ঠান! pic.twitter.com/EnNz6r9MoM
— Narendra Modi (@narendramodi) January 17, 2026
আজি, অসমত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক শ্ৰদ্ধাঞ্জলি জনাই শিল্পী দিৱস পালন কৰা হয়। তেওঁ অসমৰ সাংস্কৃতিক জগতৰ মহীৰূহ আছিল, যাৰ সৃষ্টিৰাজিয়ে অসমীয়া মানুহৰ মনত চিৰস্থায়ী ছাপ পেলাইছে। তেওঁৰ জীৱনে অগণন লোকক থিয়েটাৰ, চলচ্চিত্ৰ, সংগীত আৰু অন্যান্য সাংস্কৃতিক সাধনাত পাৰদৰ্শিতা… pic.twitter.com/bRIrNQ7LeJ
— Narendra Modi (@narendramodi) January 17, 2026