Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অসমৰ বগীবিল দলং মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

অসমৰ বগীবিল দলং মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

অসমৰ বগীবিল দলং মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

অসমৰ বগীবিল দলং মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ


মঞ্চত উপৱিষ্ট অধ্যাপক জগদীশ মুখী মহোদয়, মুখ্যমন্ত্ৰী ভাতৃ সৰ্বানন্দ সোণোৱাল মহোদয়, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰেমা খাণ্ডু মহোদয়, ভাতৃ হিমন্ত বিশ্ব শৰ্মা মহোদয়, মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী ৰাজেন গোঁহাই মহোদয়, মঞ্চত উপস্থিত অন্যান্য সকলো মহানুভৱ তথা মোৰ প্ৰিয় ভাই আৰু ভনীসকল৷

এই বৃহৎ সংখ্যাত আপোনালোকে মোক আশীৰ্বাদ দিবলৈ উপস্থিত হোৱাৰ বাবে মই ধন্যবাদ প্ৰদান কৰিছোঁ৷ আজি সমগ্ৰ উত্তৰ পূব ভাৰতৰ বাবে এক ঐতিহাসিক দিন৷ আপোনালোক সকলোকে দেশৰ সবাতোকৈ দীঘল পথ-ৰে’ল দলঙৰ বাবে অশেষ অভিনন্দন জনাইছোঁ৷

মই বৰ্তমান দলঙৰ ওপৰৰেই আহিছো৷ মন প্ৰফুল্লিত হৈ আছে৷

বন্ধুসকল, আজি সমগ্ৰ বিশ্বই বৰদিন পালন কৰি আছে৷ অসমসহিতে সমগ্ৰ উত্তৰ পূব, সমগ্ৰ দেশক বৰদিনৰ অশেষ শুভেচ্ছা যাচিছোঁ৷ বন্ধুসকল, অসমীয়া সমাজৰ বাবে সমৰ্পিত স্বৰ্গদেও চাওলুং ছ্যুকাফাক মই প্ৰণাম যাচিছোঁ৷ ইয়াৰ সৈতে বীৰত্ব আৰু বলিদানৰ প্ৰতীক লাচিত বৰফুকন, বীৰ চিলাৰায়, স্বৰ্গদেও সৰ্বানন্দ সিংহ, বীৰাংগনা সতী সাধনী, বডোচা, বীৰ ৰাঘৱ মৰাণ, মানিক ৰজা, সতী জয়মতী, সতী ৰাধিকা সহিতে সকলো নায়ক-নায়িকাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ৷

স্বাধীনতাৰ যুঁজৰ পৰা আৰম্ভ কৰি দেশ আৰু অসমৰ নৱনিৰ্মাণৰ বাবে অনেক লোকে যোগদান কৰিছিল৷ ৰাজনীতিৰ পৰা আৰম্ভ কৰি সমাজসেৱা, জ্ঞান-বিজ্ঞান আৰু ক্ৰীড়ালৈ অসমক, দেশক গৌৰৱান্বিত কৰা প্ৰতিজন ব্যক্তিলৈ মই শ্ৰদ্ধাঞ্জলি যাচিছোঁ৷

মই অসমৰ কোকিল কণ্ঠী পদ্মশ্ৰী শ্ৰী দীপালী বৰঠাকুৰলৈও শ্ৰদ্ধাঞ্জলি যাচিছোঁ৷ তেওঁৰ দেহ প্ৰয়াণত অসমীয়াক দেশ-বিদেশৰ অসংখ্য জিলালৈ লৈ যোৱা এক ধ্বনি নোহোৱা হ’ল৷

বন্ধুসকল, আজি সুশাসনৰ বাবে সমৰ্পিত দেশৰ সকলোতকৈ মহান ব্যক্তিসকলৰ ভিতৰৰ এজন, আমাৰ সকলোৰে সহ-হৃদয়ৰ অটল বিহাৰী বাজপেয়ীৰো জন্মদিন৷ অটলজীৰ জয়ন্তী দেশে আজি সুশাসন দিৱস হিচাপে পালন কৰিছে৷ ভাই আৰু ভনীসকল, সুশাসনৰ অৰ্থ হ’ল জনতাৰ চৰকাৰ৷ জনসাধাৰণৰ জীৱনক উন্নত কৰাৰ সংস্কাৰ৷ আপোন-পৰ, তোৰ-মোৰ এই সকলোৰে ঊৰ্ধত যেতিয়া দেশে সমাজৰ উন্নত ভৱিষ্যতৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে, জীৱনক সহজ কৰি তোলা ব্যৱস্থা তথা সংসাধনৰ নিৰ্মাণ কৰে তেতিয়া সুসাশন স্বৰাজৰ দিশে অগ্ৰসৰ হয়৷ যেতিয়া সকলোৰে সৈতে সকলোৰে বিকাশৰ ধৈৰ্য মন্ত্ৰৰ সৈতে কাম হয়, দেশৰ সন্তুলিত বিকাশত গুৰুত্ব দিয়া হয় তেতিয়া সুশাসন স্বৰাজৰ দিশত অগ্ৰসৰ হয়৷ বন্ধুসকল, এই প্ৰয়াস বিগত চাৰে চাৰি বছৰত কেন্দ্ৰ আৰু এতিয়াৰ অসম চৰকাৰেই হওক, অৰুণাচল চৰকাৰেই হওক, নিৰন্তৰভাৱে চলিব ধৰিছে৷ আজিৰ এই পবিত্ৰ দিনটোত সুশাসনৰ এক বৃহৎ প্ৰতীক ঐতিহাসিক বগীবিল ৰে’ল-পথৰ লোকাৰ্পণত মই সুখী অনুভৱ কৰিছোঁ৷ ই দেশৰ সবাতোকৈ দীঘল ৰে’ল আৰু পথ দলং৷ এই দেশৰ সবাতোকৈ প্ৰথম ষ্টীলেৰে নিৰ্মিত দলং৷ পানীৰ পৰা ৩০ মিটাৰতকৈও অধিক ওপৰত নিৰ্মাণ কৰা এই দলং হ’ল আমাৰ অভিযন্তা আৰু প্ৰযুক্তিবিদসকলৰ ক্ষমতাৰ উদাহৰণ৷ একেসময়তে গাড়ী আৰু ৰে’লৰ গতি আৰু ভৰ সহন কৰিব পৰা এই দলঙে দেশৰ সামৰিক শক্তিকো কেইবাগুণে সুদৃঢ় কৰিব৷

ভাই আৰু ভনীসকল, ই কেৱল এখন দলঙেই নহয়৷ ই হ’ল লক্ষাধিক লোকৰ জীৱনক সংযোজিত কৰা এক জীৱনৰেখা স্বৰূপ৷ ইয়াৰ দ্বাৰা অসম আৰু অৰুণাচলৰ দূৰত্ব হ্ৰাস হৈছে৷ ইটানগৰৰ পৰা ডিব্ৰুগড়লৈ ৰে’ল যাত্ৰা এতিয়া প্ৰায় ৭০০ কিলোমিটাৰ হ্ৰাস হৈ ২০০ কিলোমিটাৰতকৈও কম হৈছে৷ পূৰ্বতে এই ৰে’ল যাত্ৰাত ২৪ ঘণ্টাৰ প্ৰয়োজন হৈছিল আৰু এতিয়া কেৱল ৫-৬ ঘণ্টাৰহে প্ৰয়োজন৷ প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘৰ এই দলঙৰ দ্বাৰা অসমৰ তিনিচুকীয়া আৰু অৰুণাচল প্ৰদেশৰ নাহৰলগুণৰ কেৱল দূৰত্ব হ্ৰাস হোৱাই নহয়, জনতাই সমস্যাৰ পৰাও মুক্তি পাইছে৷ তেওঁলোকৰ জীৱনো সহজ হৈ পৰিছে৷ মোক কোৱা হৈছে যে পূৰ্বতে ধেমাজি, লখিমপুৰ আৰু অৰুণাচল প্ৰদেশৰ অনেক জিলাৰ লোকে নাৱৰ মাধ্যমেৰে ব্ৰহ্মপুত্ৰ অতিক্ৰম কৰিছিল৷ নহ’লে পথ বা ৰে’লেৰে প্ৰায় গোটেই দিনটো যাত্ৰা কৰিছিল৷ বহুকেইখন ৰে’ল পৰিৱৰ্তন কৰিবলগীয়া হৈছিল৷ ভাই আৰু ভনীসকল, আজি যি ৰে’লক সেউজীয়া পতাকা দেখুওৱা হৈছে, ১৪টা দবাৰ এই পোনপটীয়া ৰে’লে সমগ্ৰ অঞ্চলটোকে পৰিৱৰ্তন কৰিব৷ যি সপোন দেখি বহু কেইটা প্ৰজন্ম পাৰ হৈ গ’ল সেই সপোন আজি পূৰণ হৈছে৷ এতিয়া দিল্লী, মুম্বাই, কলিকতা, বেংগালুৰু যোৱাৰ বাবে ইয়াৰ লোকে গুৱাহাটী হৈ যোৱাৰ প্ৰয়োজন নাই৷ স্বাস্থ্য সুবিধাই হওক, পঢ়া-শুনাই হওক, নিয়োজনেই হওক, ব্যৱসায়েই হওক, এতিয়া ডিব্ৰুগড় উত্তৰ পূৰ্বাঞ্চলৰ এক বৃহৎ কেন্দ্ৰ হৈ উঠিছে৷ ইয়ালৈ লক্ষাধিক লোকে প্ৰয়োজনবশতঃ আহিবলগীয়া হয়৷ বিশেষকৈ গুৰুতৰ ৰোগৰ পৰিস্থিতিত দিনটোৰ যাত্ৰাই কিদৰে জীৱনত প্ৰভাৱ পেলাব পাৰে সেয়া আপোনালোকে ভালদৰেই জানে৷

বন্ধুসকল, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়, চিকিৎসালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৰে সুবিধা এতিয়া উত্তৰ পাৰৰ বাসিন্দাসকলৰ বাবে, যুৱ বন্ধুসকলৰ বাবে মিনিটৰ দূৰত্ব হিচাপে সুনিশ্চিত হৈছে৷ এই ব্যাপক সুবিধাৰ বাবে আপোনালোক সকলোকে, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ জনতাক, সমগ্ৰ দেশৰ জনতাক পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ৷

এই দলঙৰ নিৰ্মাণৰ সৈতে জড়িত সমূহ অভিযন্তা তথা শ্ৰমিক বন্ধুসকলক মই প্ৰশংসা কৰিছোঁ যিয়ে দিন-ৰাতিয়ে প্ৰতিকূল পৰিবেশতো এই দলঙৰ বাবে কাম কৰিছে৷ আপোনালোক সকলোকে অশেষ অভিনন্দন৷

ভাই আৰু ভনীসকল, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাবে এয়া দুগুণ অভিনন্দনৰ দিন কাৰণ দেশৰ সকলোতকৈ বৃহৎ পথ দলং আৰু ৰেল দলং দুয়োখনেই অসমৰ ভূমিত স্থাপন হৈছে৷ এয়া মোৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত কেন্দ্ৰ চৰকাৰৰ সৌভাগ্য যে দেশৰ আন্তঃগাঁথনিৰ এই দুয়োটা গুৰুত্বপূৰ্ণ প্ৰকল্প সম্পূৰ্ণ কৰাৰ অৱকাশ আমি লাভ কৰিছোঁ৷

যোৱা বৰ্ষত মে’ মাহত শদিয়াত ভূপেন হাজৰিকা দলঙৰ লোকাৰ্পণ কৰিবলৈ আহিছিলো৷ আজি বগীবিলত মই আপোনালোকৰ মাজত আছোঁ৷ ভাই আৰু ভনীসকল, বিগত চাৰে চাৰি বছৰত এয়া ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত তৃতীয়খন দলং৷ স্বাধীনতাৰ পৰা ৬০-৭০ বছৰৰ পিছত ব্ৰহ্মপুত্ৰৰ ওপৰত তিনিখন দলং নিৰ্মাণ কৰা হ’ল৷ ৬০-৭০ বছৰত মাত্ৰ তিনিখন দলং৷ আৰু বিগত চাৰে চাৰি বছৰত আমিও তিনিখন দলং নিৰ্মাণ কৰিছে৷ পাঁচখন নতুন দলঙৰ নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ যেতিয়া গোটেই কেইখন দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’ব তেতিয়া ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ মাজত যোগাযোগ ব্যৱস্থা সুদৃঢ় হ’ব৷ খাদ্য উদ্যোগ তথা অন্য ব্যৱসায়সমূহৰ এক নতুন অধ্যায় উন্মোচিত হ’ব৷

ভাই আৰু ভনীসকল, সম্ভৱতঃ আজি ইয়াত এনে লোকৰো আগমন হৈছে যি ১৬ বৰ্ষ পূৰ্বে অটলজী অহাৰ সময়তো আহিছিল৷ তেতিয়াৰ পৰা এতিয়ালৈ সম্পূৰ্ণ এটা প্ৰজন্মৰ পৰিৱৰ্তন হৈছে৷ সঁচাকৈয়ে আপোনালোকে দীঘলীয়া সময় অপেক্ষা কৰিলে, ধৈৰ্য্য ধৰিলে৷ বন্ধুসকল, আপোনালোকৰ দীৰ্ঘসময়ৰ আহ্বানৰ পিছত এই দলঙৰ সৈতে জড়িত প্ৰক্ৰিয়াসমূহ দুই দশক পূৰ্বে আৰম্ভ হৈছিল কিন্তু সত্য এয়াই যে ইয়াৰ নিৰ্মাণ অটলজীৰ অটল প্ৰয়াসৰ ফলতেই আৰম্ভ হৈছে৷ কিন্তু এয়া দুৰ্ভাগ্য যে ২০০৪ চনত অটলজীৰ চৰকাৰ নাথাকিল আৰু তেওঁ সূচনা কৰা বিভিন্ন প্ৰকল্পৰ দৰেই উত্তৰ পূৰ্বাঞ্চলৰ এই গুৰুত্বপূৰ্ণ প্ৰকল্পও থমকি ৰ’ল৷ ভাই আৰু ভনীসকল, আপোনালোক সাক্ষী আছে যে ২০১৪ চনলৈ ইয়াত কেইটামান আধৰুৱা স্তম্ভৰ বাদে একো দেখিবলৈ পোৱা নগৈছিল৷ কিন্তু ২০১৪ চনত যেতিয়া আমাৰ চৰকাৰ শাসনলৈ আহিল তেতিয়া এই দলঙৰ আধৰুৱা কাম সমাপ্ত কৰা হ’ল৷ ইয়াত কোনো সন্দেহ নাই যে যদি অটলজীৰ চৰকাৰ পুনৰ শাসনলৈ আহিলহেঁতেন তেতিয়া ২০০৭-২০০৮ চন মানত ইয়াৰ লোকাৰ্পণ হৈ গ’লহেঁতেন৷ কিন্তু ইয়াৰ পিছত যিখন চৰকাৰ কেন্দ্ৰলৈ আহিল তেওঁলোকে আপোনালোকৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্বই নিদিলে৷

২০১৪ চনত আমাৰ চৰকাৰ গঠন হোৱাৰ পিছত আমি প্ৰকল্পৰ বাধাসমূহ দূৰ কৰিলো আৰু গতি প্ৰদান কৰিলো আৰু প্ৰায় ৬ হাজাৰ কোটি টকাৰ ব্যয়েৰে এই বগীবিলৰ দলং জনতাৰ সেৱাৰ বাবে আজি সমৰ্পিত কৰা হ’ল৷ অটলজীৰ জন্ম দিৱসত তেওঁৰ এই সপোন পূৰণ কৰি কৃতজ্ঞ ৰাষ্ট্ৰই আজি তেওঁক উত্তম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷ পূৰ্বোত্তৰৰ জনতাই আজি এই উপহাৰ পোৱা দেখি তেওঁ আজি য’তেই আছে ত’তেই তেওঁৰ আত্মাই শান্তি পাইছে, সন্তোষিত হৈছে৷ এইযে আপোনালোকৰ মুখমণ্ডলত যি প্ৰসন্নতা দেখিবলৈ পোৱা গৈছে, সেয়া দেখি তেওঁৰ আত্মা অধিক প্ৰফুল্লিত হৈছে৷

বন্ধুসকল, পূৰ্বৰ চৰকাৰৰ পৰিচয় যদি ওলমা প্ৰকল্প হয় তেন্তে আমাৰ চৰকাৰৰ পৰিচয় হ’ল পৰিবহণৰ পৰা পৰিৱৰ্তন আৰু দেশে লাভ কৰা পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনি৷ ১২ লাখ কোটিৰ ব্যয়তকৈও অধিক এনে শতাধিক প্ৰকল্প আমি সন্ধান কৰি উলিয়াইছো যি বহু বৰ্ষ ধৰি স্তব্ধ হৈ আছিল অথবা যি ধীৰ গতিত চলি আছিল৷ যদি এইসমূহ পুৰণি গতিত ৰূপায়ণ হ’লহেঁতেন তেন্তে অনাগত দশকটোও পাৰ হৈ গ’লহেঁতেন৷ আজি সুশাসন দিৱসত মই গৰ্বেৰে ক’ব খোজো যে ওলমাই থোৱা, ভ্ৰমিত কৰা সেই পুৰণি কাৰ্য-সংস্কৃতি আমি সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিছোঁ৷ এইবাবেই দেশৰ আন্তঃগাঁথনি ক্ষেত্ৰই নতুন গতি লাভ কৰিছে৷

যোৱা বৰ্ষত এনেদৰেই ওলমাই থোৱা মিজোৰামৰ দ্বিৰাল হাইড্ৰ’ পাৱাৰ প্ৰকল্প, ছিক্কিমৰ বিমানবন্দৰৰ লোকাৰ্পণো শেহতীয়াকৈ কৰা হৈছে৷ এনেকুৱা অনেক প্ৰকল্প সম্পূৰ্ণ কৰা হৈছে, অন্যসমূহৰ ওপৰতো দ্ৰুত গতিত কাম চলিবলৈ ধৰিছে৷

বন্ধুসকল, আজি নিৰ্ধাৰিত সময়ত, নিৰ্ধাৰিত ব্যয়তেই প্ৰকল্প পূৰণ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে৷ এতিয়া সময়সীমা কেৱল কাগজতেই আৱদ্ধ নহয়, চৰকাৰী কাম-কাজৰো সংস্কাৰ কৰা হৈছে৷ মই অসমৰ সোণোৱাল চৰকাৰৰ সমূহ দলটোক অভিনন্দন জনাইছোঁ কিয়নো তেওঁলোকে এই সংস্কাৰক সন্মান প্ৰদৰ্শন কৰিছে৷

অসমত এনেকুৱা অনেক প্ৰকল্প বৰ্ষজুৰি আধৰুৱা হৈ পৰি আছিল যি এতিয়া সম্পূৰ্ণ কৰা হৈছে বা সম্পূৰ্ণ হোৱাৰ পথত৷ ৩ হাজাৰ কোটি টকাতকৈও অধিক ব্যয়েৰে প্ৰায় ৭০০ কিলোমিটাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ চাৰে চাৰি বছৰত সম্পূৰ্ণ হৈছে৷ প্ৰায় ৬ হাজাৰ কোটিৰ এক ডজনতকৈও অধিক ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকল্পৰ ওপৰত কাম দ্ৰুত গতিত সম্পন্ন হ’বলৈ ধৰিছে৷ নতুন বিমানবন্দৰ টাৰ্মিনেলেই হওক, ৰে’ল লাইনৰ বৈদ্যুতিকীকৰণেই হওক বা চিৰি লগোৱাৰ কামেই হওক, গুৱাহাটী তিনিচুকীয়া গেছ পাইপলাইনেই হওক, গুৱাহাটীত এইমছেই হওক, ধেমাজিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানেই হওক, এনেকুৱা অনেক প্ৰকল্পৰ ওপৰত হয়তোবা কাম সম্পূৰ্ণ কৰা হৈছে অথবা অতি শীঘ্ৰেই সমাপ্তিৰ পথত৷ দ্ৰুত ইণ্টাৰনেট সেৱা সুনিশ্চিত কৰা আন্তঃৰাষ্ট্ৰীয় ছাবমেৰিন কেব’লো ত্ৰিপুৰা আহি পাইছে আৰু অতি শীঘ্ৰেই অসম আহি পাব৷ ইয়াৰ দ্বাৰা ডিজিটেল সেৱা অধিক শক্তিশালী হ’ব৷

বন্ধুসকল, মই এয়া স্পষ্টভাৱে জানো যে পূব ভাৰতৰ উন্নতি হ’লেহে সমগ্ৰ ভাৰতৰ উন্নতি হ’ব৷ যেতিয়া পূব ভাৰত শক্তিশালী হ’ব তেতিয়াহে সমগ্ৰ ভাৰত শক্তিশালী হ’ব৷ উত্তৰ-পূব পূব ভাৰতৰ অভিন্ন অংগ আৰু সেইবাবে আন্তঃগাঁথনিৰ বিস্তাৰ অসমৰ সৈতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতেই হৈছে৷ সমগ্ৰ উত্তৰ পূবত প্ৰায় ৭০ হাজাৰ কোটি টকা ব্যয়েৰে প্ৰায় চাৰে পাঁচ হাজাৰ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম চলিবলৈ ধৰিছে৷ ইয়াৰে প্ৰায় আঢ়ৈ হাজাৰ কিলোমিটাৰৰ কাম সম্পূৰ্ণ হৈছে৷ ১ হাজাৰ কিলোমিটাৰতকৈও অধিক পথ আন্তঃৰাষ্ট্ৰীয় সংযোগ এক্ট ইষ্ট প’লিচীৰ ওপৰত গুৰুত্ব প্ৰদান কৰি নিৰ্মাণ কৰা হৈছে৷ ইয়াৰ দ্বাৰা প্ৰায় ৮০০ কিলোমিটাৰ পথত কোনোবা নহয় কোনোবা ধৰণৰ কাম চলি আছে৷ আনহাতে ৰে’লৰ সংযোগৰ কথা ক’বলৈ গ’লে অনাগত দুই তিনিটা বৰ্ষৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাজধানীলৈ ব্ৰ’ডগ’জেৰে সংযোগ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ প্ৰায় ৪৭ হাজাৰ কোটি টকা ব্যয়েৰে ১৫টা নতুন ৰে’ল লাইনৰ নিৰ্মাণ হ’বলৈ ধৰিছে৷ প্ৰায় ১ হাজাৰ কিলোমিটাৰ ৰে’ল পথ অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় সকলো ৰে’লপথক ব্ৰ’ডগ’জলৈ ৰূপান্তৰিত কৰা হৈছে৷ পূৰ্বতে উত্তৰ পূৰ্বাঞ্চলত প্ৰতিটো বৰ্ষত প্ৰায় ১০০ কিলোমিটাৰ ৰে’ল পথ নিৰ্মাণ কৰা হৈছে অথবা চিৰি লগোৱা কাম হৈছিল, আনহাতে বিগত চাৰে চাৰি বছৰত ৩৫০ কিলোমিটাৰ পথ প্ৰতিটো বৰ্ষতে নিৰ্মাণ কৰা হৈছে অথবা ব্ৰ’ডগ’জলৈ ৰূপান্তৰিত কৰা হৈছে৷ এয়াই নহয়, ১৯টা জলপথ অৰ্থাৎ নদীপথৰ ওপৰতো কাম চলি আছে৷ ইয়াত অসমতো ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ জৰিয়তে চিটগাঁও আৰু মংগলা বন্দৰলৈ আন্তঃদেশীয় জলপথ নিৰ্মাণ কৰা হৈছে৷

ভাই আৰু ভনীসকল, আন্তঃগাঁথনিৰ উপৰিও দেশৰ জনসাধাৰণৰ জীৱনৰ স্তৰ ঊৰ্ধগামী কৰাৰ বাবে যি যোজনা কেন্দ্ৰ চৰকাৰে প্ৰণয়ন কৰিছে সেয়া অসমৰ চৰকাৰে গতি প্ৰদান কৰিছে৷ ইয়াৰ পৰিণামস্বৰূপে শিশুসকলৰ অধ্যয়ন, তৰুণ প্ৰজন্মৰ উপাৰ্জন, জনতাৰ আহ্বান অসমত সুনিশ্চিত হ’বলৈ ধৰিছে৷ উজ্বলা যোজনাৰ অধীনত প্ৰায় ২৪ লাখ গেছৰ সংযোগ অসমৰ দুখীয়া ৰাইজক প্ৰদান কৰা হৈছে আৰু ইয়াৰ ফলস্বৰূপে চাৰে চাৰি বছৰৰ পূৰ্বে অসমৰ ৪০ শতাংশ গেছ সংযোগৰ পৰা বৃদ্ধি হৈ এতিয়া প্ৰায় ৮০ শতাংশ হৈছে৷ স্বচ্ছ ভাৰত অভিযানৰ অধীনত প্ৰায় ৩২ লাখ শৌচালয় অসমত নিৰ্মাণ কৰা হৈছে৷ ইয়াৰ দ্বাৰা কেৱল চাৰে চাৰি বছৰতেই স্বচ্ছতাৰ পৰিসৰ ৩৮ শতাংশৰ পৰা বৃদ্ধি হৈ ৯৮ শতাংশ পৰ্যন্ত হৈছে৷ সৌভাগ্য যোজনাৰ অধীনত বিগত এটা বৰ্ষত অসমৰ ১২ লাখতকৈও অধিক পৰিয়ালক বিনামূলীয়া বিদ্যুতৰ সংযোগ প্ৰদান কৰা হৈছে৷ ইয়াৰ দ্বাৰা অসমত বৈদ্যুতিকীকৰণৰ পৰিসৰ ৫০ শতাংশৰ পৰা বৃদ্ধি হৈ এতিয়া প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ হৈছে৷ আপোনালোকে সেই স্থিতি স্মৰণ কৰক যেতিয়া চাহবাগানত কাম কৰা ভাই-ভনীসকলক বেংক একাউণ্টো নাছিল৷ জন ধন যোজনাৰ অধীনত ৭ লাখ কৰ্মচাৰীৰ বেংক একাউণ্ট খোলা হৈছে৷ যদি মই সমগ্ৰ অসমৰ কথা কওঁ তেতিয়া ৰাজ্যত প্ৰায় ডেৰ কোটি জন ধন একাউণ্ট কেৱল আমাৰ চৰকাৰেই খুলিছে৷ এই সমগ্ৰ যোজনা, সংস্কাৰ আৰু আপোনালোক সকলোৰে সহযোগিতা তথা আশীৰ্বাদৰ দ্বাৰা সফলতাৰ দিশত অগ্ৰসৰ হৈছে৷

বন্ধুসকল, দুখীয়াৰ, শোষিতৰ, বঞ্চিতৰ যদি সকলোতকৈ অধিক লোকচান কৰে তেন্তে সেয়া হ’ল ভ্ৰষ্টাচাৰ, মধ্যবিত্ত পৰিয়ালৰ ওপৰত যদি সকলোতকৈ অধিক বোজা নিক্ষেপ কৰে তেন্তে সেয়া হ’ল ভ্ৰষ্টাচাৰ৷ দেশৰ বিকাশৰ যাত্ৰা স্তব্ধ কৰে যদি সেয়া হ’ল ভ্ৰষ্টাচাৰ৷ ভ্ৰষ্টাচাৰে দুখীয়াৰ অধিকাৰ কাঢ়ি নিয়ে, সমস্যাৰ সৃষ্টি কৰে৷ সেয়ে বিগত চাৰে চাৰি বছৰত আমাৰ চৰকাৰে এফালে দুখীয়াক অধিকাৰ প্ৰদান কৰাৰ লগতে আনফালে ক’লা ধন আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে সম্পূৰ্ণ শক্তিৰে যুদ্ধত নামি পৰিছে৷

ভাই আৰু ভনীসকল, এফালে আমাৰ চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এক কোটি পঁচিশ লাখতকৈও অধিক দুখীয়া লোকক গৃহ প্ৰদান কৰিছে, আনহাতে বেনামী সম্পত্তি আইনৰ অধীনত ভ্ৰষ্টাচাৰীসকলৰ পাঁচ হাজাৰ কোটিৰ বঙলা আৰু গাড়ী জব্দ কৰিছে৷ এফালে আমাৰ চৰকাৰে তৰুণ প্ৰজন্মৰ বাবে কেৱল এদিনতে নতুন উদ্যোগৰ পঞ্জীয়নৰ সুবিধা প্ৰদান কৰিছে আৰু আনহাতে ভ্ৰষ্টাচাৰৰ প্ৰধান শিপা চাৰে তিনিলাখতকৈও অধিক দুৰ্নীতিগ্ৰস্ত উদ্যোগসমূহক ৰদ কৰাৰ কামো আমি কৰিছো৷ এফালে চৰকাৰে মহিলা, তৰুণ প্ৰজন্মক স্ব-নিয়োজনৰ বাবে মুদ্ৰা যোজনাৰ অধীনত বিনা বেংক গেৰাণ্টীৰে সাত লাখ কোটি টকাৰ ঋণ প্ৰদান কৰিছে আৰু আনহাতে পূৰ্বৰ চৰকাৰে বেংকৰ যি লাখ-কোটি টকা ফচাই থৈছিল তাকে তিনি লাখ কোটি টকা আমাৰ চৰকাৰে ঘূৰাই আনিছে৷ এফালে আমাৰ চৰকাৰে আয়ুষ্মান ভাৰত যোজনাৰ অধীনত দুখীয়াক পাঁচ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা প্ৰদান কৰিছে আৰু আনফালে চিকিৎসা খণ্ডত ভ্ৰষ্টাচাৰ সমাপ্ত কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷

বন্ধুসকল, চাৰি বছৰ পূৰ্বে কোনেও ভাবিব পৰা নাছিল যে হেলিকপ্টাৰ দুৰ্নীতিৰ সকলোতকৈ ডাঙৰ দোষীক ভাৰতৰ কাৰাগাৰলৈ ইমান সোনকালে অনা হ’ব, এয়া কোনেও ভাবিব পৰা নাছিলো৷ কিন্তু এই দোষীত ভাৰতলৈ অনাৰ কাম আৰু আইনৰ হাতত প্ৰত্যৰ্পণ কৰাৰ কামো আমাৰ চৰকাৰে সাহসেৰে ৰূপায়ন কৰিছে৷ এয়া আমাৰ চৰকাৰৰ কাম কৰা পদ্ধতি, এয়া আমাৰ কাৰ্য সংস্কৃতি৷

ভাই আৰু ভনীসকল, যেতিয়া ব্যৱস্থাত পাৰদৰ্শিতা পৰিলক্ষিত হয়, ভ্ৰষ্টাচাৰ নিৰ্মূল হয়, সুবিধা লাভ হয়, জীৱন সহজ হয় তেতিয়া তাৰ প্ৰভাৱ সকলো ক্ষেত্ৰতে পৰিলক্ষিত হয়৷ আমাৰ খেলসমূহতো ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে৷ আজি অসম সহিতে দূৰ-দুৰণিৰ গাঁও আৰু সৰু চহৰৰ সাধাৰণ পৰিয়ালৰ পৰা ওলাই অহা যুৱ প্ৰজন্মই দেশৰ নাম উজ্বলাবলৈ সমৰ্থ হৈছে৷ হীমা দাসৰ দৰে আমাৰ অনেক কন্যা, অনেক যুৱ বন্ধু নতুন ভাৰতৰ নতুন আত্মবিশ্বাসৰ প্ৰতীক হিচাপে পৰিচিত হৈছে৷

বন্ধুসকল, এই সকলো ব্যৱস্থাৰ পৰিৱৰ্তন, ব্যৱহাৰৰ পৰিৱৰ্তন আৰু উন্নত আন্তঃগাঁথনিৰ জৰিয়তে দেশৰ সৱলীকৰণ কৰাৰ কাম আগবাঢ়িব ধৰিছে৷ আজি দেশত ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ ভিত্তিত পথ, বিদ্যালয়, চহৰ, গাঁও, সিঞ্চন আৰু বিজুলী প্ৰকল্পৰ ওপৰত দ্ৰুত গতিত কাম হ’বলৈ ধৰিছে৷ অনাগত বৰ্ষসমূহত যেতিয়া এই ব্যৱস্থাসমূহ প্ৰস্তুত হৈ উঠিব তেতিয়া নতুন ভাৰতৰ ভব্য প্ৰতিচ্ছবি বিশ্বৰ সন্মুখত প্ৰকট হৈ উঠিব৷

বন্ধুসকল, অটলজীয়ে যদি একবিংশ শতিকাৰ আৰম্ভণিতে দেশৰ ভেঁটি শক্তিশালী কৰিছিল, আমি সেই ভেঁটিত এক দিব্য-ভব্য, নতুন ভাৰতৰ নিৰ্মাণৰ বাবে প্ৰয়াস কৰি আছোঁ৷ ভাই আৰু ভনীসকল, অসমৰ জনতাই, দেশৰ জনতাই আমাক সেৱা প্ৰদানৰ যি সৌভাগ্য প্ৰদান কৰিছে, সেয়া আমাৰ চৰকাৰে সম্পূৰ্ণ নিষ্ঠাৰে পূৰ্ণ কৰাৰ প্ৰয়াস কৰি আছে৷ আমি সম্বন্ধৰ বাবে নহয় দেশ আৰু সমাজৰ বাবে খপি আছোঁ৷ মোৰ সম্পূৰ্ণ বিশ্বাস যে আপোনালোকৰ আশীৰ্বাদৰ দ্বাৰা আমি আই অসমী তথা ভাৰত মাতাক নতুন উচ্চতালৈ লৈ যাম৷ পুনৰবাৰ আপোনালোকক বগীবিল দলঙৰ দৰে অত্যাধুনিক সুবিধাৰ বাবে অশেষ শুভকামনা জনাইছোঁ৷ আপোনালোকে ইয়াত বৃহৎ সংখ্যাত উপস্থিত হৈছে, আশীৰ্বাদ দিছে আৰু ইয়াৰ বাবে মই শিৰ দোৱাই সকলোকে সেৱা জনাইছোঁ৷

বহুত বহুত ধন্যবাদ৷

দুয়োহাত ওপৰলৈ উঠাই মোৰ সৈতে সম্পূৰ্ণ শক্তিৰে কওক-

ভাৰত মাতাৰ জয়৷

ভাৰত মাতাৰ জয়৷     

ভাৰত মাতাৰ জয়৷     

ভাৰত মাতাৰ জয়৷

বহুত বহুত ধন্যবাদ৷

***

अतुल कुमार तिवारी/वंदना जाटव/बाल्‍मीकि महतो/तारा/ममता/मन