পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে আই ডি বি আই বেংকত চৰকাৰৰ ৪,৫৫৭ কোটি টকা বিনিয়োগত অনুমোদন প্ৰদান কৰিছে৷
ইয়াৰ জৰিয়তে আই ডি বি আই বেংক কাৰ্যক্ষম হৈ উঠাৰ লগতে ই পুনৰ লাভৰ দিশলৈ ঘূৰি আহিব আৰু এই বিনিয়োগ পুনৰুদ্ধাৰ হোৱাৰ বাবে চৰকাৰক সময়ো প্ৰদান কৰিব পাৰিব৷
আই ডি বি আই বেংকৰ লীগেচী বুকত প্ৰক্ৰিয়া সম্পন্নকৰণৰ বাবে একক সময়ৰ বিনিয়োগৰ প্ৰয়োজন৷ বেংকটোৱে ২০১৮ চনৰ জুনৰ ১৮.৮ শতাংশ এন পি এক ২০১৯ চনৰ জুন মাহত ৮ শতাংশলৈ হ্ৰাস কৰাত সফলতা লাভ কৰিছে৷ ইয়াৰ শ্বেয়াৰ হ’ল্ডাৰসকলৰ পৰা ইয়াৰ বাবে পুঁজি প্ৰাপ্ত কৰা হ’ব৷ এল আই চি ৫১ শতাংশ স্তৰত আছে আৰু ইয়াক বীমা নিয়ামকৰ দ্বাৰা উচ্চ স্তৰলৈ প্ৰেৰণ কৰাৰ বাবে অনুমতি প্ৰদান কৰা হোৱা নাই৷ আৱশ্যকীয় ৯,৩০০ কোটি টকাৰ পৰা এল আই চিয়ে ৫১ শতাংশ (৪,৭৪৩ কোটি টকা) প্ৰদান কৰিব৷ বাকী ৪৯ শতাংশ ধনৰাশি (৪,৫৫৭ কোটি টকা) শ্বেয়াৰ হিচাপত চৰকাৰে প্ৰদান কৰিব৷ এই বিনিয়োগৰ পিছত আশা প্ৰকাশ কৰা হৈছে যে আই ডি বি আই বেংকে নিজে প্ৰতিষ্ঠিত হোৱাত আৰু অধিক পুঁজি একত্ৰীকৰণ কৰাত সক্ষম হৈ পৰিব৷ আগন্তুক বৰ্ষত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰম্পট কাৰেক্টিভ একচন (পি চি এ)ৰ পৰাও মুক্ত হৈ পৰিব বুলি আশা প্ৰকাশ কৰা হৈছে৷
পৃষ্ঠভূমিঃ
২০১৮ চনৰ আগষ্টত কেবিনেটৰ অনুমোদন লাভ হোৱাৰ পিছত এল আই চিয়ে আই ডি বি আই বেংকৰ ৫১ শতাংশ অংশীদাৰীত্ব লাভ কৰিছিল৷ ইয়াৰ প্ৰম’টাৰ হ’ল চৰকাৰ আৰু চৰকাৰৰ ওচৰত ৪৬.৪৬ শতাংশৰ অংশীদাৰীত্ব আছে৷
*****
VRRK/PK/SH/MANN