পি এম ইণ্ডিয়া
মোৰ শ্ৰদ্ধাৰ দেশবাসী, আপোনালোকক নমস্কাৰ।
কিছুসময় আগতে কৰ্ণাটকৰ বালমিত্ৰৰ সৈতে পৰোক্ষ সংবাদৰ সূযোগ পালো। টাইমছ গ্ৰুপৰ ‘বিজয় কৰ্ণাটক’ বাতৰিকাকতে শিশু দিৱস উপলক্ষে এক কাৰ্যসূচী লৈছিল, য’ত তেওঁলোকে শিশুসকলক প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। তাৰে কেইখনমান নিৰ্বাচিত পত্ৰ তেওঁলোকে ছপা কৰে। মই সেই পত্ৰসমূহ পঢ়ি যথেষ্ট সুখ অনুভৱ হ’ল। এই কন কন শিশুসকলো দেশৰ সমস্যা তথা চৰ্চিত বিষয়ৰ সৈতে পৰিছিত। বিভিন্ন বিষয়ৰ সন্দৰ্ভত শিশুসকলে লিখিছে। উত্তৰ কন্নৰৰ কীৰ্তি হেগড়েই Digital India আৰু Smart City প্ৰকল্পৰ প্ৰশংসা কৰি তেওঁ পৰামৰ্শ দিয়ে যে বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা থকা বুলি কয়। তেওঁ লগতে কয় যে আজি কালি শিশুৱে শ্ৰেণী কোঠাত বন্দী হৈ শিক্ষাগ্ৰহণ কৰাৰ সলনি প্ৰকৃতিৰ বিষয়ে জানিব ভাল পায়। যদি শিশুক প্ৰকৃতিৰ বিষয়ে শিক্ষা প্ৰদান কৰা হয়, তেন্তে পৰিৱেশ সুৰক্ষাত কামত আহিব।
লক্ষ্মেশ্বৰাৰ ৰিডা নদাফে লিখিছে যে তেওঁ এগৰাকী সৈনিকৰ কন্যা আৰু তেওঁ এই কথালৈ গৌৰৱ অনুভৱ কৰে। দেশৰ প্ৰতিগৰাকী লোকেই সেনা সকলক লৈ গৌৰৱ কৰে। কালবুৰ্গীৰ ইৰফানা বেগমে লিখিছে যে তেওঁৰ বিদ্যালয়খন তেওঁৰ ঘৰৰ পৰা ৫ কিলোমিটাৰ দূৰৈত অৱস্থিত, যাৰ বাবে তেওঁ ঘৰৰ পৰা সোনকৈলে ওলাব লাগে আৰু আহোতে পলম হয়। তাৰ বাবে সমনীয়াৰ সৈতে খেলিবলৈ নাপায়, সেয়েহে তেওঁ ঘৰৰ কাষতে এখন বিদ্যালয় স্থাপন হোৱাটো বিচাৰে। এখন বাতৰি কাকতে লোৱা এই পদক্ষেপৰ বাবে মই এই পত্ৰসমূহ পঢ়িবলৈ পালো। এয়া মোৰ বাবে সুখৰ কথা।
মোৰ শ্ৰদ্ধাৰ দেশবাসী, আজি ২৬ নৱেম্বৰ। দেশত আজি এই দিনটো সংবিধান দিৱস হিচাপে পালন কৰা হয়। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই ভাৰত সংবিধান গ্ৰহণ কৰিছিল। ১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধানখন বলবৎ কৰা হয়। তাৰ বাবে এই দিনটো গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়। ভাৰতৰ সংবিধান আমাৰ গণতন্ত্ৰৰ আত্মাস্বৰূপ। আজিৰ দিনটো সংবিধান-সভাৰ সদস্যসকলক সোঁৱৰণ কৰা দিন। তেওঁলোকে ভাৰতৰ সংবিধান প্ৰস্তুত কৰিবলৈ তিনিবছৰ দিন পৰিশ্ৰম কৰিলে। বৈচিত্ৰতাপূৰ্ণ ভাৰতবৰ্ষৰ বাবে এখন সংবিধান প্ৰস্তুত কৰাটো কিমান কষ্টকৰ কাম কোনোবাই কল্পনা কৰিব পাৰে নে? এখন দেশে পৰাধীনতাৰ বান্ধোনৰ পৰা মুক্ত হোৱাৰ সময়তে উপযুক্ত সময়-সূযোগ আৰু দৰ্শন প্ৰয়োগ কৰি সংবিধান নিৰ্মাতাসকলে তেওঁলোকৰ চিন্তা-ধাৰাক প্ৰয়োগ কৰি নতুন ভাৰত গঢ়াত আমি সকলোৱে দায়িত্ব ল’ব লাগিব। আমাৰ সংবিধানখন অতি ব্যাপক। ইয়াত মানুহৰ বিভিন্ন দিশৰ পৰা প্ৰকৃতিৰো সকলো বিষয় তন্নতন্ন কৈ সন্মিৱিষ্ট কৰা হৈছে। সকলোৰে বাবে সমান আৰু সকলোৰে প্ৰতি সংবেদনশীল, এয়াই আমাৰ সংবিধানৰ পৰিচয়। এইখন সংবিধানে প্ৰতিগৰাকী দুখীয়া, দলিত, বঞ্চিত, আদিবাসী. মহিলা সকলোৰে সুৰক্ষা প্ৰদান কৰে। আমি এই সংবিধান আখৰে আখৰে পালন কৰিব লাগে। নাগৰিকেই হওঁক অথবা প্ৰশাসকেই হওঁক, সকলোৱে সংবিধান মানিহে আগবাঢ়িব লাগে। কোনেও কাকো কোনো ধৰণৰ ক্ষতি কৰিব নালাগে, এয়াই সংবিধানৰ বাৰ্তা। আজি সংবিধান দিৱসত ড০ বাবা চাহেব আম্বেদকাৰৰ কথা মনলৈ অহাটো স্বাভাৱিক। এই সংবিধান সভাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত ১৭খন বেলেগ বেলেগ সমিতি গঠন কৰা হৈছিল। ইয়াৰে ভিতৰত খচৰা সমিতি আটাইতকৈ গুৰুত্বপূৰ্ণ। ড০ বাবা চাহেব আম্বেদকাৰ এই খচৰা সমিতিৰ অধ্যক্ষ আছিল। তেওঁ এক গধুৰ দায়িত্ব পালন কৰিছিল। আজি আমি যিখন সংবিধানকলৈ গৌৰৱ কৰো, সেইখন প্ৰস্তুত কৰাত ড০ বাবা চাহেব আম্বেদকাৰৰ সু-নেতৃত্ব প্ৰতিফলিত হৈছে। তেওঁ সমাজৰ সকলো লোকৰে কল্যান সুনিশ্চিত কৰিছিল। ৬ ডিচেম্বৰত তেওঁৰ মহাপৰিনিৰ্বান দিৱস উপলক্ষে আমি সদায় তেওঁক স্মৰণ কৰো, প্ৰণিপাত জনাও। আমাৰ দেশক সমৃদ্ধিশালী আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত ড০ বাবা চাহেবৰ অৱদান উল্লেখযোগ্য। ১৬ ডিচেম্বৰত চৰ্দাৰ বল্লভ ভাই পেটেলৰ পুন্যতিথি। কৃষকৰ সন্তান হৈ দেশৰ লৌহ পুৰুষ হৈছিল চৰ্দাৰ পেটেল, যিজনে দেশখন একতাৰ দোলেৰে বান্ধিছিল। চৰ্দাৰ পেটেলো সংবিধান সভাৰ সদস্য আছিল। তেওঁ মৌলিক অধিকাৰ, মৌলিক কৰ্তব্য, সংখ্যালঘু আৰু আদিবাসীসকলৰ ক্ষেত্ৰত গঠন হোৱা উপদেষ্টা সমিতিৰো অধ্যক্ষ আছিল।
২৬ নৱেম্বৰ আমাৰ সংবিধান দিৱসৰ সমান্তৰালভাৱে এই দিনটোতে ৯ বছৰৰ পূৰ্বে মুম্বাইত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা ভয়াবহ আক্ৰমণৰ কথা কোনে পাহৰিব। দেশৰ সেই বাহাদুৰ নাগিৰক, আৰক্ষী আৰু সুৰক্ষাকৰ্মী, যিসকলে আক্ৰমণৰ বলি হ’ল, সকলোকে স্মৰণ কৰিছো। এই দেশে তেওঁলোকৰ ত্যাগক পাহৰিব নোৱাৰে। বিশ্বৰ সকলোতে সন্ত্ৰাসবাদে খোপনি পুতিছে আৰু দৈনিক অতি কমেও এটাকৈ ঘটনা সংঘটিত হৈছে। ভাৰতে বিগত ৪০ বছৰত সন্ত্ৰাসবাদৰ বাবে বহুত সহ্য কৰিবলগীয়া হৈছে। হাজাৰ হাজাৰ নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে। কিন্তু কেই বছৰমানৰ আগতে ভাৰতে যেতিয়া এই আতংকবাদৰ কথা বিশ্বৰ আগত চৰ্চা কৰিছিল, সন্ত্ৰাসবাদৰ ভয়াবহতাৰ কথা আলোচনী কৰিছিল, তেতিয়া একাংশ লোকে ইয়াক গভীৰভাৱে ল’বলৈ সাজু নাছিল। কিন্তু এতিয়া সন্ত্ৰাসবাদীয়ে তেওঁলোকক দুৱাৰৰ টোকৰ মৰাৰ পাছত. বিশ্বৰ সকলো চৰকাৰ, মানৱতাবাদক বিশ্বাস কৰাসকলে, গণতন্ত্ৰক বিশ্বাস কৰাসকলে সন্ত্ৰাসবাদক এক বৃহৎ প্ৰত্যহান হিচাপে প্ৰত্যক্ষ কৰিছে। সন্ত্ৰাসবাদে মানৱতাবাদক প্ৰত্যাহ্বান জনাইছে। সেইবাবে কেৱল ভাৰতেই নহয়, সমগ্ৰ বিশ্বই একেলগে ইয়াক প্ৰতিহত কৰিব লাগিব। ভগৱান বুদ্ধ, গুৰু নানক, মহাবীৰ, মহাত্মা গান্ধী সকলোৱেই এই পৃথিৱীৰে সন্তান, যিসকলে বিশ্বক অবিংসা আৰু প্ৰেমৰ বাণী বিলাইছিল। সন্ত্ৰাসবাদ আৰু উগ্ৰবাদে আমাৰ সামাজিক গাঁথনিক দুৰ্বল কৰাৰ লগতে ইয়াত বিভেদৰ সৃষ্টি কৰি আহিছে। সেইবাবেই মানৱতাবাদী শক্তিসমূহ অধিক সজাগ হৈ থাকিব লাগিব।
মোৰ শ্ৰদ্ধাৰ দেশবাসী,
৪ ডিচেম্বৰ দিনটো আমি সকলোৱে নৌ সেনা দিৱস পালন কৰো। ভাৰতীয় নৌ সেনাই আমাৰ সমুদ্ৰৰ উপকূলৰ ৰক্ষা কৰি আহিছে। মই নৌ সেনাৰ সৈতে জড়িত সকলোকে অভিনন্দ জ্ঞাপন কৰিছো। আমাৰ সভ্যতাবোৰ, যেনে- সিন্ধু, গংগা, যমুনা, সৰস্বতী ইত্যাদিৰ লগতে সমূদ্ৰৰ পাৰত গঢ় লৈ উঠিছে। আমাৰ জেশৰ ভূমিভাগৰ সৈতে মহাসাগৰৰ অটুট সম্বন্ধ আছে। ইতিহাসৰ পাত লুটিয়ালে দেখা যায় যে ৮০০-৯০০ বছৰৰ আগতে চোল বংশৰ শাসনকালত চোল নৌ সেনাক আটাইতকৈ শক্তিশালী নৌ সেনা হিচাপে পৰিগণিত আছিল। ছোল সাম্ৰাজ্য বিস্তাৰত এই নৌ সেনাৰ অভূতপূৰ্ব বৰঙণি আছে। বহু কম লোকে এই কথা জানে যে বিশ্বৰ অধিকসংখ্যক দেশত বহুত পাছত হে নৌ সেনাত মহিলাক নিযুক্তিত অনুমোদন জনাইছিল। কিন্তু চোলসকলৰ শাসনকালত ৮০০-৯০০ বছৰৰ আগতেই নৌ সেনাত মহিলাই মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। যুদ্ধতো মহিলাসকলে ভাগ লৈছিল। চোল শাসকসকল জাহাজ নিৰ্মাণত পাৰ্গত আছিল। নৌ সেনাৰ বিষয়ে আলোচনা কৰাৰ সময়ত চত্ৰপতি শিবাজী মহাৰাজ আৰু তেওঁৰ সামৰ্থক কোনে পাহৰিব পাৰে। শিবাজী সাম্ৰাজ্যৰ অন্তৰ্গত সিন্ধু দুৰ্গ, মুৰুন্দ জঞ্জীৰ, স্বৰ্ণ দুৰ্গ আদি সমুদ্ৰৰ তীৰত স্থাপিত যিবোৰ সাগৰে ঘেৰি আছিল। এইবোৰৰ সুৰক্ষাৰ দায়িত্বত আছিল মাৰাঠী নৌ-সেনা। মাৰাঠী নৌ-সেনাৰ ডাঙৰ ডাঙৰ জাহাজৰ পৰা সৰু সৰু নাও অসংখ্য আছিল। মাৰাঠী নৌ-সেনাই শত্ৰুৰ ওপৰত আক্ৰমণ আৰু উদ্ধাৰ অভিযানত অতি নিপুন আছিল। মাৰাঠী নৌ-সেনাৰ সন্দৰ্ভত আলোচনা কৰিলেই কানহোজী আংগ্ৰেৰ কথা মনলৈ আহে। তেওঁ মাৰাঠী নৌ-সেনাক এক নতুন মাত্ৰা প্ৰদান কৰিছিল আৰু বহু ঠাইত মাৰাঠী নৌ-সেনাক বন্দৰ স্থাপন কৰিছিল। স্বাধীনতাৰ পাছত আমাৰ নৌ বাহিনীয়ে কেইবাবাৰো-সেয়া গোৱা স্বাধীনতাই হওঁক অথবা ১৯৭১ৰ ভাৰত-পাকিস্তানৰ মাজত যুদ্ধই হওঁক-সকলোতে পৰাক্ৰম দেখুৱাবলৈ সক্ষম হৈছে। নৌ-সেনাৰ কথা পাতিলেই কেৱল যুদ্ধৰ প্ৰসংগ ওলাই যদিও আমাৰ দেশৰ নৌ-সেনাই কেতবোৰ মানৱতাৰ কামো কৰি আহিছে। চলিত বৰ্ষত বাংলাদেশ আৰু ম্যানমাৰত Cyclone Mora ৰ সংকটৰ সময়ত আমাৰ নৌ-সেনাই INS Sumitra জাহাজৰ জৰিয়তে ক্ষীপ্ৰতাৰে উদ্ধাৰ কাৰ্যত সহায় কৰিলে আৰু একাংশ মাছমৰীয়াক জীৱন্তে উদ্ধাৰ কৰি বাংলাদেশক গতায়। একেদৰে চলিত বৰ্ষত শ্ৰীলংকাত হোৱা ভয়ংকৰ বাৰিষাৰ সংকটৰ সময়ত আমাৰ নৌ-সেনাই তিনিখন জাহাজেৰে তাত গৈ চৰকাৰৰ উদ্ধাৰ অভিযানত সহায় কৰে। ছেপ্তেম্বৰত বাংলাদেশত দেখা দিয়া ৰোহিংগা সমস্যাৰ সময়ত আমাৰ নৌ-সেনাই Ins Ghadiyal (ঘৰিয়াল)ৰ জৰিয়তে সহায় কৰে। জুন মাহত Papua New Guinea ৰ চৰকাৰৰ আমন্ত্ৰণক্ৰমে তাৰ মাছমৰীয়াসকলৰ উদ্ধাৰ কৰাত ভাৰতীয় নৌ-সেনাই সহায় কৰিছিল। ২১ নৱেম্বৰত পশ্চিম ভূমধ্যসাগৰত ব্যৱসায়ী জাহাজৰ Piracy ঘটনাত আমাৰ নৌ-সেনাই INS Trikand (ত্ৰিকণ্ড)ৰ জৰিয়তে সহায় কৰিছিল। ফিজিকে ধৰি চুবুৰীয়া ৰাষ্ট্ৰসমূহক সহায়ৰ প্ৰয়োজন হ’লে ভাৰতীয় নৌ-সেনা মানৱীয়তাৰ খাতিৰত তাত গৈ উপস্থিত হয়গৈ। আমি আমাৰ সেনাবাহিনী-স্থল সেনা, নৌ-সেনা-বায়ু সেনাবাহিনীক লৈ গৌৰৱান্বিত আৰু সকলোৰে প্ৰতি শ্ৰদ্ধাশীল আৰু তেওঁলোকৰ সাহস, বীৰত্ব, শৌৰ্য, পৰাক্ৰম ত্যাগক সকলো দেশবাসীয়ে প্ৰণাম জনাও। এওঁলোকৰ ত্যাগৰ বাবেই ১০০ কোটি ভাৰতীয়ই সুখেৰে জীয়াই থাকিব পাৰিছে। প্ৰতি বছৰৰ ৭ ডিচেম্বৰত সেনা বাহিনীৰ পতাকা দিৱস পালন কৰা হয়। মই সুখী হৈছো যে এইবাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ১ৰ পৰা ৭ ডিচেম্বৰলৈ সেনা বাহিনীৰ সন্দৰ্ভত বিভিন্ন তথ্য তথা সজাগতা অনাৰ বাবে এক অভিযান হাতত লৈছে। দেশৰ সেনাৰ প্ৰতি সন্মানৰ ভাৱ জাগ্ৰত কৰাৰ এক প্ৰয়াস। এই উপলক্ষে আমি সেনাবাহিনীৰ পতাকা বিতৰণ কৰিব পাৰো। আপোনাৰ আশে-পাশে, চিনাকী যিসকল লোক সেনা বাহিনীৰ সৈতে জড়িত, তেওঁলোকৰ অভিজ্ঞতাক, সাহসক তথা তাৰ লগত জড়িত ভিডিঅ’ আৰু ছবি #armedforcesflagday (hashtag Armed Forces Flag Day)ত পোষ্ট কৰিব পাৰে। স্কুল, কলেজলৈ সেনা বাহিনীৰ লোকক মাতি, তেওঁলোকৰ পৰা সেনাৰ লগত জড়িত বিভিন্ন দিশৰ জ্ঞান ল’ব পাৰে। সেইবোৰে আমাৰ উঠি অহা প্ৰজন্মৰ প্ৰেৰণা যোগাব পাৰে। এক পুঁজি সংগ্ৰহ কৰি সেই ৰাশি সৈনিক কল্যান বোৰ্ডৰ মাধ্যমেৰে যুদ্ধত শ্বহীদ হোৱা পৰিয়াল, আহৰ সৈনিকৰ পুনৰসংস্থাপনৰ বাবে প্ৰদান কৰিব পাৰে। আৰ্থিক বৰঙণি দিয়াৰ বাবে আপোনালোকে বিভিন্ন তথ্য ksb.gov.in ৰ জৰিয়তে পাব পাৰে। অনলাইন যোগেও অনুদান আহবঢ়াব পাৰে। আহক এমি এনে এক পদক্ষেপ লওঁ যাৰ দ্বাৰা আমাৰ সেনা জোৱানসকলৰ মনোবল বৃদ্ধি পায়, তেওঁলোকৰ কল্যান সাধন হয়।
মোৰ শ্ৰদ্ধাৰ দেশবাসী, ৫ ডিচেম্বৰ ‘World Soil Day’। এই উপলক্ষে মই আমাৰ কৃষক ভাইসকলক কিছু কথা ক’ব বিচাৰিছো। পৃথিৱীৰ এক গুৰুত্বপূৰ্ণ অংশ হৈছে-ভূমি। আমি যিবোৰ খাও, সেয়া এই ভূমিৰ সৈতে জড়িত। আপোনালোকে কল্পনা কৰকছোন, যদি পৃথিৱীত ঊৰ্বৰ ভূমি নাথাকে তেতিয়া কি হ’লহেতেন। ভাবিলেই ভয় লাগে। ভূমি-গছ-গছনি নাথাকিলে মানৱ-জীৱন অসম্ভৱ নহয়নে? এনে পৰিস্থিতিত জীৱ-জন্তুৰ জীয়াই থকাতো অসম্ভৱ। আমাৰ সংস্কৃতি এই ক্ষেত্ৰত আগৰ পৰাই অতি চিন্তাশীল আৰু ভূমিৰ মহত্ব উপলব্ধি কৰে। আমাৰ সংস্কৃতিত খেতিৰ প্ৰতি, ভূমিৰ প্ৰতি ভক্তি আৰু আদৰ আছে। এফালে সংস্কৃতি প্ৰতি বিশ্বাস আৰু আনফালে বৈজ্ঞানিক পদ্ধতি, জীৱনৰ সৈতে জড়িত এই ব্যৱস্থা ইত্যাদি ভূমিৰ সৈতে পোষণ হৈ আছে। আমাৰ দেশৰ কৃষকসকলে দুয়োটাকে মহত্ব দিছে-ভূমিৰ প্ৰতি ভক্তি আৰু বৈজ্ঞানিক ব্যৱস্থাৰে ভূমিৰ সংৰচনা। আমি সকলোৱে এই বিষয় লৈ গৌৰৱ কৰো যে আমাৰ কৃষকসকল পৰম্পৰাৰ সৈতেও জড়িত আৰ আধূনিক বিজ্ঞানৰ প্ৰতি আগ্ৰহী। মই হিমাচলপ্ৰদেশৰ হমীৰপুৰ জিলাৰ টোহু গাওঁ, ভোৰঞ্জ ব্লক আৰু আৰু তাৰ কৃষকসকলৰ বিষয়ে শুনিছিলো। তাৰ কৃষকসকলে ব্যাপক হাৰত ৰাসা.ণিক সাৰ ব্যৱহাৰ কৰাৰ ফলত ধৰিত্ৰীৰ চেহেৰাই সলনি হৈ গ’ল। উৎপাদন কম হৈ গ’ল আৰু উপাৰ্জনো কমি আহিল। গাওঁখনৰ একাংশ সচেতন কৃষকে বিষয়টো গম্ভীৰভাৱে লৈ মাটি পৰীক্ষা কৰিলে বৈজ্ঞানিকৰ কথা মতে ৰাসায়নিক সাৰ, মাইক্ৰ নিউট্ৰিয়েণ্ট আৰু জৈৱিক সাৰ ব্যৱহাৰ কৰিলে। তাৰ পাছতে soil health কাৰ্ডৰ দ্বাৰা কৃষকে লাভ কৰা তথ্যৰে কৃষকসকল উপকৃত হ’ব ধৰিলে। ফলস্বৰূপে ২০১৬-১৭ বৰ্ষত ৰবি শস্যৰ উৎপাদন প্ৰতি একৰত ৩/৪গুণ বৃদ্ধি পালে। কৃষকসকলে প্ৰতি একৰ ভূমিত ৪-৬হাজাৰলৈকে উপাৰ্জন কৰিব ধৰিলে। ভূমিৰ গুণাগুনো বৃদ্ধি পালে। সাৰৰ ব্যৱহাৰ কম হোৱাৰ বাবে আৰ্থিক ৰাহি হ’ল। soil health card, মদ্ৰা-স্বাস্থ্য কাৰ্ডৰ পৰামৰ্শৰে যি পৰিণাম পাইছে তাৰ বাবে মনত আনন্দ অনুভল হৈছে। এতিয়া কৃষকসকলে অনুভৱ কৰিছে যে যদি ফচলৰ কথা চিন্তা কৰিব লাগে তেন্তে ধৰিত্ৰী মাৰো চিন্তা কৰিব লাগে আৰু মা ধৰিত্ৰীৰ কথা চিন্তা কৰিলে, আমাৰ কথাও ধৰিত্ৰী মায়ে কৰিব। ভূমিৰ গুণাগুন ভালদৰে জানিবলৈ দেশত ১০কোটিতকৈ অধিক লোকে soil health card বনাইছে। সকলো ধৰণৰ বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ পাছত এইটো নিশ্চিত হৈছে যে প্ৰয়োজনতকৈ অধিক মাত্ৰাত ইউৰিয়া ব্যৱহাৰ কৰাৰ ফলত ধৰিত্ৰী মাৰ ক্ষতি হয়। কৃষক এই ধৰিত্ৰীৰে পুত্ৰ, তেওঁলোকে ধৰিত্ৰী মাৰ বেমাৰ কেনেকৈ চাব পাৰে। এতিয়া সময় মাতৃ-পুত্ৰৰ এই সম্বন্ধক পুনৰ জাগ্ৰত কৰা। আমাৰ কৃষকসকলে এই সংকল্প ল’ব নোৱাৰে নে যে বৰ্তমান যিমান ইউৰিয়া ব্যৱহাৰ কৰিছে, ২০২২ চনত তাৰ পৰিমাণ আধাৰ কৰিম। এবাৰ ধৰিত্ৰী মাৰ সন্তানে এনে সংকল্প ল’লে, ধৰিত্ৰীৰ চেহেৰাই সলনি হৈ পৰিব, উৎপাদন বৃদ্ধি হ’ব। কৃষকৰ জীৱনৰো পৰিৱৰ্তন আৰম্ভ হ’ব।
গোলকীয় উষ্ণতা, জলবায়ু পৰিৱৰ্তনৰ কথা আমি সকলোৱে অনুভৱ কৰিছো। এটা সময় আছিল দীপাৱলীৰ পূৰ্বেই ঠাণ্ডা পৰিছিল। এতিয়া ডিচেম্বৰ আহি পালেহি তথাপি ঠাণ্ডা লাহে লাহে পৰিছে। ঠাণ্ডা পৰিলেই আমি বাহিৰ ওলাবলৈ ইচ্ছা নকৰো। আপোনালোকেও শুনি আচৰিত হ’ব যে মধ্যপ্ৰদেশৰ এগৰাকী ৮ বছৰীয়া দিব্যাংগ বালক তুষাৰে নিজৰ গাঁৱৰ মুকলি ঠাইত কৰা শৌচ চাফা কৰে। ইমান ব্যাপক কাম আৰু এটা শিশু, কিন্ত তেওঁৰ লক্ষ্য আৰু সংকল্প তেওঁতকৈ বহুগুনে অধিকে। ৮ বছৰীয়া মুকবধিৰ এই শিশুটিয়ে এটা সুহুৰি লৈ ৰাতিপুৱা ৫ বজাতে উঠি ঘৰে ঘৰে গৈ মুকলি ঠাইত শৌচ নকৰিবলৈ শিক্ষা দিব ধৰিলে। প্ৰতিদিনে ৩০-৪০ জন লোকৰ ঘৰলৈ গৈ স্বচ্চতাৰ শিক্ষা দিয়া এই শিশুটিৰ বাবে কুমহাৰী গাওঁ মুকলি ঠাইত শৌচমু্ক্ত হৈ পৰে। স্বচ্চতাৰ দিশত উদ্গনি যোগোৱা তুষাৰৰ এই কামে সকলোকে প্ৰেৰণা দিয়াৰ লগতে স্বচ্চতা কামৰ বাবে যে বয়সৰ কোনো সীমা নাই তাকে প্ৰতিপন্ন কৰিলে। শিশু, জ্যেষ্ঠ ব্যক্তি, মহিলা তথা পুৰুষ সকলোৰে বাবে স্বচ্চতা প্ৰয়োজন। আমাৰ দিব্যাংগ ভাই-ভনীসকলো দৃঢ়বিশ্বাসী, সামৰ্থবান, সাহসী আৰু সংকল্পবান। প্ৰতিক্ষণতে আমি কিবা নহয় কিবা এটা শিকিব পাৰো। আজি তেওঁলোকে সকলো ক্ষেত্ৰতে ভাল কাম কৰি আহিছে। ক্ৰীড়া, অন্যান্য প্ৰতিযোগিতা, সামাজিক আঁচনিত আমাৰ দিব্যাংগসকল পাছ পৰি নাথাকে। আপোনালোক সকলোৱে জানে যে আমাৰ দিব্যাংগ খেলুৱৈসকলে ৰিঅ’ অলিম্পিকত চমকপ্ৰদ প্ৰদৰ্শনেৰে ৪টা পদক জয় কৰিছিল আৰু Blind T-20 Cricket World Cup তো চেম্পিয়ন খিতাপ অৰ্জন কৰিছিল। কেইদিনমান আগতে উদয়পুৰত ৭০ সংখ্যক ৰাষ্ট্ৰীয় পেৰা-ছুইমিং প্ৰতিযোগিতা আয়োজন কৰা হৈছিল। দেশৰ বিভিন্ন স্থানৰ পৰা দিব্যাংগ ভাই-ভনীসকলে ইয়াত অংশগ্ৰহণ কৰি নিজা নিজা কৌশলৰ পৰিচয় দিছিল। তাৰে এগৰাকী হৈছে গুজৰাটৰ জিগৰ ঠাক্কৰ, যাৰ শৰীৰৰ ৮০% মাংসপেশী নথকা স্বত্তেও সাহস, সংকল্প আৰু পৰিশ্ৰমেৰে প্ৰতিযোগিতাত ১১ টা পদক জয় কৰে। ৭০সংখ্যক ৰাষ্ট্ৰীয় পেৰা-ছুইমিং প্ৰতিযোগিতাতো তেওঁ স্বৰ্ণ পদক জয় কৰিছিল। এই অনবদ্য প্ৰদৰ্শনৰ বাবে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে ২০২০ চনৰ পেৰালিম্পিকৰ বাবে তেওঁক মনোনীত কৰে আৰু গুজৰাটৰ গান্ধীনগৰত Center for Excellenceত অন্য ৩২ গৰাকী খেলুৱৈৰ সৈতে তেওঁকো প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। মই উদীয়মান খেলুৱৈ জিগৰ ঠাক্কৰক প্ৰণাম জনোৱাৰ লগতে শুভেচ্ছা জনাইছো। চৰকাৰে এই লোকসকলৰ বাবে বিশেষ সুবিধাৰ ব্যৱস্থা কৰিছে। দেশৰ প্ৰতিগৰাকী ব্যক্তি সবল হওঁক এয়াই আমাৰ প্ৰয়াস।
কেইদিনমান পাছতে ‘ঈদ-এ-মিলাদ-উন-নবী’ পৰ্ব পালন হ’ব। সেইদিনাই পয়গম্বৰ হজৰত মহম্মদ চাহাবৰ জন্ম হৈছিল। মই সকলো দেশবাসীক আন্তৰিক শুভকামনা জনাইছো আৰু মই আশা কৰো ঈদ এই পৰ্বই সমাজৰ শান্তি আৰু সদ্ভাৱনা বৃদ্ধি কৰাত আমাক সকলোকে নতুন প্ৰেৰণা যোগাব, নতুন শক্তি, নতুন সংকল্প লোৱাৰ সক্ষমতা প্ৰদান কৰিব।
(ফোন কল)
‘প্ৰধানমন্ত্ৰী ডাঙৰীয়া নমস্কাৰ, মই কানপুৰৰ পৰা নীৰজা সিঙে কৈছো। আপোনাৰ প্ৰতি মোৰ এক অনুৰোধ এই যে আপুনি গোটেই বছৰটোত ‘মন কী বাত’ত যিবোৰ কথা ক’লে তাৰে আটাইতকৈ ভাল ১০টা ভাল কথা আপুনি পুনৰ শ্বেয়াৰ কৰিবছোন। যাৰদ্বাৰা আমাৰ সকলোৰে সেই কথাবোৰ মনত পৰে আৰু কিবা এটা শিকিব পাৰো। ধন্যবাদ।
(ফোন কল শেষ)
আপোনাৰ কথা সঁচা যে ২০১৭ চন সম্পূৰ্ণ হৈ আহিছে আৰু ২০১৮ই দুৱাৰদলিত উপস্থিত হৈছেহি। আপুনি কোৱা কথাটোৰ লগতে মই কিছু যোগ দিব খুজিছো। আমাৰ গাওঁৰ জ্যেষ্ঠসকলে প্ৰায়ে কয় যে দুখ পাহিৰ যোৱা কিন্তু সুখ নাপাহৰিবা। এই কথাবোৰ আমি প্ৰচাৰ কৰিব লাগিব। আমিও ২০১৮ বৰ্ষটো ভাল হওঁক বুলি আগবঢ়াৰ সংকল্প লওঁ। আমি প্ৰায়ে বছৰৰ শেষত কি হ’ল, কি নহ’ল তাৰ লেখ-জোখ কৰো, বিশ্বৰ লোকসকলেও এনে মন্থন কৰে আৰু পৰৱৰ্তী বছৰৰ পৰিকল্পনা কৰে। আমাৰ ইয়াৰ সংবাদ মাধ্যমে বিগত বছৰবোৰৰ ৰোমাঞ্চক আৰু ভাল কাহিনীবোৰ পুনৰ প্ৰচাৰ কৰি তাক স্মৰণ কৰাৰ প্ৰয়াস কৰে। তাত নেতিবাচক-ইতিবাছক দুযোটাই থাকে। আপোনালোকেও পাৰ হৈ যোৱা ভাল খবৰবোৰ পুনৰ স্মৰণ কৰি আগন্তুক বৰ্ষটোত ভাল কৰাৰ পৰিকল্পনা কৰিবলৈ মন নাযায়নে? মই আপোনালোকক পৰামৰ্শ দিওঁ যে আপোনালোক সকলোৱে অতি কমেও ৫-১০টা ইতিবাচক খবৰ বিচাৰ কৰক, যিবোৰে আনে জানি শুভ বুদ্ধিৰ উদয় হয়। সেয়া লাগিলে ফটোৰ জৰিয়তে হওঁক, সৰু কাহিনীৰ জৰিয়তে হওঁক, গল্পৰ মাধ্যমত হওঁক, সৰু ভিডিঅ’ৰ জৰিয়তে হওঁক আপোনালোকে ২০১৮ বৰ্ষতোত ইতিবাচক বাতাবৰণ সৃষ্টি কৰো।
আহক, NarendraModi Appত, MyGovত অথবা social mediaত #PositiveIndiaৰ জৰিয়তে ইতিবাচক বিষয়বোৰ share কৰো। প্ৰেৰণা যোগোৱা ঘটনাবোৰ স্মৰণ কৰো। ভাল কথা স্মৰণ কৰিলে মন ভাল লাগে। এইবোৰে আমাক ভাল কাম কৰিবলৈ, শুভ সংকল্প ল’বলৈ শক্তি যোগায় যাৰ জৰিয়তে শুভ পৰিণামো পোৱা যায়। আহক, এইবাৰ #PositiveIndia চাও, আমি সকলোৱে মিলি সুন্দৰৰূপত positive vibe generate কৰি অনাগত দিনক স্বাগত কৰো। এই সামূহিক প্ৰচেষ্টাৰ শক্তি আৰু ইয়াৰ প্ৰভাৱ আমি চকুৰ আগত দেখিবলৈ পাম। মই পৰৱৰ্তী ‘মন কী বাত’ত এই আপোনালোকে #PositiveIndia পঠোৱা ইতিবাচক দিশবোৰ দেশবাসীৰ মাজত জনোৱাৰ প্ৰয়াস কৰিম।
মোৰ শ্ৰদ্ধাৰ দেশবাসী, অহা মাহত পৰৱৰ্তী ‘মন কী বাত’ত আপোনালোকক পুনৰ লগ পাম। বহুত কথা পতাৰ সূযোগ পাম। সকলোকে বহুত বহুত ধন্যবাদ।
***
AKT/AK/DB
A few days back, students from Karnataka wrote to me. I was very happy to read their letters on a wide range of issues: PM @narendramodi during #MannKiBaat https://t.co/IDYtT30WsP
— PMO India (@PMOIndia) November 26, 2017
PM @narendramodi speaks on Constitution Day and pays tributes to the makers of our Constitution. #MannKiBaat pic.twitter.com/MhyoEQZulk
— PMO India (@PMOIndia) November 26, 2017
The makers of our Constitution worked hard to give us a Constitution we would be proud of. #MannKiBaat https://t.co/IDYtT30WsP pic.twitter.com/WMPz2RPtHQ
— PMO India (@PMOIndia) November 26, 2017
Our Constitution safeguards the rights of the poor and weaker sections of society. #MannKiBaat pic.twitter.com/GjgGIf1W6r
— PMO India (@PMOIndia) November 26, 2017
Remembering Dr. Babasaheb Ambedkar. #MannKiBaat pic.twitter.com/SRzW69ViTL
— PMO India (@PMOIndia) November 26, 2017
We salute all those brave women and men who lost their lives in the gruesome 26/11 attacks in Mumbai. pic.twitter.com/Z1LVRZG8rL
— PMO India (@PMOIndia) November 26, 2017
For over 4 decades, India has been raising the issue of terror. Initially the world did not take us seriously but now the world is realising the destructive aspects of terrorism: PM @narendramodi #MannKiBaat pic.twitter.com/mPGGAfzrex
— PMO India (@PMOIndia) November 26, 2017
Terrorism is a threat to humanity. #MannKiBaat pic.twitter.com/BgZI51rBGx
— PMO India (@PMOIndia) November 26, 2017
India is the land of Lord Buddha, Lord Mahavira, Guru Nanak, Mahatma Gandhi. We believe in non-violence. #MannKiBaat pic.twitter.com/Y2kUf2jZRW
— PMO India (@PMOIndia) November 26, 2017
PM @narendramodi talks about Navy Day and the significance of rivers in our history. #MannKiBaat https://t.co/IDYtT30WsP pic.twitter.com/djBOmhPi5N
— PMO India (@PMOIndia) November 26, 2017
India's glorious naval tradition dates back to times of the Chola Empire and the empire of Shivaji Maharaj. #MannKiBaat pic.twitter.com/bap7lIm4tJ
— PMO India (@PMOIndia) November 26, 2017
The Indian Navy has served our nation with great diligence. #MannKiBaat pic.twitter.com/QF37sZ3Ozr
— PMO India (@PMOIndia) November 26, 2017
Soil is integral to our existence. #MannKiBaat pic.twitter.com/S7YZor0LNI
— PMO India (@PMOIndia) November 26, 2017
Important to care for our soil. #MannKiBaat pic.twitter.com/JbzRr4Fx6M
— PMO India (@PMOIndia) November 26, 2017
Our Divyang sisters and brothers are excelling in various fields. We admire their determination. #MannKiBaat pic.twitter.com/ujoqttKpR0
— PMO India (@PMOIndia) November 26, 2017
Our focus is on accessibility and opportunity: PM @narendramodi #MannKiBaat
— PMO India (@PMOIndia) November 26, 2017
At the end of every year we recall events of the year gone by. Let us begin 2018 with a message of positivity. I urge you to compile about 5 positive things from this year & share with me. With #PositiveIndia, share your positive moments from 2017. This will inspire others: PM
— PMO India (@PMOIndia) November 26, 2017