Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আকাশমাৰ্গেৰে বিহাৰৰ বানবিধ্বস্ত পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰীয়ে; ৫০০ কোটি টকাৰ সাহাৰ্য ঘোষণা

আকাশমাৰ্গেৰে বিহাৰৰ বানবিধ্বস্ত পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰীয়ে; ৫০০ কোটি টকাৰ সাহাৰ্য ঘোষণা

আকাশমাৰ্গেৰে বিহাৰৰ বানবিধ্বস্ত পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰীয়ে; ৫০০ কোটি টকাৰ সাহাৰ্য ঘোষণা

আকাশমাৰ্গেৰে বিহাৰৰ বানবিধ্বস্ত পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰীয়ে; ৫০০ কোটি টকাৰ সাহাৰ্য ঘোষণা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশমাৰ্গেৰে বিহাৰৰ বানবিধ্বস্ত পৰিস্থিতিৰ বুজ লয়; তেওঁ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু উপ-মুখ্যমন্ত্ৰী শ্ৰী সুশীল কুমাৰ মোদী তথা ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে পুৰ্ণিয়াত এক বৈঠকত মিলিত হৈ সাহাৰ্য, পুনৰ সংস্থাপন আৰু ক্ষতিপুৰণৰ দিশবোৰ পৰ্যালোচনা কৰে। ৰাজ্যখনৰ প্ৰতি সম্ভাব্য সকলো সহযোগিতাৰ আশ্বাস দি প্ৰধানমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে ৫০০ কোটি টকাৰ সাহাৰ্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰৰ এটা দলে বিহাৰ ভ্ৰমণ কৰি শীঘ্ৰে ক্ষয়-ক্ষতি আৰু সাহাৰ্যৰ পৰ্যালোচনা কৰিব বুলি আশ্বাস দিয়ে। প্ৰধানমন্ত্ৰীয়ে বীমা কোম্পানীসমূহক বান বিধ্বস্ত অঞ্চল পৰ্যবেক্ষণ কৰি কৃষকসকলক শস্য বীমাৰ বিপৰীতে তেওঁলোকৰ দাবী শীঘ্ৰে নিষ্পত্তি কৰিবলৈ নিৰ্দেশ দিয়ে।

তেওঁ লগতে পথ পৰিবহণ মন্ত্ৰালয়ক বানৰ ফলত বিধ্বস্ত পথসমূহত মেৰামতি কৰাৰা বাবে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিয়ে। কেন্দ্ৰই ৰাজ্যখনত বানৰ ফলত বিঘ্নিত হোৱা বিদ্যুৎ খণ্ডৰ আন্তঃগাঁথনি তাৎক্ষণিকভাৱে পুনঃসংযোগ কৰাৰ বাবে সকলো ধৰণৰ সাহাৰ্য আগবঢ়াব বুলি কয়।

ইফালে, বানপীড়িত অঞ্চলত বানত সলিল সমাধি ঘটা লোকৰ আত্মীয়লৈ ২ লাখকৈ আৰু আহত ব্যক্তিলৈ ৫০ হাজাৰকৈ এককালীন বিত্তীয় সাহাৰ্য প্ৰদান কৰিব বুলি ঘোষণা কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু নেপালৰ প্ৰধানমন্ত্ৰী শ্ৰী শ্বেৰ বাহাদুৰ দেওবাৰ সৈতে সপ্তকাশী বৃহৎ নদীবান্ধ প্ৰকল্প আৰু সোনকোচি জলাধাৰভিত্তিক পৃথকীকৰণ বান্ধ আঁচনিৰ সবিশেষ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে সহমত প্ৰকাশ কৰাৰ লগতে দুয়ো খন দেশে বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহযোগিতাৰে কাম কৰাৰ প্ৰতিও একমতত উপনীত হয়। ই অঞ্চলটোৰ বান নিয়ন্ত্ৰণত এক বৃহৎ ভূমিকা পালন কৰিব বুলি কয়।

******

AKT/SH/DB