Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ আৰু ৩০ ডিচেম্বৰ, ২০১৮ত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ভ্ৰমণ কৰিব৷ ২৯ ডিচেম্বৰৰ সন্ধিয়া পোৰ্ট ব্লেয়াৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী৷

৩০ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে কাৰ নিকোবৰস্থিত ছুনামি স্মৃতিসৌধ পৰিদৰ্শন কৰিব৷ তেওঁ পুষ্পাঞ্জলি অৰ্পনৰ লগতে বন্তি প্ৰজ্বলনেৰে ছুনামিত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব৷ তেওঁ আৰঙত এখন আইটিআই উদ্বোধনৰ সমান্তৰালভাৱে একাধিক আন্তঃগাঁথনিমূলক প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব৷ এখন ৰাজহুৱা সভাতো ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে৷

বিয়লি প্ৰধানমন্ত্ৰীয়ে পোৰ্ট ব্লেয়াৰত শ্বহীদ স্তম্ভত পুষ্পাঞ্জলি নিবেদন কৰিব৷ তেওঁ চহৰখনত থকা চেলুলাৰ জে’লো পৰিদৰ্শন কৰিব৷

প্ৰধানমন্ত্ৰীয়ে ছাউথ পইণ্টত পতাকা উত্তোলন কৰিব৷ পোৰ্ট ব্লেয়াৰৰ মেৰিনা পাৰ্কত নেতাজীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি নিবেদন কৰিব প্ৰধানমন্ত্ৰীয়ে৷

নেতাজী ষ্টেডিয়ামত প্ৰধানমন্ত্ৰীয়ে নেতাজী সুভাষ চন্দ্ৰ বসূয়ে ভাৰতৰ ভূমিত প্ৰথম ত্ৰিৰংগা উত্তোলন কৰাৰ ৭৫তম বৰ্ষপূৰ্তি উপলক্ষে স্মাৰক ডাক টিকট মুকলি কৰিব৷ প্ৰধানমন্ত্ৰীয়ে আন্দামান আৰু নিকোবৰৰ বাবে নতুন উদ্ভাৱন তথা ষ্টাৰ্ট আপ পলিচিও শুভাৰম্ভ কৰিব৷ তেওঁ ৭ মেগাৱাট সৌৰ শক্তি কেন্দ্ৰ আৰু এখন সৌৰ গাঁৱো উদ্বোধন কৰিব৷ তেওঁ এলানি উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব৷ প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পাছতে এক সভাত সমবেত ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়াব৷

*****

AKT/AK/SBP/DB