পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আফগানিস্তানত কালি সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “আফগানিস্তানত কালি সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাক আমি কঠোৰ ভাষাৰে গৰিহণা দিছো। এয়া আফগানিস্তানৰ বহু-সাংস্কৃতিক কাঠামোৰ ওপৰত হোৱা এক আক্ৰমণ। আক্ৰমণত পীড়িত পৰিয়ালৰ লোকসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলো। আহতসকলৰ আশু আৰোগ্য কামনা কৰি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। এই দুখৰ সময়ত আফগানিস্তান চৰকাৰক যিকোনো ধৰণৰ সহায়ৰ বাবে ভাৰত সদায় প্ৰস্তুত।”
***
AKT/KP/DB
We strongly condemn the terror attacks in Afghanistan yesterday. They are an attack on Afghanistan's multicultural fabric. My thoughts are with the bereaved families. I pray that the injured recover soon. India stands ready to assist the Afghanistan government in this sad hour.
— Narendra Modi (@narendramodi) July 2, 2018