Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে বাৰ্তালাপ কৰে।

দুয়োগৰাকী নেতাই ভাৰত–আমেৰিকাৰ নিৰন্তৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে দ্বিপাক্ষিক সম্পৰ্ক আৰু মূখ্য আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় দিশসমূহৰ উন্নয়নৰ সন্দৰ্ভত মত বিনিময় কৰে।

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পে পুনৰ কয় যে ভাৰত আৰু আমেৰিকাই বিশ্বৰ শান্তি, সুস্থিৰতা, আৰু সমৃদ্ধিৰ ক্ষেত্ৰত ঘনিষ্ঠভাৱে কাম কৰি যাব।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে উল্লেখ কৰে-

‘ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে অতি সুন্দৰ আৰু সৌহাদ্যমূলক কথা-বতৰা পাতিলোঁ।আমি আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় দিশসমূহৰ উন্নয়নৰ বিষয়ে আলোচনা কৰিলোঁ।ভাৰত আৰু আমেৰিকাই বিশ্ব শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰ বাবে একেলগে কাম কৰি যাব।’

@realDonaldTrump

@POTUS”

***

MJPS/SR/DB