Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আহমেদাবাদৰ দুৰ্ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ, দ্ৰুত আৰু ফলপ্ৰসূ সহায়ৰ আশ্বাস


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদত সংঘটিত শোকাৱহ ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। তেওঁ কয় যে এই শোকাৱহ ঘটনাটোৱে ৰাষ্ট্ৰক স্তম্ভিত আৰু দুখিত কৰি তুলিছে। তেওঁ ইয়াক হৃদয় বিদাৰক বুলি বৰ্ণনা কৰে।

শ্ৰী মোদীয়ে কয় যে আঘাতপ্ৰাপ্ত লোকসকলৰ দ্ৰুত আৰু ফলপ্ৰসূ সহায় নিশ্চিত কৰিবলৈ তেওঁ মন্ত্ৰী আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে অহৰহ যোগাযোগ কৰি আছে।

এক্স-ৰ এটা পোষ্টত তেওঁ লিখিছেঃ

“আহমেদাবাদৰ দুৰ্ঘটনাটোৱে আমাক স্তম্ভিত আৰু দুখিত কৰি তুলিছে। ই অতি হৃদয় বিদাৰক। এই দুখৰ সময়ত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মোৰ সমবেদনা আছে। তেওঁলোকক সহায় কৰিবলৈ কাম কৰি থকা মন্ত্ৰী আৰু কৰ্তৃপক্ষৰ সৈতে মই অহৰহ যোগাযোগ কৰি আছো।”

***

MJPS/SR/MK