পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আয়ৰ ওপৰত কৰ সন্দৰ্ভত দ্বিগুণ কৰ ব্যৱস্থাৰ অন্ত পেলাবলৈ আৰু বিত্তীয় কৰফাকি ৰোধ কৰিবলৈ ভাৰত চৰকাৰ আৰু ব্ৰাজিল ফেডাৰেটিভ গণৰাজ্যৰ চৰকাৰৰ মাজত হোৱা বুজাবুজি চুক্তিৰ সংশোধনৰ বাবে প্ৰট’কল সংশোধনলৈ যাৱতীয় অনুমোদন প্ৰদান কৰিছে।
কাৰ্যকৰী ৰণনীতি আৰু লক্ষ্য
কেবিনেটৰ অনুমোদনৰ পিছত প্ৰট’কল কাৰ্যকৰী কৰা সম্পৰ্কীয় আৱশ্যকীয় সকলো দিশ সম্পূৰ্ণ কৰা হ’ব। সমগ্ৰ কাৰ্যব্যৱস্থাৰ প্ৰতি নজৰ ৰখা হ’ব আৰু মন্ত্ৰালয়ে ইয়াৰ প্ৰতিবেদন যুগুত কৰিব।
মুখ্য প্ৰভাৱ
দ্বিগুণ কৰ ব্যৱস্থা সমাপ্ত কৰাৰ যোগেদি সম্পৰ্কীয় বুজাবুজি (ডিটিএচি)ৰ ব্যৱস্থাসমূহক আন্তঃৰাষ্ট্ৰীয় মানকৰ অনুৰূপ ধৰণে আপডেট কৰাৰ ফলত ভাৰত আৰু ব্ৰেজিল ফেডাৰেটিভ ৰিপাব্লিকৰ মাজত দ্বিগুণ কৰ ব্যৱস্থা সমাপ্ত হ’ব। ডিটিএচিৰ জৰিয়তে ৰাজ্যসমূহৰ মাজত কৰ–অধিকাৰৰ স্পষ্ট আবণ্টনৰ যোগেদি দুয়োখন দেশৰ বিনিয়োগকাৰী আৰু ব্যৱসায়ীসকলক কৰ নিশ্চিতকৰণৰ সুবিধা লাভ হ’ব। এই প্ৰট’কলৰ মাধ্যমেৰে সুত, ৰয়েল্টি আৰু কাৰিকৰী সেৱা শুল্কৰ স্ৰোতে দেশৰ কৰৰ হাৰ হ্ৰাস কৰিব আৰু ইয়াৰ যোগেদি বিনিয়োগ বৃদ্ধি পাব। সংশোধন কৰা হোৱা প্ৰট’কল জি২০ অ’ইচিডি বেছ ইৰোজন প্ৰফিট ছিফ্টিং (বিইপিএছ) প্ৰকল্পৰ ন্যূনতম মানক আৰু অন্যান্য উপশাখাবোৰো প্ৰযোজ্য হ’ব। ডিটিএচিত প্ৰস্তাৱনা মূল পাঠটো সন্নিৱিষ্ট কৰা, মুখ্য উদ্দেশ্যৰ পৰীক্ষা, দুৰ্নীতি বিৰোধী ব্যৱস্থাৰ লগে লগে বিইপিএছ প্ৰকল্পৰ অনুৰূপ লাভ নিয়মৰ সৰলীকৰণেৰে কৰ ব্যৱস্থাত থকা সুৰুঙাবোৰ নাইকিয়া কৰাত সহায় পোৱা যাব।
আভ্যন্তৰীণ দিশবোৰ
পটভুমি
ভাৰত আৰু ব্ৰাজিলৰ মাজত বৰ্তমান দ্বিগুণ কৰ ব্যৱস্থা সমাপ্তিৰ বুজাবুজি (ডিটিএচি) যথেষ্ট পুৰণি আৰু আন্তঃৰাষ্ট্ৰীয় মানৰ সৈতে সংগতি ৰাখি তথা জি২০ৰ বিইপিএছ প্ৰকল্পৰ দিশবোৰ কাৰ্যকৰী কৰিবৰ বাবে ইয়াক সংশোধন কৰাৰ যথেষ্ট প্ৰয়োজনীয়তা আছিল।
***
VRRK/SC/SH/RD