Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আৰক্ষীৰ প্ৰশিক্ষণ আৰু উন্নয়নৰ দিশত কাৰিকৰী সহযোগিতাৰ অৰ্থে ভাৰত আৰু আফগানিস্তানৰ মাজত দ্বিপাক্ষিক বুজাবুজি চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত আৰক্ষীৰ প্ৰশিক্ষণ আৰু উন্নয়নৰ দিশত কাৰিকৰী সহযোগিতাৰ অৰ্থে ভাৰত আৰু আফগানিস্তানৰ মাজত দ্বিপাক্ষিক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনায়।

এই বুজাবুজি চুক্তিয়ে আফগানিস্তানৰ নেচনেল পুলিচৰ সক্ষমতা বৃদ্ধি কৰাৰ লগতে অঞ্চলটোৰ নিৰাপত্তাজনিত সঁজুলিৰ উন্নয়ন হ’ব।

এই চুক্তি পৰৱৰ্তী ৫ বছৰৰ বাবে স্বাক্ষৰ কৰা হৈছে যদিও কোনো পৰিৱৰ্তন অথবা সংশোধন নকৰাকৈ পুনৰ ৫ বছৰৰ বাবে ম্যাদ বৃদ্ধি কৰিব পৰা যাব।

পটভূমিঃ

উল্লেখ্য যে ভাৰত আৰু আফগানিস্তানৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে আৰু ভাৰত বিভিন্ন প্ৰশিক্ষণ প্ৰতিষ্ঠানত আফগানিস্তান নেটনেল পুলিচে নিয়মীয়াকৈ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আহি থাকে।

২০১১ চনৰ অক্টোবৰ মাহত ভাৰত আৰু আফগানিস্তানে কৌশলগত সহযোগিতাৰ চুক্তি স্বাক্ষৰ কৰে। ইফালে ২০১৬ চনত নতুন দিল্লীত আফগানিস্তানৰ আভ্যন্তৰীণ মন্ত্ৰালয়, আফগানিস্তানস্থিত ৰাষ্ট্ৰসংঘৰ উন্নয়নমুলক কাযসূচী আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ আৰক্ষীৰ গৱেষণা আৰু উন্নয়ন সংস্থাৰ মাজত এখনি বৈঠক অনুষ্ঠিত হয় আৰু সেই বৈঠকত আফগানিস্তানৰ প্ৰতিনিধিয়ে আৰক্ষীৰ প্ৰশিক্ষণ, উন্নয়ন, আইন, আফগানিস্তানত সবল আইন আৰু দীৰ্ঘকালীন বহনযোগ্য সহযোগিতাৰ সন্দৰ্ভত আলোচনা কৰা হয়। এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে এই বুজাবুজি চুক্তিয়ে যুটীয়াভাৱে কাম কৰিব।

*****

AKT/VBA/SH /DB