Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আৰক্ষী স্মৃতি দিৱসত সাহসী আৰক্ষী জোৱানসকললৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি


আজি আৰক্ষী স্মৃতি দিৱস উপলক্ষ্যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো আৰক্ষী কৰ্মীৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। আইন-শৃংখলা বজাই ৰখা, অপৰাধ দমন কৰা, জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰা আৰু অতি প্ৰত্যাহ্বানজনক পৰিস্থিতিতো নাগৰিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত আৰক্ষী কৰ্মীসকলে আগবঢ়োৱা অমূল্য অৱদানৰ তেওঁ শলাগ লয়। কৰ্তব্য পালন কৰিবলৈ গৈ প্ৰাণ আহুতি দিয়া সাহসী আৰক্ষী কৰ্মীসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শ্ৰী মোদীয়ে কয় যে তেওঁলোকৰ সাহস, অটল কৰ্তব্যনিষ্ঠা আৰু সৰ্বোচ্চ ত্যাগ চিৰদিন দেশবাসীৰ স্মৃতিত অম্লান হৈ থাকিব।

‘এক্স’ত প্ৰকাশ কৰা এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়—

“আৰক্ষী স্মৃতি দিৱস হৈছে আমাৰ আৰক্ষী কৰ্মীসকলৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশৰ এক বিশেষ উপলক্ষ্য। তেওঁলোকে প্ৰায়ে অতি প্ৰত্যাহ্বানজনক পৰিস্থিতিতো অসাধাৰণ কৰ্তব্যনিষ্ঠাৰে সেৱা আগবঢ়ায়। আইন-শৃংখলা বজাই ৰখাৰ পৰা আৰম্ভ কৰি অপৰাধ দমন, জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা আৰু নাগৰিকৰ সুৰক্ষা সুনিশ্চিত কৰালৈকে তেওঁলোকৰ অৱদান অমূল্য। কৰ্তব্য পালন কৰি প্ৰাণ আহুতি দিয়া সাহসী আৰক্ষী কৰ্মীসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ সাহস, অটল কৰ্তব্যনিষ্ঠা আৰু সৰ্বোচ্চ ত্যাগ চিৰদিন আমাৰ দেশৰ স্মৃতিত অম্লান হৈ থাকিব।”

 

***

MJPS/SS/PRK/DM