পি এম ইণ্ডিয়া
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহকৰ্মী ড০ জিতেন্দ্ৰ সিং, পি কে মিশ্ৰ, টি ভি সোমনাথন, অজয় কুমাৰ, ইউপিএছচিৰ সকলো সন্মানীয় সদস্য, বিভিন্ন ৰাজ্যৰ পৰা অহা লোকসেৱা আয়োগৰ অধ্যক্ষসকল, অন্যান্য গণ্যমান্য ব্যক্তিসকল।আজিৰ এই অনুষ্ঠানত আন কথা কোৱাৰ পূৰ্বে কালি সংঘটিত হোৱা এটা ঘটনাৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ। ভাৰতীয় পাইলট স্মিতে যি ধৈৰ্য, বিচক্ষণতা আৰু সাহসৰ পৰিচয় দাঙি ধৰিলে, সেই ঘটনা সঁচাকৈয়ে প্ৰশংসনীয়।ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে আজি কৈছে যে এই ভাৰতীয় ব্যক্তিগৰাকীয়ে ৯/১১ৰ দৰে এক ভয়াৱহ ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা কৰিলে, স্মিতৰ এই পৰাক্ৰমে প্ৰতিগৰাকী ভাৰতীয়কে গৌৰৱান্বিত কৰিছে।আজি মই তেওঁৰ পিতৃ ভূপেন্দ্ৰ ভাই, মাতৃ গীতা বেহেন আৰু পত্নী সোণল বেহেনৰ সৈতেও কথা পাতিছোঁ।তেওঁৰ চিকিৎসা চলি আছে আৰু আজি সমগ্ৰ বিশ্বই তেওঁৰ বাবে গৌৰৱ অনুভৱ কৰিছে। মই দেশবাসীক আহ্বান জনাইছোঁ যে আমি সকলোৱে যেন স্মিতৰ দীৰ্ঘায়ু আৰু উত্তম স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰে আৰু ভাৰতৰ গৌৰৱ বৃদ্ধি কৰা স্মিতক অভিনন্দন জনায়।
বন্ধুসকল,
আজিৰ এই দিনটো লোকসেৱা আয়োগৰ এশ বছৰীয়া যাত্ৰাৰ এক সমৃদ্ধ ঐতিহ্যৰ উদযাপনৰ দিন।এই উদযাপন সেই আকাংক্ষাৰ, যি আকাংক্ষা প্ৰতি বছৰে লাখ লাখ যুৱক-যুৱতীয়ে বুকুত কঢ়িয়াই লৈ ফুৰে। এই উদযাপন সেই বিশ্বাসৰ, যি বিশ্বাস প্ৰতিগৰাকী ভাৰতীয়ৰ এই প্ৰতিষ্ঠানটোৰ প্ৰতি আছে। এশ বছৰীয়া এই যাত্ৰাত বহু প্ৰজন্ম সলনি হৈছে, চৰকাৰ সলনি হৈছে, প্ৰযুক্তি সলনি হৈছে, পাঠ্যক্ৰম সলনি হৈছে, কিন্তু লোকসেৱা আয়োগৰ ওপৰত থকা বিশ্বাস আজিও একেদৰেই অটুট আছে। এয়া আপোনালোক সকলোৰে বাবে এক বৃহৎ সম্পদ।এশ বছৰীয়া এই যাত্ৰাৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ ইয়াত স্মাৰক ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰা হৈছে। এশটা গুৰুত্বপূৰ্ণ গোচৰৰ আইনী ৰায়ৰ সংকলনো প্ৰকাশ কৰা হৈছে। এশ বছৰীয়া এই যাত্ৰাৰ সৈতে জড়িত সকলো গণ্যমান্য ব্যক্তিলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ।অলপ আগতে মই ইয়াত আয়োজন কৰা এটি সৰু গেলেৰীও পৰিদৰ্শন কৰি আহিছো। আপোনালোককো কওঁ- মাত্ৰ ১০-১৫ মিনিট সময় লাগিব, সকলোৱে সেই গেলেৰীটো নিশ্চয় চাবলৈ যাব। তাত মই লোকসেৱা আয়োগৰ ৭৫ বছৰীয়া অনুষ্ঠানৰ এখন আলোকচিত্ৰও দেখিলোঁ, য’ত লেফটেনেণ্ট জেনেৰেল সুৰেন্দ্ৰ নাথক দেখা গৈছে।তেওঁ আজি ৯০ বছৰ বয়সতো আমাৰ মাজত উপস্থিত আছে।
বন্ধুসকল,
এনে বহু লোক আছে, যিসকলে এই যাত্ৰাক বিশ্বাসযোগ্যতালৈ ৰূপান্তৰিত কৰিছে, সময়ৰ সৈতে খাপ খুৱাই পৰিৱৰ্তন সাধন কৰিছে আৰু প্ৰতিষ্ঠানটোক নতুন উচ্চতালৈ লৈ গৈছে।তেওঁলোক সকলোৱেই অভিনন্দনৰ যোগ্য। মই যেতিয়া গেলেৰীটো পৰিদৰ্শন কৰি আছিলোঁ, তেতিয়া ১৯২০ চনত সুভাষ চন্দ্ৰ বসুৱেও একে প্ৰক্ৰিয়াই অনুসৰণ কৰাৰ সম্পূৰ্ণ তথ্যও তাত প্ৰদৰ্শিত হোৱা দেখিলোঁ। এটা কথাই মোৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিলে যে সেই সময়ত ইংৰাজৰ শাসন চলি আছিল যদিও সংস্কৃততো প্ৰশ্নকাকত প্ৰস্তুত কৰা হৈছিল আৰু সুভাষ বাবুৱে প্ৰশ্নোত্তৰ সংস্কৃত ভাষাত লিখিছিল।
বন্ধুসকল,
আজিৰ এই ঐতিহাসিক ক্ষণত মই চৰ্দাৰ বল্লভভাই পেটেললৈও শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। স্বাধীনতাৰ পিছত তেওঁৰ সন্মুখত কেৱল এখন দেশক স্বাধীন কৰি ৰখাৰ প্ৰত্যাহ্বান নাছিল।তেওঁৰ সন্মুখত এখন ৰাষ্ট্ৰ পৰিচালনা কৰাৰ প্ৰত্যাহ্বানো আছিল।ৰাষ্ট্ৰৰ পুনৰ্নিৰ্মাণৰ বাবে যি শক্তিশালী প্ৰশাসনিক কাঠামোৰ প্ৰয়োজন আছিল, সেই কাঠামো চৰ্দাৰ বল্লভভাই পেটেলে প্ৰদান কৰিছিল।তেওঁ এই প্ৰতিষ্ঠানটোক স্বাধীন ভাৰতৰ এক প্ৰধান স্তম্ভ হিচাপে গঢ়ি তুলিছিল আৰু ইয়াক শক্তিশালী কৰিছিল।
বন্ধুসকল,
১৯২৬ চনত যেতিয়া এই প্ৰতিষ্ঠানটোৰ ভেটি স্থাপন কৰা হৈছিল, তেতিয়া সেই সময়ৰ অগ্ৰাধিকাৰৰ বিষয়সমূহ পৃথক আছিল।সেই সময়ত প্ৰশাসনৰ লক্ষ্য আৰু দায়বদ্ধতা দুয়োটাই ব্ৰিটিছ শাসনৰ প্ৰতি কেন্দ্ৰীভূত আছিল।দেশ স্বাধীন হোৱাৰ পিছত স্বাধীন ভাৰতৰ সপোন আৰু ভাৰতৰ প্ৰশাসন ব্যৱস্থাই ইয়াত কেন্দ্ৰীয় স্থান লাভ কৰিলে। যোৱা দশকসমূহত লোকসেৱা আয়োগে নিজৰ দায়িত্বসমূহ উৎকৃষ্টভাৱে পালন কৰি আহিছে। এই বিষয়ে ইয়াত মঞ্চৰ পৰাই যথেষ্ট কথা কোৱা হৈছে। সেয়ে মই সেই কথাবোৰৰ পুনৰাবৃত্তি কৰিব নিবিচাৰোঁ তথা সেইবোৰৰ বিশ্লেষণলৈ যাব নিবিচাৰোঁ।ইতিহাসৰ পৰা আগুৱাই গৈ এতিয়া আমাৰ সন্মুখত ভাৰতৰ ভৱিষ্যতে অপেক্ষা কৰি আছে। একবিংশ শতিকাৰ ইতিমধ্যে ২৫ বছৰ পাৰ হৈ গ’ল। আগন্তুক ২০-২৫ বছৰ ভাৰতৰ বাবে, ভাৰতৰ প্ৰতিজন ব্যক্তি আৰু ভাৰতৰ প্ৰতিটো প্ৰতিষ্ঠানৰ বাবে অতি গুৰুত্বপূৰ্ণ। সেয়ে আজি মোৰ আলোচনাৰ মূল বিষয়বস্তু সেই দিশতে কেন্দ্ৰীভূত কৰি ৰাখিম।
বন্ধুসকল,
বিকশিত ভাৰতৰ বাবে এতিয়া দেশক যি ধৰণৰ শাসন ব্যৱস্থাৰ প্ৰয়োজন, তাৰ এক বৃহৎ মাধ্যম হৈছে লোকসেৱা আয়োগ আৰু ৰাজ্যসমূহৰ কৰ্মচাৰী বাছনি আয়োগসমূহ। আজি আপোনালোকে যিসকল যুৱক-যুৱতীক নিযুক্তি দিছে, তেওঁলোকে বিকশিত ভাৰত নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। একে সময়তে তেওঁলোকেই উন্নত ভাৰতৰ সৰ্বাধিক উপকৃত হ’ব। এই কথাটো মনত ৰাখি আমি সদায় দুটা মানৰ কথা মনত ৰাখিব লাগিব।প্ৰথম মান হৈছে—ৰাষ্ট্ৰ সৰ্বপ্ৰথম।আৰু দ্বিতীয়টো মান হৈছে—নাগৰিক সৰ্বপ্ৰথম।
প্ৰতিটো বাছনি এই দুটা মানৰ ভিত্তিত হ’ব লাগিব।যেতিয়া এই মনোভাৱেৰে পৰিপূৰ্ণ প্ৰাৰ্থীসকলক বাছনি কৰা হ’ব, তেতিয়া ৰাষ্ট্ৰীয় লক্ষ্যসমূহ পূৰণ কৰাটো অধিক সহজ হৈ পৰিব।
বন্ধুসকল,
২০৪৭ চনৰ ভাৰত আজিৰ ভাৰততকৈ বহু পৃথক হ’ব।আজিৰ তুলনাত ভাৰত অধিক নগৰমুখী হ’ব।গাঁও আৰু চহৰৰ মাজৰ পাৰ্থক্য কমি আহিব।আৰু আমাৰ নাগৰিকসকলৰ, বিশেষকৈ যুৱসমাজৰ আকাংক্ষা তথা প্ৰত্যাশা অধিক বৃদ্ধি পাব।আজিয়েই এনে পৰিৱৰ্তন দেখা পোৱা গৈছে।সেয়ে এতিয়া প্ৰশ্ন কেৱল সেৱা প্ৰদানৰ নহয়।প্ৰশ্নটো হৈছে, জনসেৱাই আজিৰ তাৎক্ষণিক সেৱা প্ৰদান দাবী কৰা পৃথিৱীৰ গতিৰ সৈতে খোজ মিলাব পাৰিছেনে?সেই গতিৰ সৈতে আগবাঢ়িব পাৰিছেনে? আজি কোনো নাগৰিকে কোনো সেৱা লাভৰ বাবে সপ্তাহ বা মাহ ধৰি অপেক্ষা কৰিব নিবিচাৰে। যেতিয়া কৃত্ৰিম বুদ্ধিমত্তাই কেইছেকেণ্ডমানৰ ভিতৰতে হাজাৰ হাজাৰ নথি প্ৰক্ৰিয়াকৰণ কৰিব পাৰে, যেতিয়া চৰকাৰৰ হাতত বাস্তৱ সময়ৰ তথ্য উপলব্ধ হৈ থাকে, তেতিয়া নাগৰিকে দ্ৰুত সমাধান বিচাৰে। এই পৰিৱৰ্তিত মানসিকতাই আমাৰ প্ৰশাসনিক সেৱাৰ পৰাও নতুন পৰিৱৰ্তনৰ দাবী কৰিছে।সেয়ে ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খুৱাই আমি আমাৰ বাছনিৰ মান আৰু নিযুক্তি প্ৰক্ৰিয়াও সলনি কৰিব লাগিব। আমি এনে যুৱক-যুৱতীক জনসেৱালৈ আনিব লাগিব, যিসকল ৰাজহুৱা পদৰ প্ৰতি নহয়, জনসেৱাৰ প্ৰতি আকৰ্ষিত হয়। সেয়ে নিযুক্তিৰ পৰীক্ষাত কেৱল প্ৰাৰ্থীগৰাকীয়ে কিমান জানে সেয়া পৰীক্ষা কৰাই নহয়, তেওঁ কিয় প্ৰশাসনিক সেৱাত যোগদান কৰিব বিচাৰে সেই কথাও বিচাৰ কৰিব লাগিব। কাৰণ প্ৰেৰণা সঠিক হ’লে পৰিৱৰ্তিত জনসাধাৰণৰ আকাংক্ষাৰ সৈতে খোজ মিলোৱাটোও সহজ হ’ব আৰু সেই অনুসৰি নিজকে খাপ খুৱাই লোৱাটোও সহজ হ’ব।
বন্ধুসকল,
আপোনালোকৰ বহুতেই এই কথাৰ সৈতে পৰিচিত যে মই যেতিয়া প্ৰশিক্ষণৰত বিষয়াসকলক লগ পাওঁ, তেতিয়া তেওঁলোকক কওঁ যে তেওঁলোকে আৰম্ভণিতে লিখি ৰাখিব লাগে যে তেওঁলোকে কিয় অসামৰিক সেৱাত যোগদান কৰিছে। কাৰণ সময়ৰ লগে লগে দায়িত্ব বৃদ্ধি পায়।নতুন প্ৰত্যাহ্বান আহে।এনে সময়ত সেই সৰু টোকাটোৱে তেওঁলোকক তেওঁলোকৰ মূল উদ্দেশ্যৰ কথা সোঁৱৰাই দিয়ে।ই তেওঁলোকৰ বাবে নিজৰ কৰ্মৰ মূল্যায়নৰ এক মাধ্যম হৈ পৰে। লোকসেৱা আয়োগ আৰু ৰাজ্যসমূহৰ আয়োগসমূহেও এনে এক ব্যৱস্থা গঢ়ি তোলাৰ বিষয়ে চিন্তা কৰিব পাৰে।
বন্ধুসকল,
আমি অতীতৰ সেই সময়ছোৱা দেখিছোঁ, যেতিয়া চৰকাৰকেই অভিভাৱকৰ দৰে বুলি গণ্য কৰা হৈছিল।কিন্তু আজি এনে এক সময় আহিছে, য’ত আমাৰ মূলমন্ত্ৰ হৈছে—‘নাগৰিক দেৱো ভৱ’।অৰ্থাৎ, আমাৰ বাবে দেশৰ নাগৰিক কোনো দেৱতাতকৈ কম নহয়।আমাৰ বাবে নাগৰিকৰ সেৱাই সৰ্বোচ্চ।
বন্ধুসকল,
আজিৰ একবিংশ শতিকাৰ ভাৰত এক নতুন কৰ্ম-সংস্কৃতিৰ সৈতে আগবাঢ়িছে।ইয়াৰ মূল নীতি হৈছে—জনমুখী, সক্ৰিয়তা আৰু সু-শাসন।জনমুখীৰ অৰ্থ চৰকাৰৰ সুবিধাৰ কথা বিবেচনা কৰি নহয়, বৰং নাগৰিকৰ স্বাৰ্থক সৰ্বাধিক গুৰুত্ব দি কাম কৰা।সক্ৰিয়তা অৰ্থাৎ সমস্যা আহি পৰাৰ পিছত ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে সমস্যাটো আগতীয়াকৈ অনুমান কৰি তাৰ সমাধান সূত্ৰ উলিওৱা।সু-শাসন অৰ্থাৎ ইয়াত চৰকাৰৰ অনুপস্থিতিও নাথাকিব, অপ্ৰয়োজনীয় চাপো নাথাকিব আৰু অনাৱশ্যক প্ৰভাৱো নাথাকিব। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়—দুয়োটা ক্ষেত্ৰতে আমি আমাৰ বাছনি প্ৰক্ৰিয়াটো এই মনোভাৱৰ সৈতে সংগতি ৰাখি কৰিব লাগিব। জনমুখী, সক্ৰিয়তা আৰু সু-শাসনৰ মানৰ ভিত্তিত আমি দেশক এনে পেছাদাৰী ব্যক্তি প্ৰদান কৰিব লাগিব, যিসকলৰ দৰিদ্ৰ লোকৰ দুখ-কষ্ট বুজিব পৰাৰ সংবেদনশীলতা থাকে। যিসকলে উদ্ভাৱনী পদ্ধতিৰে কঠিন সমস্যাৰ সমাধানৰ পথ উলিয়াব পাৰে। যিসকলে দেশৰ প্ৰয়োজনীয়তাসমূহ বুজি পায়।যিসকলে আইন প্ৰয়োগ কৰে, কিন্তু একে সময়তে এই কথাও পৰীক্ষা কৰিব পাৰে যে সেই আইনে মানুহৰ জীৱন সহজ কৰি তুলিছে নে জীৱনৰ পথত বাধাৰ সৃষ্টি কৰিছে।
বন্ধুসকল,
আজিৰ দ্ৰুতগতিত সলনি হৈ থকা যুগ আৰু পৰিৱৰ্তনশীল প্ৰযুক্তি আমি সকলোৱে দেখিছোঁ।ইয়াৰ পিছত আহিবলগীয়া সময়ত সমাজৰ সন্মুখত নতুন ধৰণৰ প্ৰত্যাহ্বান আহি পৰিব।কৃত্ৰিম বুদ্ধিমত্তাক লৈ বৰ্তমান সমগ্ৰ বিশ্বত যি আলোচনা চলিছে, সেই বিষয়ে আমি সকলোৱে অৱগত।এনে পৰিস্থিতিত আমাৰ প্ৰশাসনিক বিষয়াসকলেও ভিন্ন ধৰণৰ পৰিস্থিতিত কাম কৰিব লাগিব।তথ্য-যুদ্ধৰ পৰিস্থিতি সৃষ্টি হ’ব পাৰে।কৃত্ৰিমভাৱে সৃষ্টি কৰা ভুৱা দৃশ্য-শ্ৰাব্য সামগ্ৰীৰ প্ৰত্যাহ্বান আহিব পাৰে।এলগৰিথমিক পক্ষপাতিত্বৰ প্ৰত্যাহ্বান থাকিব পাৰে।জলবায়ু ন্যায়ৰ দৰে জটিল প্ৰশ্নৰ সন্মুখীন হ’ব লাগিব পাৰে। এনে পৰিস্থিতিত বাছনি প্ৰক্ৰিয়াত জটিল সমস্যা সমাধানৰ ক্ষমতা আৰু দূৰদৃষ্টিকো অগ্ৰাধিকাৰ দিব লাগিব।
বন্ধুসকল,
আমি সকলোৱে জানো যে দেশ আজি সংস্কাৰৰ যাত্ৰাত দ্ৰুতভাবে আগবাঢ়িছে।এনে সময়ত আমাৰ পৰীক্ষা অনুষ্ঠিত কৰা সংস্থাসমূহেও বৰ্তমান সময়ৰ প্ৰয়োজনীয় সংস্কাৰসমূহ দ্ৰুতগতিত ৰূপায়ণ কৰিব লাগিব।ইয়াৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লগা সময় এক অতি গুৰুত্বপূৰ্ণ বিষয়।আমি পৰীক্ষাক কেৱল এটা অনুষ্ঠান হিচাপে চাব নালাগে।ই এটা অনুষ্ঠানতকৈ বহু বেছি—ই যুৱসমাজৰ ভৱিষ্যৎ আৰু জীৱনৰ সৈতে জড়িত।পৰীক্ষাত কেইমাহমান পলম হোৱাটোৱেও যুৱক-যুৱতীসকলৰ বাবে এক ডাঙৰ সংকটৰ সৃষ্টি কৰিব পাৰে।প্ৰশিক্ষণৰ মাচুল, ভাড়া আৰু যাতায়াতৰ খৰচে পৰিয়ালৰ ওপৰত এক বৃহৎ আৰ্থিক বোজা সৃষ্টি কৰে।সেয়ে আমাৰ পৰীক্ষা ব্যৱস্থাই সময়ৰ নিশ্চয়তাৰ নীতি গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়।লোকসেৱা আয়োগ আৰু দেশৰ সকলো বাছনি আয়োগে এইটো নিশ্চিত কৰিব লাগিব যে মান হ্ৰাস নকৰাকৈ আমাৰ পৰীক্ষা চক্ৰ কেনেকৈ চুটি কৰিব পাৰি।অৱশ্যে মই অলপ আগতে গেলেৰীত দেখিছিলোঁ যে প্ৰায় ১০০ দিন সময় কমোৱা হৈছে।ইয়াৰ বাবে আপোনালোক নিশ্চয় অভিনন্দনৰ যোগ্য আৰু মই আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ।
বন্ধুসকল,
এয়া কেৱল প্ৰশাসনিক সংস্কাৰ নহয়।এয়া সমতাৰ বাবেও এক গুৰুত্বপূৰ্ণ সংস্কাৰ হ’ব।
বন্ধুসকল,
আপোনালোক সকলোৱে মুখ্য সচিবসকলৰ সন্মিলন আৰু আৰক্ষী সঞ্চালকপ্ৰধানসকলৰ সন্মিলনৰ বিষয়ে জানে।যোৱা ১০ বছৰত এয়া এক গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানগত ব্যৱস্থা হিচাপে গঢ় লৈ উঠিছে।ইয়াত দেশৰ সকলো মুখ্য সচিবে তিনিদিন একেলগে বহি আলোচনা কৰে।একেদৰে তিনিদিনীয়া আৰক্ষী সঞ্চালকপ্ৰধানসকলৰ সন্মিলনত দেশৰ সকলো আৰক্ষী সঞ্চালকপ্ৰধান একত্ৰিত হৈ আলোচনা কৰে।এই সন্মিলনসমূহত এখন ৰাজ্যই আন এখন ৰাজ্যৰ উত্তম পদ্ধতিসমূহ জানিবলৈ, বুজিবলৈ আৰু শিকিবলৈ চেষ্টা কৰে আৰু উপযুক্ত বুলি বিবেচিত হ’লে সেইবোৰ নিজৰ ৰাজ্যতো প্ৰয়োগ কৰে।মোক জনোৱা হৈছে যে লোকসেৱা আয়োগে প্ৰতি বছৰে ৰাজ্যিক লোকসেৱা আয়োগসমূহৰ সৈতে মিলি ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত কৰে।এতিয়া ইয়াক অধিক বিস্তৃত কৰি, অধিক ফলপ্ৰসূ কৰি আৰু অধিক নতুন চিন্তাৰে সমৃদ্ধ কৰিবলৈ ইয়াৰ ৰূপ তথা ব্যৱস্থাক কেনেদৰে নতুন মাত্ৰা দিব পাৰি, সেই বিষয়ে আপোনালোকে নিশ্চয় চিন্তা কৰিব।এনে প্ৰচেষ্টাৰ জৰিয়তে বিভিন্ন প্ৰতিষ্ঠানৰ উত্তম পদ্ধতিসমূহ পৰস্পৰৰ মাজত ভাগ-বাটোৱাৰা কৰা হয়।কিন্তু একে সময়তে এই সন্মিলনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উত্তম পদ্ধতিসমূহৰ বিষয়েও অধ্যয়ন কৰা উচিত।প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে নিজৰ কাম-কাজ আৰু প্ৰক্ৰিয়াসমূহৰ দক্ষতা কেনেদৰে বৃদ্ধি কৰিব পাৰি, সেই বিষয়েও আলোচনা হ’ব লাগে। পৰস্পৰৰ পৰা শিকাৰ এই প্ৰচেষ্টাই লোকসেৱা আয়োগকো উপকৃত কৰিব আৰু প্ৰতিখন ৰাজ্যৰ বাছনি আয়োগকো নিশ্চয় লাভাৱান্বিত কৰিব।আমাৰ কাম-কাজ আৰু প্ৰক্ৰিয়াসমূহৰ মান একে কৰাৰ বিষয়েও চিন্তা কৰাৰ প্ৰয়োজন আছে।ইয়াৰ ফলত যুৱক-যুৱতীসকলে যথেষ্ট সহায় লাভ কৰিব।
বন্ধুসকল,
আন এক বিষয় হৈছে লোকসেৱা আয়োগ আৰু ৰাজ্যসমূহৰ বাছনি আয়োগসমূহৰ সক্ষমতা বৃদ্ধি।এই কামো নিৰন্তৰ চলি থাকিব লাগে।কৰ্মযোগী অভিযানৰ অধীনত গঢ়ি তোলা আই-গট মঞ্চটো আমাৰ আভ্যন্তৰীণ ব্যৱস্থাসমূহৰ বাবেও আৰু আমাৰ সৈতে কাম কৰা দলৰ সক্ষমতা বৃদ্ধিৰ বাবেও ব্যৱহাৰ কৰিব পাৰি।
বন্ধুসকল,
আপোনালোকে সদায় মনত ৰাখিব লাগিব যে আপোনালোকৰ কাম যুৱশক্তিৰ ভৱিষ্যতৰ সৈতে জড়িত।অৰ্থাৎ যুৱশক্তিৰ পৰা ৰাষ্ট্ৰশক্তি গঢ়ি তোলাৰ যি অভিযান, আপোনালোক সেই অভিযানৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ।যোৱা বছৰসমূহত আপোনালোকে এই ক্ষেত্ৰত এক বৃহৎ ভূমিকা পালন কৰিছে।যেতিয়া লোকসেৱা আয়োগ গঠন কৰা হৈছিল, তেতিয়া ডাঙৰ চহৰ, সামৰ্থ্যৱান পৰিয়াল আৰু ডাঙৰ প্ৰতিষ্ঠানত শিক্ষা লাভ কৰা যুৱক-যুৱতীসকলেই সুযোগৰ অধিক সুবিধা লাভ কৰিছিল।কিন্তু আজি গাঁও আৰু সৰু চহৰৰ যুৱক-যুৱতীসকলেও জনসেৱাত প্ৰৱেশ কৰিছে।আমাৰ কন্যাসকলৰ অংশগ্ৰহণো নিৰন্তৰ বৃদ্ধি পাইছে।১৯৫২ চনত অসামৰিক সেৱাত মহিলা প্ৰাৰ্থীৰ সংখ্যা মাত্ৰ ৩ শতাংশ আছিল।আজি এই সংখ্যা ৩০ শতাংশতকৈও অধিক হৈছে।লোকসেৱা আয়োগৰ সমগ্ৰ ইতিহাসত চাৰিগৰাকী মহিলা অধ্যক্ষা হৈছে।লোকসেৱা আয়োগৰ সমগ্ৰ ইতিহাসত হোৱা চাৰিগৰাকী মহিলা অধ্যক্ষাৰ ভিতৰত তিনিগৰাকী ২০১৪ চনৰ পিছত নিযুক্ত হৈছে।এই পৰিৱৰ্তনসমূহ কেৱল পৰিসংখ্যাই নহয়।এইবোৰে দেশত সুযোগৰ পৰিসৰ কিমান বৃদ্ধি পাইছে, সেই কথাকেই প্ৰতিফলিত কৰিছে।
বন্ধুসকল,
১৯৭৬ চনত লোকসেৱা আয়োগে ৫০ বছৰ সম্পূৰ্ণ কৰাৰ সময়ৰ তুলনাত আজি পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ সংখ্যা ৪৫ গুণতকৈও অধিক বৃদ্ধি পাইছে।অৰ্থাৎ আজি আমাৰ সন্মুখত প্ৰতিভাৰ এক বিশাল ভাণ্ডাৰ আছে।এয়া দেশৰ বাবে অতি গৌৰৱৰ বিষয়।এতিয়া আমাৰ দায়িত্বও সমানেই বৃহৎ।কাৰণ যেতিয়া সমগ্ৰ বিশ্বই ঈৰ্ষা কৰিব পৰা ইমান বৃহৎ প্ৰতিভাৰ ভাণ্ডাৰ আমাৰ সন্মুখত আছে, তেতিয়া আপোনালোকে কেৱল এগৰাকী প্ৰাৰ্থীকেই বাছনি কৰা নাই।আপোনালোকে এনে একোগৰাকী ব্যক্তিক বাছনি কৰি আছে, যি ভৱিষ্যতে চৰকাৰৰ প্ৰতিনিধি হৈ পৰিব।তৃণমূলস্তৰত মানুহে তেওঁকেই চৰকাৰ হিচাপে গণ্য কৰিব।সেয়ে সঠিক ব্যক্তিক বাছনি কৰাৰ এক বৃহৎ দায়িত্ব আপোনালোক সকলোৰে ওপৰত আছে।
বন্ধুসকল,
লোকসেৱা আয়োগে ইয়াৰ প্ৰথম এশ বছৰত নিজৰ বিশ্বাসযোগ্যতা নিৰন্তৰ শক্তিশালী কৰি আহিছে।এতিয়া এই প্ৰতিষ্ঠানটোৱে দ্বিতীয় শতাব্দীত প্ৰৱেশ কৰি নতুন সম্ভাৱনা আৰু নতুন প্ৰত্যাহ্বানৰ সৈতে সংগতি ৰাখি নিজৰ বিশ্বাসযোগ্যতা আৰু অধিক শক্তিশালী কৰিব লাগিব।আজিলৈকে যিবোৰ মূল্যবোধ আমাৰ শক্তি হৈ আহিছে, সেইবোৰ অক্ষুণ্ণ ৰাখি ভৱিষ্যতৰ সৈতে সংগতি ৰাখি নিজকে উন্নীত কৰিব লাগিব।লোকসেৱা আয়োগৰ স্বাধীনতা, নিৰপেক্ষতা, যোগ্যতা, গোপনীয়তা আৰু ন্যায়সংগত প্ৰক্ৰিয়াই ইয়াৰ পৰিচয়।এই মূল্যবোধসমূহ সদায় অটুট থাকিব লাগিব।এই আহ্বানৰ সৈতে আপোনালোক সকলোকে পুনৰবাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।
বহু-বহু ধন্যবাদ!
***
MJPS/SS/ST/SS/DK/DM
100 years of UPSC is a proud milestone. For a century, it has played an important role in administration and serving people. https://t.co/8mLKPv4jXU
— Narendra Modi (@narendramodi) October 1, 2026
आज का ये दिन, UPSC के 100 वर्षों के उत्सव के साथ ही ये एक विरासत का भी उत्सव है... ये उत्सव, उस आकांक्षा का है... जिसे हर वर्ष लाखों-लाख युवा जीते हैं।
— PMO India (@PMOIndia) October 1, 2026
ये उत्सव, उस विश्वास का है... जो हर भारतवासी का इस संस्था पर है: PM @narendramodi
हमें दो कसौटियों को हमेशा याद रखना है।
— PMO India (@PMOIndia) October 1, 2026
एक - Nation First.
दूसरी - Citizen First: PM @narendramodi
हमें ऐसे युवाओं को Public Services में लाना होगा, जो Public Office से नहीं, Public Service से आकर्षित हों।
— PMO India (@PMOIndia) October 1, 2026
इसलिए जरूरी है कि Recruitment की परीक्षा... सिर्फ यह न परखे कि Candidate कितना जानता है।
बल्कि वो यह भी देखे कि... वह युवा Civil Services में आना क्यों चाहता है: PM…
हमारा मंत्र है... नागरिक देवो भव।
— PMO India (@PMOIndia) October 1, 2026
यानि देश का नागरिक हमारे लिए किसी देव से कम नहीं है।
हमारे लिए नागरिक की सेवा सर्वोपरि है: PM @narendramodi
आज 21वीं सदी का भारत, एक नई कार्य-संस्कृति के साथ आगे बढ़ रहा है।
— PMO India (@PMOIndia) October 1, 2026
इसका मूल सिद्धांत है... Pro-People, Pro-Active, Good Governance: PM @narendramodi