পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইউ এ ই-ৰ ওপৰত হোৱা আক্ৰমণত তিনিজন ভাৰতীয় নাগৰিক আহত হোৱাৰ ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰিছে।
তেওঁ কয় যে সাধাৰণ নাগৰিক আৰু আন্তঃগাঁথনিসমূহক লক্ষ্য কৰি লোৱাটো গ্ৰহণযোগ্য নহয়।
শ্ৰী মোদীয়ে কয় যে ভাৰত ইউ এ ই-ৰ সৈতে দৃঢ় সহমৰ্মিতাৰে থিয় দি আছে আৰু আলোচনা তথা কূটনীতিৰ জৰিয়তে সকলো সমস্যাৰ শান্তিপূৰ্ণ সমাধানৰ বাবে ইয়াৰ সমৰ্থন পুনৰ দোহাৰিছে।
তেওঁ এই কথাত জোৰ দিয়ে যে আঞ্চলিক শান্তি, সুস্থিৰতা আৰু বিশ্ব শক্তি সুৰক্ষাৰ বাবে হৰমুজ প্ৰণালীৰে নিৰাপদ আৰু বাধাহীন নৌ পৰিবহণ নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়;
“ইউ এ ই-ৰ ওপৰত হোৱা আক্ৰমণত তিনিজন ভাৰতীয় নাগৰিক আহত হোৱাৰ ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰিছো। সাধাৰণ নাগৰিক আৰু আন্তঃগাঁথনিক লক্ষ্য কৰি লোৱাটো গ্ৰহণযোগ্য নহয়।
ভাৰত ইউ এ ই-ৰ সৈতে দৃঢ় সহমৰ্মিতাৰে থিয় দি আছে আৰু আলোচনা তথা কূটনীতিৰ জৰিয়তে সকলো সমস্যাৰ শান্তিপূৰ্ণ সমাধানৰ বাবে ইয়াৰ সমৰ্থন পুনৰ দোহাৰিছে।
আঞ্চলিক শান্তি, সুস্থিৰতা আৰু বিশ্ব শক্তি সুৰক্ষাৰ বাবে হৰমুজ প্ৰণালীৰে নিৰাপদ আৰু বাধাহীন নৌ পৰিবহণ নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ। “
Strongly condemn the attacks on the UAE that resulted in injuries to three Indian nationals. Targeting civilians and infrastructure is unacceptable.
India stands in firm solidarity with the UAE and reiterates its support for the peaceful resolution of all issues through…
— Narendra Modi (@narendramodi) May 5, 2026
****
MJPS/SS/ST/HS