Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দক্ষতা, কঠোৰ পৰিশ্ৰম, শিক্ষা আৰু মনস্বী কথনশৈলীৰ গুণাগুণৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰি উল্লেখ কৰে যে দক্ষতা, কঠোৰ পৰিশ্ৰম আৰু সহানুভূতি আমাৰ জীৱনৰ আশ্চৰ্যকৰ শক্তি। তেওঁ উল্লেখ কৰে যে ইয়াৰ জৰিয়তে আমি কেৱল প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰাই নহয়, ই আমাৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰতো সহায়ক হয়।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে দক্ষ লোকসকলৰ বাবে কোনো কাম কঠিন নহয়; কঠোৰ পৰিশ্ৰমী লোকসকলৰ বাবে কোনো লক্ষ্য বেছি দূৰ নহয়; শিক্ষিত লোকসকলৰ বাবে তেওঁলোকৰ নিজৰ দেশ আৰু বিদেশৰ মাজত কোনো পাৰ্থক্য নাই; আৰু যিসকলে সদয়ভাৱে কথা কয়, তেওঁলোকৰ বাবে কোনো অচিনাকি নহয়।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

‘দক্ষতা, অধ্যৱসায় আৰু সহানুভূতি হৈছে আমাৰ জীৱনৰ আশ্চৰ্যকৰ শক্তি। ইয়াৰ জৰিয়তে আমি কেৱল প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰাই নহয়, আমাৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰতো ই সহায় কৰে ।’

को हि भारः समर्थानां किं दूरं व्यवसायिनाम्।

को विदेशः सुविद्यानां कः परः प्रियवादिनाम्॥”

দক্ষ লোকসকলৰ বাবে কোনো কাম কঠিন নহয়; কঠোৰ পৰিশ্ৰমী লোকসকলৰ বাবে কোনো লক্ষ্য বেছি দূৰ নহয়; শিক্ষিত লোকসকলৰ বাবে, তেওঁলোকৰ নিজৰ দেশ আৰু বিদেশৰ মাজত কোনো পাৰ্থক্য নাই; আৰু যিসকলে সদয়ভাৱে কথা কয়, তেওঁলোকৰ বাবে কোনো অচিনাকি নহয়।

***

MJPS/PRK/MK