Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘ইজ অব্ ডুয়িং বিজনেছ’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ


 

বিত্ত মন্ত্ৰী শ্ৰী অৰুণ জেটলী মহোদয়, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী সুৰেশ প্ৰভু মহোদয়, বিশ্ব বেংকৰ উপাধ্যক্ষ শোফৰ মহোদয়, আনন্দ মহিন্দ্ৰা মহোদয়, ৰাশোশ শ্বাহ মহোদয়, সৌমিত্ৰ ভট্টাচাৰ্য মহোদয়, বি কে গোৱেংকা মহোদয়, ৰমেশ ভাৰতী মিট্টাল মহোদয়, উদ্যোগ জগতৰ অন্য প্ৰতিনিধিবৰ্গ তথা ইয়াত উপস্থিত অন্য মহানুভৱসকল, আপোনালোক সকলোকে লোক কল্যাণ মাৰ্গলৈ স্বাগতম জনাইছো৷ ইয়াৰ অন্তৰালত আৰু এটা কাৰণ আছে, সেয়া হল আপোনালোকক দিপাৱলীৰ শুভকামনা প্ৰদান কৰাৰ লগতে ধন্যবাদো প্ৰদান কৰা কিয়নো আপোনালোকে দেশক এক অসহজ পৰিস্থিতিৰ পৰা বাহিৰলৈ উলিয়াই, সন্মানজনক স্থিতিত, ইজ অব্ ডুয়িং বিজনেছৰ দৃষ্টিকোণৰ দ্বাৰা এক নতুন উচ্চতা প্ৰদান কৰিছে৷ ইয়াত উপস্থিত তথা যি উপস্থিত থাকিব পৰা নাই, তেওঁলোক সকলো ধন্যবাদৰ পাত্ৰ৷

এনেকুৱা অসংখ্য চৰকাৰী বিষয়া, কৰ্মচাৰী, আমাৰ পৌৰ নিগমৰ বিভিন্ন পদত অধিষ্ঠিত ব্যক্তিসকল, বন্দৰবিমানবন্দৰত ক্লীয়াৰেন্স প্ৰদান কৰা বিষয়াকৰ্মচাৰী আৰু লগতে উদ্যোগ জগতৰ আপোনালোকৰ ভূমিকা অপৰিসীম৷ মোৰ মনত আছে যে চাৰে চাৰি বৰ্ষ পূৰ্বে যেতিয়া মই প্ৰথমবাৰলৈ কৈছিলো যে অনাগত বৰ্ষসমূহত আমি শীৰ্ষৰ ৫০ত থাকিম, তেতিয়া বহুলোকে ইয়াক কল্পনাৰো ঊৰ্ধত বুলি ভাবিছিল৷ ২০১৪ বৰ্ষৰ পূৰ্বে তেওঁলোকে যিধৰণৰ নীতি আৰু নিৰ্ণয়ত অস্থিৰতা প্ৰত্যক্ষ কৰিছিল, পলিচী পেৰালাইছিছ প্ৰত্যক্ষ কৰিছিল, তেওঁলোকৰ বাবে এয়াও বিশ্বাস কৰা অসম্ভৱ আছিল যে ভাৰত শীৰ্ষৰ ১০০তো স্থান দখল কৰিব পাৰিব৷ মই তেওঁলোকৰ ভুল হোৱা বুলি নকওঁ৷ যেতিয়া সকলো দিশৰ পৰা প্ৰতিনিয়ত ভ্ৰষ্টাচাৰ, দুৰ্নীতিৰ খবৰ আহি থাকে, অৰ্থব্যৱস্থা দোদুল্যমান অৱস্থাত থাকে, বিত্তীয় ঘাটি সীমাতীত হয়, বিশ্বই যেতিয়া ভাৰতক কয় যে আপোনালোকতো নিজে ডুবিবই লগতে অন্য দেশৰ অৰ্থ ব্যৱস্থাকো লৈ ডুবিব, তেনেক্ষেত্ৰত এই অবিশ্বাস স্বাভাৱিক৷ কিন্তু চাৰি বছৰৰ ভিতৰতে দেশত যি ১৮০ ডিগ্ৰী পৰিৱৰ্তন হৈছে সেয়া আজি আপোনালোকে দেখিবলৈ পাইছে৷

ইজ অব্ ডুয়িং বিজনেছৰ ক্ষেত্ৰত আমি ১৪২ স্থানৰ পৰা ৭৭ নং স্থান লাভ কৰিছো৷ প্ৰায় অৰ্ধেক অতিক্ৰম কৰিছো৷

বন্ধুসকল, মাত্ৰ চাৰি বছৰতে ৬৫টা স্থানৰ উত্থান৷ এয়া এখন দেশৰ বাবে অভিলেখ, অভুতপূৰ্ব ঘটনা৷ আজি ইজ অব্ ডুয়িং বিজনেছৰ ক্ষেত্ৰত ভাৰত দক্ষিণ এছিয়াৰ ভিতৰত প্ৰথম স্থানত আছে৷ আনহাতে চাৰি বছৰ পূৰ্বে আমি ৬০ নম্বৰ স্থানত আছিলো৷ ক্ৰমাগতভাৱে দুটা বৰ্ষত ভাৰতে এই ধৰণৰ উত্থানেৰে উন্নত প্ৰদৰ্শন কৰা দেশসমূহৰ শীৰ্ষৰ ১০ৰ তালিকাত সন্নিৱিষ্ট হৈছে৷ বিগত ৭৮টা বৰ্ষত আৰু কোনো দেশে কেৱল দুটা বছৰৰ ভিতৰত ৫৩টা স্থানৰ উত্থান প্ৰদৰ্শন কৰিব পৰা নাই৷

বন্ধুসকল, যি এই বিশ্বত কল্পনাও কৰিব পৰা নাছিল, সেয়া আমি কৰি দেখুৱালো৷

শীৰ্ষৰ ৫০ৰ লক্ষ্য প্ৰাপ্তিৰ বাবে আমাক কেৱল কেইটামান খোজৰ প্ৰয়োজন৷ বিশ্ব বেংকে নিজৰ প্ৰতিবেদনত কৈছে যে ভাৰতে ১০ নম্বৰৰ ভিতৰত ৮ নম্বৰ লাভ কৰিছে৷

বন্ধুসকল, দেশত পৰিৱৰ্তনৰ বাতাৱৰণ সৃষ্টি কৰাত, স্থানাংক সংশোধনৰ লক্ষ্যত আমি নিৰন্তৰে ৰাজ্য চৰকাৰৰ সৈতে লগ হৈ কাম কৰি আছো৷ সহযোগিতামূলক প্ৰতিযোগিতামূলক মৈত্ৰীতন্ত্ৰক শক্তিশালী কৰি আমাৰ ৰাজ্য চৰকাৰে ইয়াত সম্পূৰ্ণ উৎসাহেৰে অংশগ্ৰহণ কৰিছে৷ আমি এতিয়া জিলা পৰ্যায়ত ইজ অব্ ডুয়িং বিজনেছক সংশোধন কৰাৰ পৰ্যায়ত নামি পৰিছো৷ এই পথ কিদৰে নিৰ্ধাৰণ হ, এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰতিটো ষ্টেক হল্ডাৰলৈ নিৰৱচ্ছিন্নভাৱে যোগাযোগ কৰা হৈছে৷ ৰাজ্যত জিলা ভিত্তিত এক ৰেংকিং ব্যৱস্থা প্ৰণয়ন কৰাৰ বাবেও প্ৰয়াস কৰা হৈছে৷ চেষ্টা কৰা হৈছে যে জিলাসমূহৰ মাজত যাতে ৰেংকিঙক লৈ নিজৰ মাজতে প্ৰতিযোগিতা হওক, এটাতকৈ আনটো আগুৱাই যোৱাৰ প্ৰয়াস হওক৷

বন্ধুসকল, ব্যৱসায় অথবা উদ্যোগ আমাৰ দেশৰ বাবে প্ৰয়োজনীয় কিয়নো আমাক বিকাশৰ প্ৰয়োজন, আন্তঃগাঁথনিৰ প্ৰয়োজন, নিয়োজনৰ প্ৰয়োজন আৰু Per Capita Income তো বিকাশৰ প্ৰয়োজন৷ এয়া তেতিয়াহে সম্ভৱ হব যেতিয়া বিনিয়োগ হ, উদ্যোগ, ব্যৱসায় উপযুক্ত দিশত অগ্ৰসৰ হব আৰু সাধাৰণ মানুহে ইয়াৰ জৰিয়তে লাভান্বিত হব৷ ইয়াৰ বাবে আমি Policy Driven Governance আৰু Predictable Transparent Policiesত গুৰুত্ব প্ৰদান কৰিছো৷ আমাৰ প্ৰয়াস বৈষম্য হ্ৰাস কৰাটো৷ আপোনালোকৰ মাজৰ বহুতে হয়তো অনুভৱ কৰিছে আৰু এই সম্পৰ্কেও জ্ঞাত হব যে বিশ্ব বেংকৰ এই ৰেংকিং কিছুমান পৰ্যায়ৰ ওপৰত লক্ষ্য ৰাখি প্ৰদান কৰা নহয় যিবোৰ আমি কৰি আছো৷ এই ৰেংকিঙৰ মূল্যায়নতো কিছুমান পেৰামিটাৰৰ ভিত্তিত গঠিত কিন্তু আমাৰ Reforms, Perform আৰু Transform ৰ ৰণনীতি বহু ব্যাপক কৰা হৈছে৷ সঁচা কথা কবলৈ গলে আমি যি সংস্কাৰ কৰি আছো সেয়া বিশ্ব বেংকিঙৰ ৰেংকিঙতকৈ বহু ওপৰত৷ দেশৰ সাধাৰণ নাগৰিক, সাধাৰণ উদ্যোগী আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যমীসকলৰ জীৱনত, কামকাজলৈ সৰলতা আহক, ইজ অব্ লিভিং বৃদ্ধি হওক, আমি তাৰবাবে কাম কৰি আছো৷ আজি যেতিয়া ইজ অব্ ডুয়িং বিজনেছৰ ৰেংকিং সংশোধন হবলৈ ধৰিছে, ইয়াৰ অৰ্থ হল যে আমাৰ দেশত ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যমীসকলৰ বাবেও ব্যৱসায় কৰা সহজ হৈ উঠিছে, তেওঁলোকে এখন চহৰৰ পৰা আনখন চহৰলৈ সামগ্ৰী প্ৰেৰণত জটিলতাৰ সন্মুখীন হবলগীয়া হোৱা নাই, বিদ্যুতৰ সংযোগ সহজ হৈ উঠিছে, চৰকাৰী অনুমোদত তাৎক্ষণিকভাৱে প্ৰাপ্ত হৈছে, প্ৰয়োজনীয় পাৰ্মিট তৎকালীনভাৱে লাভ হৈছে৷ এয়া সেই প্ৰয়াস যি দেশবাসীৰ আকাংক্ষা, অপেক্ষাৰ দ্বাৰা উৎসাহিত হৈছে৷ যত দেশৰ প্ৰয়োজনীয়তাসমূহকো গুৰুত্ব প্ৰদা নকৰা হৈছে আৰু লগতে দেশৰ আশাআকাংক্ষাৰো৷

বন্ধুসকল, দেশৰ ব্যৱসায়িক পৰিৱেশক পাৰদৰ্শী হিচাপে প্ৰস্তুত কৰাৰ বাবে অন্য বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ আমাৰ চৰকাৰেও চিন্তাৰ পৰিৱৰ্তন কৰিছে, অভিগমন পৰিৱৰ্তন কৰিছে৷ সেয়া লাগিলে জিএছটিয়েই হওক, বিমূদ্ৰাকৰণেই হওক, বেনামী সম্পত্তি আইনেই হওক, দেউলীয়া কোডেই হওক, ভগনীয়া আৰ্থিক অপৰাধীৰ সৈতে জড়িত আইনেই হওক, এই সকলোবোৰ এই প্ৰতিশ্ৰুতিৰ উদাহৰণ হয়৷ চৰকাৰৰ এই প্ৰয়াসসমূহৰ বাবেই দেশৰ ভ্ৰষ্টাচাৰীসকলৰ মাজত আশংকাৰ সৃষ্টি হৈছে, ন্যায় প্ৰতিষ্ঠা হৈছে৷ এতিয়া অধিকতম লোকে কৰ প্ৰদান কৰিছে৷ তেওঁলোকে অনুধাৱন কৰিছে যে চৰকাৰে এই কৰৰ টকাৰ উপযুক্ত ব্যৱহাৰ কৰিছে৷

বন্ধুসকল, আপোনালোকে এয়া ভালকৈয়ে জানে যে এই সকলো সংস্কাৰ, এই সকলো সিদ্ধান্ত ইমান সহজ নাছিল৷ প্ৰযুক্তি পৰিৱৰ্তন কৰা, আইনৰ পৰা আৰম্ভ কৰি ছফটৱেৰ পৰ্যন্ত পৰিৱৰ্তন কৰা আৰু কেতিয়াবা কেতিয়াবা ছফটৱেৰ পৰিৱৰ্তন কৰাটো সৰল কিন্তু স্বভাৱ পৰিৱৰ্তন কৰা কঠিন হৈ পৰে৷ এই সংশোধনৰ বাবে ছিষ্টেম প্ৰস্তত কৰাটো ইমান সহজ নাছিল৷ কিন্তু অতি কম সময়ৰ ভিতৰতে আমি ইয়াক সম্ভৱ কৰাত সফল হৈছো৷ কেইবাটাও পৰ্যায়ত দোদুল্যমান ব্যৱস্থাক আজি আমি ব্যৱসায় আৰু নাগৰিক অনুকূল হিচাপে প্ৰস্তুত কৰাৰ দিশত আগবাঢ়িছো৷ বিগত চাৰিটা বৰ্ষত দেশত ১৪০০ত কৈও অধিক পুৰণি আইন বিলোপ কৰা হৈছে৷ পূৰ্বতে দেশত বাণিজ্যিক বাদানুবাদৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে ডেৰ হাজাৰ দিনৰ প্ৰয়োজন হৈছিল৷ ১৫০০ দিন৷ অৰ্থাৎ প্ৰায় ৪ বছৰ৷ অনেক প্ৰয়াসৰ মূৰত আমি ইয়াক ৪০০ দিনলৈ আনিছো৷ ইয়াক আৰু কম কৰাৰ প্ৰয়াস কৰি থকা হৈছে৷ ৰপ্তানি কৰা সামগ্ৰীৰ ক্লীয়াৰেন্সত ২০১৪ চনৰ পূৰ্বে যত ২৮০ ঘণ্টাৰ সময়ৰ প্ৰয়োজন হৈছিল এতিয়া এই সময় হ্ৰাস হৈ ১৪৪ ঘণ্টা হৈছে৷ ইয়াতকৈও কম কৰাৰ প্ৰয়াস কৰি থকা হৈছে৷ পৰিবেশৰ অনুমোদন পোৱাত পূৰ্বতে বহু বছৰ আৰু মাহৰ প্ৰয়োজন হৈছিল, এতিয়া সেই অনুমোদন কেইটামান সপ্তাহৰ ভিতৰতে পোৱা যায়৷ অলপতে নিৰ্মাণ আৰু অন্য সাধাৰণ কামৰ বাবে পৰিবেশৰ অনুমোদন সম্পূৰ্ণ বিকেন্দ্ৰীকৰণ কৰি স্থানীয় নিগমক প্ৰদান কৰা হৈছে৷ জিএছটিয়ে দেশৰ লজিষ্টিক ক্ষেত্ৰক শক্তিশালী কৰিছে৷ পূৰ্বৰ তুলনাত এতিয়া টাৰ্ণএৰাউণ্ড সময়তো প্ৰায় ১৫ শতাংশ হ্ৰাস হৈছে৷ ইয়াৰ দ্বাৰা সময় ৰাহি হৈছে আৰু উদ্যোগসমূহৰ টকা৷ শ্ৰম আইন পালন কৰাৰ বাবে পূৰ্বে উদ্যমীসকলে ৫০৬০টা ভিন্ন ৰেজিষ্টাৰ পূৰণ কৰিবলগীয়া হৈছিল৷ আমাৰ চৰকাৰে এই ৰেজিষ্টাৰৰ সংখ্যা হ্ৰাস কৰি ৫টা কৰিলে৷ অৰ্থাৎ যি কাম পূৰ্বে ৫০৬০টা ৰেজিষ্টাৰত হৈছিল এতিয়া সেয়া ৫টাতে সম্পন্ন হৈছে৷ পুৰণি ব্যৱস্থা চিৰদিনৰ বাবে পৰিৱৰ্তন হৈছে৷ সেইদৰে যি পাছপোৰ্ট নিৰ্মাণৰ বাবে পূৰ্বে তিনিচাৰি সপ্তাহৰ প্ৰয়োজন হৈছিল এতিয়া সেয়া এক সপ্তাহতকৈও কম সময়তে প্ৰস্তুত হয়৷ পূৰ্বে জনতাই আয়কৰ ৰিফাণ্ডৰ বাবে ৮১০ মাহৰ অপেক্ষা কৰিব লাগিছিল৷ এতিয়া কেইটামান সপ্তাহৰ ভিতৰতে সেয়া সম্পন্ন হয়৷ আপোনালোকৰো চাগে মনত আছে যে চাৰিপাঁচ বছৰ পূৰ্বে প্ৰায়েই এয়া মুখ্য বাতৰি হৈছিল যে অত্যাধিক ট্ৰেফিকৰ ফলত ৰেলৱে সংৰক্ষণ ৱেবছাইট বিকল হৈ পৰিছে৷ আমি সেই প্লেটফৰ্মক অধিক ট্ৰেফিকৰ বাবে আপডেট আৰু উন্নীতকৰণ কৰিছো যাৰ দ্বাৰা লক্ষাধিক ৰেলৱে যাত্ৰীৰ সুবিধা হৈছে৷ সৰু গলিৰ পৰা আৰম্ভ কৰি ৰেলৱে প্লেটফৰ্ম পৰ্যন্ত চাফাই অভিযান, জাবৰ ব্যৱস্থাপনা, এই সকলোবোৰ জনসাধাৰণৰ জীৱনৰ গুণগতমান সংস্কাৰ কৰাৰ বাবে কৰা হৈছে৷ মহিলাসকলে নিশাৰ সময়ত কাম কৰাত যাতে সমস্যাৰ সন্মুখীন হবলগীয়া নহয় তাৰবাবেও চৰকাৰে আইন সংশোধন কৰিছে৷ সৰু সৰু দোকান, সৰু সৰু উদ্যমীসকলে যাতে নিজৰ দোকান খোলা ৰাখিব পাৰে তাৰবাবেও আইন পৰিৱৰ্তন কৰা হৈছে৷

বন্ধুসকল, অলপতে আমি এমএছএমই খণ্ডত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছো৷ জিএছটিৰ সৈতে জড়িত সকলো ব্যৱসায়ে এতিয়া এক কোটি টকা পৰ্যন্ত ঋণ কেৱল ৫৯ মিনিটতে লাভ কৰিব৷ ইয়াৰোপৰি উৎপাদন বৃদ্ধি, বজাৰৰ পৰিসৰ বৃদ্ধি আৰু অনুজ্ঞাপত্ৰ তথা অনুসন্ধানৰ সৈতে জড়িত সমস্যাসমূহ লাঘৱ কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ যি উদ্যমী অথবা উদ্যোগে নিয়োজনৰ সুবিধাৰ সৃষ্টি কৰিছে তেওঁলোকক প্ৰধানমন্ত্ৰী ৰোজগাৰ প্ৰোৎসাহন যোজনাৰ অধীনত আৰ্থিক সাহাৰ্য প্ৰদান কৰা হৈছে৷ এই যোজনাৰ অধীনত চৰকাৰে নতুন নিয়োজনৰ অৱকাশৰ সৃষ্টিৰ বাবে তিনি বছৰৰ বাবে ৮.৩ শতাংশৰ ইপিএফ অনুদান স্বয়ং নিজৰ তৰফৰ পৰা প্ৰদান কৰিছে৷ চৰকাৰে শিক্ষানবিচ আইনৰো পৰিৱৰ্তন কৰিছে আৰু নতুন শিক্ষানবিচৰ প্ৰোৎসাহন যোজনাও প্ৰণয়ন কৰিছে৷ এই যোজনাৰ অধীনত উদ্যোগ এটাই যেতিয়া শিক্ষানবিচ নিযুক্ত কৰে তেতিয়া তেওঁলোকক প্ৰদান কৰা ভাট্টাৰ এক চতুৰ্থাংশ চৰকাৰে প্ৰদান কৰিব৷ বহু সংখ্যক উদ্যোগ এই ব্যৱস্থাৰ সৈতে জড়িত হৈ পৰিছে৷

বন্ধুসকল, মই বাস্তৱিকতে Minimum Government আৰু Maximum Governanceৰ ওপৰত আস্থা ৰখা ব্যক্তি৷ তাৰ পৰিণামস্বৰূপেই বিশ্বত ভাৰতৰ যি স্থান সেয়া এই যুক্তিৰ পৰাই শক্তিশালী হৈছে যে আমাৰ দেশ নিৰন্তৰে সংস্কাৰৰ দিশত আগবাঢ়িছে৷ জনসাধাৰণৰ জীৱন সহজ কৰি তোলাৰ বাবে সংস্কাৰ কৰা হৈছে৷ আইএমএফেই হওক, মুডীজেই হওক, বিশ্ব অৰ্থনৈতিক মঞ্চই হওক অথবা UNCTAD য়ে হওক, এই সকলো সংস্থাৰ মূল্যাংকনত ভাৰতৰ স্থান হয় ওপৰলৈ গৈ আছে অথবা ওপৰৰ স্থানত প্ৰৱিষ্ট হৈছে৷ তাতোকৈও ডাঙৰ কথা এয়ে যে এই সকলো সংস্থাই আমাৰ সংস্কাৰ প্ৰক্ৰিয়া আৰু ক্ষীপ্ৰতাক পৰিলক্ষিত কৰি ভাৰতৰ ভৱিষ্যতৰ বাবে সম্পূৰ্ণৰূপে আশ্বস্ত হৈ পৰিছে৷

বন্ধুসকল, দেশত নিৰন্তৰে হৈ থকা এই প্ৰয়াসসমূহৰ মাজত আমাৰ এতিয়া প্ৰয়াস হল ভাৰতক অতি কম সময়ৰ ভিতৰত ৫ ত্ৰিলিয়নৰ ক্লাবত অন্তৰ্ভুক্ত কৰাটো৷ এই লক্ষ্য প্ৰাপ্তিৰ বাবে আমি অৰ্থব্যৱস্থাৰ সকলো দিশৰ সংস্কাৰ কৰিব লাগিব৷ আমি এয়াও লক্ষ্য ৰাখিব লাগিব যে এতিয়া সকলো ক্ষেত্ৰৰে পৰিভাষা পৰিৱৰ্তন হবলৈ ধৰিছে৷ এতিয়া নিৰ্মাণ আৰু সেৱাখণ্ড পৰস্পৰে পৰস্পৰৰ পূৰক হৈছে৷ সেৱা খণ্ডত মূল্য সংযোজিত হৈছে আৰু নিৰ্মাণৰ কিছু কাৰকে সেৱা খণ্ডৰ সংস্কাৰ সাধন কৰিছে৷ নতুন প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমতা আৰু তথ্য প্ৰযুক্তি এতিয়া নিৰ্মাণ পৰিবেশতন্ত্ৰৰ অতিশয় গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচিত হৈছে৷ এই পৰিৱৰ্তনৰো আমি লক্ষ্য ৰাখিব লাগিব৷

বন্ধুসকল, বুনিয়াদী পৰিৱৰ্তনক উন্নত ধৰণে প্ৰণয়ন কৰিবলৈ আৰু বাস্তৱিকতাসমূহক বিকাশত সমাহিত কৰাৰ বাবে চৰকাৰে ঔদ্যোগিক নিয়মাৱলীৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে৷ এনেকুৱা এক নীতি যি সম্পূৰ্ণৰূপে উদ্যোগসমূহৰ জ্ঞানৰ আওতাত আহক আৰু উদ্যোগসকলে যাতে নতুন আন্তঃগাঁথনি সম্পৰ্কে অৱগত হয়৷ এই ঔদ্যোগিক নীতি নতুন ভাৰতৰ উদ্যমীসকলৰ নতুন দৃষ্টিভংগীৰ অনুৰূপত হব৷ এই ঔদ্যোগিক নীতিত ইজ অব্ ডুয়িং বিজনেছৰ মহত্ব বাহাল থাকিব৷

বন্ধুসকল, এতিয়া আমি ইজ অব্ ডুয়িং বিজনেছৰ ৰেংকিঙত শীৰ্ষৰ ৫০লৈ আহিবলৈ প্ৰয়াস কৰিব লাগে৷ অনাগত দিনত মই স্বয়ং এই বিষয়ৰ সৈতে জড়িত বিভিন্ন বিভাগসমূহৰ সৈতে পুনৰীক্ষণ বৈঠকত চামিল হম৷ ডিচেম্বৰ পৰ্যন্ত আমি যিমানবোৰ সিদ্ধান্ত গ্ৰহণ কৰিম তাৰ প্ৰভাৱ অনাগত বৰ্ষৰ ৰেংকিঙত পৰিলক্ষিত হব৷ ক্লীন এনাৰ্জীৰ ক্ষেত্ৰই হওক, ডিজিটেল বিশ্বই হওক, স্বাস্থ১ খণ্ডই হওক, বিলিটীয়েই হওক, সকলো ক্ষেত্ৰতে কৰা আপোনালোকৰ প্ৰয়াসে দেশক আগুৱাই লৈ যাব, আত্মনিৰ্ভৰ কৰিব৷ আজিৰ ব্যৱস্থাত, সমূহ প্ৰক্ৰিয়াত মানৱ হস্তক্ষেপ হ্ৰাস কৰাৰ প্ৰয়োজন হৈছে৷ ইয়াৰ বাবে আমি আধুনিক প্ৰযুক্তি আৰু ডিজিটেল প্ৰযুক্তি আঁকোৱালি লোৱাটো অধিক আৱশ্যক৷ এনে এক কৰ্ম সংস্কৃতি বিকশিত কৰাটো প্ৰয়োজন যত আবেদন জমা কৰিবলৈ, দস্তাবেজ প্ৰদৰ্শন কৰিবলৈ অথবা মাচুল জমা দিয়াৰ বাবে চৰকাৰী বিভাগ অথবা কোনো এজেন্সীৰ কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নাথাকে৷ এই ধৰণৰ কৰ্ম সংস্কৃতিয়ে Policy Driven Governance ক অধিক শক্তিশালী কৰিব৷ ইজ অব্ ডুয়িং বিজনেছৰ সৈতে ইজ অব্ লিভিংৰ লাভো দেশৰ প্ৰত্যক নাগৰিকে লাভ কৰাৰ বাবে আমাক আপোনালোকৰ সহযোগিতাৰ প্ৰয়োজন৷

বন্ধুসকল, এই সময়চোৱাত আপোনালোকৰ হৃদয়ত যি আত্মবিশ্বাস আছে, যি বিশ্বাস আছে সেয়াই মোৰ শক্তি৷ আপোনালোকৰ সকলো পৰামৰ্শ, বিচাৰধাৰাক মই স্বাগতম জনাইছো৷ আৰু অলপ আগেয়েই মহেন্দ্ৰ মহোদয়ে ব্যক্ত কৰিছিলে যে তেওঁলোকে ঔদ্যোগিক ক্ষেত্ৰত যি লক্ষ্য নিৰ্ধাৰণ কৰিব নোৱাৰে সেয়া মোদীয়ে কৰি আছে৷ আমি গুজৰাটৰ মানুহবোৰক সৰুৰে পৰাই শিকোৱা হয়– ‘নিছান চুক মাফ, নহী মাফ নিচু নিছান৷ অৰ্থাৎ যদি আপুনি লক্ষ্যভ্ৰষ্ট হৈছে সেয়া ক্ষমা কৰিব পাৰি, কিন্তু যদি লক্ষ্য কম কৰিছে তেন্তে সেয়া ক্ষমা কৰিব নোৱাৰি৷ আৰু মোৰ মন্ত্ৰ এয়াই যে লক্ষ্য যেতিয়া নিৰ্ধাৰণ কৰা হয় তেতিয়া সেয়া স্পৰ্শৰ সীমাৰ ভিতৰত হব লাগে কিন্তু ধৰিব পৰা হব নালাগে৷ এনেকুৱা হব লাগে যে যদি মই সামান্য জাঁপ মাৰো তেতিয়া ইয়াক ধৰিব পাৰিব৷ বিশ্বাস হব লাগে যে এয়া নিচেই কাষত আছে, দূৰত নহয়৷ এই মানসিকতা ব্যৱহাৰ কৰি মই লক্ষ্য নিৰ্ধাৰণ কৰা ব্যক্তি৷ মোৰ বিশ্বাস যে দেশৰ ভিতৰত এই মূলমন্ত্ৰ স্থাপিত হৈছে আৰু এই সিদ্ধান্তৰ পৰিণাম আমি লাভ কৰি আছো৷

পুনৰবাৰ আপোনালোক সকললোকে অভিনন্দন জনাই মই মোৰ বক্তব্য সামৰিছো৷

অশেষ ধন্যবাদ!!! 

***

AKT/VJ/TK/AK/MANN