পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালী গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম চাৰ্জিঅ’ মাটাৰেলা ডাঙৰীয়াক আজি ৰোমত ৰাষ্ট্ৰপতি ভৱন কুইৰিনেলত সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে ভাৰত-ইটালীৰ সম্পৰ্ক সুদৃঢ় কৰাৰ দিশত ৰাষ্ট্ৰপতি মাটাৰেলাৰ সহায় আৰু নেতৃত্বৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ভাৰত-ইটালীৰ কৌশলগত অংশীদাৰিত্বৰ উৰ্ধমুখী গতিৰ কথা উল্লেখ কৰি দুয়োগৰাকী নেতাই বাণিজ্য তথা বিনিয়োগ, বিজ্ঞান আৰু প্ৰযুক্তি, গৱেষণা আৰু উদ্ভাৱন, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, মহাকাশ, শক্তি, এআই আৰু গুৰুত্বপূৰ্ণ প্ৰযুক্তি, শিক্ষা, সংস্কৃতি আৰু জনসাধাৰণৰ সম্পৰ্কৰ ক্ষেত্ৰত চলি থকা সহযোগিতাৰ বিষয়ত সন্তুষ্টি প্ৰকাশ কৰে। উদীয়মান প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়তো তেওঁলোকে মত বিনিময় কৰে।
দুয়োগৰাকী নেতাই উল্লেখ কৰে যে ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিত আগতীয়াকৈ স্বাক্ষৰিত হ’লে এই অংশীদাৰিত্বই নতুন গতি লাভ কৰিব। সামুদ্ৰিক সুৰক্ষা, ডিজিটেল সংযোগ আৰু শক্তি যোগান নিশ্চিত কৰাৰ বাবে বহুমুখী ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (আইএমইচি)ৰ তাৎপৰ্যৰ বিষয়ে আলোচনা কৰে।
ইয়াৰোপৰি দুয়োগৰাকী নেতাই বিশ্বজোৰা তথা আঞ্চলিক বিষয়সমূহকলৈ আলোচনা কৰাৰ লগতে পশ্চিম এছিয়া আৰু ইউৰোপৰ সংঘাত সন্দৰ্ভত মত বিনিময় কৰে। আন্তঃৰাষ্ট্ৰীয় আইন, যাতায়তৰ স্বাধীনতা আৰু বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ বাবে তেওঁলোকৰ ভাগ-বাটোৱাৰা কৰা প্ৰতিশ্ৰুতিৰ কথা পুনৰবাৰ উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি মাটাৰেলাৰ উষ্ম আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰি ৰাষ্ট্ৰপতিগৰাকীক সুবিধাজনক সময়ত ভাৰত ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনায়।
***
MJPS/SS/PRK/DM
PM @narendramodi met President Sergio Mattarella in Rome and discussed various aspects of the India-Italy partnership, including trade, investment and people-to-people ties. The two leaders also explored cooperation in areas such as critical minerals, AI, space and nuclear… pic.twitter.com/TwGdilzKy4
— PMO India (@PMOIndia) May 20, 2026
Met President Sergio Mattarella in Rome. We discussed different aspects relating to the India-Italy friendship, including trade, investment and cultural linkages. We talked about how our nations can collaborate in areas such as AI, critical minerals, space and nuclear energy.… pic.twitter.com/9CcbLqfbL2
— Narendra Modi (@narendramodi) May 20, 2026
Ho incontrato il Presidente Sergio Mattarella a Roma. Abbiamo discusso di diversi aspetti relativi all'amicizia tra India e Italia, tra cui commercio, investimenti e legami culturali. Abbiamo parlato di come settori quali l'intelligenza artificiale, i minerali critici, lo spazio… pic.twitter.com/UWuXnmBDt7
— Narendra Modi (@narendramodi) May 20, 2026