Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ইণ্ডিয়া টুডে কনক্লেভ ২০১৯ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

ইণ্ডিয়া টুডে কনক্লেভ ২০১৯ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

ইণ্ডিয়া টুডে কনক্লেভ ২০১৯ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

ইণ্ডিয়া টুডে কনক্লেভ ২০১৯ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ


ইণ্ডিয়া টুডে গ্ৰুপৰ অধ্যক্ষ তথা মুখ্য সম্পাদক অৰুণ পুৰী ডাঙৰীয়া,

আপোনাৰ গ্ৰুপৰ সকলো সাংবাদিক বন্ধু,

নিউজ ৰুমত এই মুহূৰ্তত কাম কৰি থকা সকলো সাংবাদিক,

আপোনাৰ সৈতে জড়িত সকলো ষ্টিংগাৰ্ছ,

ইয়াত উপস্থিত অন্যান্য বিশিষ্ট ব্যক্তি তথা মোৰ সতীৰ্থসকল,

ইণ্ডিয়া টুডে কনক্লেভৰ সৈতে জড়িত সকলোকে মই বহুত বহুত শুভকামনা জনাইছো৷

আপোনালোকৰ গ্রুপে যিদৰে স্বচ্ছ ভাৰত অভিযানত অংশগ্ৰহণ কৰি জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰি আহিছে, তাৰবাবে আপোনালোক সকলোৱেই ধন্যবাদৰ পাত্ৰ৷

বন্ধুসকল, দেশক নেতৃত্ব দি মই কি কি শিকিছো, তাৰ অভিজ্ঞতাৰ সন্দৰ্ভত ক’বলৈ মোক অনুৰোধ কৰা হৈছে।

২০১৪ৰ সাধাৰণ নির্বাচনৰ পাছত যেতিয়া দিল্লীলৈ আহিছিলো, তেতিয়া সঁচাকৈয়ে বহু বিষয়ত কোনো অভিজ্ঞতা নাছিল। কেন্দ্রীয় চৰকাৰ কিদৰে চলে, কোন্‌বোৰ বিভাগ কিদৰে পৰিচালিত হয়, সেই সম্পর্কে বিশেষ ধাৰণা নাছিল৷ 

মই ভাৱো যে এই নজনাটোৱেই মোৰ বাবে আশীর্বাদত পৰিণত হৈছে।

মই যদি পুৰণি ব্যৱস্থাৰ অংশ হ’লোহেতেন, তেতিয়াহ’লে নির্বাচনৰ পাছতো সেই পুৰণি ব্যৱস্থাৱলীৰ মাজতে আবদ্ধ হৈ পৰিলোহেতেন৷ কিন্তু সেয়া নহ’ল৷ 

বন্ধুসকল, মোৰ মনত পৰে ২০১৪ চনৰ নির্বাচনৰ পূৰ্বে আপোনালোকৰ ষ্টুডিঅ’তে এক আলোচনাত একাংশ লোকে কৈছিল, বিশ্বৰ ক’ত কি হৈছে সেই সম্পর্কে মোদীয়ে একোকে গম নাপায়৷ এই ক্ষেত্রত মোৰ বিদেশ নীতিৰ কি হ’ব? কিন্তু শেহতীয়াভাৱে বিগত কেইটামান দিনৰ ঘটনাৱলীৰ জৰিয়তে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে ভাৰতৰ বিদেশ নীতিৰ প্ৰভাৱ কিমান সুদূৰপ্ৰসাৰী হৈছে! 

দেখিছে নে নাই? 

যি কি নহওক, আপোনালোকে স্বীকাৰ কৰিছে। 

বন্ধুসকল,

বৰ্তমানৰ ভাৰত, নতুন ভাৰত, পৰিৱর্তিত ভাৰত।

আমাৰ প্ৰতিগৰাকী বীৰ জোৱানৰ তেজ অমূল্য!

আগতে কি হৈছিল, কিমান জোৱান শ্বহীদ হ’ল, কিন্তু কোনো প্ৰতিৰোধমূলক পদক্ষেপ গ্ৰহণ নকৰিলে৷ কিন্তু এতিয়া কোনোবাই ভাৰতক ৰঙা চকু দেখুওৱাৰ সাহস কৰিব নোৱাৰে। আমাৰ চৰকাৰে ৰাষ্ট্ৰৰ স্বাৰ্থত প্ৰত্যেক সিদ্ধান্ত গ্ৰহণৰ বাবে দায়বদ্ধ।

ভাৰতে আজি এটি নতুন ৰীতি-নীতি লৈ যে আগুৱাই গৈছে, সেয়া বৰ্তমান সমগ্ৰ বিশ্বই বুজিব পাৰিছে। 

বন্ধুসকল,

বৰ্তমানৰ নতুন ভাৰত নির্ভীক আৰু ই নির্ণায়ক সিদ্ধান্ত ল’বলৈ সক্ষম। কাৰণ, আজি চৰকাৰে ১২৫ কোটি ভাৰতীয়ৰ সমর্থন আৰু বিশ্বাস লৈ আগুৱাই গৈছে।

ভাৰতবাসীৰ এই ঐক্যবদ্ধ প্ৰচেষ্টাই দেশৰ ভিতৰে-বাহিৰে কিছু দেশ বিৰোধী লোকৰ মনত ভয় সৃষ্টি কৰিছে।

আজিৰ পৰিৱেশত মই কওঁ যে এই ভয় খুব ভাল। যেতিয়া শত্রুৰ মনত ভাৰতৰ পৰাক্ৰমক লৈ ভয় থাকে, তেতিয়া সেই ভয় দেশৰ বাবে ইতিবাচক।

সন্ত্রাসবাদীৰ মনত যদি সৈনিকৰ শৌর্যক লৈ ভয় থাকে-সেই ভয় ভাল। 

ধন আত্মসাৎ কৰি পলাই থকা সকলৰ মনত যদি আইন তথা তেওঁৰ সম্পত্তি বাজেয়াপ্ত হোৱাৰ ভয় থাকে-সেই ভয় ভাল।

মামাৰ ধমকত যেতিয়া ডাঙৰ ডাঙৰ পৰিয়ালে ভয় খাবলৈ আৰম্ভ কৰে-সেই ভয় ভাল। 

ভ্ৰষ্টাচাৰী নেতাৰ মনত যেতিয়া জে’ললৈ যোৱাৰ ভয় থাকে-সেই ভয় ভাল।

দুর্নীতিগ্ৰস্তই যেতিয়া আইনক ভয় খাবলৈ আৰম্ভ কৰে-সেই ভয় ভাল।

বন্ধুসকল,

স্বাধীনতাৰ পাছৰ পৰা কেইবা দশক ধৰি দেশবাসীয়ে বহুত অত্যাচাৰ সহ্য কৰিছে। 

এতিয়া এই নতুন ভাৰত নিজৰ সামর্থ্য, কর্মশক্তি আৰু সম্পদৰ ভৰসা কৰি আগুৱাই গৈছে, নিজৰ আন্তঃগাঁথনিমূলক দুর্বলতাসমূহ দূৰ কৰাৰ লগতে, নিজৰ সমস্যাসমূহ সমাধানৰ চেষ্টা কৰিছে। 

কিন্তু বন্ধুসকল,

ভাৰতৰ উন্নয়নৰ যাত্ৰাৰ পথত আন এটি সমস্যা দেখা দিছে, সেয়া হ’ল–নিজৰ দেশৰ বিৰোধিতা কৰা তথা দেশকৈ লৈ মজা কৰি আত্মসন্তুষ্টি লাভ কৰা৷ 

মই আচৰিত হৈছো, যেতিয়া সমগ্ৰ দেশে আমাৰ সেনাবাহিনীৰ সৈতে কান্ধত কান্ধ মিলাইছে, সেই সময়ত একাংশই সেনাবাহিনীৰ প্ৰতি সন্দেহ প্ৰকাশ কৰিছে। 

এফালে, আজি সমগ্ৰ বিশ্বই সন্ত্রাসৰ বিৰুদ্ধে যুঁজাৰ বাবে ভাৰতৰ কাষত থিয় দিছে৷ আনফালে, একাংশ দলে সন্ত্রাসৰ বিৰুদ্ধে আমাৰ যুঁজক লৈ সন্দেহ প্ৰকাশ কৰিছে।

তেওঁলোকৰ এনেবোৰ কথা আৰু তেওঁলোকৰ লেখা নিৱন্ধসমূহে পাকিস্তানী সংসদ ভৱন, ৰেডিঅ’ আৰু টেলিভিচন চেনেলত ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছে। 

এই বিৰোধীসকলে মোদীৰ বিৰোধিতা কৰি কৰি দেশৰ বিৰোধিতাত অৱতীর্ণ হোৱাৰ ফলত দেশৰ ক্ষতি কৰিছে।

মই আজি এই মঞ্চৰ পৰা এই ধৰণৰ ব্যক্তিসকলক সুধিব বিচাৰো যে আমাৰ সামর্থ্যক লৈ আপোনালোকৰ আস্থা আছে নে আপোনালোকে সন্দেহ কৰে?

নে আপোনালোকে তেওঁলোকক বিশ্বাস কৰে, যিসকলে আমাৰ ভূমিত সন্ত্রাসবাদক উৎসাহ যোগাইছে।

ভাই-ভনীসকল, মই এনে প্ৰতিগৰাকী ব্যক্তি তথা দলক ক’ব বিচাৰ যে মোদী আহিব আৰু গুছি যাব। কিন্তু ভাৰত সদায়েই থাকিব। সেইবাবে তেওঁলোকৰ প্ৰতি মোৰ অনুৰোধ, দয়া কৰি ব্যক্তিগত ৰাজনৈতিক স্বার্থৰ বাবে, নিজৰ অহংকাৰ ৰক্ষার্থে দেশৰ নিৰাপত্তাক লৈ খেলা কৰাটো বাদ দিয়ক। ভাৰতক দুর্বল কৰাৰ প্ৰচেষ্টা আপোনালোকে বন্ধ কৰক৷ 

বন্ধুসকল,

দেশে আজি ৰাফেল বিমানৰ অভাৱ অনুভৱ কৰিছে। আজি ভাৰতবাসীয়ে সমস্বৰে কৈছে যে আমাৰ কাষত ৰাফেল থকা হ’লে বহুত ভাল আছিল! আগতে ৰাফেলক লৈ ন্যস্ত স্বার্থ পুৰণৰ কাৰণে আন এখন ৰাজনীতিৰ কাৰণে দেশৰ বহুত লোকচান হৈছে।

মই এই বিৰোধীসকলক স্পষ্টভাবে ক’ব বিচাৰো যে মোদীৰ বিৰোধিতা যিমান পাৰে কৰক, আমাৰ আঁচনিসমূহৰ কিবা ত্রুটি থাকিলে, সেইবোৰৰ সমালোচনা কৰক। সেইবোৰৰ প্ৰভাৱ কিমান ইতিবাচক, সেই বিষয়ে সমালোচনা কৰক, কিন্তু দেশৰ নিৰাপত্তাক লৈ, দেশৰ স্বাৰ্থৰ বিৰোধিতা নকৰিব।

আপোনালোকে মনত ৰাখিব যে মোদী বিৰোধৰ এই জেদৰ ফলত মাছুদ আজহাৰ তথা হাফীজ ছয়ীদৰ দৰে সন্ত্রাসবাদীৰ যাতে কোনো সুবিধা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখক৷ 

বন্ধুসকল, যিসকল বহুত বছৰ ধৰি দেশৰ শাসন ক্ষমতাত আছিল, তেওঁলোক দুটা বস্তুৰ প্ৰতি আগ্ৰহী আছিল, সেয়া হ’ল–চুক্তি আৰ ভিক্ষা দান। এই চুক্তি আৰু ভিক্ষা দানৰ সংস্কৃতিয়ে আমাৰ দেশৰ উন্নয়ন যাত্রাক ব্যাহত কৰিছে।

এই মনোভাবৰ সৰ্বাধিক বলি হ’ল দেশৰ সৈনিক আৰু কৃষকসকল। সৈনিকসকলে কিদৰে ইয়াৰ চিকাৰ হ’লে, সেয়া আগতে ক’ম৷

যিসকলে বহুত বছৰ ধৰি দেশৰ শাসন ক্ষমতাত আছিল, তেওঁলোকে নিজৰ শাসনকালত ইমান বেছি প্ৰতিৰক্ষা সম্পর্কীয় কেলেংকাৰীত কিয় জড়িত আছিল? 

তেওঁলোকে সেনাৰ জীপ ক্ৰয় কেলেংকাৰীৰ পৰা আৰম্ভ কৰি লাহে লাহে অস্ত্ৰ কেলেংকাৰী, ছাবমেৰিন কেলেংকাৰী তথা হেলিকপ্টাৰ কেলেংকাৰীত জড়িত আছিল৷ এইবোৰৰ কাৰণে প্ৰতিৰক্ষা খণ্ডৰ ব্যাপক হাৰত ক্ষতিগ্ৰস্ত হয়। 

যথাসময়ত সঠিক চুক্তি সম্পাদিত নকৰাৰ ফলত প্ৰতিৰক্ষা খণ্ডত আধুনিকীকৰণ প্ৰক্রিয়া ব্যাহত হৈ থাকিল৷ 

প্ৰতিখন চুক্তিত কোন কোন জড়িত আছিল? কোন কোন প্ৰত্যেক চুক্তিৰ দালালৰ ঘনিষ্ঠ আছিল, সেই সম্পর্কে এতিয়া সমগ্ৰ দেশে জানে।

আৰু দিল্লীত লুটি-পুটি খোৱা সকলেতো জানেই। 

বন্ধুসকল,

এইটো সকলোৱে জানে যে আমাৰ সামৰিক বাহিনীক নিয়মীয়াকৈ বুলেটপ্রুফ জেকেটৰ প্ৰয়োজন। ২০০৯ চনত আমাৰ সেনাবাহিনীয়ে চৰকাৰৰ ওচৰত ১ লাখ ৮৬ হাজাৰ বুলেটপ্রুফ জেকেট প্ৰয়োজন বুলি দাবী কৰিছিল। 

আপোনালোকে জানি লজ্জিত হ’ব যে ২০০৯ চনৰ পৰা ২০১৪ লৈকে এটাও বুলেটপ্রুফ জেকেট ক্ৰয় নকৰিলে৷

আমি শাসন ক্ষমতাত অধিষ্ঠিত হৈয়ে ২ লাখ ৩০ হাজাৰ বুলেটপ্রুফ জেকেট ক্ৰয় কৰিলো৷ আমি এই ক্ৰয় প্ৰক্রিয়াত দালালমুক্ত কৰিলো। বর্তমানৰ চৰকাৰে কোনো দুর্নীতক সহ্য নকৰে।

আৰু এতিয়া মই ভিক্ষা প্ৰদানৰ সন্দৰ্ভত ক’ম। যিসকলে ইমান বছৰ ক্ষমতাত আছিল, তেওঁলোকে ভিক্ষা প্ৰদান পছন্দ কৰিছিল। সেই ভিক্ষা প্ৰদানৰ লক্ষ্য দৰিদ্ৰসকলৰ সবলীকৰণ নাছিল৷ সেই ভিক্ষা এনেয়ে প্ৰদান কৰা হৈছিল, যাতে দুখীয়াসকল দুখীয়া হৈয়ে থাকি যায় আৰু তেওঁলোকৰ ৰাজনৈতিক জীৱন প্ৰভূৰ দয়াত বাছি থাকে।

ইয়াৰ উৎকৃষ্ট উদাহৰণ হ’ল কৃষি ঋণ ৰেহাইৰ প্ৰক্রিয়া। 

কোনো অর্থনীতিবিদ বা নীতি বিশেষজ্ঞই নকয় যে ঋণ ৰেহাইৰ জৰিয়তে আমাৰ কৃষি সংক্রান্তীয় কোনো সমস্যাৰ সমাধান সম্ভৱ। এয়া কেঁচা ঘাত মলম লগোৱাৰ বাহিৰে আৰু একো নহয়৷

প্ৰত্যেক ১০ বছৰে ইউপিএ এবাৰকৈ কৃষি ঋণ ৰেহাইৰ ব্যৱস্থা কৰিছে। তেওঁলোকৰ পূৰ্বৰ সম্পূর্ণ শাসনকালত এনে কোনো পদক্ষেপ ন’লৈ নির্বাচনৰ পূৰ্বে কৃষি ঋণ ৰেহাই কৰিছে। কিন্তু তেওঁলোকৰ এই ঋণ ৰেহাই বাস্তৱসন্মত নাছিল। ইয়াৰ দ্বাৰা ২০ শতাংশতকৈ কম কৃষকহে উপকৃত হৈছিল। তাৰপাছতো তেওঁলোকে এই কৃষি ঋণৰ জোৰত নির্বাচনত জয়ী হোৱাৰ চেষ্টা কৰিছে। 

আমি বিভিন্ন দৃষ্টিকোণৰ পৰা কৃষকৰ দিশবোৰ গ্ৰহণ কৰিছো। কৃষকসকলৰ উন্নহয়নৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি শীৰ্ষক এক সংহত ব্যৱস্থা গঢ়ি তুলিছো। এই ব্যৱস্থা কোনো চুক্তি অথবা ভিক্ষা প্ৰদান প্ৰক্রিয়া নহয়। দেশৰ ১২ কোটি কৃষকক তিনিটা কিস্তিত ৬ হাজাৰ টকা দিয়া হ’ব। যোৱা ১ ফেব্রুৱাৰীত এই প্ৰকল্প ঘোষণা কৰাৰ লগতে ২৪ ফেব্রুৱাৰীত ইয়াৰ শুভাৰম্ভ কৰা হৈছে। আমি ২৪ দিনত দিন-ৰাতি কাম কৰি ইয়াক শুভাৰম্ভ কৰিছো৷ 

আগতে এটা প্ৰশ্নৰ সমাধানৰ বাবে বহুত সময়ৰ প্ৰয়োজন হৈছিল৷ সেইটো হ’ল–এই অনুদান পৰিয়ালৰ কোন্‌ সদস্যৰ নামত আৰম্ভ কৰা হ’ব।

ঋণ ৰেহাইৰ দৰে হ’লেও প্ৰধানমন্ত্ৰী–কিষাণ সন্মাননিধি এক দীর্ঘ ম্যাদী সহায়ক ব্যৱস্থা। 

পূৰ্বতে আমি একাধিক প্ৰকল্পৰ জৰিয়তে ইয়াৰ ভেঁটি গঢ় দিছিলো। যেনে–মৃত্তিকা স্বাস্থ্য কার্ড, প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা আৰু ই-নাম–ইত্যাদিবোৰৰ কোনোটোৱেই ভিক্ষা প্ৰদান কৰা নহয়। এইবোৰৰ প্ৰত্যেকটোৱেই কৃষকসকলৰ আয় ২০২২ চনৰ ভিতৰত দুগুণ কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা দীর্ঘ ম্যাদী পদক্ষেপ।

এই এনডিএ চৰকাৰৰ আমোলতে কৃষকসকলক সন্মান জনাবলৈ ন্যূনতম সহায়ক মূল্য বৃদ্ধিৰ ক্ষেত্রত ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা হৈছে। পূর্বৰ চৰকাৰৰ আমোলত এই ন্যূনতম সহায়ক মূল্য সম্পৰ্কীয় ফাইল প্রায় সাত বছৰ ধৰি ৰঙা ফিটাৰ মেৰপাকত বান্ধ খাই আছিল।

প্ৰকৃততে তেওঁলোকে ১০ শতাংশ ‘কমিচন’ লৈ কাম কৰিছিল আৰু আমি ১০০ শতাংশ ‘মিচন’লৈ কাম কৰো। সেইবাবেই সৰ্বাংগীন উন্নহয়ন সম্ভৱ হৈছে। 

বন্ধুসকল,

তেওঁলোকৰ ৫৫ বছৰীয়া শাসনৰ তুলনাত আমাৰ ৫৫ মাহৰ শাসনত দৃষ্টিভংগীত পার্থক্য আছে। তেওঁলোকৰ আছিল ‘টোকেন এপ্রোচ’ আৰু আমাৰ হ’ল ‘টোটেল এপ্রোচ’। প্ৰত্যেক ক্ষেত্রত তেওঁলোকে কেনেকৈ ‘টোকেন’ দিয়াৰ পক্ষপাতি আছিল, সেয়া মই অলপ ব্যাখ্যা কৰি বুজাব বিচাৰিছো৷ 

স্বাধীনতাৰ পাছৰ পৰাই দেশৰ শাসন ক্ষমতাত থকা দলৰ এটি জনপ্রিয় শ্ল’গান আছিল-গৰিবি হটাও! কিন্তু এই দৰিদ্ৰতা কিদৰে নিৰ্মূল হ’ব, তাক লৈ কোনো নির্দিষ্ট পৰিকল্পনা নাছিল আৰু কোনো উদ্যোগো গ্ৰহণ কৰা নাছিল। কিন্তু তেওঁলোকে দেশৰ চুকে-কোণে চিঞঁৰি আহিছে–গৰিবি হটাও, গৰিবি হটাও।

তেওঁলোকে জানিছিল যে দৰিদ্ৰতা দূৰীকৰণৰ বাবে জনগণৰ অর্থনৈতিক অন্তর্ভুক্তিকৰণৰ প্ৰয়োজন আছে। সেইবাবে তেওঁলোকে এক ‘টোকেন’ ব্যৱস্থা গ্ৰহণ কৰিছিল, সেয়া হ’ল–বেংক ৰাষ্ট্রীয়কৰণ। 

দুখীয়াসকলৰ নামত তেওঁলোকে এই ব্যৱস্থা গ্ৰহণ কৰিছিল। কিন্তু ৰাষ্ট্রীয়কৃত বেংকসমূহৰ দৰ্জা আকৌ দুখীয়া লোকসকলৰ বাবে খোলা আছে নে নাই সেইটো বিচাৰ কৰি চোৱাৰ তেওঁলোকে প্ৰয়োজন বোধ কৰা নাছিল৷

প্রাক্তন সৈনিকসকলৰ ৪০ বছৰৰ দাবী মানি ২০১৪ চনৰ অন্তিম বাজেটত ‘এক পদ, এক পেন্সন’ প্ৰথা আৰম্ভ কৰাৰ ক্ষেত্রতো তেওঁলোকে ৫০০ কোটি টকাৰ এক ‘টোকেন’ পুঁজি গঠন কৰিছিল। কিন্তু তেওঁলোকে জানিছিল যে এই টকাত কেতিয়াও ‘এক পদ, এক পেন্সন’ ব্যৱস্থা ৰূপায়ণ নহয়৷ কিন্তু নির্বাচন আগত আছিল যে!

২০১৪ চনৰ পূৰ্বে তেওঁলোকৰ নির্বাচনী প্ৰতিশ্ৰুতিৰ অন্যতম দফা আছিল পৰিয়ালক বছৰি গেছ চিলিণ্ডাৰ ৯টাৰ পৰা বৃদ্ধি কৰি ১২টা প্ৰদান কৰা।

কল্পনা কৰক, ইমান ডাঙৰ ৰাজনৈতিক দল, যিসকলৰ পৰিয়ালে বছৰি গেছ চিলিণ্ডাৰৰ সংখ্যা হ্রাস কৰি ৯টাতে সীমাবদ্ধ ৰাখিছিল, তেওঁলোকে নির্বাচনত জয়ী হ’লে বছৰি ১২টা চিলিণ্ডাৰ দিয়াৰ প্ৰতিশ্রুতি দিছিল। 

এই ধৰণৰ ‘টোকেন’ প্ৰদান প্ৰথা আমাৰ বাবে গ্ৰহণযোগ্য নহয়। কাম কৰিবলৈ হ’লে সামগ্রিকভাৱে কৰিব লাগিব। সেইবাবে আমি ১০০ শতাংশ সম্পন্ন কৰাৰ লক্ষ্য লৈ সকলো উদ্যোগ গ্ৰহণ কৰো। 

জন ধন–সকলোৰে বাবে বেংক একাউণ্টৰ জৰিয়তে অর্থনৈতিক অন্তর্ভুক্তিকৰণ। 

সকলোৰে বাবে গৃহ–২০২২ চনৰ ভিতৰত প্ৰত্যেক ভাৰতীয়ৰ মুৰৰ ওপৰত ছাঁদ সুনিশ্চিত কৰা। আমি সেই লক্ষ্যত দ্রুতগতিতে আগুৱাই গৈছো। ইউপিএ চৰকাৰৰ অন্তিম পাঁচ বছৰত গৃহহীনসকলৰ বাবে ২৫ লাখ গৃহ নির্মাণ হৈছিল। আৰু আমি ইতিমধ্যে ডেৰ কোটি গৃহ নির্মাণ কৰিছো। 

সকলোৰে বাবে স্বাস্থ্য–আয়ুষ্মান ভাৰত– সুলভ স্বাস্থ্য সেৱাৰ পৰা কোনো ভাৰতীয় যাতে বঞ্চিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনিৰ শুভাৰম্ভ কৰা হৈছে। ইয়াৰ জৰিয়তে ৫০ কোটি ভাৰতীয় উপকৃত হ’ব। 

এক পদ, এক পেন্সন–ইউপিএ চৰকাৰ নির্ধাৰিত ৫০০ কোটিৰ বিশাল পুঁজিৰ পৰা অধিকাংশ অৰ্থাঁৎ প্রায় ৩৫ হাজাৰ কোটি টকা খৰচ কৰি এনডিএ চৰকাৰে এই প্ৰকল্প ৰূপায়ণ কৰিছে।

উজ্জ্বলা যোজনা–আমাৰ পূৰ্বৰ চৰকাৰে বছৰত পৰিয়ালক ৰন্ধন গেছৰ ৯টা চিলিণ্ডাৰ দিব নে, ১২টা দিব, তাক লৈ বিপাঙত পৰিছিল। আমি কোটি কোটি পৰিয়ালক ধোঁৱামুক্ত ৰান্ধনীশাল উপহাৰ দিবলৈ ৰাতিয়ে দিনে পৰিশ্ৰম কৰিছো। 

সকলোৰে বাবে বিদ্যুৎ-প্ৰত্যেক গাঁৱৰ লগতে প্ৰতিটো পৰিয়ালক বিদ্যুৎ সংযোগ সুনিশ্চিত কৰাৰ বাবে আমি কাম কৰি আহিছো। স্বাধীনতাৰ ৭০ বছৰ পাছতো যি ১৮ হাজাৰ গাঁৱৰ লোকে সন্ধ্যাৰ পাছত অন্ধকাৰত থাকিব লাগিছিল, সেইবোৰত ইতিমধ্যে ১০০ শতাংশ বিদ্যুৎ প্ৰদান কৰা হৈছে। আৰু এতিয়া আমি প্ৰত্যেক ঘৰতে বিদ্যুৎ সংযোগ প্ৰদানৰ কামত অগ্রাধিকাৰ দিছো। 

ইয়াৰ পৰা আপোনালোকে বুজিব পাৰিছে যে আমি দ্ৰুতগতিৰে অধিক কাম কৰিছো। সকলোৱে যেন সকলোৰ বাবে হয়, আঙুলিৰ মুৰত গণিত পৰা কেইজনমানৰ বাবে নহয়। 

‘টোকেন’ ব্যৱস্থাৰ অৱসান ঘটাই দেশৰ প্ৰত্যেক নাগৰিকৰ বাবে উন্নয়নৰ সুফল প্ৰদান কৰাৰ বাবে সম্পূর্ণ পৰিৱৰ্তনৰ পথত আমি কাম কৰি আহিছো। 

বন্ধুসকল, 

‘আজ টক’ ভাল প্ৰশ্নৰ বাবে জনাজাত। 

কিন্তু আজি মই ‘আজ টক’ৰ এই মঞ্চৰ পৰা কেতবোৰ প্ৰশ্ন কৰিব বিচাৰো। 

ইমান দিনলৈকে দেশৰ কোটি কোটি মানুহে কিয় মুকলি স্থানত মলত্যাগ কৰিবলৈ বাধ্য হৈছিল? 

ইমান দিনলৈকে দেশৰ চৰকাৰ দিব্যাংগসকলৰ প্ৰতি কিয় সহানুভূতি নাছিল?

ইমান দিনলৈকে গংগাৰ পানী কিন প্ৰদূষণমুক্ত হোৱা নাছিল? 

ইমান দিনলৈকে উত্তৰ-পূব ভাৰতক কিয় উপেক্ষা কৰা হৈছে? 

ইমান দিনলৈকে আমাৰ সেনাবাহিনীৰ মহান বীৰসকলৰ স্মৃতিত কোনো ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক কিয় নাছিল?

ইমান দিনলৈকে আমাৰ পৰাক্ৰমী শ্বহীদ আৰক্ষীসকলৰ স্মৃতিত কোনো ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক কিয় নাছিল?

ইমান দিনলৈকে আজাদ হিন্দ ফৌজ চৰকাৰৰ স্মৃতিত লালকিল্লাত কিয় ত্রিৰংগা পতাকা উত্তোলিত হোৱা নাছিল?

‘আজ টক’ৰ এই মঞ্চক মই যদি এই ধৰণৰ প্ৰশ্ন সুধি থাকো, তেতিয়া হ’লে কেইবা ঘন্টা ধৰি বিশেষ বুলেটিন প্ৰচাৰ কৰিব পাৰিব। এই প্ৰশ্নসমূহক লৈ আপোনালোকৰ ‘হাল্লা বোল’ কৰক বা নকৰক, কোনো ধাৰাবাহিক আৰম্ভ কৰক বা নকৰক–এইটো সত্য যে ইমান বছৰ ধৰি দেশত দুখীয়া, পীড়িত, শোষিত আৰু বঞ্চিতসকলৰ ব্যৱস্থাত অন্তর্ভুক্তিকৰণৰ কোনো সার্থক প্ৰচেষ্টা হোৱা নাছিল।

কিন্তু মই ইয়ালৈ প্ৰশ্ন কৰিবলৈ অহা নাই। আপোনালোকে কোনো প্ৰশ্ন নকৰিলেও মই ইয়ালৈ উত্তৰ দিবলৈ আহিছো যে আমি কিমান কৰিব পাৰিছো আৰু কি কৰিবলৈ গৈ আছে৷

আপোনালোকে নিজক ‘সকলোতকৈ আগত’ বুলি কয়–এইটো আপোনালোকৰ টেগ লাইন। সেইবাবে মই ভাবিছো, আজি মইও নিজৰ চৰকাৰ কিমান ‘ক্ষিপ্ৰ’ সেই সম্পর্কে ক’ম। 

বৰ্তমান আমি দ্ৰুতগতিত ভাৰতৰ পৰা দৰিদ্ৰতা দূৰীকৰণ কৰিবলৈ সক্ষম হৈছে।

বৰ্তমান আমি দ্ৰুতগতিত বিকশিত বৃহত্তম অর্থনীতিৰ দেশত পৰিণত হৈছো। 

১৯৯১ চনৰ পৰা হিচাপ কৰিলে যোৱা পাঁচ বছৰত আমি সর্বাধিক হাৰত জিডিপি বৃদ্ধি কৰিবলৈ সক্ষম হৈছো। 

১৯৯১ চনৰ পৰা হিচাপ কৰিলে যোৱা পাঁচ বছৰত আমি সর্বাধিক হাৰত সামগ্ৰীৰ মূল্যবৃদ্ধি হ্রাস কৰিবলৈ সক্ষম হৈছো।

বৰ্তমান আমি দ্ৰুতগতিত পথ নির্মাণ কৰিছো। 

বৰ্তমান আমি দ্ৰুতগতিত ৰে’লপথৰ উন্নয়নৰ কাম কৰিছো।

বৰ্তমান আমি দ্ৰুতগতিত গৃহহীন সকলৰ বাবে গৃহ নির্মাণ কৰিছো। 

বৰ্তমান আমি দ্ৰুতগতিত মোবাইল প্ৰস্তুত কৰা ইউনিট স্থাপনৰ কাম কৰিছো। 

বৰ্তমান আমি দ্ৰুতগতিত অপটিকেল ফাইবাৰ নেটৱর্ক সম্প্ৰসাৰণৰ কাম কৰিছো। 

বৰ্তমান আমি দ্ৰুতগতিত প্ৰত্যক্ষ বিদেশী বিনিয়োগ লাভ কৰিবলৈ সক্ষম হৈছো। 

বৰ্তমান আমি দ্ৰুতগতিত স্বচ্ছতা পৰিধি বৃদ্ধি কৰিবলৈ সক্ষম হৈছো। 

অর্থাৎ আপোনালোকৰ টেগ লাইন ‘সকলোতকৈ আগত’ৰ দৰে আমাৰ চৰকাৰৰ আয়ুসৰেখা হ’ল- আটাইতকৈ ক্ষীপ্ৰতম। 

ভাই-ভনীসকল, ২০১৩ চনত যেতিয়া আপোনালোকৰ অনুষ্ঠানলৈ আহিছিলো, তেতিয়া আপোনালোকক দুজন বন্ধুৰ কাহিনী শুনাইছিলো। গল্পটো আছিল, এবাৰ দু’জন বন্ধু জংঘলত ফুৰিবলৈ যায়, ঘুৰোতে ঘুৰোতে তেওঁলোক ঘন জংঘলত সোমাই যায়। ভয়ানক জীৱ-জন্তুৰ হাতৰ পৰা নিজৰ জীৱন ৰক্ষাৰ বাবে তেওঁলোক নিজৰ ওচৰত বিভিন্ন ধৰণৰ বন্দুক ৰাখিছিল। 

কিন্তু তেওঁলোকে যেতিয়া খোজ কাঢ়ি ঘন জংঘল পালে, তেতিয়া এটা বাঘ তেওঁলোকৰ সন্মুখত ওলাল।

এতিয়া তেওঁলোকে কি কৰিব? বন্দুকটো গাড়ীত পেলাই থৈ আহিছে! এনে পৰিস্থিতিত তেওঁলোকে এই ভয়ানক সমস্যাৰ কিদৰে মোকাবিলা কৰিব? ক’লৈ পলাই যাব? 

কিন্তু তেওঁলোকৰ মাজৰ এজনৰ মনত পৰিল যে তেওঁৰ পকেটত বন্দুকৰ লাইচেন্স আছে। সেই বন্দুকৰ লাইচেন্সটো পকেটৰ পৰা উলিয়াই বাঘক দেখুৱাই ক’লে এইটো চোৱা–আমাৰ ওচৰত বন্দুকৰ লাইচেন্স আছে। 

বন্ধুসকল, মই যেতিয়া আপোনালোকৰ এই কাহিনী শুনাইছিলো, তেতিয়া দেশৰ কেন্দ্রীয় চৰকাৰৰ অৱস্থা এনেকুৱাই আছিল। 

পূৰ্বৰ চৰকাৰে বহুত আইন প্ৰণয়ন কৰিছিল ঠিকেই। কিন্তু কোনোটোৱেই কাৰ্যকৰী কৰা নাছিল৷

আমি চৰকাৰৰ দায়িত্ব লোৱাৰ পাছত আইনৰ প্ৰণয়নৰ লগতে ইয়াক কাৰ্যকৰী কৰাতো গুৰুত্ব দিছো। তেতিয়াৰ আৰু বর্তমানৰ মাজত পার্থক্য কিমান, আৰু কেইবাটাও উদাহৰণ দি বুজাব বিচাৰিছো৷ 

বন্ধুসকল, ১৯৮৮ চনত বেনামী সম্পত্তি আইন গৃহীত কৰা হৈছিল। কিন্তু সেয়া ৰূপায়ণ নহ’ল। আমি দায়িত্ব লোৱাৰ পাছত সেই আইন ৰূপায়ণ কৰিছো আৰু হাজাৰ হাজাৰ কোটি টকাৰ বেনামী সম্পত্তি বাজেয়াপ্ত কৰিছো।

পূর্বৰ চৰকাৰে বহুত ঢাক-ঢোল পিটি খাদ্য নিৰাপত্তা আইন গৃহীত কৰিছিল। কিন্তু আমি চৰকাৰৰ দায়িত্ব লোৱাৰ পাছত দেখিলো যে দেশৰ মাত্ৰ ১১খন ৰাজ্যত এই আইনৰ আংশিক ৰূপায়ণ হৈছে। আমি দেশৰ প্ৰত্যেক ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলত এই আইন ৰূপায়ণ কৰাৰ লগতে সুনিশ্চিত কৰিছো, যাতে দেশৰ প্ৰতিজন ব্যক্তি ইয়াৰ দ্বাৰা উপকৃত হয়। 

আগতেও একেই চৰকাৰী বিষয়া আছিল, একেই ফাইল আৰু একেই বিভাগ আছিল। কিন্তু দৃষ্টিভংগীৰ পার্থক্যৰ ফলত কাম হোৱা নাছিল। 

আমি দ্রুতগতি কাম কৰাত জোৰ দিয়াৰ লগতে দেশক কি গতিত উন্নয়নৰ পথত আগুৱাই নিছো, সেয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে। 

বন্ধুসকল,

২০১৪–২০১৯ মাত্ৰ পাঁচ বছৰ সময়। কিন্তু আপোনালোকে যদি আমাৰ উন্নয়ন প্ৰক্রিয়াৰ গতিপথত অলপ অলপকৈ চৰকাৰৰ কামৰ বিশ্লেষণ কৰো, তেতিয়াহ’লে ভাবিব যে আপোনালোকে যেন উন্নয়নৰ কেইবা দশকৰ যাত্রাপথ অতিক্ৰম কৰিছে। 

মই যেতিয়া এইবোৰ কথা দৃঢ়তাৰে কওঁ, তাৰ অন্তৰালত আমাৰ চৰকাৰৰ পাঁচ বছৰৰ কঠিন পৰিশ্ৰম আৰু ১২৫ কোটি ভাৰতীয়ৰ আশীর্বাদ আৰু অংশীদাৰিত্ব আছে। 

২০১৪–২০১৯ দেশৰ জনগণৰ প্ৰয়োজন পুৰণৰ সময় আছিল। কিন্তু ২০১৯ৰ পাছত জনগণৰ আকাংক্ষা বাস্তবায়িত কৰাৰ অগ্রাধিকাৰ দিব লাগিব। 

২০১৪–২০১৯ দেশৰ প্ৰত্যেক নাগৰিকৰ ঘৰত মৌলিক প্ৰয়োজন পুৰণৰ সময় আছিল। কিন্তু ২০১৯ৰ পাছত দ্রুতগতিত উন্নয়নৰ বাবে কাম কৰিব লাগিব৷

এই যে ২০১৪–২০১৯লৈকে আমাৰ যাত্রা ইয়াৰ গতিপথ ২০১৯ত পৰিৱৰ্তন কৰাৰ এক সপোনৰ গল্প ৰচনা কৰা হৈছে; নিৰাশাৰ পৰা আশাৰ শিখৰত উপনীত হোৱাৰ গল্প, সংকল্পৰ পৰা সিদ্ধিৰ পথত অগ্ৰসৰ হোৱাৰ গল্প! 

বন্ধুসকল, আমি কিতাপত পঢ়িছো একবিংশ শতিকা ভাৰতৰ শতিকা হ’ব। বিগত পাঁচ বছৰত আমি বহুত পৰিশ্ৰম কৰি দেশৰ ভেঁটি শক্তিশালী কৰাৰ কাম কৰিছো। এই ভেঁটীৰ ওপৰতে নতুন ভাৰতৰ অত্যাধুনিক অট্টালিকা গঢ়ি উঠিব।

আজি মই সম্পূর্ণ বিশ্বাসেৰে ক’ব পাৰিছো, হয়, একবিংশ শতিকা ভাৰতৰ শতিকা হ’ব। 

এই বিশ্বাসেৰে মই মোৰ বক্তব্য সামৰিছো৷

আপোনালোকে মোক ইণ্ডিয়া টুডে কনক্লেভলৈ আমন্ত্ৰণ জনাই মোৰ বক্তব্য দাঙি ধৰাৰ সুযোগ দিলে, তাৰবাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছো।

*****

AKT/ VJ/DB