পি এম ইণ্ডিয়া
মাননীয় ৰাষ্ট্রপতি জোকো উইডোডো,
বিশিষ্ট প্রতিনিধিবৃন্দ,
সংবাদ মাধ্যমৰ সদস্যসকল,
ছেলামত ছিয়াং
নমস্কাৰ!
এই মহান তথা সুন্দৰ দেশখনলৈ এয়া মোৰ প্রথম ভ্ৰমণ। মই সৰ্বপ্ৰথমে এই ভ্ৰমণৰ সুন্দৰ ব্যৱস্থাপনা আৰু উষ্ণ আতিথ্যৰ বাবে ৰাষ্ট্রপতি উইডোডোক কৃতজ্ঞতা জ্ঞাপন কৰিছো।
ইণ্ডোনেছিয়াৰ বৈচিত্র্যপূৰ্ণ জাতীয় পোছাক পৰিধান কৰি সাধাৰণ লোক তথা কন কন মইনাসকলে মোক যিদৰে স্বাগত কৰিলে, সেইটোৱে মোৰ অন্তৰ বিশেষভাবে চুই গ’ল। ৰাষ্ট্রপতি মহোদয়ৰ দূৰদর্শিতাৰ বাবে, তেওঁৰ দূৰদর্শী নেতৃত্বৰ বাবে তথা আমাৰ অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে তেওঁৰ ব্যক্তিগত দায়বদ্ধতাক লৈ মোৰ গভীৰ শ্রদ্ধা আছে।
বন্ধুসকল,
শেহতীয়াভাৱে সন্ত্রাসবাদী আক্ৰমণত ইণ্ডোনেছিয়াৰ নিৰীহ লোকৰ মৃত্যুৰ খবৰে মোৰ অতিকে দুখ দিলে। ভাৰতে এই ধৰণৰ আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা কৰিছে। এনে জটিল সময়ত ভাৰতে ইণ্ডোনেছিয়াৰ কাষত দৃঢ়তাৰে ঠিয় হৈছে। এনেধৰণৰ আতংক সৃষ্টি কৰাৰ দৰে ঘটনাই এই বার্তাকে প্ৰেৰণ কৰে যে সন্ত্রাসবাদৰ বিৰুদ্ধে বিশ্বই একেলগে যুঁজাৰ যি প্রয়াস চলিছে, তাক আৰু ক্ষীপ্ৰ আৰু শক্তিশালী কৰা দৰকাৰ।
বন্ধুসকল,
ইণ্ডোনেছিয়াৰ যি পঞ্চশীল দর্শন, ইয়াৰ লোকসকলৰ বিবেক আৰু দূৰদর্শিতাৰে সমৃদ্ধ জীৱনেই তাৰ প্রমাণ। ইয়াত ধর্মীয় বিশ্বাসৰ লগতে সাংস্কৃতিক ঐতিহ্যৰো প্ৰচুৰ সংমিশ্ৰণ ঘটিছে। সামুদ্রিক দিশৰ পৰা চুবুৰীয়া তথা সামৰিক অংশীদাৰ হিচাপে আমাৰ চিন্তা-ভাৱনাৰ সাদৃশ্য আছে। সমুদ্র পথৰ সুৰক্ষা আৰু সংৰক্ষণ নিশ্চিত কৰাটো আমাৰ কর্তব্য। সেয়েহে আমাৰ আর্থিক নিৰাপত্তাৰ স্বার্থও অতি প্ৰয়োজন। আজিৰ পৰিৱর্তনশীল ভাৰত-প্রশান্ত মহাসাগৰীয় ক্ষেত্রত আমাৰ বিশেষ ভৌগোলিক কৌশলগত অৱস্থান আছে। একেদৰে আমি বিকাশ আৰু পৰিৱেশগত সমস্যাৰ সন্মুখীন হৈছো। ভাৰত-প্রশান্ত মহাসাগৰীয় ক্ষেত্রত সহযোগী হিচাপে এখন দেশে আনখনৰ প্রগতি আৰু সমৃদ্ধি নিশ্চিত কৰা আমাৰ পাৰস্পৰিক স্বার্থৰ পক্ষেও জৰুৰী। সেইবাবেই ভাৰত-প্রশান্ত মহাসাগৰীয় ক্ষেত্রৰ বাবে একে ধৰণৰ দৃষ্টিভংগী তথা সিদ্ধান্তৰ দিশত সন্মতি লাভ কৰিছে। ভাৰতৰ এক্ট ইষ্ট পলিচিৰ লগতে ‘SAGAR’এ এই অঞ্চলৰ সকলোৰে নিৰাপত্তা আৰু বিকাশৰ প্রসংগত আমাৰ দৃষ্টিভঙ্গীৰ লগতে ৰাষ্ট্রপতি উইডোডোৰ মেৰিটাইম ফুলক্রাম পলিচিৰ যথেষ্ট সাদৃশ্য আছে। ২০১৬ৰ ডিচেম্বৰ মাহত ৰাষ্ট্রপতি উইডোডোৰ ভাৰত ভ্ৰমণকালত আমি এটা ৰোডমেপ প্ৰস্তুত কৰিছলো। আজি আমাৰ আলোচনাত ইয়াক বাস্তৱ অগ্রগতিক লৈ পর্যালোচনা হয়। আজি আমাৰ মাজত হোৱা বুজাবুজি জৰিয়তে দুয়ো দেশৰ দ্বিপাক্ষিক সম্পর্ক আৰু অধিক শক্তিশালী কৰাত সুবিধা হ’ব। মই আনন্দিত যে আমাৰ সহযোগিতাৰ বিষয়টো ব্যাপক কৌশলগত অংশীদাৰিত্ব হিচাপে উন্নত কৰাৰ সিদ্ধান্ত লৈছো। আমি ২০২৫ৰ ভিতৰত দ্বিপাক্ষিক ব্যৱসায়-বাণিজ্যৰ লক্ষ্য ৫০বিলিয়ন ডলাৰলৈ অগ্ৰসৰ কৰিবলৈ নিজা প্রচেষ্টা দুগুণ কৰিম। আৰু এই প্রয়াসত চিইঅ’ ফোৰামৰ ইতিবাচক ভূমিকাৰ বাবে অভিনন্দন জনাইছো।
বন্ধুসকল,
আমাৰ দুয়ো দেশৰ মাজত হাজাৰ বছৰৰ শক্তিশালী সাংস্কৃতিক সম্পর্ক আছে। ইয়াৰে কিছু আভাস এই বছৰৰ গণতন্ত্র দিৱসত প্ৰদৰ্শিত পেৰেডৰ সময়ত আমি দেখিবলৈ পালো। এই বছৰ প্ৰদৰ্শিত পেৰেডত আছিয়ান-ভাৰত সম্পর্কৰ গতিশীল প্রদর্শনীত ভাৰতৰ ওড়িশাৰ ‘বালি-যাত্রা’ উৎসৱ প্ৰদৰ্শিত হৈছিল। প্রতিবছৰে উদযাপিত এই উৎসৱ আমাৰ হাজাৰ বছৰৰ পুৰণি সাংস্কৃতিক সম্পর্কক আজিও জীয়াই থকাৰ উদাহৰণ বুলি ক’ব পাৰি। ইফালে, ২০১৯চনত আমি আমাৰ ৰাজনৈতিক সম্পর্ক স্থাপনৰ ৭০সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰিম। এই সময়ত দুয়ো দেশেই বিভিন্ন ধৰণৰ বর্ণাঢ্য অনুষ্ঠান আয়োজিত কৰিম। বহু ভাৰতীয় পর্যটক ইণ্ডোনেছিয়ালৈ আহিব, বিশেকৈ বালিলৈ। উত্তৰাখণ্ড আৰু বালিক যুটীয়াভাৱে আয়োজিত হ’ব লগা অনুষ্ঠানত দেশৰ সাংস্কৃতিক বিনিময় আৰু বিস্তাৰিত হ’ব। উভয় দেশৰ জনসংখ্যাৰ ভিতৰত অধিকাংশ যুৱক। এই যুব অংশৰ সপোন বাস্তবায়িত কৰা আৰু তেওঁলোকক সংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ আমি শিক্ষা তথা দক্ষতা বৃদ্ধিৰ ক্ষেত্রত এখন দেশে আনখনৰ পৰা শিকিব পাৰো। আমি শিক্ষা, বিজ্ঞান আৰু প্রযুক্তিৰ ক্ষেত্রত সহযোগিতা বৃদ্ধিৰ ক্ষেত্রত সন্মত হৈছো। আমি ভাৰতৰ তথ্যপ্রযুক্তি সেৱাৰ ক্ষেত্রত সহযোগিতা বৃদ্ধিৰ প্রক্রিয়াক সম্প্রসাৰিত কৰাৰ দিশত ইণ্ডোনেছিয়াৰ শীর্ষ নেতৃত্বৰ চিন্তাক আদৰণী জনাইছো। এই বিষয়টো দুয়ো দেশৰ পক্ষে লাভজনক অংশীদাৰিত্বৰ বিষয় হৈ উঠিব।
বন্ধুসকল,
ভাৰত-আছিয়ান অংশীদাৰিত্ব এনে এক শক্তি, যি ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ উপৰি বিস্তৃত পৰিসৰত শান্তি আৰু সমানেই অগ্রগতিৰ বাবে গুৰুত্বপূর্ণ। আমি আছিয়ানত ইণ্ডোনেছিয়াৰ ইতিবাচক ভূমিকাক গুৰুত্ব দি আহিছো। একেদৰে ব্যাপক আঞ্চলিক সহযোগিতা আৰু সংহতিৰ বাবে এই সংস্থাৰ প্রয়াসক উদাহৰণ আৰু প্রেৰণাৰ বিষয় বুলি ভাৱো। মই আছিয়ানত ভাৰতৰ কৌশলগত অংশীদাৰিত্ব বৃদ্ধিৰ ক্ষেত্ৰত ইণ্ডোনেছিয়াৰ সমর্থনৰ বাবে ৰাষ্ট্রপতি উইডোডোৰ প্রতি কৃতজ্ঞতা জনাইছো। মই আগষ্টত ১৮সংখ্যক এছিয়ান গেমছৰ আয়োজক দেশ হোৱাৰ বাবে শুভেচ্ছা জনাইছো। মোৰ বিশ্বাস সেয়া নিঃসন্দেহে এক আকর্ষণীয়, সফল আৰু ঐতিহাসিক অনুষ্ঠান হিচাপে পৰিগণিত হ’ব। ইফালে, ৰমজানৰ এই পবিত্র মাহত ১২৫ কোটি ভাৰতীয়ৰ হৈ ইণ্ডোনেছিয়াৰ সকলো লোকৰ সমৃদ্ধি, সু-স্বাস্থ্য আৰু সফলতা কামনা কৰাৰ লগতে ঈদ-উল-ফিতৰ উৎসৱৰ বাবেও সকলোকে অভিনন্দন জনাইছো।
সকলোকে বহুত বহুত ধন্যবাদ!
তাৰিমা কাছি বন্যাক!
***
অতুল তিৱাৰী/হিমাংশু সিং/দিগন্ত
Sharing my remarks at the joint press meet with President Joko Widodo. @jokowi https://t.co/2Vhg3kqiE1 pic.twitter.com/JnY5Fr3kNv
— Narendra Modi (@narendramodi) May 30, 2018