Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ইনষ্টিটিউট অৱ চার্টার্ড একাউণ্টেণ্টছ অৱ ইণ্ডিয়া আৰু কেনিয়াৰ ইনষ্টিটিউট অৱ চার্টিফাইড পাবলিক একাউণ্টেণ্টছৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ কেবিনেটৰ অনুমোদন


 

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত আজি ইনষ্টিটিউট অৱ চার্টার্ড একাউণ্টেণ্টছ অৱ ইণ্ডিয়া(আইচিএআই) আৰু কেনিয়াৰ ইনষ্টিটিউট অৱ চার্টিফাইড পাবলিক একাউণ্টেণ্টছ(আইচিপিএকে)ৰ মাজত প্ৰস্তাৱিত বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনাইছে। এই বুজাবুজি চুক্তি স্বাক্ষৰ হলে দুয়োখন দেশৰ প্রতিষ্ঠানৰ মাজত যৌথ গৱেষণা, কাম-কাজ সম্পাদনত গুণগত মানদণ্ড বজায় ৰাখা, দক্ষতা আৰু সক্ষমতা বৃদ্ধি, শিক্ষানবিচ একাউণ্টেন্ট বিনিময় কার্যসূচীসহ ধাৰাবাহিকভাবে বৃত্তিগত মান উন্নয়ন সম্পৰ্কীয় পাঠ্যক্ৰম ৰচনা, কর্মশালা আৰু সন্মিলন আয়োজনৰ ক্ষেত্রত পাৰস্পৰিক সহযোগিতা গঢ় তোলা সম্ভৱ হ

 

সবিশেষঃ

বুজাবুজি চুক্তি স্বাক্ষৰিত হলে

(১)ভাৰতৰ আইচিএআই আৰু কেনিয়াৰ আইচিপিএকেৰ কর্মীসকলে জ্ঞান আৰু অভিজ্ঞতা বিনিময় কৰিব পাৰিব

(২)জ্ঞান সমৃদ্ধকৰণত যুটীয়া কার্যসূচী গ্রহণ কৰা সম্ভৱ হ

() দুয়োটা প্রতিষ্ঠানে তেওঁলোকৰ শিক্ষানবিচ একাউণ্টেন্টো বিনিময় কৰিব পাৰিব

উল্লেখ্য যে ভাৰত হৈছে কেনিয়া ষষ্ঠ বৃহৎ বাণিজ্য সহযোগী হোৱাৰ উপৰি দেশখনলৈ ভাৰতৰ পৰা সৰ্বাধিক ৰপ্তানি হয় বুলি আফ্ৰিকান দেশৰ প্ৰতিবেদনত প্ৰকাশ। এনে পৰিপ্ৰেক্ষিতত ভাৰতৰ বজাৰতো কেনিয়াৰ সামগ্ৰী উপলব্ধ কৰোৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

আফ্ৰিকাৰ দেশসমূহৰ ভিতৰত শীৰ্ষ অৰ্থনীতিৰ দেশ কেনিয়াই ভাৰতত বিনিয়োগ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে আৰু এই ক্ষেত্ৰত ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেণ্টসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইয়াৰ ফলত কেনিয়াত ভাৰতীয় চার্টার্ড একাউণ্টেন্টসকলৰ বাবে বৃত্তিমূলক সুযোগ-সুবিধা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে

*****

NW/AKT/SH/DB