Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইছলামিক ৰিপাব্লিক অৱ ইৰাণৰ ৰাষ্ট্ৰপতি মাননীয় ড০ মাছৌদ পেজেস্কিয়ানৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।

ৰাষ্ট্ৰপতি পেজেস্কিয়ানে প্ৰধানমন্ত্ৰীক পশ্চিম এছিয়াৰ শেহতীয়া উন্নয়ন আৰু ভৱিষ্যতৰ পদক্ষেপৰ বিষয়ে অৱগত কৰে।

প্ৰধানমন্ত্ৰীয়ে এই বুজাবুজিক আদৰণি জনায় আৰু ভাৰতৰ ধাৰাবাহিক স্থিতিৰ পুনৰাবৃত্তি কৰি কয় যে সকলো সমস্যা আলোচনা আৰু কূটনীতিৰ জৰিয়তে সমাধান কৰিব লাগিব।

প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোত স্থায়ী শান্তি তথা সুস্থিৰতা নিশ্চিত কৰাৰ লগতে নৌ পৰিবহণ আৰু বাণিজ্যৰ স্বাধীনতা সুৰক্ষিত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে।

 

***

MJPS/MK