Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

উচ্চতম ন্যায়ালয়ৰ ৰায়দান এক নতুন প্ৰভাতৰ আৰম্ভণিঃ প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰীয়ে ৰায়দানক ঐতিহাসিক আখ্যা দিয়ে, দেশবাসীক এক নতুন আৰম্ভণি আৰু এক নতুন ভাৰত গঢ়িবলৈ আগবাঢ়ি আহিবলৈ সকলোকে আহ্বান জনায়


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যা ৰায়দানক ঐতিহাসিক আখ্যা দিয়ে আৰু আজিৰ দিনটোক ভাৰতীয় ইতিহাস আৰু ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ এক সোণালী দিন বুলি অভিহিত কৰে৷ প্ৰধানমন্ত্ৰীয়ে এক নতুন ভাৰত গঢ়িবলৈ আৰু সকলোৰে উন্নয়নৰ বাবে দেশৰ প্ৰতিগৰাকী নাগৰিকক আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘আজি ৯ নৱেম্বৰৰ দিনা কাৰ্টাৰপুৰ ক’ৰিডৰ মুকলি কৰা হৈছে৷ এই ক’ৰিডৰ ভাৰত আৰু পাকিস্তানৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে৷ আৰু আজি অয্যোধ্যা ৰায়দানৰ এই দিনটোৱে আমাক ঐক্যবদ্ধ আৰু একেলগে আগবঢ়াৰ শিক্ষা দিয়ে৷’

প্ৰধানমন্ত্ৰীয়ে কয় যে উচ্চতম ন্যায়ালয়ে সকলো পক্ষৰ যুক্তি-যুক্ততা ধৈৰ্য সহকাৰে শুনে আৰু সৰ্বসন্মত ৰায়দান দি ইয়াৰ অসাধাৰণ দৃঢ়তা প্ৰদৰ্শন কৰে৷

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয়, ‘আজিৰ ৰায়দানেৰে সন্মানীয় উচ্চতম ন্যায়ালয়ে এয়া প্ৰমাণ কৰিলে যে সংবিধান আৰু আইনৰ গণ্ডীৰ ভিতৰত থাকিও জটিল সমস্যা সমাধান কৰিব পাৰি৷ আমি এই ৰায়দানৰ পৰা শিক্ষা ল’ব পাৰো যে কিছু পলম হ’লেও আমি ধৈৰ্য ধৰা উচিত৷’

প্ৰধানমন্ত্ৰীয়ে কয় যে উচ্চতম ন্যায়ালয়ে ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত দিছে আৰু এই সিদ্ধান্তই দেশৰ প্ৰতিগৰাকী নাগৰিকক ৰাষ্ট্ৰ নিৰ্মাণৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ সোঁৱৰাই দিয়ে৷ আমাৰ মাজত শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ, বন্ধুত্ব আৰু একতা দেশৰ উন্নয়নৰ বাবে অতি গুৰুত্বপূৰ্ণ৷

********

VRRK/NG/MI/MS