পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰত অৰ্ধপৰিবাহী মিচনৰ অধীনত আৰু এটা অৰ্ধপৰিবাহী ইউনিট স্থাপনত অনুমোদন জনাইছে।
ইতিমধ্যে পাঁচটা অৰ্ধপৰিবাহী ইউনিটৰ নিৰ্মাণে অগ্ৰগতি লাভ কৰিছে। হাৰ্ডৱেৰ বিকাশ সাধন আৰু উৎপাদনৰ ক্ষেত্ৰত এইচচিএলৰ ইতিহাস বহু পুৰণি। ইলেক্ট্ৰনিকছ সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত ফক্সকন বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান। দুয়োটা প্ৰতিষ্ঠানে একেলগে যমুনা এক্সপ্ৰেছৱে ঔদ্যোগিক উন্নয়ন প্ৰাধিকৰণ বা য়েইডাত জেৱাৰ বিমানবন্দৰৰ সমীপত এটা উদ্যোগ স্থাপন কৰিব।
এই উদ্যোগটোত মোবাইল ফোন, লেপটপ, অটোম’বাইল, পিচি আৰু ডিছপ্লে থকা অন্যান্য ডিভাইচৰ বাবে ডিছপ্লে ড্ৰাইভাৰ চিপ নিৰ্মাণ কৰা হ’ব।
প্ৰতিমাহে ২০ হাজাৰ ৱেফাৰ উৎপাদন কৰিব পৰাকৈ এই উদ্যোগটো ডিজাইন কৰা হৈছে। প্ৰতিমাহে ৩.৬ কোটি ইউনিট উৎপাদন কৰিবলৈ সক্ষম হ’ব।
সমগ্ৰ দেশতে এতিয়া অৰ্ধপৰিবাহী উদ্যোগ গঢ় লৈ উঠিছে। সমগ্ৰ দেশৰ কেইবাখনো ৰাজ্যত বিশ্বমানৰ সুবিধাসম্পন্ন উদ্যোগ স্থাপন কৰা হৈছে। ৰাজ্য চৰকাৰসমূহে এই ফাৰ্মসমূহক প্ৰচাৰৰ বাবে পুৰাদ্যোমে কাম কৰি আছে। ২৭০খন শৈক্ষিক প্ৰতিষ্ঠান আৰু ৭০টা ষ্টাৰ্টআপৰ ছাত্ৰ-ছাত্ৰী আৰু উদ্যোগীয়ে নতুন সামগ্ৰী প্ৰস্তুত কৰিবলৈ বিশ্বমানৰ শেহতীয়া ডিজাইন প্ৰযুক্তিৰ ওপৰত কাম কৰি আছে। এই ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰা ২০টা সামগ্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে এছচিএল মোহালীয়ে।
এই নতুন অৰ্ধপৰিবাহী ইউনিটে ৩,৭০০ কোটি টকাৰ বিনিয়োগ আকৰ্ষণ কৰিব।
দেশখনে অৰ্ধপৰিবাহী যাত্ৰাত অগ্ৰসৰ হোৱাৰ লগে লগে এই পৰিস্থিতিতন্ত্ৰৰ অংশীদাৰসকলেও ভাৰতত নিজৰ সুবিধা স্থাপন কৰিছে। এপ্লাইড মেটেৰিয়েলছ আৰু লেম ৰিচাৰ্চ হৈছে দুটা বৃহৎ ডিভাইচ নিৰ্মাতা প্ৰতিষ্ঠান। দুয়োটা প্ৰতিষ্ঠানে এতিয়া ভাৰতত উৎপাদন কৰি আছে। মাৰ্ক, লিণ্ডে, এয়াৰ লিকুইড, ইনক্স আৰু আন বহুতো গেছ আৰু ৰাসায়নিক দ্ৰব্য যোগানকাৰীয়ে আমাৰ অৰ্ধপৰিবাহী উদ্যোগৰ বিকাশৰ বাবে সাজু হৈছে।
ভাৰতত লেপটপ, মোবাইল ফোন, চাৰ্ভাৰ, চিকিৎসা সঁজুলি, পাৱাৰ ইলেক্ট্ৰনিকছ, প্ৰতিৰক্ষা সঁজুলি আৰু উপভোক্তা ইলেক্ট্ৰনিকছ সামগ্ৰী নিৰ্মাণৰ দ্ৰুত বিকাশৰ লগে লগে অৰ্ধপৰিবাহীৰ চাহিদা বাঢ়িছে। এই নতুন ইউনিটে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক আৰু অধিক আগুৱাই নিব।
***
MJPS/SKS/DB
India's strides in the world of semiconductors continue! Today's Cabinet decision regarding the establishment of a semiconductor unit in Uttar Pradesh will boost growth and innovation. It will create innumerable opportunities for the youth as well. https://t.co/Kl4yms8RGW
— Narendra Modi (@narendramodi) May 14, 2025