পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰপ্ৰদেশৰ আগ্ৰাত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷
এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “উত্তৰপ্ৰদেশৰ আগ্ৰাত সংঘটিত বাছ দুৰ্ঘটনাক লৈ অতিশয় দুঃখিত হৈছো৷ যিসকলে তেওঁলোকৰ আত্মীয়ক হেৰুৱালে, সেই পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছো৷ আহতসকলক আশু আৰোগ্য কামনা কৰিছো৷ পীড়িতসকলক ৰাজ্য চৰকাৰ আৰু স্থানীয় প্ৰশাসনে সম্ভাব্য সকলো সহায় আগবঢ়াইছে৷”
***
AKT/SH/DB
Pained by the bus accident in Agra, Uttar Pradesh. Condolences to the families who have lost their loved ones. I pray that those injured recover fast. The State Government and local administration are providing all possible assistance to the affected.
— Narendra Modi (@narendramodi) July 8, 2019