পি এম ইণ্ডিয়া
উত্তৰাখণ্ডৰ ৰাজ্যপাল শ্ৰীমতী বেবী ৰাণী মৌৰ্যজী, মুখ্যমন্ত্ৰী শ্ৰীমান ত্ৰিবেন্দ্ৰ সিংহ ৰাৱতজী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলীত মোৰ সহযোগী শ্ৰী গজেন্দ্ৰ সিংহ শেখাৱতজী, ড৹ ৰমেশ পোখৰিয়াল ‘নিশংক’জী, শ্ৰী ৰতনলাল কটাৰিয়াজী, অন্য অধিকাৰীসকল আৰু উত্তৰাখণ্ডৰ মোৰ ভাই-ভনীসকল, চাৰি ধামৰ পৱিত্ৰতাক নিজৰ মাজত বিলীন কৰি ৰখা দেৱভূমি উত্তৰাখণ্ডৰ ধাৰাক মোৰ আন্তৰিক নমন!
আজি মা গংগাৰ নিৰ্মলতা সুনিশ্চিত কৰা ৬টা বৃহৎ প্ৰকল্পৰ লোকাৰ্পণ কৰা হৈছে। ইয়াত হৰিদ্বাৰ, ঋষিকেশ, বদ্ৰিনাথ আৰু মুনীৰ ৰেতীত ছিৱেজ ট্ৰিটমেণ্ট প্লেণ্ট আৰু মিউজিয়ামৰ দৰে প্ৰকল্পও অন্তৰ্ভুক্ত। এই ব্যাপক প্ৰকল্পৰ বাবে উত্তৰাখণ্ডৰ সকলো বন্ধুক মই বহুত বহুত অভিনন্দন জনাইছো।
বন্ধুসকল, এতিয়াৰ পৰা কিছু সময় আগতে জলজীৱন মিছনৰ সুন্দৰ Logoৰ আৰু মিছন পথ প্ৰদৰ্শকো মুকলি কৰা হয়। জলজীৱন মিছন-ভাৰতৰ গাঁওসমূহত, প্ৰতি ঘৰলৈকে শুদ্ধ পানী, পাইপেৰে পৌচাই দিয়াৰ এয়া বহুত ডাঙৰ অভিযান। মিছনৰ Logoই নিৰন্তৰ এই কথাত প্ৰেৰণা দিব যে পানীৰ একো একোটা টোপাল বচোৱাটো দৰকাৰ। একেদৰেই এই পথ প্ৰদৰ্শক গাঁৱৰ মানুহ, গাঁও পঞ্চায়তৰ বাবেও সিমানেই আৱশ্যকীয় যিমান চৰকাৰী মেচিনেৰীৰ বাবে আৱশ্যক। ই পৰিকল্পনাৰ সফলতা সুনিশ্চিত কৰাৰ বহুত ডাঙৰ মাধ্যম।
বন্ধুসকল, আজি যিখন পুথি উন্মোচন হ’ল, তাতো বিস্তাৰিতভাৱে কোৱা হৈছে যে গংগা কেনেদৰে আমাৰ সাংস্কৃতিক বৈভৱ, আস্থা আৰু ঐতিহ্য, তিনিওটাৰে বহুত ডাঙৰ প্ৰতীক। উত্তৰাখণ্ডত উদ্গমৰ পৰা আৰম্ভ কৰি পশ্চিম বংগত গংগা সাগৰলৈকে গংগা, দেশৰ প্ৰায় আধা জনসংখ্যাৰ জীৱনক সমৃদ্ধ কৰিছে। সেয়ে গংগাৰ নিৰ্মলতা আৱশ্যকীয়, গংগাজীৰ অবিৰলতা আৱশ্যক। যোৱা দশকবিলাকত গংগা জলৰ স্বচ্ছতাক লৈ ডাঙৰ ডাঙৰ অভিযান আৰম্ভ হৈছিল। কিন্তু সেই অভিযানত জনসাধাৰণ ভাগিদাৰ নাছিল আৰু দূৰদৰ্শিতাও নাছিল। পৰিণতি এনেকুৱা হ’ল যে গংগাৰ পানী, কেতিয়াও পৰিষ্কাৰ হ’বলৈ নাপালে।
বন্ধুসকল, যদি গংগা জলৰ স্বচ্ছতাক লৈ সেই পুৰণি পদ্ধতিবিলাককে প্ৰয়োগ কৰি থকা হ’লে, আজিও অৱস্থা সিমানেই বেয়া হ’লহেতেন। কিন্তু আমি নতুন চিন্তা, নতুন পদক্ষেপেৰে আগবাঢ়িলো। আমি নমামী গংগে মিছনক কেৱল গংগাজীৰ পৰিষ্কৰণতে সীমাবদ্ধ ৰখা নাই, বৰং ইয়াক দেশৰ সবাতোকৈ ডাঙৰ আৰু বিস্তাৰিত নদী সংৰক্ষণ কাৰ্যক্ৰম প্ৰস্তুত কৰিলো। চৰকাৰে সকলো দিশতে একেলগে কাম আগবঢ়ালে। প্ৰথমতে-গংগা জলত লেতেৰা পানী পৰাত বাধা দিবৰ বাবে ছিৱেজ ট্ৰিটমেণ্ট প্লেণ্টৰ জাল পাতিবলৈ আৰম্ভ কৰা হয়। দ্বিতীয়তে-ছিৱেজ ট্ৰিটমেণ্ট প্লেণ্ট এনেকুৱাকৈ নিৰ্মাণ কৰা হয়, যি অহা ১০-১৫ বছৰৰো প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে। তৃতীয়তে-গংগা নদীৰ কিনাৰত থকা এশখন ডাঙৰ চহৰ আৰু পাঁচ হাজাৰ গাঁৱক মুকলিত শৌচ কৰাৰ পৰা মুক্ত কৰা আৰু চতুৰ্থতে-যিবিলাক গংগাজীৰ সহায়ক নদী আছে, তাতো প্ৰদূষণ ৰোধ কৰিবৰ বাবে সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰা হয়।
বন্ধুসকল, আজি এই বহুমুখী কামৰ পৰিণাম আমি সকলোৱে দেখি আছো। আজি নমামী গংগে কাৰ্যক্ৰমৰ জৰিয়তে ৩০ হাজাৰ কোটি টকাতকৈও অধিক টকাৰ পৰিকল্পনাত হয় কাম চলি আছে অথবা সম্পূৰ্ণ হৈছে। আজি যি প্ৰকল্পৰ লোকাৰ্পণ কৰা হৈছে, ইয়াৰ লগে লগে উত্তৰাখণ্ডত এই অভিযানৰ জৰিয়তে চলি থকা প্ৰায় সকলো ডাঙৰ প্ৰকল্প সম্পূৰ্ণ হৈছে। কেইবা হাজাৰ কোটিৰ এই প্ৰকল্পৰ দ্বাৰা মাত্ৰ ছবছৰতে উত্তৰাখণ্ডত ছিৱেজ ট্ৰিটমেণ্টৰ ক্ষমতা প্ৰায় চাৰিগুণ হ’লগৈ।
বন্ধুসকল, উত্তৰাখণ্ডততো পৰিস্থিতি এনেকুৱা আছিল যে গংগোত্ৰী, বদ্ৰিনাথ, কেদাৰনাথৰ পৰা হৰিদ্বাৰলৈকে ১৩০তকৈও অধিক নলা গংগাজীত পৰিছিল। আজি এই নলাবিলাকৰ অধিকাংশকে ৰখাই দিয়া হৈছে। ইয়াত ঋষিকেশৰ পৰা সটে ‘মুনীৰ ৰেতী’ৰ সন্দেশ্বৰ নগৰ নলাও অন্তৰ্ভুক্ত আছে। এই বাবেই ইয়াত গংগাজীৰ দৰ্শনৰ বাবে অহা, ৰাফ্টিং কৰোতা বন্ধুসকলৰ বহুত অসুবিধা হৈছিল। আজিৰ পৰা ইয়াত দেশৰ প্ৰথম চাৰি মহলীয়া ছিৱেজ ট্ৰিটমেণ্ট প্লেণ্ট আৰম্ভ হৈছে। হৰিদ্বাৰতো এনেকুৱা ২০টাতকৈ অধিক নলা বন্ধ কৰা হৈছে।
বন্ধুসকল, প্ৰয়াগৰাজ কুম্ভত গংগাজীৰ নিৰ্মলতাক বিশ্বজুৰি শ্ৰদ্ধালুৱে অনুভৱ কৰিছিল। এতিয়া হৰিদ্বাৰ কুম্ভৰ সময়তো সমগ্ৰ বিশ্বই নিৰ্মল গংগা স্নানৰ অনুভৱ লাভ কৰিব আৰু তাৰবাবে ধাৰাবাহিকভাৱে প্ৰচেষ্টা চলাই থকা হৈছে।
বন্ধুসকল, নমামী গংগে মিছনৰ জৰিয়তেই গংগাজীৰ ওপৰত অলেখ ঘাটৰ সৌন্দৰ্য বৰ্ধন কৰা হৈছে আৰু গংগা বিহাৰৰ বাবে আধুনিক ৰিভাৰ ফ্ৰণ্টৰ নিৰ্মাণৰ কামো কৰি থকা হৈছে। হৰিদ্বাৰততো ৰিভাৰ ফ্ৰণ্ট প্ৰস্তুত হৈ উঠিছে। এতিয়া গংগা মিউজিয়াম গঢ়ি উঠিলে ইয়াৰ আকৰ্ষণ আৰু অধিক বাঢ়িব। এই মিউজিয়াম হৰিদ্বাৰলৈ অহা পৰ্যটকৰ বাবে, গংগাৰ সৈতে জড়িত ঐতিহ্যক বুজাৰ এটা মাধ্যম হৈ উঠিব।
বন্ধুসকল, এতিয়া নমামী গংগে অভিযানক এটা নতুন স্তৰলৈ লৈ যোৱা হৈছে। গংগাজীৰ স্বচ্ছতাৰ উপৰি এতিয়া গংগাৰসৈতে সংলগ্ন সমগ্ৰ ক্ষেত্ৰৰ অৰ্থ ব্যৱস্থা আৰু পৰিবেশৰ বিকাশৰ ওপৰতো আলোকপাত কৰা হৈছে। চৰকাৰৰ দ্বাৰা উত্তৰাখণ্ড সহিতে সকলো ৰাজ্যৰ কৃষকক জৈৱিক খেতি, আয়ুৰ্বেদিক উদ্ভিদৰ খেতিৰ লাভ দিয়াবৰ বাবে ব্যাপক যোজনা প্ৰস্তুত কৰা হৈছে। গংগাজীৰ দুয়োফালে গছ-গছনি লগোৱাৰ লগতে অৰ্গেনিক ফাৰ্মিঙেৰে সংলগ্ন কৰিডৰো বিকশিত কৰা হৈছে। গংগা জলক উন্নত কৰাত এই কামবিলাকে এতিয়া পথৰুৱা অঞ্চলত মিছন ডলফিনৰ পৰাও সহায় লাভ কৰিব। এই ১৫ আগষ্টতে মিছন ডলফিনৰ ঘোষণা কৰা হৈছে। এই মিছনে গংগাজীত ডলফিন সংবৰ্ধনৰ কাম অধিক শক্তিশালী কৰিব।
বন্ধুসকল, আজি দেশ, সেই শংকাৰ পৰা বাহিৰলৈ ওলাইছে যেতিয়া পানীৰ দৰে পইচাতো উটি গৈছিলেই, কিন্তু ফল পোৱা নগৈছিল। আজি পইচা পানীৰ দৰে উটি নাযায়, পানীতো উটি নাযায়, কিন্তু পইচা পাই পাই পানীত খটুৱাই থকা হৈছে। আমাৰ ইয়াততো এনেকুৱা অৱস্থা আছিল যে পানীৰ দৰে মহত্বপূৰ্ণ বিষয়, অনেক মন্ত্ৰালয় আৰু বিভাগত অকাজভাগী হৈ পৰি আছিল, ভাগ-বাতোৱাৰা হৈ আছিল।
এই মন্ত্ৰালয়বিলাকত, বিভাগত না কোনো তালমিল আছিল আৰু না সমান লক্ষ্যৰ বাবে কাম কৰাৰ কোনো স্পষ্ট দিক-নিৰ্দেশনা আছিল। পৰিণতিত দেশত জলসিঞ্চন অথবা খোৱা পানীৰ সৈতে জড়িত সমস্যা, নিৰন্তৰ সমস্যা হৈয়ে আছিল। আপোনালোকে ভাবক, স্বাধীনতাৰ ইমান বছৰৰ পিছতো ১৫ কোটিতকৈও বেছি ঘৰত পাইপেৰে খোৱা পানী নাপাইছিল। ইয়াত উত্তৰাখণ্ডতো হাজাৰ হাজাৰ ঘৰত একেই অৱস্থা আছিল। গাঁওসমূহত, পাহাৰ, য’লৈ অহা-যোৱা পৰ্যন্ত কঠিন, তাত খোৱা পানীৰ ব্যৱস্থা কৰাত সবাতোকৈ বেছি কষ্ট আমাৰ মাতৃসকলে-ভগ্নীসকলে-জীয়ৰীহঁতে ভূগিবলগা হৈছিল, লিখা-পঢ়া কৰিবলগা হৈছিল। এই সমস্যাবিলাক দূৰ কৰিবলৈ দেশৰ পানীৰে জড়িত সকলো প্ৰত্যাহ্বানৰ ওপৰত একেলগে শক্তি প্ৰয়োগ কৰিবৰ বাবেই জল শক্তি মন্ত্ৰালয় গঠন কৰা হয়। মই আনন্দিত যে বহুত কম সময়ত জল শক্তি মন্ত্ৰালয়ে দ্ৰুততাৰে কাম চম্ভালিবলৈ আৰম্ভ কৰি দিলে। পানীৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহৰ লগতে এতিয়া এই মন্ত্ৰালয়ে দেশৰ গাঁওসমূহত, প্ৰতিঘৰলৈকে পানী পৌচাই দিয়াৰ মিছনত জড়িত হৈ আছে। আজি জল-জীৱন মিছনৰ জৰিয়তে প্ৰতিদিনে প্ৰায় এক লাখ পৰিয়ালক বিশুদ্ধ খোৱা পানীৰ সুবিধাৰ সৈতে সংযোগ কৰা হৈছে। কেৱল এবছৰতে দুই কোটিতকৈ অধিক পৰিয়াললৈ খোৱা পানীৰ যোগান ধৰা হৈছে। ইয়াত উত্তৰাখণ্ডততো ত্ৰিবেন্দ্ৰজী আৰু তেওঁৰ দলে এখোজ আগুৱাই গৈ মাত্ৰ এটকাত পানীৰ কানেকচন দিয়াৰ দায়িত্ব লৈছে। মই আনন্দিত যে উত্তৰাখণ্ড চৰকাৰে ২০২২লৈকেহে ৰাজ্যৰ প্ৰতি ঘৰ পৰ্যন্ত পানী যোগানৰ লক্ষ্য ৰাখিছে। কৰোণাৰ এই সংকটৰ সময়তো উত্তৰাখণ্ডত যোৱা ৪-৫ মাহত ৫০ হাজাৰতকৈও অধিক পৰিয়াললৈ পানীৰ কানেকচন দিয়া হৈছে। এয়া উত্তৰাখণ্ড চৰকাৰৰ সংকল্পবদ্ধতাৰ পৰিচায়ক, কমিটমেণ্টৰ পৰিচায়ক।
বন্ধুসকল, জল-জীৱন মিছন গাঁও আৰু গৰীবৰ ঘৰলৈকে পানী পৌচাই দিয়াৰ অভিযানতো হয়েই, ই একপ্ৰকাৰ গ্ৰাম স্বৰাজক, গাঁৱৰ সবলীকৰণক, ইয়াৰ বাবেও এক নতুন শক্তি, নতুন বল, নতুন গতি প্ৰদান কৰা অভিযান হৈ পৰিছে। চৰকাৰে কাম কৰাত কেনেদৰে বহুত ডাঙৰ পৰিৱৰ্তন আহিছে ই তাৰো উদাহৰণ। প্ৰথমতে চৰকাৰী পৰিকল্পনাত প্ৰায়ে দিল্লীতহে বহি সিদ্ধান্ত লোৱা হৈছিল। কোন গাঁৱত ক’ত ছ’ৰ্ছ টেংক হ’ব, ক’ৰ পৰা পাইপলাইন বহুৱাব, এই সকলো সিদ্ধান্ত বেছিভাগ ৰাজধানীতে হৈছিল। কিন্তু জল-জীৱন মিছনে এতিয়া এই সম্পূৰ্ণ প্ৰণালীয়েই সলাই দিলে। গাঁৱত পানীৰে জড়িত কি কাম হ’ব, ক’ত কাম হ’ব, তাৰ প্ৰস্তুতি কি হ’ব, এই সকলো নিৰ্দ্ধাৰণ কৰা, সিদ্ধান্ত লোৱাৰ অধিকাৰ এতিয়া গাঁৱৰ মানুহকে দিয়া হৈছে। পানীৰ প্ৰজেক্টৰ পৰিকল্পনাৰ পৰা আৰম্ভ কৰি চোৱাচিতা আৰু সঞ্চালন পৰ্যন্ত সম্পূৰ্ণ ব্যৱস্থা গাঁও পঞ্চায়তে, পানী সমিতিসমূহে কৰিব।
বন্ধুসকল, নমামী গংগে অভিযানেই হওক, জল-জীৱন মিছনেই হওক, স্বচ্ছ ভাৰত মিছনেই হওক, এনেকুৱা অনেক কাৰ্যক্ৰম যোৱা ছবছৰৰ বৃহৎ ৰিফৰ্মছৰ অংশ। এয়া এনেকুৱা ৰিফৰ্ম যি সাধাৰণ মানুহৰ জীৱনত সামাজিক ব্যৱস্থাত চিৰদিনৰ বাবে সাৰ্থক পৰিৱৰ্তন অনাত সহায়ক। যোৱা এক-ডেৰ বছৰততো এই ক্ষেত্ৰত আৰু বেছি দ্ৰুততা আহিছে। বৰ্তমান যি সংসদৰ অধিবেশন শেষ হ’ল, ইয়াত দেশৰ কৃষক, শ্ৰমিক আৰু দেশৰ স্বাস্থ্যৰ সৈতে জড়িত বৃহৎ সংস্কাৰ সাধন কৰা হৈছে।
বন্ধুসকল, এতিয়াৰ পৰা কেইদিনমানৰ আগতে দেশে নিজৰ কৃষকক অনেক বন্ধনৰ পৰা মুক্ত কৰিছে। এতিয়া দেশৰ কৃষকে যিকোনো স্থানত, যিকোনো লোকক নিজৰ শস্য বিক্ৰী কৰিব পাৰে। কিন্তু আজি যেতিয়া কেন্দ্ৰীয় চৰকাৰে কৃষকক তেওঁলোকৰ অধিকাৰ দি আছে, তথাপি এই লোকসকলে বিৰোধিতা কৰিছে। এই লোকসকলে বিচাৰে যে দেশৰ কৃষকে খোলা বজাৰত নিজৰ শস্য বেচিব নোৱাৰক। এই লোকসকলে বিচাৰে যে কৃষকৰ গাড়ীবোৰ জব্দ হৈ থাকক, তেওঁলোকৰ পৰা আদায় হৈ থাকক, তেওঁলোকৰ পৰা কম দামত ফচল ক্ৰয় কৰি, মুনাফা অৰ্জন কৰি থাকক। এওঁলোকে কৃষকৰ স্বাধীনতাৰ বিৰোধিতা কৰি আছে।
বন্ধুসকল, বছৰ বছৰ ধৰি এই লোকসকলে কৈ আহিছে যে এম এছ পি বলৱৎ কৰিব, কিন্তু কৰা নাই। এম এছ পি বলৱৎ কৰাৰ কাম স্বামীনাথন কমিছনৰ ইচ্ছা অনুসৰি, আমাৰ চৰকাৰেই কৰিলে। আজি এই লোকসকলে এম এছ পিৰ ওপৰত কৃষকৰ মাজত বিভ্ৰান্তি বিয়পাই আছে। দেশত এম এছ পিও থাকিব আৰু কৃষকে যিকোনো স্থানত নিজৰ শস্য বিক্ৰী কৰাৰ স্বাধীনতাও লাভ কৰিব।
বন্ধুসকল, দেশে এয়াও দেখিলে যে যেতিয়া এখন দেশ এটা টেক্সৰ কথা আহিল, জি এছ টিৰ কথা আহিল, তেতিয়া এই লোকসকলে আকৌ বিৰোধিতা কৰাত লাগিছিল। জি এছ টিৰ ফলত, দেশত ঘৰুৱা সামগ্ৰীৰ ওপৰত লাগিবলগীয়া টেক্স বহুত কম হৈ গ’ল। বেছিভাগ ঘৰুৱা সামগ্ৰী, ৰন্ধনৰ বাবে জৰুৰী বস্তুৰ ওপৰত টেক্স এতিয়া নাই অথবা পাঁচ শতাংশতকৈও কম।
বন্ধুসকল, এই লোকসকল না কৃষকৰ লগত আছে, না ন-জোৱানৰ লগত আছে আৰু না জোৱানৰ লগত আছে। আপোনালোকৰ নিশ্চয় মনত আছে যে যেতিয়া আমাৰ চৰকাৰে ৱান ৰেংক ৱান পেঞ্চন আনে, উত্তৰাখণ্ডৰ কেইবাহাজাৰ প্ৰাক্তন সৈনিককো তেওঁলোকৰ অধিকাৰ প্ৰদান কৰা, তেতিয়া এই লোকসকলে বিৰোধিতা কৰিছিল। ৱান ৰেংক ৱান পেঞ্চন বলৱৎ কৰাৰ পিছৰ পৰা চৰকাৰে প্ৰাক্তন সৈনিকক প্ৰায় ১১ হাজাৰ কোটি টকা এৰিয়াৰ হিচাপে দিছে।
বন্ধুসকল, বছৰ বছৰ ধৰি এই লোকসকলে দেশৰ সেনাক, দেশৰ বায়ু সেনাক শক্তিশালী কৰিবৰ বাবে একো নকৰিলে। বায়ু সেনাই কৈ থাকিল যে আমাক আধুনিক যুঁজাৰু বিমান লাগে। কিন্তু এই লোকসকলে বায়ু সেনাৰ কথাক আওকাণ কৰি থাকিল। যেতিয়া আমাৰ চৰকাৰে চিধা ফ্ৰাঞ্চ চৰকাৰৰ পৰা ৰাফেল যুঁজাৰু বিমানৰ চুক্তি কৰিলে, তেতিয়া এওঁলোকৰ আকৌ সমস্যা হ’বলৈ ধৰিলে।
বন্ধুসকল, চাৰি বছৰৰ আগৰ এয়াইতো সময় আছিল, যি সময়ত দেশৰ বীৰসকলে ছাৰ্জিকেল ষ্ট্ৰাইক কৰি সন্ত্ৰাসৰ ঘাটি ধ্বংস কৰি দিছিল। কিন্তু এই লোকসকলে নিজৰ বীৰ যোদ্ধাসকলৰ সাহসৰ প্ৰশংসা কৰাৰ সলনি তেওঁলোকৰ পৰাহে ছাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ বিচাৰি আছিল। যেতিয়া দেশৰ অসংখ্য ঐতিহ্যক সংযুক্ত কৰাৰ ঐতিহাসিক কাম কৰা চৰ্দাৰ পেটেলৰ পৃথিৱীৰ সবাতোকৈ ওখ প্ৰতিমাৰ অনাবৰণ হৈ আছিল, তেতিয়াও এই লোকসকলে ইয়াৰ বিৰোধিতা কৰিছিল।
বন্ধুসকল, যেতিয়া গৰীবক ১০% সংৰক্ষণ দিয়াৰ সিদ্ধান্ত হয়, তেতিয়াও এওঁলোক ইয়াৰ বিৰুদ্ধে থিয় দিছিল। যেতিয়া ২৬ নবেম্বৰত সংবিধান দিৱস পালনৰ কথা উত্থাপন হৈছিল তেতিয়াও এওঁলোক ইয়াৰ বিৰোধিতা কৰিছিল। ড৹ বাবাচাহেব আম্বেদকাৰৰ বিৰোধিতা কৰিছিল।
বন্ধুসকল, যোৱা মাহত অযোধ্যাত ভব্য ৰাম মন্দিৰৰ নিৰ্মাণৰ বাবে ভূমি পূজন কৰা হয়। এই লোকসকলে প্ৰথমে উচ্চতম ন্যায়ালয়ত ৰাম মন্দিৰৰ বিৰোধিতা কৰিছিল পিছত ভূমি পূজনৰ বিৰোধিতা কৰাত লাগিছিল।
বন্ধুসকল, আমাৰ দেশত এনেকুৱা বহু সৰু সৰু দল আছে যি কেতিয়াও শাসনলৈ অহাৰ সুযোগ পোৱা নাই। নিজৰ প্ৰতিষ্ঠাৰ পৰা বৰ্তমানলৈকে তেওঁলোকে বেছিভাগ সময় বিপক্ষতে অতিবাহিত কৰিছে। ইমান বছৰ ধৰি বিপক্ষত বহা সত্ত্বেও তেওঁলোকে তেতিয়াও দেশৰ বিৰোধিতা কৰা নাই, দেশৰ বিৰুদ্ধে কাম নাই কৰা। কিন্তু কিছুমান মানুহ বিপক্ষত বহা কেইবছৰমানহে হৈছে। তেওঁলোকৰ গতি-বিধি কি, তেওঁলোকৰ আকাংক্ষা কি, সেয়া আজি দেশে দেখি আছে, বুজি আছে। এওঁলোকৰ স্বাৰ্থনীতিৰ মাজত, আত্মনিৰ্ভৰ ভাৰতৰ বাবে বৃহৎ ৰিফৰ্মছৰ এই প্ৰক্ৰিয়া, দেশৰ সম্পদক উন্নত কৰাৰ এই প্ৰক্ৰিয়া দেশৰ হিতৰ বাবে, দেশৰ দৰিদ্ৰতাৰ পৰা মুক্তিৰ অভিযানৰ বাবে, দেশক শক্তিশালী কৰিবৰ বাবে, আৰু ই নিৰন্তৰ চলি থাকিব। আকৌ এবাৰ আপোনালোক সকলোকে বিকাশৰ সকলো প্ৰকল্পৰ বাবে বহুত বহুত অভিনন্দন জনাইছো।
পুনৰ মই আগ্ৰহ প্ৰকাশ কৰিম যে আপোনালোকে নিজৰ যতন ল’ব।
সুস্থ থাকক, সুৰক্ষিত থাকক।
বাবা কেদাৰৰ কৃপা আমাৰ সকলোৰে ওপৰত সদায় থাকক।
এই কামনাৰে বহুত বহুত ধন্যবাদ! জয় গংগে!
******
VRRK/KP/BM
उत्तराखंड में उद्गम से लेकर पश्चिम बंगाल में गंगा सागर तक गंगा,
— PMO India (@PMOIndia) September 29, 2020
देश की करीब-करीब आधी आबादी के जीवन को समृद्ध करती हैं।
इसलिए गंगा की निर्मलता आवश्यक है, गंगा जी की अविरलता आवश्यक है: PM#NamamiGange
अगर पुराने तौर-तरीके अपनाए जाते, तो आज भी हालत उतनी ही बुरी रहती।
— PMO India (@PMOIndia) September 29, 2020
लेकिन हम नई सोच, नई अप्रोच के साथ आगे बढ़े।
हमने नमामि गंगे मिशन को सिर्फ गंगा जी की साफ-सफाई तक ही सीमित नहीं रखा, बल्कि इसे देश का सबसे बड़ा और विस्तृत नदी संरक्षण कार्यक्रम बनाया: PM
सरकार ने चारों दिशाओं में एक साथ काम आगे बढ़ाया।
— PMO India (@PMOIndia) September 29, 2020
पहला- गंगा जल में गंदा पानी गिरने से रोकने के लिए सीवेज ट्रीटमेंट प्लांटों का जाल बिछाना शुरू किया
दूसरा- सीवेज ट्रीटमेंट प्लांट ऐसे बनाए, जो अगले 10-15 साल की भी जरूरतें पूरी कर सकें: PM
तीसरा- गंगा नदी के किनारे बसे सौ बड़े शहरों और पांच हजार गांवों को खुले में शौच से मुक्त करना
— PMO India (@PMOIndia) September 29, 2020
और
चौथा- जो गंगा जी की सहायक नदियां हैं, उनमें भी प्रदूषण रोकने के लिए पूरी ताकत लगाना: PM#NamamiGange
प्रयागराज कुंभ में गंगा जी की निर्मलता को दुनियाभर के श्रद्धालुओं ने अनुभव किया था।
— PMO India (@PMOIndia) September 29, 2020
अब हरिद्वार कुंभ के दौरान भी पूरी दुनिया को निर्मल गंगा स्नान का अनुभव होने वाला है: PM#NamamiGange
अब गंगा म्यूजियम के बनने से यहां का आकर्षण और अधिक बढ़ जाएगा।
— PMO India (@PMOIndia) September 29, 2020
ये म्यूजियम हरिद्वार आने वाले पर्यटकों के लिए, गंगा से जुड़ी विरासत को समझने का एक माध्यम बनने वाला है: PM#NamamiGange
आज पैसा पानी में नहीं बहता, पानी पर लगाया जाता है।
— PMO India (@PMOIndia) September 29, 2020
हमारे यहां तो हालत ये थी कि पानी जैसा महत्वपूर्ण विषय, अनेकों मंत्रालयों और विभागों में बंटा हुआ था।
इन मंत्रालयों में, विभागों में न कोई तालमेल था और न ही समान लक्ष्य के लिए काम करने का कोई स्पष्ट दिशा-निर्देश: PM
नतीजा ये हुआ कि देश में सिंचाई हो या फिर पीने के पानी से जुड़ी समस्या, ये निरंतर विकराल होती गईं।
— PMO India (@PMOIndia) September 29, 2020
आप सोचिए, आजादी के इतने वर्षों बाद भी 15 करोड़ से ज्यादा घरों में पाइप से पीने का पानी नहीं पहुंचता था: PM
पानी से जुड़ी चुनौतियों के साथ अब ये मंत्रालय देश के हर घर तक जल पहुंचाने के मिशन में जुटा हुआ है।
— PMO India (@PMOIndia) September 29, 2020
आज जलजीवन मिशन के तहत हर दिन करीब 1 लाख परिवारों को शुद्ध पेयजल की सुविधा से जोड़ा जा रहा है।
सिर्फ 1 साल में ही देश के 2 करोड़ परिवारों तक पीने का पानी पहुंचाया जा चुका है: PM
देश की किसानों, श्रमिकों और देश के स्वास्थ्य से जुड़े बड़े सुधार किए गए हैं।
— PMO India (@PMOIndia) September 29, 2020
इन सुधारों से देश का श्रमिक सशक्त होगा, देश का नौजवान सशक्त होगा, देश की महिलाएं सशक्त होंगी, देश का किसान सशक्त होगा।
लेकिन आज देश देख रहा है कि कैसे कुछ लोग सिर्फ विरोध के लिए विरोध कर रहे हैं: PM
आज जब केंद्र सरकार, किसानों को उनके अधिकार दे रही है, तो भी ये लोग विरोध पर उतर आए हैं।
— PMO India (@PMOIndia) September 29, 2020
ये लोग चाहते हैं कि देश का किसान खुले बाजार में अपनी उपज नहीं बेच पाए।
जिन सामानों की, उपकरणों की किसान पूजा करता है, उन्हें आग लगाकर ये लोग अब किसानों को अपमानित कर रहे हैं: PM
इस कालखंड में देश ने देखा है कि कैसे डिजिटल भारत अभियान ने, जनधन बैंक खातों ने लोगों की कितनी मदद की है।
— PMO India (@PMOIndia) September 29, 2020
जब यही काम हमारी सरकार ने शुरू किए थे, तो ये लोग इनका विरोध कर रहे थे।
देश के गरीब का बैंक खाता खुल जाए, वो भी डिजिटल लेन-देन करे, इसका इन लोगों ने हमेशा विरोध किया: PM
चार साल पहले का यही तो वो समय था, जब देश के जांबांजों ने सर्जिकल स्ट्राइक करते हुए आतंक के अड्डों को तबाह कर दिया था।
— PMO India (@PMOIndia) September 29, 2020
लेकिन ये लोग अपने जांबाजों से ही सर्जिकल स्ट्राइक के सबूत मांग रहे थे।
सर्जिकल स्ट्राइक का भी विरोध करके, ये लोग देश के सामने अपनी मंशा, साफ कर चुके हैं: PM
भारत की पहल पर जब पूरी दुनिया अंतरराष्ट्रीय योग दिवस मना रही थी, तो ये भारत में ही बैठे ये लोग उसका विरोध कर रहे थे
— PMO India (@PMOIndia) September 29, 2020
जब सरदार पटेल की सबसे ऊंची प्रतिमा का अनावरण हो रहा था, तब भी ये लोग इसका विरोध कर रहे थे
आज तक इनका कोई बड़ा नेता स्टैच्यू ऑफ यूनिटी नहीं गया है: PM
पिछले महीने ही अयोध्या में भव्य राम मंदिर के निर्माण के लिए भूमिपूजन किया गया है।
— PMO India (@PMOIndia) September 29, 2020
ये लोग पहले सुप्रीम कोर्ट में राम मंदिर का विरोध कर रहे थे फिर भूमिपूजन का विरोध करने लगे।
हर बदलती हुई तारीख के साथ विरोध के लिए विरोध करने वाले ये लोग अप्रासंगिक होते जा रहे हैं: PM
गंगा जल की स्वच्छता को लेकर अगर वही पुराने तौर-तरीके अपनाए जाते, तो आज भी हालत उतनी ही बुरी रहती।
— Narendra Modi (@narendramodi) September 29, 2020
लेकिन हम नई सोच, नई अप्रोच के साथ आगे बढ़े।
आज हुए लोकार्पण के साथ उत्तराखंड में नमामि गंगे कार्यक्रम के लगभग सभी बड़े प्रोजेक्ट्स पूरे हो चुके हैं। #NamamiGange pic.twitter.com/ySAU2CC3aC
अब नमामि गंगे अभियान को एक नए स्तर पर ले जाया जा रहा है।
— Narendra Modi (@narendramodi) September 29, 2020
गंगा जी की स्वच्छता के अलावा अब इससे सटे पूरे क्षेत्र की अर्थव्यवस्था और पर्यावरण के विकास पर भी फोकस है।
गंगा जी के दोनों ओर पेड़-पौधे लगाने के साथ ही ऑर्गेनिक फार्मिंग से जुड़ा कॉरिडोर भी विकसित किया जा रहा है। pic.twitter.com/IdoLCXzdC6
आज देश उस दौर से बाहर निकल चुका है, जब पानी की तरह पैसा तो बह जाता था, लेकिन नतीजे नहीं मिलते थे।
— Narendra Modi (@narendramodi) September 29, 2020
आज पैसा पानी में नहीं बहता, पानी पर लगाया जाता है।
आज जल जीवन मिशन के तहत हर दिन करीब 1 लाख परिवारों को शुद्ध पेयजल की सुविधा से जोड़ा जा रहा है। #NamamiGange pic.twitter.com/4Gb5kRnukl
जल जीवन मिशन गांव और गरीब के घर तक पानी पहुंचाने का तो अभियान है ही, यह ग्राम स्वराज और गांव के सशक्तिकरण को भी नई बुलंदी देने वाला अभियान है। #NamamiGange pic.twitter.com/NZm3NG2m3t
— Narendra Modi (@narendramodi) September 29, 2020
देश के लिए हो रहे हर काम का विरोध करना कुछ लोगों की आदत हो गई है।
— Narendra Modi (@narendramodi) September 29, 2020
इनकी स्वार्थनीति के बीच आत्मनिर्भर भारत के लिए बड़े रिफॉर्म्स का यह सिलसिला निरंतर जारी रहेगा। #NamamiGange https://t.co/ex1cMLIgaO